মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰবৃত্তি আঁচনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰবৃত্তি আঁচনি

 

দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্কলাৰশ্বিপ প্ৰদানৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড° এ পি জে আব্দুল কালাম আৰু প্ৰাক্তন মন্ত্ৰী অটল বিহাৰী বাজ পেয়ীৰ নামত এখন ছাত্ৰবৃত্তি আঁচনিৰ প্ৰৱৰ্তন কৰিছে।এই আঁচনিখনক নৰেন্দ্ৰ মোদী ছাত্ৰবৃত্তি আঁচনি ২০১৭ নামেৰেও জনা যাব।উক্ত আঁচনিৰ অধীনত প্ৰধান মন্ত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে ছাত্ৰবৃত্তি প্ৰদান কৰিব।ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিৰ অধীনত ১০,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ ছাত্ৰবৃত্তি লাভ কৰিব।এই প্ৰধান মন্ত্ৰী ছাত্ৰবৃত্তি আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৭৫ ৰ পৰা ৮৫ শতাংশৰ অধিক নম্বৰ লাভ কৰিব লাগিব।এই আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে অভিযান্ত্ৰিক আৰু মেনেজমেণ্ট ক’ৰ্চৰ সুবিধা লাভ কৰিব।আনহাতে,মুছলিম সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই প্ৰধান মন্ত্ৰী ছাত্ৰবৃত্তি আঁচনিৰ অধীনত বিশেষ কোটা থাকিব।উল্লেখ্য যে অৰ্থনৈতিক দিশত পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ছাত্ৰবৃত্তি আঁচনিৰ সুবিধা লাভ কৰিব।৭৫ শতাংশতকৈও অধিক নম্বৰ লাভ কৰা সকলে ১০,০০০ টকাৰ ছাত্ৰবৃত্তি লাভ কৰাৰ বিপৰীতে ৮৫ শতাংশতকৈও অধিক নম্বৰ প্ৰাপ্তসকলে ২৫,০০০ টকা লাভ কৰিব।

এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে দিবলগীয়া নথি-পত্ৰসমুহ-

 

১/হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ।

২/মহাবিদ্যালয়ে প্ৰদান কৰা পৰিচয় পত্ৰ।

৩/পৰিয়ালৰ আয়ৰ প্ৰমাণ পত্ৰ (২ লাখৰ তলৰ)

৪/ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰবৃত্তি লাভৰ ক্ষেত্ৰত নিজকে যোগ্য বুলি বিবেচনা কৰাৰ বাবে যুক্তি দৰ্শাই ৩০০ শব্দৰ ভিতৰত এটা লেখনি পঠাব লাগিব।

৫/শেহতীয়াকৈ উত্তীৰ্ণ হোৱাৰ পৰীক্ষাৰ মাৰ্কশ্বিট।

এই আঁচনিখনৰ বিষয়ে অধিক জানিবলৈ হ’লে তলৰ বেৱছাইটত যোগাযোগ কৰিব পাৰে-http://www.desw.gov.in/scholarship.

উৎস:ৰাইজৰ বাতৰি

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top