মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনি
অসমৰ গ্ৰামাঞ্চলৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক ভ্ৰমণৰ জৰিয়তে সজাগতা সৃষ্টিৰ বাবে মুখ্য মন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল।এই আঁচনিখনৰ অধীনত হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ বন্ধ বা শীতৰ বন্ধত বিনামুলীয়াকৈ গুৱাহাটীলৈ শিক্ষামুলক ভ্ৰমণলৈ অহাৰ সুবিধা প্ৰদান কৰা হয়।উক্ত শিক্ষামুলক ভ্ৰমণত গুৱাহাটীৰ বিখ্যাত অঞ্চলসমুহত ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হয়।ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ থকা-খোৱা,যাতায়াতৰ ব্যৱস্থা নিজৰ ফালৰ পৰা বহন কৰে।চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰে।প্ৰতি বছৰে ৰাজ্যখনৰ ১০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হয়।জিলা প্ৰশাসনৰ যোগেদি স্কুলসমুহক বাছনি কৰা হয়।ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিৰ অধীনত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু বিজয়ীসকলক পুৰস্কৃত কৰা হয়।উক্ত আঁচনিখনৰ যোগেদি ৰাজ্যখনৰ বহু ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে।ৰাজ্য চৰকাৰেও জ্ঞানজ্যোতি আঁচনিখন আৰু অধিক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।শিক্ষকসকল তথা ছাত্ৰ-ছাত্ৰীসকল সমাজৰ প্ৰকৃত সম্পদ।গুণগত শিক্ষাৰ যোগেদিহে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধন হ’ব আৰু উন্নতিৰ দিশত আগবাঢ়ি যাব পাৰিব।গ্ৰামাঞ্চলৰ ভিতৰুৱা আৰু পিছপৰা অঞ্চলৰ দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি তেওঁলোকক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে আঁচনিখন ৰুপায়ণ কৰা হৈছে।শেহতীয়া মুখ্য মন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনি ২০১৭ কাৰ্যসুচীৰ অধীনত ১৪ খন জিলাৰ মুঠ ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
উৎস:ৰাইজৰ বাতৰি
শেহতীয়া উন্নীতকৰণ: : 1/19/2024