অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দীনদয়াল দিব্যাংগ সাহায্য আঁচনি

দীনদয়াল দিব্যাংগ সাহায্য আঁচনি

সমাজৰ শাৰীৰিকভাৱে প্ৰত্যাহ্বানৰ মুখামুখি হোৱা লোকসকলক দিব্যাংগ শব্দৰে বিভুষিত কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ এই অৱহেলিত শ্ৰেণীটোক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।দিব্যাংগসকলক এক সন্মানজনক জীৱন প্ৰদান কৰাটো প্ৰতিজন ব্যক্তিৰে নৈতিক দায়িত্ব।জনসাধাৰণে দিব্যাংগসকলৰ প্ৰতি নিজৰ মানসিকতাৰ পৰিৱৰ্তন সাধন কৰাটো অতীব প্ৰয়োজন।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমুহে তেওঁলোকৰ কল্যাণৰ বাবে বহু আঁচনি গ্ৰহণ কৰি ৰুপায়ণৰ কাম পুৰ্ণগতিত আৰম্ভ কৰিছে।ৰাজ্য চৰকাৰে ২০১৭-১৮ চনৰ বাজেটত দিব্যাংগসকলৰ কল্যাণ সাধনৰ উদ্দেশ্যে ‘দীনদয়াল দিব্যাংগ সাহায্য আঁচনি’শীৰ্ষক এক আঁচনি ৰুপায়ণৰ কথা পৰিকল্পনা কৰিছিল।ইয়াৰ বাবে ২৫০ কোটি টকাৰ পুঁজিৰ অনুমোদন দিয়া হৈছিল।উক্ত পৰিকল্পনাক সাৰ্থক প্ৰমাণিত কৰি অসম চৰকাৰে শেহতীয়াকৈ (যোৱা ৩ ডিচেম্বৰত)আন্ত:ৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি সমাজ কল্যাণ বিভাগৰ অধীনত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ শুভাৰম্ভ কৰে।অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উক্ত আঁচনিখনৰ শুভ উদ্বোধন কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ ৭ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক তেওঁলোকৰ চিকিৎসা ব্যয়ৰ বাবে ৫ হাজাৰ টকাকৈ এককালীন সাহায্যৰ চেক প্ৰদানৰ জৰিয়তে আঁচনিখনৰ শুভাৰম্ভণি কৰে।উল্লেখযোগ্য যে উক্ত দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ অধীনত ৰাজ্যখনৰ ৪,৫০,০০০ দিব্যাংগৰ সু-চিকিৎসাৰ বাবে প্ৰতিগৰাকী দিব্যাংগলৈ ৫ হেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।ইতিমধ্যে চিনাক্ত কৰা ৰাজ্যখনৰ ১ লাখ দিব্যাংগ ব্যক্তিক প্ৰথম পৰ্যায়ত এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়।যিসকল দিব্যাংগ ব্যক্তি বৰ্তমানেও চিহ্নিত হোৱা নাই তেওঁলোকক চিনাক্ত কৰাত চৰকাৰে জনসাধাৰণৰ সহযোগিতা বিচাৰিছে।এই আঁচনিখনৰ সফল ৰুপায়ণৰ ফলত দিব্যাংগসকলৰ সৰ্বাংগীণ বিকাশ পৰিলক্ষিত হ’ব আশা কৰিব পাৰি।দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ বিষয়ে বিত্ংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰক-

অসম চৰকাৰ সমাজ কল্যাণ বিভাগ

সমাজ কল্যাণ সঞ্চালকালয়

উজান বজাৰ,গুৱাহাটী-০১

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 3/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate