মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি :

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি এখন সুদূৰপ্ৰসাৰী আঁচনি। এই আঁচনিৰ অধীনত গাঁৱত বসবাস কৰা প্ৰতিটো পৰিয়ালকে এটা বিত্তীয় বৰ্ষত ১০০ দিনৰ কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলত বাস কৰা লোকৰ জীৱিকাৰ নিৰাপত্তা প্ৰদান কৰা হয়। এই আঁচনিৰ অধীফনত কাম কৰিব বিচৰা পৰিয়াল/ব্যক্তিসকলে নাম পঞ্জীয়নৰ বাবে পঞ্চায়তলৈ গৈ আৱেদন কৰিব লাগে। পঞ্চায়তৰ ফালৰ পৰা পৰিয়ালটোক এখন জবকাৰ্ড প্ৰদান কৰা হয়।

উক্ত আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে -

*দুখীয়া ৰাইজক জড়িত কৰোৱা।

*পঞ্চায়তীৰাজ ব্যৱস্থাক ৰাইজৰ কাষ চপাই অনাত শক্তিশালী ভূমিকা পালন কৰা।

এম জি এনৰেগা আঁচনিৰ অনুমোদিত কামসমূহ হ’ল -

*পানী সংৰক্ষণ আৰু আহৰণৰ ব্যৱস্থা, কৃষিভূমিৰ বাবে নলা বা বান্ধৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থা,

*পুৰণি বিল-পিতনি-পুখুৰী চাফা কৰি মৎস্য পালনৰ ব্যৱস্থা কৰা,

*সমূহীয়া ব্যক্তিগত মাটি আৰু ৰাস্তা-ঘাটৰ কাষত বৃক্ষ ৰোপণ,

*কৃষি ভূমি উন্নয়ন, জীৱিকা নিৰ্বাহৰ বাবে উদ্যান শস্যৰ খেতি,

*ৰেচমকাৰ্য, প্ৰধান মন্ত্ৰী আবাস গৃহত অ-কাৰিকৰী কাম কৰা,

*পশুপালনৰ বাবে গোহালি নিৰ্মাণ কাৰ্য, মাছ শুকুৱাৰ বাবে চোতাল আৰু গুডাম নিৰ্মাণ কৰা,

*জৈৱিক সাৰ উৎপাদনৰ আন্তঃগাঁথনি নিৰ্মাণ,

*আত্মসহায়ক গোটৰ প্ৰয়োজনীয় চালি নিৰ্মাণ,

*দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ ঘৰ/অংগনৱাড়ী কেন্দ্ৰ/বিদ্ৰালয়ত শৌচালয় নিৰ্মাণ কৰা,

*সকলো বতৰৰ উপযোগী গ্ৰাম্য পথ নিৰ্মাণ,

*খেলপথাৰ নিৰ্মাণ,

*বানপানীৰ বাবে ৰিং বান্ধৰ ব্যৱস্থা কৰা,

*বিদ্যালয়/অংগনৱাড়ী কেন্দ্ৰ/বজাৰ গৃহ নিৰ্মাণ,

*শ্মশান নিৰ্মাণ,

*সমূহীয়া ভঁৰাল নিৰ্মাণ কৰা ইত্যাদি।

গ্ৰামাঞ্চলত বসবাস কৰা পৰিয়ালৰ ১৮ বছৰৰ ওপৰত পুৰুষ-মহিলা, বৃদ্ধসকলেও এই আঁচনিৰ অধীনত জবকাৰ্ড লৈ ব্যক্তিগত আৰু সামাজিক সম্পদ সৃষ্টি কৰাৰ লগতে নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব পাৰে।

আপুনি জানেনে -

এম জি এনৰেগা আঁচনিৰ ক্ষেত্ৰত:

*গাওঁসভাৰ অনুমোদন নথকা কোনো কাম হাতত ল’ব নোৱাৰি।

*ঠিকাদাৰ নিয়োগ কৰিব নোৱাৰি।

*অনা-কৌশলী শ্ৰমিকে কৰিব পৰা কামত আধুনিক যন্ত্ৰ-পাতি ব্যৱহাৰ কৰাটো আইনমতে দণ্ডনীয়।

*জব কাৰ্ড সদায় নিজৰ লগত ৰাখিব লাগে আৰু জব কাৰ্ডত আপুনি কৰা কামৰ খতিয়ান নিয়মীয়াকৈ ভৰাব লাগে। আপোনাৰ জব কাৰ্ড আন মানুহৰ হাতত থকাটোও আইন মতে দণ্ডনীয়।

*জব কাৰ্ডৰ গৰাকীয়ে বেংক/ডাকঘৰ একাউন্টৰ পৰা নিজে টকা উলিয়াব লাগে।

*অনা-কৌশলী কাম কৰিবলৈ আগ্ৰহী প্ৰতিটো পৰিয়ালে এখনকৈ জব কাৰ্ড ল’ব পাৰে। পৰিয়ালটোৰ প্ৰাপ্তবয়স্ক প্ৰতিজন সদস্যই এই জব কাৰ্ডখনতে নাম অন্তৰ্ভুক্ত কৰি প্ৰত্যেকে শ্ৰম কৰিব পাৰে।

* ‘আমাৰ গাঁও আমাৰ আঁচনি’ৰ অধীনত এইবাৰ ৰাইজে গ্ৰহণ কৰা আঁচনিসমূহত ইতিমধ্যে মঞ্জুৰি দিয়া হৈছে। আগ্ৰহী লোকসকলে কাম বিচাৰি নিজৰ গাঁও পঞ্চায়তত আৱেদন কৰিব পাৰে।

*আপুনি আৱেদন কৰাৰ ১৫ দিনৰ ভিতৰত কাম পোৱাটো নিশ্চিত।

*কাম কৰাৰ পৰা ১৫ দিনৰ ভিতৰত মজুৰি লাভ কৰাটোও নিশ্চিত।

*প্ৰতিটো কামৰ আৰম্ভণিতে প্ৰকল্পস্থলীত বিশদ বিৱৰণসহ পকী তথ্য ফলক নিৰ্মাণ কৰাটো বাধ্যতামূলক।

* www.nrega.nic.in ৰ জৰিয়তে এম জি এনৰেগা আঁচনি সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব লাগে।

*Janmanerega এপ্লিকেইচন ব্যৱহাৰ কৰি এম জি এনৰেগাৰ অধীনত আপোনাৰ অঞ্চলত সৃষ্টি কৰা সম্পদ চাই আপুনি মন্তব্য প্ৰকাশ কৰিব পাৰে।

এম জি এন ৰে গা আঁচনিৰ জৰিয়তে গ্ৰাম্য দুখীয়া কৃষিজীৱী লোকক কৃষি সামৰাৰ পিছত অৱসৰৰ সময়ছোৱাত কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানেৰে আৰ্থিকভাৱে টনকিয়াল কৰাৰ ক্ষেত্ৰত এম জি এন ৰে গাই নতুন যুগৰ সূচনা কৰিছে।

এই আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত ১৫০১.১৪ কোটি টকা খৰচ কৰা হৈছে আৰু ১৫.৭৩ লাখ পৰিয়ালে কৰ্মসংস্থাপন পাইছে। আনহাতে চলিত ২০১৭-১৮ বৰ্ষত বৰ্তমান(১৭ মাৰ্চ, ২০১৮)লৈ ১৩৫০.৯৬ কোটি টকা খৰচ কৰা হৈছে। এই সময়ছোৱাত ১৬.১৫ লাখ পৰিয়ালে কৰ্মসংস্থাপন পাইছে। বৰ্তমান চৰকাৰৰ কাৰ্যকালত এতিয়াই এই আঁচনিৰ অধীনত মুখ ২৮৫২০৯.৮৯ লাখ টকা খৰচ কৰা হৈছে আৰু ৩১.৮৭ লাখ পৰিয়ালে কৰ্মসংস্থাপন পাইছে।

২০১৬-১৭ বৰ্ষত ৪৬৭.৫১ লাখ কৰ্মদিন সৃষ্টি কৰা হৈছে। আনহাতে চলিত বিত্তীয় বৰ্ষত বৰ্তমানলৈ ৪৫০.২১ লাখ কৰ্ম দিন সৃষ্টি কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষত কৰ্মদিনৰ আবন্টন ২০১৬-১৭ বৰ্ষৰ ৪.০৮ কোটিৰ পৰা ৫ কোটিলৈ বৃদ্ধি কৰিছে।

আৰম্ভণিৰ পৰা বৰ্তমানলৈ এল জি এন ৰে গা আঁচনিৰ অধীনত মুঠ ২,২৪,২৩২ টা সম্পদ গঢ়ি তোলা হৈছে। ইয়াৰে বৰ্তমান চৰকাৰৰ কাৰ্যকালত মুঠ ৬৪,১৯৪ টা সম্পদ গঢ়ি তোলা হৈছে। দিনত জবকাৰ্ডসমূহ পৰীক্ষণৰ ব্যৱস্থা কৰি এতিয়ালৈ ৯৩.৬৩ শতাংশ পৰীক্ষা কৰা হৈছে আৰু মুঠ ৩.৪৭ লাখ জব কাৰ্ড বাতিল কৰা হৈছে।

এনেধৰণে এই আঁচনিত মহিলাৰ অংশগ্ৰহণ যোৱা ২০১৬-১৭ বৰ্ষৰ ৩৬.৪৮ শতাংশৰ বিপৰীতে চলিত ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩৮.৫১ শতাংশলৈ বৃদ্ধি পাইছে।

আঁচনি ৰূপায়ণত স্বচ্ছতা অনাৰ উদ্দেশ্যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ সহায়ত বৰ্তমানলৈ ১,৭০,০৩২ টা সৃষ্টি কৰা  সম্পদ জিঅ টেগ কৰা হৈছে আৰু জনসাধাৰণে পৰ্যবেক্ষণ কৰাৰ বাবে public domain ত উপলব্ধ কৰা হৈছে।

ৰাজ্যত ৰূপায়িত হৈ থকা এম জি এন ৰে গা, চতুৰ্দশ বিত্তীয় আয়োগ, পি এন এ ৱাই জি, এন এছ এ পি আদি আঁচনিৰ কামৰ সামাজিক হিচাপ পৰীক্ষণৰ বাবে যোৱা ২০১৬-১৭ বিত্তীয় বৰ্ষত অসম সামাজিক হিচাপ পৰীক্ষণ সমিতি নামেৰে এটা স্বতন্ত্ৰ সামাজিক হিচাপ পৰীক্ষণ গোট গঠন কৰা হৈছে। বৰ্তমান এই গোটটোৱে অসমৰ বিভিন্ন জিলাত সামাজিক হিচাপে পৰীক্ষণৰ কাম চলাই আছে।

এম জি এন ৰে গাৰ অধীনত প্ৰগতিৰ খতিয়ান -

*সম্পূৰ্ণ হোৱা কামৰ সংখ্যা(আৰম্ভণিৰে পৰা) ২.১১ লাখ।

*জিঅ’ টেগ কৰা সম্পদৰ সংখ্যা ১.৭০ লাখ।

চলিত বিত্তীয় বৰ্ষ(২০১৭-২০১৮)ৰ ১৭ মাৰ্চ, ২০১৮ লৈ:

*মুঠ নিৰ্মিত পথৰ সংখ্যা ১১,৪৬৮ টা।

*সম্পূৰ্ণ কৰা মুঠ মাছ পোহা পুখুৰীৰ সংখ্যা ১৫৮৩ টা।

*সম্পূৰ্ণ কৰা জলসিঞ্চন ভিত্তিক কামৰ সংখ্যা ২০৭২ টা।

*সম্পূৰ্ণ কৰা ভূমি উন্নয়ন প্ৰকল্পৰ সংখ্যা ৩৮০০ টা।

*সম্পূৰ্ণ কৰা বান নিয়ন্ত্ৰণ সম্পৰ্কীয় কামৰ সংখ্যা ১৫৬৫ টা।

*বৃক্ষ ৰোপণ আঁচনিৰ জৰিয়তে দুয়োকাষে গছপুলি ৰোপণ কৰা পৃথক দৈৰ্ঘ্য ২৫৪.৬৬ কি.মি.।

*সৃষ্টি কৰা মুঠ কৰ্ম দিনৰ সংখ্যা ৪৫০.২১ লাখ।

*খৰচ কৰা টকাৰ পৰিমাণ ১৩৫০.২১ লাখ।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ বিষয়ে বিতংভাৱে জানিবলৈ আয়ুক্তৰ কাৰ্যালয়, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জুৰিপাৰ, পাঞ্জাবাৰী, গুৱাহাটী-৩৭ৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

2.8
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top