মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / চাহ-বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ-বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি :

চাহ-বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনিৰ বিষয়ে লিখা হৈছে ।

ৰাজ্য চৰকাৰে চাহ-বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ উদ্দেশ্যে বিগত বছৰকেইটাত কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰিছে। উক্ত আঁচনিকেইখনৰ সফল ৰূপায়ণৰ যোগেদি চাহ শ্ৰমিকসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ যথেষ্ট উপকৃত হৈছে।

শেহতীয়াকৈ অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ কাৰণে এখন কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে- মূলতঃ চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ উন্নত স্বাস্থ্যৰ লক্ষ্য আগত ৰাখি ‘চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি’ শীৰ্ষক আঁচনিখন ৰূপায়ণ কৰিছে।

চাহ-বাগিচাৰ গৰ্ভৱতী মহিলা তথা গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ উদ্দেশ্যে আঁচনিখন ৰূপায়ণ কৰা হৈছে।

চাহ বাগিচাৰ প্ৰসূতি মাতৃ তথা নৱজাতক আৰু শিশুৰ মৃত্যু হ্ৰাসকৰণৰ উদ্দেশ্যে অসম চৰকাৰে উক্ত আঁচনি গ্ৰহণ কৰিছে। উক্ত আঁচনিৰ অধীনত গৰ্ভাৱস্থাৰ পৰা প্ৰসৱৰ ৬ সপ্তাহলৈকে স্বাস্থ্য সেৱা গ্ৰহণৰ ভিত্তিত কিস্তি কিস্তিকৈ ধনৰাশি প্ৰদান কৰা হ’ব।

উক্ত ধনৰাশিৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাত জীৱিকাৰ অসুবিধা দূৰ হ’ব। উক্ত ধনৰাশি মাতৃ আৰু সন্তানৰ উপযুক্ত পুষ্টি খাদ্য দ্ৰব্য তথা আনুষংগিক কামত মহিলাগৰাকীয়ে ব্যৱহাৰ কৰিব পাৰিব।

উক্ত আঁচনিৰ সুবিধা কেৱল চাহ-বাগিচাত বসবাস কৰা গৰ্ভৱতী মহিলাৰ বাবেহে উপলব্ধ, এইক্ষেত্ৰত সংশ্লিষ্ট বাগিচা কৰ্তৃপক্ষই প্ৰমাণপত্ৰ প্ৰদান কৰিব, মজুৰি ক্ষতিপূৰণ কাৰ্ডৰ ব্যৱস্থা থাকিব।

চৰকাৰী নীতি অনুসৰি দুটি সন্তানৰ অধিকাৰী হোৱালৈকে মাতৃগৰাকীয়ে এই সুবিধা লাভ কৰিব, গৰ্ভৱতী মহিলাৰ বয়স ১৮ বছৰৰ কম হ’ব নালাগিব।

গৰ্ভৱতী অৱস্থাত মাতৃগৰাকীৰ মৃত্যু ঘটিলে তেওঁৰ স্বামী বা নিকটাত্মীয়ই এই সেৱাৰ ধন দাবী কৰিব নোৱাৰিব। উক্ত আঁচনিৰ অধীনত জননী সুৰক্ষা যোজনাৰ সুবিধাসমূহ অন্তৰ্ভুক্ত হ’ব।

এই আঁচনিৰ সেৱাসমূহ চাহ-বাগিচাৰ গৰ্ভৱতী মহিলাই গ্ৰহণ কৰাৰ বাবে আশাকৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

আশাকৰ্মীসকলৰ উপযুক্ত মাননীৰ ব্যৱস্থা কৰা হ’ব।

চাহ-বাগিচাৰ গৰ্ভৱতী মহিলাসকলক এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে- এই আঁচনিৰ অধীনত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকললৈ চাৰিটা কিস্তিত ১২,০০০ টকা আগবঢ়োৱা হ’ব।

তলত এখন তালিকা আগবঢ়োৱা হ’ল।

ধন আগবঢ়োৱাৰ কিস্তিসমূহ এনেধৰণৰ:

কিস্তি

ধনৰাশি

আগবঢ়াব লগা সেৱাসমূহ

প্ৰথম কিস্তি

২০০০ টকা

গৰ্ভৱস্থাৰ আগতীয়া পঞ্জীয়ন আৰু প্ৰথম ত্ৰিমাসিকৰ ভিতৰত এ এন চি কৰাব

দ্বিতীয় কিস্তি

৪০০০ টকা

তৃতীয় ত্ৰিমাসিকৰ ভিতৰত অন্ততঃ এজন চিকিৎসা বিষয়াৰ দ্বাৰা এটা এ এন চি নিশ্চিত কৰক

তৃতীয় কিস্তি

৩০০০ টকা

কেৱল চিকিৎসালয়ত প্ৰসৱ কৰাওক

চতুৰ্থ কিস্তি

৩০০০ টকা

শিশুৰ জন্মৰ পঞ্জীয়ন কৰাওক আৰু প্ৰথম পৰ্যায়ৰ টিকাকৰণ যেনে BCG, OPV, DPT, Hepatitis-B বা সমপৰ্যায়ৰ টিকাসমূহ শিশুক প্ৰদান কৰক।

 

উৎস: ৰাইজৰ বাতৰি

3.0
Bikash murah May 09, 2019 09:44 AM

বাগিছা অঞ্চল হোৱা সত্ত্বেও আমাৰ কিছু সংখ্যক মহিলাই এই আঁচনি খন লাভৰ পৰা বঞ্চিত হল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top