অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধান মন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান:

প্ৰধান মন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান:

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় শাসিত চৰকাৰখন শাসনলৈ অহাৰ পিছৰ পৰাই দেশখনৰ দুখীয়া-দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ উদ্দেশ্যে বহুসংখ্যক কল্যাণকামী আঁচনি ৰূপায়ণ কৰি আহিছে। এই আঁচনিসমূহৰ যোগেদি যথেষ্ট সংখ্যক উপকৃত হৈছে। স্বাস্থ্যই হৈছে পৰম সম্পদ। এখন দেশ বা ৰাজ্য সফলতাৰ দিশত ধাৱমান হ’বলৈ হ’লে স্বাস্থ্য খণ্ডক অগ্ৰাধিকাৰ দিবই লাগিব। সেই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰখনে স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰিছে। তাৰ ভিতৰত প্ৰধান মন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান অন্যতম। আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যৎ। শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি আমি সকলোৱে সচেতন হ’বই লাগি। কিন্তু শিশুসকল এই ধৰালৈ আহে মাতৃৰ যোগেদি। গতিকে এগৰাকী মাতৃ গৰ্ভধাৰণ কৰাৰ লগে লগে সকলোৰে দায়িত্ব তথা কৰ্তব্য হৈ পৰে গৰ্ভধাৰণ কৰা মহিলাগৰাকীৰ স্বাস্থ্যৰ যত্ন লোৱাটো। মাতৃসকলৰ স্বাস্থ্য পৰীক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই এই প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান হাতত লোৱা হয়। মাতৃগৰাকীৰ প্ৰকৃত সুৰক্ষাই জন্ম হ’বলগীয়া কণমানিটোৰ ভৱিষ্যৎ উজ্জ্বল কৰিব। এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিল ২০১৬ চনৰ ৯ জুনত। এই আঁচনিৰ অধীনত প্ৰতি মাহৰ ৯ তাৰিখে সম্পূৰ্ণ বিনামূলীয়াকৈ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। দুখীয়া শ্ৰেণীৰ লোকসকল এই আঁচনিখনৰ যোগেদি যথেষ্ট উপকৃত হয়। মহিলাসকল গৰ্ভৱতী হ’লে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। তাৰ ভিতৰত উচ্চ ৰক্তচাপ, উচ্চ শৰ্কৰা আৰু হৰমন জাতীয় সমস্যা প্ৰধান। গতিকে এই আঁচনিৰ অধীনত গৰ্ভৱতী মহিলাগৰাকীৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যাতে মহিলাগৰাকীয়ে এটা সুস্থ-সবল শিশুৰ মাতৃ হ’ব পাৰে। গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ৰূপায়ণ কৰা এই অভিযানখনৰ অধীনত চৰকাৰী চিকিৎসালয়, জিলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে পুষ্টি, পৰিয়াল পৰিকল্পনা, সন্তান জন্মৰ প্ৰস্তুতি আৰু নৱজাতকৰ জন্মোত্তৰ যতনৰ পৰামৰ্শ প্ৰদান কৰা হয়। উল্লেখ্য যে তিনিৰ পৰা ছমহীয়া গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতহে এই আঁচনিখন প্ৰযোজ্য। এই আঁচনিৰ অধীনত চিকিৎসকসকলে গৰ্ভৱতী মহিলাসকলৰ তেজ পৰীক্ষা, শৰ্কৰা পৰীক্ষা, ওজন, উচ্চ ৰক্তচাপৰ লগতে সকলো ধৰণৰ যাৱতীয় পৰীক্ষা কৰে। চিকিৎসকসকলে পৰীক্ষাৰ দ্বাৰা গৰ্ভৱতী মহিলাসকলক দুইধৰণৰ ষ্টিকাৰ প্ৰদান কৰি দুভাগত বিভাক্ত কৰে। ষ্টিকাৰ দুবিধ হ’ল- সেউজীয়া ষ্টিকাৰ আৰু ৰঙা ষ্টিকাৰ। সেউজীয়া লাভ কৰা মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো চিন্তাৰ কাৰণ নাথাকে। আনহাতে ৰঙা ষ্টিকাৰ লাভ কৰা মহিলাসকলৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত চিন্তাৰ কাৰণ দেখা যায় আৰু সেই মহিলাগৰাকীৰ ক্ষেত্ৰত বিশেষ চিকিৎসাৰ প্ৰয়োজন আহি পৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে ১২ দিনীয়া এই চিকিৎসা সেৱা বিনামূলীয়াকৈ প্ৰদান কৰিবলৈ চিকিৎসকসকলক নিৰ্দেশ দিয়াৰ লগতে এই আঁচনিখনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ বিষয়ে সবিশেষ জানিবলৈ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ লগত যোগাযোগ কৰিব পাৰে। আনহাতে এই অভিযানৰ কাৰ্যালয়ৰ ৱেবছাইট http://pmsma.nhp.gov.in তো অভিযানৰ বিষয়ে সবিশেষ পাব।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate