মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / গ্ৰাম্য উন্নয়ন আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰাম্য উন্নয়ন আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহ

গ্ৰাম্য উন্নয়ন আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ বিষয়ে লিখা হৈছে ।

 

*গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰশিশণ আৰু গৱেষনাৰ ক্ষেত্ৰত সৰ্বোচ্চ প্ৰতিষ্ঠান হিচাপে SIPRD এ গ্ৰামোন্নয়নৰ লগত জড়িত সকলো লোকৰে কাৰ্যকুশলতা বৃদ্ধি কৰিবৰ বাবে নিয়মীয়াকৈ বিভিন্ন পাঠ্যক্ৰ্ম হাতত লৈ আছে।

*এই প্ৰতিষ্ঠানে পৰিচালনাৰ সবিশেষ, পৰিকল্পনাৰ ৰূপায়ণ পদ্ধতি, সঠিক প্ৰযুক্তি, কম ব্যয় সাপেক্ষ পদ্ধতি আৰু প্ৰয়োগ কৌশল আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ অনুষ্ঠিত কৰে আৰু লগতে বিভিন্ন বিষয়ত প্ৰশিক্ষণ অনুষ্ঠিত কৰে আৰু লগতে বিভিন্ন গ্ৰাম্য উন্নয়ন কাৰ্যসূচী ৰূপায়ণৰ লগত জড়িত চৰকাৰী আৰু বেচৰকাৰী বিষয়াসকলৰ দক্ষতা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।

*পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ বাবে পঞ্চায়তৰ লগত জড়িত বিভিন্ন বিষয়ত প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়।

*বেচৰকাৰী সংগঠন, সামূহিক সংগঠন, গ্ৰাম্য সহায়কাৰী, উদ্দীপক ইত্যাদি সামাজিকভাৱে সক্ৰিয় ব্যক্তিৰ কৰ্মদক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়।

*অৰ্থনৈতিকভাৱে সমৰ্থিত ক্ৰিয়াকলাপ হাতত লোৱাৰ জৰিয়তে গ্ৰামাঞ্চলত স্ব-নিয়োজিন সৃষ্টি কৰিবলৈ পৰিচালনা উন্নয়ন, প্ৰযুক্তি হস্তান্তৰ, দক্ষতা বিশেষ কাৰ্যকলাপ উন্নয়ন ইত্যাদিৰ মাধ্যমেৰে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

*চৰকাৰী আৰু বেচৰকাৰী বিষয়াসকলৰ বাবে বিভিন্ন বিষ্য যেনে- শিক্ষা, স্বাস্থ্য, অনাময়, খোৱাপানী, পৰিৱেশ, সামাজিক ন্যায়, মহিলা সবলীকৰণ, সমাজ সংগঠন কৰা ইত্যাদিৰ ক্ষেত্ৰত ছেমিনাৰ, ৱৰ্কশ্বপ আদি অনুষ্ঠিত কৰা হয়।

*বিভিন্ন আৰ্থ-সামাজিক সমস্যা আৰু চৰকাৰ লোৱা পদক্ষেপত ৰাইজৰ মাজত সজাগতা শিবিৰ অনুষ্ঠিত কৰা।

*নতুন পদক্ষেপ লোৱাৰ প্ৰ্চেষ্টা কৰাৰ লগতে প্ৰায়োগিক প্ৰভাৱ সৃষ্টিৰ বাবে গৱেষণা আৰু কাম হাতত লোৱা।

*ক্ষুদ্ৰ উদ্যোগ উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ বাবে পৰীক্ষামূলক প্ৰকল্পৰ ৰূপায়ণ কৰা।

*২০১৬-১৭ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে বিকেন্দ্ৰীকৃতভাৱে ৪,৯২৭ টা প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা বিভাগৰ বিষয়া-কৰ্মচাৰী, নিৰ্বচিত প্ৰতিনিধি আৰু অন্যান্য সংশ্লিষ্ট লোক মিলি ৪,২০,০৯৮ গৰাকী লোকক প্ৰতিষ্ঠানটোৰ বিভিন্ন জিলাত থকা সম্প্ৰসাৰণ কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিছে। আনহাতে চলিত বৰ্ষত ১,৯৪,৮০৭ গৰাকী লোকক সামৰি ৩,১৯৬ টা প্ৰসিক্ষণ কাৰ্যসূচী হাতত লৈছে।

*সমগ্ৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা, এম জি এন ৰে গা, জিঅ’ এম জি এন ৰে গা, চফটৱেৰ, পি এম এ ৱাই-জি আৰু গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।

*ইয়াৰ লগত জড়িত বিভিন্ন লোকৰ সামৰ্থ বৃদ্ধিৰে গাঁও পঞ্চায়তসমূহৰ জৰিয়তে উন্নয়ন পৰিকল্পনা প্ৰ্স্তুতজকৰণৰ প্ৰক্ৰিয়া কৰিব বিচৰা হৈছে।

*এই উন্নয়ন পৰিকল্পনা প্ৰ্স্তুতকৰণৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ উপৰি ২২,০০০ ৱাৰ্দৰ ৩,৩০,৮১৯ গৰাকী ব্যক্তিক সামৰি সজাগতা অভিযান চলোৱা হৈছে।

*ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অন্তৰ্গত প্ৰতিষ্ঠানটোৱে এটা ৰাজ্যিক পঞ্চায়ত সমল কেন্দ্ৰৰ লগতে ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ কেন্দ্ৰ নথকা জিলাসমূহত ১১ টা জিলা পঞ্চায়ত সমল কেন্দ্ৰ স্থাপন কৰিছে।

উৎস: ৰাইজৰ বাতৰি

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top