মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / ই-ৱে বিল ১ ফেব্ৰুৱাৰী, ২০১৮-ৰ কাৰ্যকৰী হ’ব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ই-ৱে বিল ১ ফেব্ৰুৱাৰী, ২০১৮-ৰ কাৰ্যকৰী হ’ব

১ ফেব্ৰুৱাৰী, ২০১৮-ৰ পৰা কাৰ্যকৰী হʼবলগীযা ই-ৱে বিলৰ বিষয়ে লিখা হৈছে

সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণ অধিক সহজ, শীঘ্ৰতৰ তথা সৰল কৰাৰ অৰ্থে।

পৰিবহণ হ’বলগীয়া সামগ্ৰীৰ মূল্য ৫০,০০০ অথবা তাতকৈ অধিক হ’লে ই-ৱে বিল আৱশ্যক হ’ব।

উদ্দেশ্য:

 

*সমগ্ৰ দেশত সামগ্ৰীৰ বাধাহীন পৰিবহণৰ বাবে একক ই-ৱে বিল।

*প্ৰত্যেক ৰাজ্যত সামগ্ৰী পৰিবহণৰ বাবে পৃথক ট্ৰেনজিট পাছৰ প্ৰয়োজন নাই।

*সামগ্ৰী পৰিবহণৰ বিভাগীয় পলিচিং মডেলৰ পৰা স্বঘোষিত মডেললৈ স্থানন্তৰকৰণ।

লাভালাভসমূহ:

 

*আন্তঃৰাজ্যিক সামগ্ৰী পৰিবহণৰ হেতু ই-ৱে বিল সৃষ্টি কৰিবলৈ কৰদাতা/পৰিবহণকৰ্তাক কোনো কৰ অধিকাৰী/চেকপোষ্টলৈ যোৱাৰ প্ৰয়োজন নাই।

*চেক পোষ্টত ৰ’ব নলগাৰ বাবে আৰু সামগ্ৰীৰ পৰিবহণ গতিশীল হোৱাৰ বাবে বাহন/সম্পদৰ ব্যৱহাৰ হ্ৰাস পাব।

*ব্যৱহাৰৰ উপযোগী ই-ৱে বিল পদ্ধতি।

*ই-ৱে বিলৰ সৰল আৰু ক্ষিপ্ৰ ব্যৱস্থা।

*মসৃণ কৰ প্ৰশাসনৰ বাবে নিয়ন্ত্ৰণ আৰু সন্তুলন তথা কৰ অধিকাৰীৰ দ্বাৰা ই-ৱে বিলৰ পুনৰীক্ষণৰ বাবে প্ৰক্ৰিয়াৰ সৰলীকৰণ।

ই-ৱে বিল প্ৰস্তুতৰ প্ৰক্ৰিয়া:

 

*লেপটপ, ডেক্সটপ অথবা ফোনত অনলাইন ব্ৰাউজিং কৰি।

*মোবাইল ফোনৰ এনৰয়ড আধাৰিত এপৰ জৰিয়তে।

*পঞ্জীভুক্ত মোবাইল নম্বৰৰ জৰিয়তে এছ এম এছ লাভ।

*ই-ৱে বিল জেনেৰেছনৰ বাবে এপ্লিকেচন প্ৰগ্ৰেম ইন্টাৰফেচ আদিৰ দৰে তথ্য প্ৰযুক্তি পদ্ধতিৰ ব্যৱহাৰ।

*ই-ৱে বিলৰ টুল আধাৰিত বাল্ক জেনেৰেছন।

*সুবিধা প্ৰদানকাৰীৰ তৃতীয় পক্ষ আধাৰিত ব্যৱস্থা।

ই-ৱে বিল প’ৰ্টেলৰ বৈশিষ্টসমূহ:

 

*ব্যৱহাৰকাৰীয়ে নিজৰ গ্ৰাহক, যোগানকাৰী আৰু সামগ্ৰীৰ মাষ্টাৰ দাতা প্ৰস্তুত কৰিব পাৰে যাতে ই-ৱে বিল প্ৰক্ৰিয়া আৰম্ভণি সৰল হয়।

*ব্যৱহাৰকাৰীয়ে নিজৰ একাউন্ট/অথবা আনৰ পক্ষৰ দ্বাৰা জেনেৰেট হোৱা ই-ৱে বিলৰ ওপৰত নজৰ ৰাখিব পাৰে।

*সহজ ব্যৱহাৰৰ বাবে ই-ৱে বিল জেনেৰেছনৰ বিভিন্ন মডেল।

*ব্যৱহাৰকাৰীয়ে ই-ৱে বিলৰ জেনেৰেছনৰ বাবে প’ৰ্টেলত ছাব ইউজাৰ আৰু ৰ’লছ সৃষ্টি কৰিব পাৰে।

*ব্যৱহাৰকাৰীয়ে নিজৰ পঞ্জীভুক্ত মেইল আইডি/মোবাইল নম্বৰত মেইল আৰু এছ এম এছৰ জৰিয়তে এলাৰ্ট লাভ কৰিব।

*সামগ্ৰীৰ যোগানকাৰী/গ্ৰহণকাৰীৰ দ্বাৰা বাহন নম্বৰ এন্টাৰ কৰিব পাৰে।

*বিৱৰণ প্ৰত্যক্ষ কৰাত সহজ হ’বলৈ কিউ আৰ কোড প্ৰত্যেক ই-ৱে বিলত প্ৰিন্ট থাকিব।

*বিভিন্ন কনচাইনমেন্ট কঢ়িওৱা বাহনৰ বাবে কনচ’লিডেটেড ই-ৱে বিল জেনেৰেট কৰিব পৰা যায়।

অনুগ্ৰহ কৰি মন দিয়ক:

 

*আন্তঃৰাজ্যিক সামগ্ৰী পৰিবহণ হেতুকে অহা ০১-০২-২০১৮ৰ পৰা অতিৰিক্তভাৱে ই-ৱে বিল কাৰ্যকৰী কৰা হ’ব, উক্ত তাৰিখৰ পৰা দেশৰ ১৩খন ৰাজ্যই আন্তঃৰাজ্যিক সামগ্ৰী পৰিবহণ হেতু ই-ৱে বিল কাৰ্যকৰী কৰিব। এই ৰাজ্যকেইখন হ’ল অন্ধ্ৰপ্ৰদেশ, বিহাৰ, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা, পুডুচেৰী(কেন্দ্ৰীয় শাসিত), চিকিম, তামিলনাডু, তেলেংগনা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড।

*বাকী থকা ৰাজ্যসমূহে ০১-০৬-২০১৮ৰ ভিতৰত আন্তঃৰাজ্যিক সামগ্ৰী পৰিবহণৰ ই-ৱে বিল কাৰ্যকৰী কৰিব।

অধিক তথ্যৰ বাবে- www.ewaybill.nic.in ভিজিট কৰক।

জি এছ টি- এক উত্তম আৰু সৰল কৰ।

উৎস: কেন্দ্ৰীয় আবকাৰী সীমা শুক্ল ব’ৰ্ড আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাণিজ্যিক কৰ বিভাগ।

www.cbec.gov.in, www.cbec-gst.gov.in

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top