কেন্দ্ৰীয় চৰকাৰে এক নতুন আচঁনি উন্মোচন কৰিছে যাৰ নাম হল প্ৰধানমন্ত্ৰী উজ্জ্ব্ল আচঁনি যত দেশত দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা মহিলাসকললৈ বিনামূলীয়া ৰন্ধন গেছ সংযোগ আগবঢ়োৱা হব।
এই আচঁনি প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ ৰাজ্যত উন্মোচন কৰিছে।
১।এই আচঁনিৰ অধীনত হিতাধিকাৰীয়ে ১৬০০ টকা লাভ কৰিব ৰন্ধন গেছ সংযোগৰ বাবে।
২।এই আচঁনিয়ে পিছপৰা দুখীয়া নাৰীশ্ৰেনীক তেওঁলোকৰ গতানুগতিক অস্বাস্থ্যকৰ ৰন্ধন ব্যৱস্থা প্ৰনালীৰ পৰা মুক্ত কৰি এক সুস্থ ৰন্ধন ব্যৱস্থা প্ৰদানত জোৰ দিয়া হৈছে।
৩।এই আচঁনি ভাৰত চৰকাৰৰ পেট্ৰ্লিয়ম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কাৰ্যকৰী কৰিব।এনে জনকল্যানমূলক আচঁনি পোনপ্ৰথম বাৰৰ বাবে এই মন্ত্ৰালয়ে কাৰ্যকৰী কৰিব।
৪।এই আচঁনিৰ সুবিধাসমূহ লাভ কৰাৰ ক্ষেত্ৰত প্ৰকৃত পিছপৰা দুখীয়া শ্ৰেনী নিৰ্বাচন প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ লগত সহযোগীতা কৰি এই আচঁনি আগবঢ়াই নিয়া হব।
৫।এই আচঁনি তিনি বছৰৰ সময়সীমা ভিতৰত কাৰ্যকৰী কৰা হব।সেই বছৰ কেইটা হল-২০১৬-১৭ বৰ্ষ, ২০১৭-১৮ বৰ্ষ,আৰু ২০১৮-১৯ বৰ্ষ।
উৎস: কাৰেন্ট এফায়েছ
শেহতীয়া উন্নীতকৰণ: : 4/23/2020