মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি: এক অৱলোকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি: এক অৱলোকন

শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি: এক অৱলোকনৰ বিষয়ে লিখা হৈছে ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সকলো জাতি-জনগোষ্ঠীৰ ভাষা-ভাষী লোকৰ কল্যাণ, কিশোৰৰ পৰা বদ্ধ ব্যক্তিসকলৰ কল্যাণৰ উদ্দেশ্য আগত ৰাখি কাম কৰি আহিছে। চৰকাৰখনে সামগ্ৰিকভাৱে কেইবাখনো কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে। ২০১৮-১৯ বৰ্ষৰ বিত্তীণ বাজেটত এখন সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ কথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাজেট ভাষণত উল্লেখ কৰিছিল। উক্ত আঁচনিখনৰ অধীনত ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ প্ৰতিজন বয়োজ্যেষ্ঠ নাগৰিকক সামৰা হ’ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক মাহিলি দুশ পঞ্চাশ টকাকৈ প্ৰদান কৰা হ’ব। উক্ত বাজেট প্ৰতিশ্ৰুতিৰ ফলস্বৰূপে ‘ছহিদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি’ যোৱা ২ অক্টোবৰত উদ্বোধন কৰা হয়।

আঁচনিখনৰ হিতাধিকাৰী হ’বলৈ হ’লে তলৰ যোগ্যতাসমূহ বাধ্যতামূলক -

  • হিতাধিকাৰীজনৰ বয়স কমেও ৬০ বছৰ পূৰ্ণ হ’ব লাগিব।
  • বৰ্তমান ৰূপায়িত হৈ থকা কোনো চৰকাৰী পেন্সন আঁচনিৰ অন্তৰ্ভুক্ত হ’ব নালাগিব।
  • কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ, সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী আদিত গ্ৰেড-১ আৰু গ্ৰেড-২ ত কৰ্মৰত ল’ৰা-ছোৱালী থাকিলে তেনে পিতৃ-মাতৃ এই পেন্সনৰ যোগ্য বিবেচিত নহ’ব।
  • আয়কৰ দিয়া আৰু বছৰি ২.৫০ লাখতকৈ অধিক আয়ৰ লোক এই পেন্সনৰ বাবে যোগ্য বিবেচিত নহ’ব।

হিতাধিকাৰীসকলে উক্ত আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ হ’লে -

  • নিজৰ গাওঁ পঞ্চায়ত/উন্নয়ন খণ্ড/পৌৰ নিগম/পৌৰসভা/ নগৰ সমিতিৰ সহায়ত অনলাইনযোগে প্ৰ-পত্ৰ সংগ্ৰহ কৰক আৰু জমা দিয়ক।
  • উক্ত আঁচনিৰ পেন্সন পাবলৈ হ’লে বেংক একাউন্ট থকাটো বাধ্যতামূলক। যিসকলৰ বেংক একাউন্ট নাই তেওঁলোকে পলম নকৰি বেংক একাউন্ট খোলক।
  • প্ৰ-পত্ৰৰ লগত বয়সৰ প্ৰমাণপত্ৰ আৰু বেংক একাউন্টৰ সবিশেষ জমা দিব লাগিব।
  • বয়সৰ প্ৰমাণপত্ৰৰ বাবে জন্মৰ প্ৰমাণপত্ৰ/বিদ্যালয়ৰ প্ৰমাণপত্ৰ/পান কাৰ্ড/চক্ৰ বিষয়া বা খণ্ড উন্নয়ন বিষয়া নতুবা মহকুমা স্বাস্থ্য বিষয়াই দিয়া প্ৰমাণপত্ৰ বৈধ।

উক্ত আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে চৰকাৰে ৪০০ কোটি টকা আবন্টন দিছে।

উক্ত আঁচনিখন যোৱা ২ অক্টোবৰত সৰুসজাই ক্ৰীড়া প্ৰকল্পত উদ্বোধন কৰা হয়।

বিতং তথ্যৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top