অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি :

শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি :

অসম চৰকাৰে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বছৰি ৪০০ কোটি টকা নিজা পুঁজিৰে সাৰ্বজনীনভাৱে ৰাজ্যখনৰ প্ৰ্তিগৰাকী জ্যেষ্ঠ লোকক পেন্সন প্ৰদানৰ অৰ্থে গ্ৰহণ কৰা এখন নতুন অভিলাষী বৃদ্ধ পেন্সন আঁচনি।

আঁচনিখনৰ হিতাধিকাৰী হ’বলৈ হ’লে -

  • বয়স কমেও ৬০ বছৰ পূৰ্ণ হ’ব লাগিব।
  • বৰ্তমান চলি থকা কোনো চৰকাৰী পেন্সন আঁচনিৰ অন্তৰ্ভুক্ত হ’ব নালাগিব।
  • কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ, সশস্ত্ৰ বাহিনী, অৰ্দ্ধসামৰিক বাহিনী আদিত গ্ৰেড-১ আৰু গ্ৰেড-২ত কৰ্মৰত ল’ৰা-ছোৱালী থাকিলে তেনে পিতৃ-মাতৃ এই পেন্সনৰ বাবে যোগ্য বিবেচিত নহ’ব।
  • আয়কৰ দিয়া আৰু বছৰি ২.৫০ লাখতকৈ অধিক আয়ৰ লোক এই পেন্সনৰ বাবে যোগ্য বিবেচিত নহ’ব।

কি কৰিব -

  • নিজৰ গাঁও পঞ্চায়ত/উন্নয়ন খণ্ড/পৌৰ নিগম/পৌৰসভা/নগৰ সমিতিৰ সহায়ত অনলাইনযোগে প্ৰ-পত্ৰ সংগ্ৰহ কৰক আৰু জমা দিয়ক।
  • এই পেন্সন পাবলৈ হ’লে বেংকত একাউন্ট থাকিবই লাগিব। যিসকলৰ নাই তেওঁলোকে তৎকালীনভাৱে বেংকত একাউন্ট খোলক।
  • প্ৰ-পত্ৰৰ লগত বয়সৰ প্ৰমাণপত্ৰ আৰু বেংক একাউন্টৰ সবিশেষ জমা দিব লাগিব।
  • বয়সৰ প্ৰমাণপত্ৰৰ বাবে জন্মৰ প্ৰমাণপত্ৰ/বিদ্যালয়ৰ প্ৰমাণপত্ৰ/পান কাৰ্ড/চক্ৰ বিষয়া বা খণ্ড উন্নয়ন বিষয়া নতুবা মহকুমা স্বাস্থ্য বিষয়াই দিয়া প্ৰমাণপত্ৰ বৈধ।

অহা ২ অক্টোবৰ, ২০১৮ৰ পৱিত্ৰ গান্ধী জয়ন্তীৰ দিনা মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত দিনৰ ১২ বজাত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰিব।

ৰাজ্যখনৰ প্ৰতিখন গাঁও পঞ্চায়ততে সেইদিনা অনুষ্ঠিত হ’বলগীয়া গাঁওসভাত দূৰদৰ্শনযোগে এই অনুষ্ঠানৰ পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰা হ’ব।

সেইদিনা প্ৰায় ২ লাখ হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত পেন্সনৰ ধন লাভ কৰিব।

উক্ত দিনত নিজৰ নিজৰ গাঁও পঞ্চায়তত অনুষ্ঠিত হ’বলগীয়া গাঁওসভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণত সহযোগিতা আগবঢ়াবলৈ সকলোকে অনুৰোধ জনোৱা হ’ল।

উৎস: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate