অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংখ্যালঘু কল্যাণ

সংখ্যালঘু কল্যাণ

ভাৰত চৰকাৰ (ব্যৱসায়ৰ আবন্টন) বিধি, ১৯৬১ ৰ দ্বিতীয় সূচী অনুসৰি এই মন্ত্ৰালয়ৰ ব্যৱসায়িক আবন্টনৰ বিধিসমূহ হ’ল:

ক) সংখ্যালঘু সম্প্ৰদায়ৰ সকলোবোৰ নীতি, পৰিকল্পনা, সমন্বয় আৰু মূল্যায়ন আৰু পৰ্য্যালোচনাৰ নিয়ামক আৰু উন্নয়ন কাৰ্য্যসূচীসমূহ।

খ) আইন শৃংখলাজনিত বিষয়ৰ বাহিৰে সংখ্যালঘু সম্প্ৰদায়ৰ লগত সম্পৰ্ক থকা সকলোবোৰ বিষয়।

গ) আন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি সংখ্যালঘুসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে নীতি প্ৰস্তুতি।

ঘ) ভাষিক সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু আয়োগৰ কাৰ্য্যালয়ৰ লগত জড়িত বিষয়সমূহ।

ঙ) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইনৰ লগত জড়িত বিষয়সমূহ।

চ) ইভাকিউ কোপাৰটি এক্ট ১৯৫০ ৰ (৩১) প্ৰশাসনৰ অধীনত ইভাকিউ ৱাকফ সম্পত্তিৰ লগত জড়িত কামসমূহ।

ছ) এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব।

জ) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ লগত আলোচনা কৰি পন্ট-মিৰ্জা চুক্তি ১৯৫৫ ৰ মতে পাকিস্তানৰ অ-মুছলমান আৰু ভাৰতৰ মুছলমানসকলক সুৰক্ষা আৰু সংৰক্ষিত কৰাত।

ঝ) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ লগত আলোচনা কৰি ওচৰ- চুবুৰীয়া দেশসমূহৰ সংখ্যালঘুসকলৰ লগত জড়িত প্ৰশ্নসমূহ।

ঞ) ন্যাস আৰু ন্যাস প্ৰতিষ্ঠানসমূহ, ন্যাস আৰু ধৰ্মীয় অংশিদাৰীৰ লগত জড়িত বিভাগসমূহ।

ট) সংখ্যালঘুসকলৰ, সংখ্যালঘু অনুষ্ঠানসমূহৰ, মৌলনা আজাদ এডুকেচন ফাউণ্ডেছনৰ আৰ্থ-সামাজিক, সংস্কৃতিক আৰু শিক্ষাৰ অৱস্থা।

ঠ) বাকফ আইন, ১৯৯৫ (১৯৯৫ ৰ ৪৩) আৰু ৰাষ্ট্ৰীয় ৱাকফ পৰিষদ।

ড)দৰ্গা খৱাজা চাহেব আইন, ১৯৫৫ (১৯৫৫ ৰ ৩৬)।

ঢ) ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমসহ সংখ্যালঘু কল্যানৰ পৰিকল্পনা আৰু কাৰ্য্যসূচীসমূহলৈ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা।

ণ) ব্যক্তিগত খণ্ডসহ কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ অধীকৃত সমূহত সংখ্যালঘুসকলৰ নিয়োগৰ সুযোগ প্ৰদান কৰা।

ত) সংশ্লিষ্ট আন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি সংখ্যালঘুসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ লগত জড়িত ব্যৱস্থাসমূহ গ্ৰহণ কৰা।

থ)ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলৰ ভিতৰৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰাসকলৰ ৰাষ্ট্ৰীয় আয়োগ।

ন)সংখ্যালঘুসকলৰ বাবে প্ৰধান মন্ত্ৰীৰ নতুন ১৫ দফীয়া- কাৰ্য্যসূচী৷

ধ) সংখ্যালঘু সম্প্ৰদায়ৰ লগত জড়িত আন যিকোনো বিষয়।

টোকা:

 

বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰালয়ে তলত দিয়া বিষয়সমূহৰ লগত জড়িত কথাবোৰ চায়।

১) হজ কমিটি আইন, ২০০২

২) হজ কমিটিৰ বিধি, ২০০২

৩) কেন্দ্ৰীয় হজ কমিটি

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে তলত দিয়া বিষয়সমূহ চায়।

১) উৰ্দু ভাষাৰ প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ।

২) সংখ্যালঘুসকলৰ বাবে শিক্ষা।

৩) সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ৰাষ্ট্ৰীয় আয়োগ।

৪) মাদ্ৰাছাসমূহত গুণগত শিক্ষা প্ৰদানৰ বাবে আঁচনি।

৫) সংখ্যালঘু প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁঠনি উন্নয়ন বাবে আঁচনি।

৬) ব্যক্তিগত সাহাৰ্য্যপ্ৰাপ্ত/সাহাৰ্য্য নোপোৱা সংখ্যালঘু প্ৰতিষ্ঠান/প্ৰাথমিক, মাধ্যমিক/উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন বাবে আঁচনি।

৭) শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate