অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিছপৰা জাতিৰ (বিচি) কল্যাণ

পিছপৰা সম্প্ৰদায়ৰ কল্যাণ –বিভাজনৰ বিষয়ে

পিছপৰা সম্প্ৰদায়ৰ বিলাকৰ অধিনত পিছপৰা সম্প্ৰদায়ৰ বাবে থকা আঁচনিসমূহ ৰূপায়নৰ জৰিয়তে পিছপৰা সম্প্ৰদায়ৰ কল্যাণ চোৱাচিতা কৰিবলৈ মন্ত্ৰালয় বাধ্য। মন্ত্ৰালয়ে 1993 স্থাপিত ন্যশ্যনেল বেকৱাৰ্ড ক্লাছেচ কমিচন (এন.চি.বি.চি)ৰ লগতো কাম কৰে। কমিচনে জাতি, উপজাতি, উপনাম আৰু সম্প্ৰদায় পিছপৰা সম্প্ৰদায়ৰ কেন্দ্ৰীয় তালিকাত অৰ্ন্তভূক্তিৰ সংক্ৰান্তত মন্ত্ৰালয়ক দিহাপৰামৰ্শ আগবঢ়ায়। নিৰ্দ্দিষ্ট কৰা উল্লেখিত বিধি অনুযায়ী ইয়াৰ সভাপতি নিযুক্ত হোৱা তাৰিখৰ পৰা ছমাহৰ ভিতৰত অৰ্থিকভাবে পিছপৰা সম্প্ৰদায়ৰ বাবে পুৰ্নগঠন কৰা ন্যশ্যনেল কমিচনে ইয়াৰ ৰিপ’ৰ্ট দিবলৈ বাধ্য।

পিছপৰা সম্প্ৰদায় হল সেইবিলাক জাতি/সম্প্ৰদায় যিবিলাকক ৰাজ্য চৰকাৰে সামাজিক আৰু শৈক্ষিক দিশত পিছপৰা শ্ৰেণী বুলি জাননী জাৰি কৰিছে বা সেই সমূহ জাতিক  কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে পিছপৰা সম্প্ৰদায় বুলি জাননী জাৰি কৰিব পাৰে।

1985 চনৰ আগলৈকে গৃহ দপ্তৰৰ পিছপৰা শ্ৰেণীৰ শাখা (বি.চি.চি.) এ পিছপৰা শ্ৰেণীৰ বিষয়সমূহ চোৱাচিতা কৰিছিল। 1985 চনত কল্যাণৰ বাবে পৃথক মন্ত্ৰালয় গঠন (25.5.1998 তাৰিখৰ পৰা সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয় বুলি পুনঃনামাকৰন কৰা হৈছে) কৰাৰ পৰা অনুসুচিত জাতি, অনুসুচিত জনজাতি, আন আন পিছপৰা শ্ৰেণী আৰু সংখ্যালঘূসকলৰ লগত জড়িত বিষয় সমূহ এই নতুন মন্ত্ৰালয়লৈ হস্তান্তৰ কৰা হয়। অনুসুচিত জাতি আৰু সংখ্যালঘূসকলৰ বাবে দুটা পৃথক মন্ত্ৰালয় গঠন কৰাৰ পিছত এই দুই শ্ৰেণীৰ বিষয় সমূহ নিজ নিজ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰা হয়। মন্ত্ৰালয়ৰ পিছপৰা শ্ৰেণীৰ ভাগে অন্যান্ন পিছ পৰা জাতিৰ সামাজিক আৰু অৰ্থনৈতিক সাৱলীকৰণৰ বাবে থকা পলিচি, প্লেনিং আৰু আঁচনিসমূহৰ ৰূপায়নৰ লগত জড়িত বিষয় সমূহ চোৱাচিতা কৰে। অন্যান্ন জাতিৰ কল্যাণৰ বাবে গঠন কৰা দুটা প্ৰতিষ্ঠানঃ ন্যশ্যনেল বেকৱাৰ্ড ক্লাছেচ ফাইনেন্স এণ্ড ডেবলেপমেন্ট ক’ৰপৰেচন (এন.বি.চি.এফ.ডি.চি.) আৰু ন্যশনেল কমিছন ফৰ বেকৱাৰ্ড ক্লাছেচ (এন.চি.বি.চি)ৰ বিষয় সমূহ চোৱাচিতা কৰে।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate