মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনা

মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনাৰ বিষয়ে লিখা হৈছে

 

অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মমুখী হ’ব পৰাকৈ স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ এই জীৱনজ্যোতি স্ব-নিয়োজন যোজনাখন ৰুপায়ণ কৰা হৈছে।বেংক,বিত্তীয় প্ৰতিষ্ঠান অথবা সংঠনসমুহে আগবঢ়োৱা ঋণৰ যোগেদি জীৱিকা উপাৰ্জন কৰাৰ বাবে শিক্ষিত যুৱক-যুৱতীসকল উৎপাদনমুখী বৃত্তি গ্ৰহণ কৰিবলৈ এই যোজনাখনৰ দ্বাৰা সমৰ্থৱান কৰি তোলা হয়।উক্ত আঁচনিৰ অধীনত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে বিশেষ কাৰ্যসুচীৰ আয়োজন কৰা হয়।ৰাজ্যৰ ভিতৰত আৰু বাহিৰত প্ৰশিক্ষণৰ ব্যৱস্থা আছে।কাৰিকৰী,ব্যৱস্থাপনামুলক পথ প্ৰদৰ্শন কৰা হয়।ঔদ্যোগিক বিকাশ সম্পৰ্কীয় প্ৰশিক্ষণৰ লগতে এই যোজনাৰ অধীনত কৃষি আৰু ইয়াৰ আনুষংগিক কাম-কাজ তথা বৃত্তিসমুহক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়।কৃষিখণ্ডৰ লগত জড়িত  নিবনুৱাসকলেও এই আঁচনিৰ যোগেদি উপকৃত হ’ব পাৰে।

এই আঁচনিৰ সুবিধা নগৰাঞ্চল তথা গ্ৰামাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ শিক্ষিত যুৱক-যুৱতীসকলে গ্ৰহণ কৰিব পাৰিব।শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনাৰ অন্তৰ্ভুক্তিৰ বাবে তলত দিয়া নথি-পত্ৰসমুহৰ প্ৰয়োজন-

১.আধাৰ কাৰ্ড

২.স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ

৩.বেংকৰ সকলো তথ্য-পাতি (উদাহৰণস্বৰুপে একাউণ্ট নম্বৰ,আই এফ এছ চি ক’ড ইত্যাদি)

৪.ভোটাৰ প্ৰমাণ পত্ৰ / পৰিচয় পত্ৰ

৫.প্ৰয়োজনীয় অন্য নথি-পত্ৰসমুহৰ বাবে বিত্ংভাৱে জানিবলৈ ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ বিষয়াৰ লগত যোগাযোগ কৰক।

আৱেদনকাৰীসকলে বিত্তীয় প্ৰতিষ্ঠানসমুহ (উদাহৰণস্বৰুপে ভাৰতীয় ষ্টেট বেংক,পাঞ্জাব নেচনেল বেংক আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়া)ৰ লগত যোগাযোগ কৰি আঁচনিখনৰ বিষয়ে জানিব পাৰি।

এই আঁচনিখনৰ যো গেদি শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকল স্বাৱলম্বী হ’ব পাৰে।

আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিবলৈ হ’লে তলৰ ঠিকনাত যোগাযোগ কৰিব।

ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছ আই আৰ ডি)

জি এছ ৰোড,খানাপাৰা ,গুৱাহাটী -৭৮১০২২

উৎস:ৰাইজৰ বাতৰি

2.84
কপিল দাস Mar 09, 2019 01:59 PM

এই আঁচনিৰ জৰিয়তে স্বাবলম্বী হব বিচাৰো

দেৱকান্ত বৰা Nov 15, 2018 05:48 PM

মই এজন শিক্ষিত নিবনুৱা।এই আচনিৰ জৰিয়তে উপকৃত হব বিছাৰো।

তপন শইকীয়া Aug 10, 2018 10:17 AM

এই আঁচনিৰ অধিনত ময়ো কৃষিক্ষেত্ৰৰ বিকাশৰ বাবে বিত্তিয় সাহায্য ল'ব বিছাৰো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top