অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পঞ্চায়ত কমিটিৰ বৈঠক

পঞ্চায়ত কমিটিৰ বৈঠক ৰ বিষয়ে লিখা হৈছে

 

পাতনি

 

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন, প্রকল্পসমূহ আৰু পুঁজিৰ আৱণ্টন নিশ্চিত কৰিবৰ কাৰণে গাওঁ পঞ্চায়তৰ বৈঠক অনুষ্ঠিত কৰাৰ প্রয়োজন হয়। গাওঁসভাৰ সিদ্ধান্তসমূহৰ অনুসাৰে পৰিকল্পনাখন প্রস্তুত কৰাটো নিশ্চিত কৰাৰ দায়িত্ব পঞ্চায়ত কমিটিৰ ওপৰত ন্যস্তু থাকিব।

উদ্দেশ্যসমূহ-

 

  • অনুমোদনৰ বাবে গাওঁসভাত উপস্থাপন কৰাৰ উদ্দেশ্যে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন আৰু প্রকল্পসমূহ নিশ্চিত কৰা।

প্রাক কার্যকলাপ

 

  • আলোচনাৰ সুবিধাৰ কাৰণে পৰিকল্পনাখন আৰু প্রকল্পসমূহৰ দুটা বা তিনিটা প্রতিলিপি প্রস্তুত কৰা।
  • সকলো সদস্যৰ উপস্থিতি নিশ্চিত কৰা।
  • এনে প্রকল্প ৰূপায়ণ কৰিবলগীয়া সমজাতীয় বিভাগৰ বিষয়াসকলৰ উপস্থিতি নিশ্চিত কৰা।
  • গাওঁ পঞ্চায়তে বিচাৰিলে স্পষ্টীকৰণ দিব পৰাকৈ, পঞ্চায়ত কমিটিৰ বৈঠকৰ সময়ত গাওঁ পঞ্চায়ত কার্যালয়ত পঞ্চায়তৰ সমল ব্যক্তিসকল উপস্থিত থকাটো নিশ্চিত কৰা।

৯.৩ কার্যকলাপ

পঞ্চায়ত কমিটিৰ বৈঠক

 

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন আৰু পুঁজি আৱণ্টনৰ সবিশেষ উপস্থাপন কৰা।
  • বিস্তাৰিত বিৱৰণৰ সৈতে প্ৰতিটো প্রকল্প উপস্থাপন কৰা।
  • গাওঁসভাই নিৰূপণ কৰা অগ্রাধিকাৰসমূহৰ সৈতে প্রকল্পসমূহৰ ৰিজনি আৰু আলোচনা কৰা।
  • গাওঁসভাৰ কাৰণে পৰিকল্পনা আৰু প্রকল্পসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰা।
  • বৈঠকত কৰা আলোচনা আৰু গ্ৰহণ কৰা সিদ্ধান্তবিলাক কাৰ্য্যবিৱৰণীৰ ৰূপত গাওঁ পঞ্চায়তৰ সচিবৰ দ্বাৰা লিপিবদ্ধ কৰা হ’ব লাগিব। বৈঠকৰ শেষত সিদ্ধান্তসমূহ ডাঙৰকৈ পঢ়ি শুনাব লাগিব। লিপিবদ্ধ কৰা সিদ্ধান্তসমূহৰ তলৰ ফালে গাওঁ পঞ্চায়তৰ সভাপতি, সচিব আৰু সদস্যসকলৰ স্বাক্ষৰ গ্ৰহণ লাগিব।
  • গাওঁসভাৰ অনুমোদনৰ বাবে তাৰিখ, স্থান আৰু সময় নিৰ্দ্ধাৰণ কৰা।
  • গাওঁসভাৰ বাবে ৰাইজক সংগঠিত কৰাৰ উদ্দেশ্য, বৈঠকত কৰা আলোচনা আৰু গ্রহণ কৰা সিদ্ধান্তসমূহ কাৰ্য্যকৰী কৰিব লাগিব।

 

পৰৱতী কার্যকলাপ

 

দায়িত্ববাহী:-গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিব

  • পৰিকল্পনাখন অনুমোদন কৰাৰ বাবে গাওঁসভাৰ আয়োজন কৰা।
  • গাওঁসভাত উপস্থিত থকাৰ বাবে অনুৰোধ জনাই ৰাইজৰ মাজত এখন জাননী জাৰি কৰা।
  • গাওঁসভাত উপস্থিত থকাৰ বাবে অনুৰোধ জনাই আত্মসহায়ক গোট আৰু অন্যান্য সামাজিক সংগঠন সমূহলৈ চিঠি প্ৰেৰণ কৰা তথা তেওঁলোকক অৱগত কৰা ।
  • পৰিকল্পনাখন অনুমোদন কৰিবৰ বাবে আহ্বান কৰা গাওঁসভাত উপস্থিত থকাৰ বাবে অনুৰোধ জনাই সমজাতীয় বিভাগসমূহৰ বিষয়াসকললৈ চিঠি প্ৰেৰণ কৰা
  • অনুমোদনৰ প্ৰক্ৰিয়াৰ বাবে গাওঁসভাত উপস্থাপন কৰিব পৰাকৈ, পৰিকল্পনাৰ দলিলখনৰ ৪-৫ টা প্রতিলিপি প্রস্তুত কৰা।
  • সাধাৰণ আলোচনা

 

পদক্ষেপ ১০:

গাওঁসভাৰ দ্বাৰা পৰিকল্পনাৰ অনুমোদন-

পাতনি

কার্যকৰী দলৰ সহযোগত পঞ্চায়ত কমিটিৰ দ্বাৰা প্রস্তুত কৰা গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন গাওঁসভাত উপস্থাপন কৰিব লাগিব। সংশ্লিষ্ট গাওঁ পঞ্চায়তৰ পৰিকল্পনাখনত গ্রহণ কৰা প্রকল্পসমূহ গাওঁসভাৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।

১০.১ উদ্দেশ্যসমূহ

  • প্রকল্পসমূহৰ লগতে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন গাওঁসভাৰ দ্বাৰা অনুমোদন কৰিবলৈ
  • প্রকল্পসমূহৰ ৰূপায়ণৰ কালছোৱাত, নিৰীক্ষণ প্রক্রিয়াৰ বিষয়ে জনসাধাৰণক সচেতন কৰি তুলিবলৈ

১০.২ প্রাক কার্যকলাপ

  • গাওঁসভাত সর্বাধিক অংশগ্রহণ নিশ্চিত কৰিবৰ কাৰণে, জনসাধাৰণক সংগঠিত কৰাঃ- পৰিৱেশ সৃষ্টিৰ কাৰ্যকলাপ৷
  • সা-সম্ভাৰ, বহাৰ বন্দৱস্ত, শব্দ-ব্যৱস্থা, খোৱাপানী ইত্যাদিৰ বাবে কাৰ্য্যব্যৱস্থা গ্রহণ কৰা।
  • গাওঁসভাত উপস্থিত থকাৰ বাবে অনুৰোধ জনাই বিষয়াসকললৈ জাননী জাৰি কৰা।
  • গাওঁসভাত উপস্থিত থকাৰ বাবে অনুৰোধ জনাই গাওঁবাসীসকললৈ জাননী প্ৰেৰণ কৰা।
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিলখনৰ প্ৰতিলিপি লোৱা।

১০.৩ কার্যকলাপ

গাওঁসভাৰ বৈঠক

কাৰ্য্যসূচী

  • সভাপতিৰ দ্বাৰা আদৰণি ভাষণ
  • গাওঁ পঞ্চায়তৰ সচিবৰ দ্বাৰা গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিল আৰু প্রকল্প হিচাপত বিস্তৃত প্রতিবেদন উপস্থাপন কৰা
  • সাধাৰণ আলোচনা
  • পৰিকল্পনাখনৰ অনুমোদন
  • গাওঁসভাৰ দ্বাৰা অনুমোদন
  • সভাৰ কাৰ্য্যবিৱৰণী লিপিবদ্ধ কৰা
  • বার্ষিক পৰিকল্পনাখন নিশ্চিত কৰা

 

গাওঁ পঞ্চায়তৰ সভাপতি, সচিব আৰু বৈঠকত উপস্থিত থকা গাওঁ পঞ্চায়তৰ সকলো সদস্যই আৰু লগতে বৈঠকত উপস্থিত থকা গাওঁসভাৰ কমেও পাঁচগৰাকী সদস্যই বাধ্যতামূলকভাৱে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিলখনত প্রতিস্বাক্ষৰ কৰিব লাগিব।

১০.৪ পৰৱতী কার্যকলাপ

দায়িত্ববাহী :- গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব (পৰিকল্পনা ৰূপায়ণকাৰী বিষয়াসকল গাওসভাৰ বৈঠকত উপস্থিত। থাকিব লাগিব)

  • গাওঁসভাত গ্রহণ কৰা সিদ্ধান্তসমূহ সন্নিৱিষ্ট কৰি, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন চূড়ান্ত কৰা।
  • ৰূপায়ণৰ পদ্ধতিসমূহ চূড়ান্ত কৰা।
  • কাৰিকৰী সংমোদনৰ পদ্ধতি আৰম্ভ কৰিবলৈ, কাৰিকৰী দিশত পথ প্রদর্শন কৰিবৰ বাবে, উন্নয়ন খণ্ড পর্যায়ত কাৰিকৰী কোষ এটা গঠন কৰা।
  • কাৰিকৰী অনুমোদনৰ বাবে পৰিকল্পনাৰ দলিলখন কাৰিকৰী কোষলৈ প্ৰেৰণ কৰা।

পঞ্চায়ত কমিটিৰ সভা আৰু গাওঁসভাৰ বৈঠকৰ সময়ত গ্রহণ কৰা সিদ্ধান্তসমূহ গাওঁ পঞ্চায়ত আৰু বিভিন্ন

অনুষ্ঠানৰ জাননী ফলকত প্রদর্শন কৰিব লাগিব।

ৰূপায়ণৰ ধৰণ, পুঁজি আৱণ্টন ইত্যাদি তথ্য সম্বলিত প্রকল্পসমূহৰ চূড়ান্ত প্রতিলিপি গাঁও পঞ্চায়ত আৰু বিভিন্ন অনুষ্ঠানৰ জাননী ফলকত প্রদর্শন কৰিব লাগিব।

কাৰিকৰী কোষৰ গঠনঃ

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ কাৰিকৰী অনুমোদন

  • উন্নয়ন খণ্ড পর্যায়ত কাৰিকৰী কোষ
  • খণ্ড ডন্নয়ন বিষয়াৰ অধ্যক্ষতাত
  • কার্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তা তথা অধিস্বীকৃত অভিযন্তাৰ সহযোগত
  • সদস্যসকলঃ কৃষি, উদ্যান শস্য, জলসিঞ্চন, গড়কাপ্তানী বিভাগ (বিদ্যুৎ), গড়কাপ্তানী বিভাগ (পথ), মীন, পশুপালন বিভাগৰ কাৰিকৰী বিষয়াসকল
  • উন্নয়ন খণ্ড পর্যায়ত অনুষ্ঠিত কৰিবলগীয়া এক শিৱিৰত কাৰিকৰী সংমোদন জনোৱা হ’ব।
  • সময়সীমা: ১৫ দিন

পদক্ষেপ ১১:

চূড়ান্ত গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিল

পাতনি

এই পদক্ষেপত, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰা হ’ব। গাওঁসভাৰ পৰা অনুমোদন লাভ কৰাৰ পিছত, সঠিক ৰূপায়ণৰ বাবে চূড়ান্ত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিলখন প্রস্তুত কৰাটো পঞ্চায়ত কমিটিৰ এক দায়িত্ব।

১১.১ উদ্দেশ্যসমূহ

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনৰ চূড়ান্ত ৰূপ দান।
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনৰ ৰূপায়ণ পদ্ধতিৰ বিষয়ে অৱগত হোৱা |

১১.২ কার্যকলাপ

  • অনুবদ্ধৰ সৈতে চূড়ান্ত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিলখন প্রস্তুত কৰা।
  • ৰূপায়ণ কৰাৰ বাবে চূড়ান্ত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন পঞ্চায়ত কমিটিৰ ওচৰত দাখিল কৰা।
  • চূড়ান্তভাৱে অনুমোদিত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ এটা প্রতিলিপি অৱগতিৰ অৰ্থে জিলা পৰিকল্পনা সমিতিলৈ প্ৰেৰণ কৰা।
  • চূড়ান্তভাৱে অনুমোদিত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্ৰতিলিপি প্ৰেৰণঃ

(ক) ৰাজ্যিক গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ কোষলৈ।

(খ) জিলা পৰিষদৰ জ্ঞাতার্থে।

(গ) আঞ্চলিক পঞ্চায়তৰ জ্ঞাতার্থে।

১১.৩ পৰৱতী কার্যকলাপ

দায়িত্ববাহী:- গাওঁ পঞ্চায়ত সচিব(সচিবগৰাকীয়ে কাৰ্যকৰী দলৰ সহায় গ্ৰহণ কৰিব পাৰিব)

  • ৰাইজৰ জ্ঞাতার্থে সংমোদিত প্রকল্পসমূহৰ তালিকা গুৰুত্বপূর্ণ স্থানবিলাকত থকা জাননী ফলিত আঁৰি দিব বা লগাব লাগিব।
  • প্রকল্পসমূহৰ ৰূপায়ণৰ কেলেণ্ডাৰবিলাক গাওঁ পঞ্চায়তৰ জাননী ফলক আৰু গাওঁ পঞ্চায়ত পর্যায়ৰ অন্য অনুষ্ঠানসমূহৰ জাননী ফলিত প্রদর্শন কৰিব লাগিব।

 

জাননী ফলি

…………………………………………………………….বৰ্ষৰ বাবে অনুমোদিত প্ৰকল্পসমূহৰ বিশদ বিৱৰণ

ক্ৰমিক নং

প্ৰকল্পৰ নাম

উদ্দেশ্যসমূহ

মূল উপাদানসমূহ

ব্যয়ৰ পৰিমাণ

ৰূপায়ণৰ সময়সীমা

ৰূপায়ণৰ ধৰণ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পদক্ষেপ ১২:

ৰূপায়ণ

পাতনি

খণ্ড উন্নয়ন বিষয়াৰ অধ্যক্ষতাত কাৰিকৰী কোষৰ দ্বাৰা অনুমোদিত প্রকল্পসমূহ ৰাজহুৱা কৰিব লাগিব (গাওঁ পঞ্চায়ত কাৰ্য্যালয়ৰ জাননী ফলি আৰু প্রস্তাৱিত প্রকল্পসমূহৰ কৰ্মস্থলীত জাননী দিয়াৰ জৰিয়তে)। এই দলিলৰ প্ৰতিলিপিসমূহ পঞ্চায়ত কার্যালয় আৰু গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ ওৱেবচাইটতো উপলব্ধ কৰাব লাগিব। স্বচ্ছতাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ, ৰাজহুৱাভাৱে এই দলিল উপলব্ধ কৰাৰ দায়িত্ব পঞ্চায়ত কমিটিৰ ওপৰত ন্যস্ত থাকিব।

১২.১ উদ্দেশ্যসমূহ

  • ৰূপায়ণৰ কৌশল-প্ৰণালী উপলব্ধি কৰিবলৈ।
  • প্ৰকল্পসমূহৰ ৰূপায়ণৰ বিষয়ে অৱগত হ’বলৈ।
  • প্ৰকল্পসমূহৰ ৰূপায়ণত ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ।

১২.২ প্ৰাক কাৰ্যকলাপ

  • প্ৰকল্পৰ বাবে পঞ্চায়ত কমিটিৰ দ্বাৰা ৰূপায়ণৰ ধৰণ বা পদ্ধতি নিৰ্দ্ধাৰণ কৰা।
  • চৰকাৰৰ পৰা বিভিন্ন কাম তথা সামগ্ৰীসমূহৰ মূল্যৰ নিৰিখৰ তালিকা সংগ্ৰহ কৰা।
  • বিক্ৰেতা/নিৰ্মাণকাৰীসকলক তালিকাভুক্ত কৰাৰ বাবে নিবিদা/ই-নিবিদা আহ্বান আৰু সামগ্ৰীসমূহৰ বজাৰ মূল্য নিৰ্দ্ধাৰণ কৰা।
  • কাৰিকৰী অনুমোদনৰ বাবে গঠিত কাৰিকৰী কোষৰ পৰা, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্ৰতিটো প্ৰকল্পৰ বাবে প্ৰদান কৰা কাৰিকৰী অনুমোদনৰ প্ৰতিলিপি গত্ৰহণ কৰা।
  • তলত উল্লেখ কৰা তথ্যসমূহৰ সৈতে চাইনবোৰ্ড প্ৰদৰ্শন কৰা।

প্ৰকল্পৰ নাম: ----------------------------------------

কোড নম্বৰ: ----------------------------------------

সংমোদিত ধনৰ পৰিমাণ: --------------------------------

স্থান: ---------------------------------------------

কৰিবলগীয়া প্ৰস্তাৱিত কাম: ------------------------------

ৰূপায়ণকাৰী সংস্থা: -----------------------------------

কাম আৰম্ভ কৰা তাৰিখ: -------------------------------

১২.৩ কার্যকলাপ

দায়িত্ববাহী :- গাঁও পঞ্চায়তৰ সচিব

  • ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ বাবে পঞ্চায়ত কমিটিৰ সভা অনুষ্ঠিত কৰা।
  • প্রকল্পৰ কাম আৰম্ভ কৰাৰ বাবে গাওঁবাসীসকলৰ সৈতে সভা অনুষ্ঠিত কৰা।
  • এক স্বচ্ছ আৰু প্রতিযোগিতামূলক পদ্ধতিৰে সামগ্ৰীসমূহ আহৰণ কৰা।
  • শ্রমিকক নিয়োগ কৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিত আইনৰ জবকার্ড প্রাপকসকলৰ মাজৰ পৰা কুশলী / অৰ্দ্ধ-কুশলী/অকুশলী শ্রমিক নিয়োগ কৰা।
  • মাষ্টাৰ ৰোলত প্রতিদিনে নাম ভর্তি কৰা
  • কামবিলাকৰ তদাৰক আৰু পৰ্য্যবেক্ষণ কৰা।
  • কামবিলাক/সামগ্ৰীসমূহৰ জোখমাপ লোৱা আৰু জোখ-মাপৰ বহীত লিপিবদ্ধ কৰা।
  • সাপ্তাহিক ভিত্তিত শ্রমিকসকলক পাৰিশ্ৰমিক আদায় দিয়া।
  • বিক্রেতাৰ পৰা পোৱা দেয়কৰ ধন আদায় দিয়া ।
  • কাম সম্পূর্ণ কৰা আৰু কাম সম্পূর্ণ হোৱাৰ প্রতিবেদন যুগুত কৰা।

তথ্য-পাতিৰ সংৰক্ষণ

১। নিবিদা / ঠিকা-চুক্তিৰ পঞ্জী : যদি নিবিদা আহ্বান কৰাৰ জৰিয়তে প্রকল্পৰ কাম ৰূপায়ণ কৰা হয়, তেনেহলে ৰূপায়ণকাৰী সংস্থাৰ সকলো বিশদ বিৱৰণ এই পঞ্জীটোত থাকিব আৰু এই পঞ্জীটো গাওঁ পঞ্চায়ত কার্যালয়ত সংৰক্ষণ কৰা হ’ব।

ক্ৰমিক নং

যি কামৰ বাবে নিবিদা আহ্বান কৰা হৈছিল, তাৰ বিৱৰণ

নিবিদা আহ্বান কৰি দিয়া বিজ্ঞাপনৰ তাৰিখ

নিবিদা দাখিল কৰা সংস্থা/বিক্ৰেতাৰ সংখ্যা

যি নিবিদাদাতাৰ নিবিদা গ্ৰহণ কৰা হৈছে, সেই সংস্থা/বিক্ৰেতাৰ নাম

গ্ৰহণ কৰা নিবিদাৰ মূল্য/নিৰিখ

 

 

 

 

 

 

 

 

 

 

 

 

 

২। শ্ৰমিকৰ দৰ্খাস্তৰ পঞ্জী : এই পঞ্জীটো হৈছে গাওঁ পঞ্চায়তখনৰ অন্তৰ্ভুক্ত গাওঁ সমূহত থকা সম্ভাৱ্য শ্রমিকসকলৰ বিৱৰণ সম্বলিত এখন পঞ্জী। এখন উকা কাগজত সম্ভাৱ্য শ্রমিকসকলৰ পৰা লাভ কৰা দৰ্খাস্তবিলাক ল’বৰ কাৰণে গাওঁ পঞ্চায়তৰ এক ব্যৱস্থা থকা উচিত। গাওঁ পঞ্চায়তে এই শ্রমিকসকলৰ নাম উক্ত পঞ্জীটোত লিপিবদ্ধ কৰিব লাগিব।

পৰিচয় পত্ৰ

নাম

বয়স

লিংগ

কামৰ প্ৰকাৰ

জৱকাৰ্ডৰ নম্বৰ, যদি উপলব্ধ হয়

দৰ্খাস্তকাৰীৰ নমুনা চহী/টিপ চহী

 

কুশলী

 

অৰ্দ্ধকুশলী

 

অকুশলী

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

৩। কাম-কাজৰ পঞ্জীঃ এই পঞ্জীটোত প্ৰতিটো প্রকল্পৰ ক্ষেত্ৰতেই, প্রকল্পৰ নাম, ৰূপায়ণৰ অৱস্থিতি, ৰূপায়ণকাৰী সংস্থাৰ বিশদ বিৱৰণ, কাম আৰম্ভ আৰু কাম সম্পূর্ণ কৰা তাৰিখ, মুঠ প্রকল্প ব্যয়, প্রকৃততে হোৱা ব্যয় ইত্যাদিৰ বিশদ বিৱৰণ লিপিবদ্ধ কৰা থাকিব।

ক্ৰমিক নং

কামৰ নাম

কামৰ অৱস্থিতি

(গাওঁ)

ৰূপায়ণকাৰী সংস্থাৰ নাম

সংমোদন আদেশৰ নং আৰু তাৰিখ

কাম আৰম্ভ কৰা তাৰিখ

কাম সম্পূৰ্ণ হোৱা তাৰিখ

ব্যৱহাৰ কৰা মাষ্টাৰ ৰোলৰ নম্বৰ

ব্যয়ৰ বিৱৰণ

সামাজিক হিচাপ পৰীক্ষা শেষ হোৱা তাৰিখ

ব্যৱহাৰিক প্ৰমাণ পত্ৰ জাৰি কৰা তাৰিখ

মন্তব্য

কাৰিকৰী

প্ৰশাসনিক আৰু বিত্তীয়

মঞ্জুৰি বাবদ ব্যয়

সামগ্ৰীৰ বাবদ ব্যয়

মুঠ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

৪. মাষ্টাৰ ৰোলৰ পঞ্জী : এই পঞ্জীটো হৈছে কোনো এটা বিশেষ প্ৰকল্পৰ বাবে জাৰি বা ব্যৱহাৰ কৰা মাষ্টাৰ ৰোলৰ হিচাপ ৰাখিবলৈ সংৰক্ষণ কৰা পঞ্জী।

ক্ৰমিক নং

মাষ্টাৰ ৰোল জাৰি কৰা তাৰিখ

মাষ্টাৰ ৰোল নম্বৰ

মাষ্টাৰ ৰোল জাৰি কৰা কামটোৰ নাম

মাষ্টাৰ ৰোল গ্ৰহণ কৰা বিষয়াৰ নাম

স্বাক্ষৰ

 

 

 

 

 

 

 

 

 

 

 

 

 

৫. সামগ্ৰী আহৰণৰ পঞ্জী : এই পঞ্জীটো হৈছে প্ৰতিটো প্ৰকল্পৰ বাবে সংগ্ৰহ কৰা সামগ্ৰীসমূহৰ বিস্তৃত হিচাপ ৰাখিবলৈ সংৰক্ষণ কৰা পঞ্জী।

ক্ৰমিক নং

আহৰণৰ কৰা সামগ্ৰীৰ নাম

আহৰণ কৰা তাৰিখ

পৰিমাণ

টকাৰ পৰিমাণ

বিক্ৰেতাৰ নাম

 

 

 

 

 

 

 

 

 

 

 

 

 

৬. ধন পৰিশোধৰ পঞ্জী : এই পঞ্জীটো হৈছে, কোনো এটা বিশেষ প্ৰকল্পৰ কামত নিয়োজিত শ্ৰমিকসকলক প্ৰিশোধ কৰা ধনৰ ৰাখিবলৈ সংৰক্ষণ কৰা পঞ্জী। এই পঞ্জীটো সেই বিশেষ প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা মাষ্টাৰ ৰোলবিলাকৰ অনুসাৰে সংৰক্ষণ কৰিব লাগিব।

৭. কাম সম্পূৰ্ণ হোৱাৰ পঞ্জী : এই পঞ্জীটো হৈছে কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দিয়া তাৰিখৰ হিচাপ ৰাখিবলৈ সংৰক্ষণ কৰা পঞ্জী।

৮. নিৰীক্ষণৰ পঞ্জী : এই পঞ্জীটো কামৰ নিৰীক্ষণৰ বিস্তাৰিত বিৱৰণ লিপিবদ্ধ কৰিবলৈ সংৰক্ষণ কৰা হয়।

৯. অভিযোগৰ পঞ্জী : এই পঞ্জীটো প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত লাভ কৰা অভিযোগবিলাকৰ তথ্যসমূহ লিপিবদ্ধ কৰিবলৈ সংৰক্ষণ কৰা হয়। এই পঞ্জীটোত, অভিযোগ পোৱাৰ তাৰিখ, অভিযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্য্যব্যৱস্থা, অভিযোগৰ ক্ষেত্ৰত পোৱা সঁহাৰি ইত্যাদি লিপিবদ্ধ কৰিব লাগিব।

ক্ৰমিক নং

তাৰিখ

অভিযোগকাৰীৰ নাম আৰু ঠিকনা

গাওঁ পঞ্চায়ত আৰু উন্নয়ন খণ্ডৰ নাম

অভিযোগৰ প্ৰকাৰ

কাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে

গ্ৰহণ কৰা কাৰ্য্যব্যৱস্থা

চূড়ান্তভাৱে নিষ্পত্তি কৰা তাৰিখ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

বিত্তীয় নথি- পত্ৰৰ সংৰক্ষণ:

১. মঞ্জুৰি পঞ্জী : কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা সকলো প্ৰকাৰৰ পঞ্জুৰিৰ বিষয়ে ইয়াত লিপিবদ্ধ কৰিব লাগিব। গাওঁ পঞ্চায়তে লাভ কৰা ধনৰাশি, তাৰ তাৰিখ, উৎস আৰু শিতানৰ বিষয়ে এই পঞ্জীটোত আৰু তাৰ লগতে ৰোকৰ বহীত লিপিবদ্ধ কৰিব লাগিব।

২. ৰোকৰ বহী : গাওঁ পঞ্চায়তে পৰিশোধ কৰা আৰু লাভ কৰা সকলো ধনৰ বিস্তৃত হিচাপ এই বহীটোত ৰাখিব লাগিব।

৩. ৰচিদ বা প্ৰমাণকৰ ফোলডাৰ : এই ফোলডাৰটোত ক্ৰমিক নম্বৰ অনুসাৰে সকলো ৰছিদ বা প্ৰমাণক ৰখা হ’ব। ৰোকৰ বহীৰ অনুৰূপ প্ৰৱিষ্টিৰ সৈতে এইবিলাকৰ সংযোগ সাধন কৰিব লাগিব।

৪. জমাৰ বহী বা পঞ্জী : এই পঞ্জীটোত প্ৰকল্পসমূহৰ জমা সামগ্ব্ৰীবিলাকৰ প্ৰাপ্তি আৰু বিতৰণৰ সকলো প্ৰৱিষ্টি(Entry) থাকিব। সামগ্ৰীসমূহৰ সম্পূৰ্ণ তালিকাৰ ওপৰত সঠিক নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ, এক নিৰ্দিষ্ট সময়ৰ বাবে, ভিতৰ আৰু বাহিৰলৈ সঞ্চালিত সামগ্ৰীসমূহৰ হিচাপ লিপিবদ্ধ কৰা হ’ব।

৫. মাহেকীয়া প্ৰাপ্তি আৰু পৰিশোধৰ পঞ্জী : এই পঞ্জীটোত পুঁজি প্ৰাপ্তি, পুঁজিৰ ব্যয়, উপলদ্ধ উদ্বৃত্ত আৰু ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিলকৰণ বা ই বিচাৰাধীন হৈ থকাৰ সবিশেষ তথ্য লিপিবদ্ধ কৰা হ’ব।

৬. বেংকৰ সৈতে হিচাপ মিলোৱা প্ৰ-বিৱৰণীৰ পঞ্জী: এই ফোলডাৰটোত, ৰোকৰ বহীৰ বেংকৰ কমল আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ পৰা ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বেংকৰ সৈতে থাকিব পৰা পাৰ্থক্যৰ হিচাপ মিলাবলৈ প্ৰস্তুত কৰা প্ৰ-বিৱৰণীসমূহ(Statement) ৰখা হয়।

৭. আঁচনি অনুসাৰে দায়িত্ব অৰ্পণৰ পঞ্জী :

ক্ৰমিক নং

কাৰ্যকলাপবিলাক

কোনে কৰিব

কোনে পৰ্য্যবেক্ষণ আৰু পথ-প্ৰদৰ্শণ কৰিব

প্ৰকল্পৰ স্থান নিৰূপণ

 

 

কামৰ জৰীপ

 

 

প্ৰাককলনৰ প্ৰস্তুতি

 

 

প্ৰাককলনৰ পৰীক্ষা

 

 

প্ৰদৰ্শন কৰা

 

 

আধাৰশিলা(যদি প্ৰয়োজন হয়)

 

 

সামগ্ৰীসমূহৰ পৰিদৰ্শন

 

 

কাম ৰূপায়ণৰ সময়ত পৰিদৰ্শন

 

 

জোখ-মাপ লোৱা

 

 

 

উৎস-ৰাষ্ট্ৰীয় গাম্য উন্নয়ন প্ৰতিষ্ঠান

3.21875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top