অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাক্সা জিলা

বাক্সা জিলা অসমৰ ২৭ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।

সূচী -

1ইতিহাস

  • 2ভৌগোলিক তথ্য
  • 3জনগাঁথনি
  • 4প্ৰশাসনিক আৰু ৰাজনৈতিক গাঁথনি
  • 5তথ্য সংগ্ৰহ
  • 6বাহ্যিক সংযোগ

ইতিহাস -

২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওডালগুৰিৰে বড়োলেণ্ড স্বায়ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হৈছে। ২০০৩ চনৰ অক্টোবৰত ইয়াৰ ঘোষণা কৰা হয় আৰু ২০০৪ চনৰ ১ জুনৰ পৰা আনুষ্ঠানিকভাৱে কাম-কাজৰ আৰম্ভণি হয়। বাক্সাৰ প্ৰথম উপায়ুক্ত আছিল ড: আনোৱাৰুদ্দিন চৌধুৰী।

"বাক্সা" নামটো কোনো কোনো লোকে "বাগ্‌ছা" বুলিও কয়। সম্ভৱতঃ এই নামটো ঠেক পথ বুজোৱা ভূটানী শব্দ "বাংছা" শব্দৰ পৰা আহিছে, কাৰণ ভূটানৰ ৰজা বা সাধাৰণ মানুহে এই অঞ্চলেৰেই পাহাৰ-ভৈয়ামৰ মাজত যাতায়ত কৰিছিল। আনহাতে বড়ো সূত্ৰৰ মতে "বাগ্‌ছা" নামৰ ধান শস্যৰ পৰাহে এই নামটো আহিছে কিন্তু কোচ জাতিৰ ভাষাৰ পৰা জনা যায় বাকছা -কথা কোৱআ আৰু গাহুৰি পুৱআলি হে আছিল।

ভৌগোলিক তথ্য -

বাক্সা জিলাখন অসমৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত। বাক্সা জিলাৰ উত্তৰ আছে ভূটান, দক্ষিণে আছে বৰপেটা, নলবাৰী আৰু কামৰূপ জিলা, আৰু পশ্চিমে আছে চিৰাং জিলা। জিলাখনৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গ কিলোমিটাৰ। সদৰ স্থান মুছলপুৰৰ অসমৰ ৰাজধানী দিছপুৰৰ পৰা দূৰত্ব প্ৰায় ১০৫ কিলোমিটাৰ।

বাক্সা জিলাৰ জলবায়ু উপ-নাতিশীতোষ্ণ প্ৰকাৰৰ। বাৰ্ষিক গড় বৃষ্টিপাতৰ হাৰ ৭৬ মিলিমিটাৰ।

জনগাঁথনি -

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি বাক্সা জিলাৰ জনসংখ্যা ৯৫৩,৭৭৩ জন। এই সংখ্যা ফিজি দেশৰ প্ৰায় সমান। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৪৫৮। ঘনবসতি প্ৰতি বৰ্গ কিলোমিটাৰত ৪৭৫ জন। ২০০১-২০১১ কালছোৱাত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১১.১৭%। বাক্সাৰ লিঙ্গ অনুপাত হৈছে ১০০০ জন পুৰুষৰ বিপৰীতে ৯৬৭ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৭০.৫৩%।

প্ৰশাসনিক আৰু ৰাজনৈতিক গাঁথনি -

বাক্সা জিলাৰ মহকুমা তিনিটা: মুছলপুৰ, শালবাৰী আৰু তামুলপুৰ। মহকুমাকেইটাক ১৩টা ৰাজহ চক্ৰত ভগোৱা হৈছে: বাক্সা, বৰমা, তামুলপুৰ, গোৰেশ্বৰ, বাগানপাৰা, ঘগ্ৰাপাৰ, বৰনগৰ, বজালী, জলহ, পথৰীঘাট, ৰঙিয়া, সৰুপেটা আৰু টিহু।বাক্সাৰ বৰ্তমানৰ উপায়ুক্ত হৈছে বাবুল চন্দ্ৰ বৰবৰুৱা।

জিলাখনৰ মুঠ গাঁৱৰ সংখ্যা ৬৮৭ খন। বাক্সাৰ বিধানসভা সমষ্টিকেইটা হৈছে তামুলপুৰ, বৰমা আৰু চাপাগুৰি। এইসমূহ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

বাক্সা জিলাৰ সমূহ তথ্য নিম্নলিখিত উৎস -

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate