মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / চাহ বাগিচাৰ শ্ৰমিকৰ বাবে বিত্তীয় অন্তৰ্ভুক্তি আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ বাগিচাৰ শ্ৰমিকৰ বাবে বিত্তীয় অন্তৰ্ভুক্তি আঁচনি :

চাহ বাগিচাৰ শ্ৰমিকৰ বাবে বিত্তীয় অন্তৰ্ভুক্তি আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

বিগত বিত্তীয় বৰ্ষত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিত্তীয় অন্তৰ্ভুক্তি আঁচনি, ২০১৭-১৮(চাহ বাগিচা ধন পুৰস্কাৰ মেলা)ৰ অধীনা প্ৰথম পৰ্যায়ত ১৮০.৩৭ কোটি টকা মুকলি কৰি দিছে।

যিসকল শ্ৰমিকে ২০১৬ চনৰ ৮ নৱেম্বৰৰ পৰা ২০১৭ চনৰ ৩১ মে’লৈ এই সময়ছোৱাত বিমুদ্ৰাকৰণৰ পিছত তাৎক্ষণিকভাৱে বেংক একাউন্ত খুলিছিল সেইসকললৈ এই ধন মুকলি কৰি দিয়া হৈছে।

অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰতিগৰাকীলৈ ২,৫০০ টকাকৈ তেওঁলোকৰ বেংক একাউন্টসমূহৰ জৰিয়তে এককালীন বিত্তীয় উদগনি হিচাপে এই ধন মুকলি কৰি দিছে। ইয়াৰ দ্বাৰা প্ৰথম পৰ্যায়ৰ মুঠ ৭২১৪৮৫ গৰাকী হিতাধিকাৰী উপকৃত হৈছিল।

বৰ্তমানৰ ২০১৮-১৯ বিত্তীয় বৰ্ষত অসম চৰকাৰে দ্বিতীয় পৰ্যায়ত চাহ বাগিচাৰ শ্ৰমিকসকললৈ অতিৰিক্ত ২,৫০০ টকাকৈ উদগনিমূলক ধন মুকলি কৰি দিয়াৰ প্ৰস্তাৱ লৈছে।

ইয়াৰ বাবে বাজেটত ১২০ কোটি টকা ধৰা হৈছে। এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত উপকৃত হ’বলগীয়া হিতাধিকাৰীৰ সংখ্যা প্ৰথম পৰ্যায়ৰ হিতাধিকাৰীৰ সংখ্যাতকৈ অধিক হ’ব, যিহেতু এইবাবে এনে হিতাধিকাৰী নিৰ্বাচনৰ বাবে নিম্নোক্ত কথাকেইটা বিবেচনা কৰা হ’ব-

১)যদি কে ৱাই চি(KYC) আদিৰ লেখীয়া কোনো কাৰণত প্ৰথম পৰ্যায়ত কোনো হিতাধিকাৰী ৰৈ গৈছিল, তেতিয়াহ’লে দ্বিতীয় পৰ্যায়ত এনে হিতাধিকাৰীলৈ অসম চৰকাৰে ৫০০০ টকাকৈ মুকলি কৰি দিব।

২)প্ৰথম পৰ্যায়ত উপকৃত হোৱা হিতাধিকাৰীসকলৰ তালিকাত নথকা শ্ৰমিকসকল যদি আঁচনিখনৰ নীতি-নিৰ্দেশনা অনুসৰি পিছত ইয়াৰ বাবে যোগ্য বুলি বিবেচিত হয়, তেতিয়াহ’লে এনে শ্ৰমিকসকলৰ প্ৰতিগৰাকীলৈ ৫০০০ টকাকৈ অসম চৰকাৰে প্ৰদান কৰিব।

৩)বিমুদ্ৰাকৰণৰ আগতে বেংক একাউন্ট খোলা শ্ৰমিকসকলৰ নাম যদি প্ৰথম পৰ্যায়ত হিতাধিকাৰীসকলৰ তালিকাৰ পৰা বাদ পৰিছিল, তেতিয়াহ’লে এনে শ্ৰমিকসকলৰ প্ৰতিগৰাকীলৈকো অসম চৰকাৰে ৫০০০ টকাকৈ প্ৰদান কৰিব।

উৎস: ৰাইজৰ বাতৰি

3.41666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top