অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সপ্তধাৰা আঁচনি:

সপ্তধাৰা আঁচনিৰ বিষয়ে লিখা হৈছে

 

শিক্ষা হৈছে প্ৰগতিৰ দুৱাৰ। শিক্ষা হৈছে এক সামাজিক কল্যাণ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন শাসনলৈ অহাৰ পৰাই মুখ্য মন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত শিক্ষা খণ্ডৰ উন্নয়ন পৰিলক্ষিত হৈছে। অসমৰ নৱ প্ৰজন্মই বিশ্বমানৰ শিক্ষা আৰু সীমাহীন জ্ঞান ভাণ্ডাৰৰ যোগেদি সৰ্বোচ্চ মাত্ৰা শিক্ষা আহৰণ কৰি যেতিয়া সমাজত ভৰি দিব তেতিয়া ৰাজ্যখনৰ সমাজ জীৱনৰ সকলো দিশ এচাম সুদক্ষ আৰু বুদ্ধিমান যুৱক-যুৱতীৰে ভৰি পৰিব আৰু অসমৰ এক নতুন প্ৰতিচ্ছবি উদ্ভাসিত হ’ব। এই উদ্দেশ্য আগত ৰাখি মূলতঃ পাঠ্যক্ৰম বৰ্হিভূত বিষয়ত শিক্ষা প্ৰদান তথা প্ৰতিজন কম বয়সীয়া ল’ৰা-ছোৱালীক দক্ষতা ভিত্তিক অভিনৱ শিক্ষণ-শিকন পদ্ধতিৰ সুবিধা আগবঢ়োৱাৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰিছে সপ্তধাৰা শীৰ্ষক এক কল্যাণকামী আঁচনিৰ। এই আঁচনিৰ অধীনত ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে যুৱক-যুৱতীসকলৰ উন্নতিৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে শিক্ষাৰ বিভিন্ন ক্ষেত্ৰ, শিল্প আৰু জ্ঞানৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিব লাগিব।

আলোকপাত কৰিবলগীয়া ক্ষেত্ৰসমূহ হৈছে-

 

  • জ্ঞানধাৰা(নলেজ বেণ্ড),
  • উপস্থাপন ধাৰা(প্ৰেজেন্টমেন্ট বেণ্ড),
  • গৌৰৱ ধাৰা(চেলফ এষ্টিম বেণ্ড),
  • গীত,
  • সংগীত,
  • নৃত্যধাৰা(মিউজিক এণ্ড ডেন্স বেণ্ড),
  • ৰং-কলা,
  • নাট্যধাৰা(ফাইন আৰ্টছ বেণ্ড) আৰু
  • উদ্ভাৱন ধাৰা(টেলেন্ট)।

উক্ত আঁচনিৰ অধীনত ষষ্ঠ শ্ৰেণী বা তাতকৈ ওপৰৰ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সময়ত বিদ্যালয় চৌহদত এটাকৈ গছপুলি ৰোপণ কৰিব লাগিব। বিদ্যালয়ৰ চৌহদত ঠাইৰ নাটনি হ’লে চৌহদৰ বাহিৰৰ ৰাজহুৱা স্থাপন ৰোপণ কৰিব লাগিব। বিদ্যালয়খনত অধ্যয়নৰত সময়ছোৱাত বিদ্যাৰ্থীজনে নিজে ৰোপণ কৰা পুলিটোৰ যত্ন লৈ থাকিব লাগিব। এই আঁচনিৰ যোগেদি এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অন্য এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত পাৰস্পৰিক ভাব বিনিময়ৰ সুযোগ প্ৰদান কৰা হ’ব। এই সপ্তধাৰা আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ হ’লে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰক। মাধ্যমিক শিক্ষা বিভাগ, অসম চৰকাৰ, কাহিলিপাৰা, গুৱাহাটী-১৯।

উৎস: ৰাইজৰ বাতৰি

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top