অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লক্ষ্মী আদিত্য আত্ম সহায়ক গোটৰ প্ৰশংসনীয় প্ৰচেষ্টা

লক্ষ্মী আদিত্য আত্ম সহায়ক গোটৰ প্ৰশংসনীয় প্ৰচেষ্টা

গোলাঘাট জিলাৰ মেৰাপানি কৃষি চক্ৰৰ অন্তৰ্গত ২ নং গমাৰিগুৰি গাঁৱৰ ১০ জন শিক্ষিত যুৱকে ২০০২ চনত গঢ়ি তুলিছিল লক্ষ্মী আত্ম সহায়ক গোট নামৰ এটি সংস্থা। বৰ্তমান নন্দেশ্বৰ শইকীয়াক সভাপতি আৰু মিণ্টু শইকীয়াক সম্পাদক হিচাপে লৈ কাৰ্যনিৰ্বাহ কৰি থকা আত্ম সহায়ক গোটটোৰ আন সকল সদস্য হ’ল ক্ৰমে দুৰ্গেশ্বৰ শইকীয়া, প্ৰফুল্ল দাস, জিতুল বৰা, দীপাংকৰ বৰা, অমিতাভ আগৰৱালা, অকণমান দাস, তিলক শইকীয়া আৰু মন বৰা। গোটটো গঠন কৰিয়েই সদস্য সকলে আৰম্ভ কৰিছিল বন্ধাকবি, ফুলকবি, বিলাহী, কেপচিকাম, লেচেৰি, ৰঙালাও আৰু বেঙেনাৰ খেতি। কম সময়ৰ ভিতৰতে লাভৰ মুখ দেখা এই উৎসাহী আত্ম সহায়ক গোটটোৱে খেতিৰ পৰিসৰ বৃদ্ধি কৰি বৰ্তমান প্ৰায় ৭০ বিঘা মাটিত বিভিন্ন শস্যৰ খেতি কৰিছে। এনেদৰে নিজাকৈ খেতি কৰাৰ উপৰিও তেওঁলোকে কাষৰীয়া দৈয়াং অঞ্চলৰ কৃষকক ওপৰোক্ত শস্য সমূহৰ খেতি কৰিবলৈ উৎসাহ যোগাইছে। বৰ্তমান গোটটোৰ সৈতে দৈয়াং অঞ্চলৰ ৩৫০-৪০০ জন কৃষক জড়িত হৈ আছে। গোটটোৱে এই কৃষক সকলৰ উৎপাদিত সামগ্ৰী সমূহ উচিত মূল্য দি কৃষকৰ পথাৰৰ পৰাই ক্ৰয় কৰে। উল্লেখযোগ্য যে উজনি অসমত কেঁচা চাহপাতৰ ক্ষেত্ৰতহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত এনে ব্যৱস্থা প্ৰচলিত হৈ আছে। এক সুশৃংঙ্খলিত প্ৰক্ৰিয়াৰে আত্ম সহায়ক গোটটোৱে দৈয়াং অঞ্চলৰ কৃষকৰ মাজতে আবদ্ধ হৈ নাথাকি অৰুণাচল প্ৰদেশৰ কিছুসংখ্যক কৃষকৰ সৈতে আদা আৰু নাগালেণ্ডৰ কৃষকৰ সৈতে ঝাডু ব্যৱসায়ৰ বাবে সমন্বয় গঢ়ি তুলিছিল।

লক্ষ্মী আদিত্য আত্ম সহায়ক গোটে কৃষি বিপাণন ব্যৱস্থাতো গুৰুত্ব পুৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকে নাগালেণ্ডৰ ডিমাপুৰ, ওখা, মোককচাং আৰু মণিপুৰৰ ইমফলৰ বজাৰৰ সৈতেও যোগাযোগ ৰক্ষা কৰি চলিছে আৰু এই বজাৰ সমূহলৈ তেওঁলোকে সংগ্ৰহ কৰা কৃষিজাত শস্য বিপণনৰ বাবে প্ৰেৰণ কৰি আহিহে। অকল সেয়াই নহয়, শিলিগুৰি, দিল্লী, হাৰিয়ানা, জয়পুৰ, মুম্বাই আদি ঠাইলৈও তেওঁলোকে বিক্ৰীৰ বাবে ঝাডু প্ৰেৰণ কৰি আহিছে। এই সমগ্ৰ কাম খিনি সুচাৰু ৰুপে পৰিচালনা কৰাত সুবিধা হোৱাকৈ গোটটোৰ অধীনত ৪০-৫০ জন বনুৱা কৰ্মৰত হৈ আছে।

গোটটোৰ সদস্য সকলৰ সৈতে কথা পাতি জানিব পৰা মতে লক্ষ্মী আদিত্য আত্ম সহায়ক গোটে বছৰি প্ৰায় ২ কোটি টকাৰো অধিক পৰিমাণৰ ধনৰ লেনদেন কৰি আহিছে। এনে কামৰ পৰা লাভ হোৱা সদস্য সকলে নিঅৰ মাজত সমভাবে ভাগ কৰি লয়। ৰাজ্য খনৰ কৃষি ভিত্তিক অৰ্থনীতিক শক্তিশালী কৰি তোলাত বিশেষ ভূমিকা পালন কৰা লক্ষ্মী আদিত্য আত্মসহায়ক গোটৰ এই অভিলাষী প্ৰচেষ্টা আমাৰ ৰাজ্য খনত গঢ়ি উঠা বিভিন্ন কৃষি ভিত্তিক আত্মসহায়ক গোটৰ পাথেয় হউঁক- আমি তাকেই কামনা কৰিছো।

লেখক: দিলীপ কুমাৰ গগৈ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, কৃষি দাপোণ।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate