অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰী সৱলীকৰন

নাৰী সৱলীকৰণ মানে মহিলাৰ আত্মিক, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা। প্ৰায়বোৰ ক্ষেত্ৰতে নাৰীসকলৰ নিজা সামৰ্থ্য সম্পৰ্কত আত্মবিশ্বাস বঢ়াই তোলাৰ প্ৰয়োজন। সম্ভৱতঃ সৱলীকৰণ নিম্নোক্ত বা তেনেধৰণৰ সামৰ্থ্য সমূহৰ সমষ্টি-

  • তেওঁলোকে নিজে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অৰ্জন কৰা।
  • সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্য-পাতি আৰু অৰ্থ অৰ্জন।
  • নিজৰ পছন্দটো বাচি লব পাৰাকৈ (মাথোঁ হ্য়/ নহয়, এইটো অথবা সেইটো নহয়) এলানি সুযোগ আগবঢ়োৱা।
  • যৌথ সিদ্ধান্ত গ্ৰহণত নিজৰ মতামত আগবঢ়োৱাৰ সামৰ্থ্য বৃদ্ধি কৰা।
  • পৰিৱৰ্তন সম্পৰ্কত ইতিবাচক চিন্তা-চৰ্চা।
  • ব্যক্তিগত বা গোটৰ ক্ষমতা উন্নীতকৰণৰ কৌশল শিকাঁৰ সামৰ্থ্য।
  • গণতান্ত্ৰিক উপায়েৰে আনৰ ধাৰণা সলনি কৰাৰ সামৰ্থ্য।
  • অন্তহীন আৰু আত্ম- উদ্যমেৰে পৰিচালিত হৈ বিকাশৰ প্ৰক্ৰিয়া আৰু পৰিবৰ্তনত জড়িত হোৱা।
  • নিজৰ ইতিবাচক ভাৱমূৰ্তি বঢ়োৱা আৰু বদনামৰ পৰা আঁতৰি থকা ।

ভাৰতবৰ্ষত নাৰীৰ অৱস্থান

ভাৰতবৰ্ষত আজিকালি মহিলাসকলে শিক্ষা, ৰাজনীতি, সংবাদ-মাধ্যম, কলা-সংস্কৃতি, সেৱাখণ্ড, বিজ্ঞান-প্ৰযুক্তি ইত্যাদি সকলোবোৰ ক্ষেত্ৰত জড়িত হৈ পৰিছে।

ভাৰতৰ সংবিধানে সকলো ভাৰতীয় নাৰীৰ বাবে সমতা (ধাৰা ১৪), ৰাষ্ট্ৰৰ দ্বাৰা বৈষম্যহীনতা (ধাৰা ১৫(১), সম-সুযোগ (ধাৰা ১৬), সমান কামৰ বাবে সমান-মজুৰি (ধাৰা ৩৯(ঘ)) নিশ্চিত কৰিছে। তদুপৰি মহিলা আৰু শিশুৰ বাবে বিশেষ ব্যৱস্থা ল’বলৈ ৰাষ্ট্ৰক অনুমতি প্ৰদান কৰিছে (ধাৰা ১৫(৩)), মহিলাৰ মৰ্য্যদা হানিকাৰী কাম-কাজত নাকচ কৰিছে (ধাৰা ১৫(ক)(ঙ))। লগতে ৰাষ্ট্ৰই ন্যায়সঙ্গত আৰু মানৱীয় কৰ্ম ব্যৱস্থা নিশ্চিত কৰা আৰু প্ৰসূতি সাহাৰ্য্য (ধাৰা ৪২) প্ৰদানৰ ব্যৱস্থা কৰাৰ সুযোগ দিছে।

১৯৭০ৰ দশকৰ শেষ ভাগত ভাৰতবৰ্ষত নাৰীবাদে গতি লাভ কৰিছিল। বিভিন্ন মহিলা গোটসমূহক ৰাষ্ট্ৰীয় পৰ্য্যায়ত একত্ৰিত কৰি তোলা প্ৰথম বিষয়টো আছিল মথুৰা ধৰ্ষণৰ গোচৰ। মথুৰা নামৰ কিশোৰীগৰাকীক পুলিচ থানাত ধৰ্ষণ কৰাৰ অপৰাধত অভিযুক্ত পুলিচক খালাচ দিয়াৰ বিৰুদ্ধে ১৯৭৯-১৯৮০ত ব্যাপক প্ৰতিবাদ গঢ়ি উঠিছিল। ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমত এই প্ৰতিবাদসমূহৰ বাতৰি বিস্তৃতভাৱে প্ৰকাশ পাইছিল। জবানবন্দী আইন (Evidence Act), ফৌজদাৰী আইন(Criminal Procedure Code) আৰু ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code) সংশোধন কৰি হাজোতৰ ধৰ্ষণ বিষয়টো সংযোজন ঘটাবলৈ চৰকাৰ বাধ্য হৈছিল। কন্যা সন্তান হত্যা, লিংগ-বৈষম্য, মহিলাৰ স্বাস্থ্য আৰু সাক্ষৰতাৰ দৰে বিষয়ত নাৰী কৰ্মীসকল ঐক্যবদ্ধ হৈছিল।

যিহেতু ভাৰতবৰ্ষত সাধাৰণতে মহিলাৰ ওপৰত চলা হিংসাৰ লগত মাদকদ্ৰব্য যুক্ত হৈ থাকে, সেয়ে বহুবোৰ নাৰী সংগঠনে (অন্ধ্ৰ প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা, উৰিষ্যা, মধ্য প্ৰদেশ আৰু অন্যান্য ৰাজ্যত) মাদক দ্ৰব্য বিৰোধী আন্দোলন গঢ়ি তোলে। আনপিনে শ্বৰীয়ত আইনৰ অধীনত মৌলবাদী নেতাসকলে নাৰীৰ অধিকাৰ সম্পৰ্কে আগবঢ়োৱা ব্যাখ্যাৰ ওপৰত বহুতো মুছলমান মহিলাই প্ৰশ্ন উত্থাপন কৰিছে। তিনি তালাক ব্যৱস্থাক সমালোচনা কৰিছে।

১৯৯০ৰ দশকত কিছুমান বিদেশী সংস্থাই অৰ্থ সাহাৰ্য্য আগবঢ়োৱাৰ ফলত নাৰী সম্পৰ্কীয় নতুন নতুন স্বেচ্ছাসেৱী সংগঠন গঢ় লৈ উঠে। আত্ম-সহায়ক গোট আৰু স্ব-নিয়োজিত নাৰী সংস্থা (SEWA)ৰ দৰে স্বেচ্ছাসেৱী সংস্থাসমূহে ভাৰতত নাৰীৰ অধিকাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহু মহিলা স্থানীয় আন্দোলনৰ নেত্ৰী হিচাবে প্ৰতিষ্ঠিত হৈছে। উদাহৰণস্বৰূপে নৰ্মদা বচাওঁ আন্দোলনৰ নেত্ৰী মেধা পাটকৰ।

ভাৰত চৰকাৰে ২০০১ বৰ্ষক নাৰী সৱলীকৰণ বৰ্ষ হিচাবে ঘোষণা কৰে। নাৰী সৱলীকৰণৰ ৰাষ্ট্ৰীয় নীতি ২০০১ চনত গৃহীত হ্য়।

উত্স: আইএনডিজি গোট।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate