মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধান মন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা আৰু জীৱনজ্যোতি বীমা যোজনা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা আৰু জীৱনজ্যোতি বীমা যোজনা:

প্ৰধান মন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা আৰু জীৱনজ্যোতি বীমা যোজনাৰ বিষয়ে লিখা হৈছে

প্ৰধান মন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা আৰু জীৱনজ্যোতি বীমা যোজনা কি-

 

২০১৫ বৰ্ষৰ বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ঘোষণা কৰিছিল যে সাধাৰণ মানুহৰ ভৱিষৎ সুৰক্ষাৰ বাবে শীঘ্ৰে ভাল ভাল আঁচনি আহিব। পিছত সেই বছৰৰে ১৯ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত শুভাৰম্ভ কৰে তিনিখন জনকল্যাণকৰ আঁচনি। সেই আঁচনি তিনিখন হ’ল- প্ৰধান মন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা, প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনা। অটন পেঞ্চন যোজনাৰ বাহিৰে বাকী দুখন সাধাৰণ বীমা আঁচনি।

প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা হ’ল মুখ্যত: এটা দুৰ্ঘটনা বীমা আঁচনি। প্ৰতিদিনে ভাৰতবৰ্ষত অনেক দুৰ্ঘটনা সংঘটিত হয় আৰু বহু লোকৰ মৃত্যু ঘটে আৰু বহুজন আহতও হয়। চহকী আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে এই ক্ষেত্ৰত চিকিৎসা বা ব্যয় বহন কৰিব পাৰে যদিও দুখীয়া লোকসকলৰ বাবে অকল চিকিৎসাই নহয়, বীমাৰ কিস্তিত ধন আদায় দিয়াও কষ্টকৰ হৈ উঠে। দুখীয়া লোকসকলৰ এনে সমস্যাৰ কথা উপলব্ধি কৰিয়েই চৰকাৰে সামাজিক সুৰক্ষা আঁচনি হিচাপে এই আঁচনি ঘোষণা কৰিছে। এই যোজনাৰ কিস্তিত ধনো দুখীয়া লোকৰ বাবে বহন কৰাটো সহজসাধ্য।

প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ হিতাধিকাৰী হ’বলৈ ব্যক্তিগৰাকীৰ বয়স ১৮ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰত হ’ব লাগিব। প্ৰতি বছৰে পহিলা জুনৰ পূৰ্বে এই আঁচনিত যোগদান কৰিব পাৰি। বীমাৰ কিস্তি বছৰেকত ১২ টকা মাত্ৰ। বীমাৰ কিস্তিত ধন হিতাধিকাৰীৰ একাউন্টৰ পৰা বেংকে নিজে কাটি ৰাখিব। হিতাধিকাৰীয়ে দীৰ্ঘকালৰ বাবে এই আঁচনি গ্ৰহণ কৰিব পাৰে বা প্ৰতি বছৰে নবীকৰণ কৰি থাকিব পাৰে। তদুপৰি যিকোনো সময়তে এই আঁচনিৰ পৰা ওলাই আহিবও পাৰে। হিতাধিকাৰীয়ে মাজতে নিজে বন্ধ নকৰিলে এই আঁচনি তেওঁৰ ৭০ বছৰ বয়স পৰ্যন্ত চলি থাকিব। এগৰাকী হিতাধিকাৰীৰ কেইবাটাও বেংক একাউন্ট থাকিব পাৰে যদিও তেওঁ কেৱল এটা একাউন্টৰ জৰিয়তেহে এই সুবিধা লাভ কৰিব পাৰে। কিস্তিৰ ধনৰ ক্ষেত্ৰত হিতাধিকাৰীয়ে ধাৰা ৮০(গ)ৰ অধীনত ৰেহাই পাব। কোনো দুৰ্ঘটনাত হিতাধিকাৰীৰ মৃত্যু হ’লে বা সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিলে এই আঁচনিৰ জৰিয়তে নমিনীয়ে ২ লাখ টকা লাভ কৰিব আৰু দুৰ্ঘটনাটোত তেওঁ দুয়োখন হাত, দুয়োখন ভৰি, দুয়ো চকু বা দুচকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে আৰু এখন ভৰি বা এখন হাত সম্পূৰ্ণৰূপে অকামিলা হৈ পৰিলেও তেওঁ ২ লাখ টকা পাব। আনহাতে দুৰ্ঘটনাত তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি অথবা হাত বা এখন ভৰিৰ কৰ্মশক্তি চিৰদিনলৈ হেৰুৱালে তেওঁ লাভ কৰিব ১ লাখ টকা। দুৰ্ঘটনাৰ ৩০ দিনৰ ভিতৰত দাবী উত্থাপন কৰিব লাগিব।

প্ৰধান মন্ত্ৰী জীৱন-জ্যোতি বীমা যোজনা:

 

ই এটা সাধাৰণ জীৱন বীমা। ১৮ বছৰ সম্পূৰ্ণ কৰা আৰু ৫০ বছৰৰ(ওচৰৰ জন্মদিনটোক ধৰি) যিকোনো ব্যক্তিয়েই এই আঁচনিৰ সুবিধা ল’ব পাৰে। তেওঁ যিকোনো বেংকৰ ছেভিংছ একাউন্টধাৰী হ’ব লাগিব। প্ৰতি বছৰে নবীকৰণযোগ্য এই বীমা আঁচনিৰ ম্যাদ জুনৰ পৰা মে’ মাহলৈ। নিৰ্দিষ্ট একাউন্টৰ পৰা বেংকে নিজে নিজে কিস্তিৰ ধনৰাশি কৰ্তন কৰি ৰাখিব। এই আঁচনিৰ ম্যাদ পূৰ্তি হ’ব একাউন্টধাৰীৰ ৫৫ বছৰ বয়সত। বেংকৰ একাউন্টত পৰ্যাপ্ত ধন নাথাকিলে বা একাউন্ট বন্ধ কৰিলে একাউন্টধাৰীৰ নামত এই আঁচনিও বন্ধ হ’ব। এই আঁচনিটো এগৰাকী হিতাধিকাৰীয়ে নিজৰ নামত একাধিক বেংক একাউন্টৰ বিপৰীতে সুবিধা ল’ব নোৱাৰিব। এই বীমা আঁচনিৰ বাবে বছৰেকীয়া কিস্তি হ’ল ৩৩০ টকা। যিকোনো কাৰণত হিতাধিকাৰীৰ মৃত্যু ঘটিলে নমিনীয়ে ২ লাখ টকা বীমাৰ ধন লাভ কৰিব। আঁচনিত ভাগ লোৱাৰ ৪৫ দিনৰ পিছৰ পৰা দাবী প্ৰযোজ্য হ’ব।

 

উৎস-ৰাইজৰ বাতৰি

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
ফজলুৰ ৰহমান May 22, 2018 12:41 PM

মই জীবনজ্যোতী বীমা কৰিছো uco বেংক ত কিন্তু
সিহতে মোক কোনো নথি দিয়া নাই, এতিয়া কথা হল
যে মোৰ কিবা হলে। বেংকে মোৰ পৰিয়ালক ঠাকিব পাৰে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top