মানুহজনৰ বয়স হয়তো প্ৰায় ষাঠিৰ ওচৰা ওচৰি। তেওঁ মোৰ বিভাগৰ এজন তলতীয়া কৰ্মচাৰী। তেওঁ চাকৰিত যোগদান কৰাৰ সময়ত বয়সৰ প্ৰমাণ পত্ৰৰ ব্যৱস্থা নাছিল। তেতিয়া হেনো যাৰ যি ইচ্ছা সেই মতেই বয়স লিখাইছিল। সেয়ে মানুহজনৰ অৱসৰ ল’বলৈ এতিয়াও কেইটামান বছৰ আছে। তামোল খাই সদায় ওঁঠ ৰঙা কৰি থোৱা মানুহ জন যথেষ্ট ৰঙিয়াল। পিচে পেটত ৰঙীন পানী টুপি পৰিলে তেওঁ হৈ পৰে এজন বেলেগ মানুহ। এবাৰ অফিচতে তেওঁ নিচাসক্ত অৱস্থাত হুলস্থুল কৰিলে। তেওঁৰ বিৰুদ্ধে তেওঁৰ সহকৰ্মীৰ পৰাই অভিযোগ আহিল। মোৰ বিভাগীয় মুৰব্বীয়ে নিৰ্দেশ দিলে তেওঁৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা লবলৈ।
সেইদিনা একো নকৈ তেওঁক ঘৰলৈ যাবলৈ দিলোঁ। পিচদিনা ৰাতিপুৱা তেওঁক মোৰ কোঠালৈ মাতি পঠিয়ালোঁ। তেওঁ অহাৰ পিচত মোৰ চকীৰ পৰা উঠি গৈ চকী এখন টানি তেওঁৰ ওচৰতে বহিলোঁ।
‘আপুনি মোৰ দেঊতাৰ বয়সৰ। আমাৰ বিভাগৰ আপুনি এজন অভিজ্ঞ কৰ্মচাৰী। আপোনাক মই যথেষ্ট সন্মান কৰোঁ। সেয়ে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যোৱাকালি কিয় আপুনি তেনেকুৱা ব্যৱহাৰ কৰিছিল। মোক সকলো খুলি কওক’। তেওঁৰ দুচকুলৈ চাই মই ক’লোঁ। মানুহজনে মুখেৰে কিছুপৰ একো নামাতিলে। অলপ পৰ পিচত তেওঁৰ দুচকুৰে সৰসৰকৈ চকুলো নামি আহিল। হাত জোৰ কৰি তেওঁ ক’লে, ‘মোক এইবাৰ মাফ কৰি দিয়ক চাৰ’।
মই তেওঁৰ আৰু ওচৰ চাপি সৰু মাতেৰে ক’লোঁ, ‘আপোনাৰ বয়সৰ মানুহ এজনে মোৰ ওচৰত এইদৰে ক্ষমা বিচাৰি মোক লাজত নেপেলাব। মই আজি আপোনাৰ কথা পাতিম। আপুনি মোক সকলো কথা খুলি কওঁক’। এইবুলি মই মোৰ কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। মই বিচৰা নাছিলোঁ তেওঁৰ এই আবেগিক মূহুৰ্ত আন কোনোবাই প্ৰত্যক্ষ কৰক। তেওঁ অলপ সুস্থিৰ হোৱাৰ পিচত মই সুধিলোঁ, ‘আপোনাৰ ঘৰত কোন কোন আছে’?
‘মোৰ মানুহজনী, দুটা ল’ৰা আৰু এজনী ছোৱালী আছে চাৰ। ডাঙৰ ল’ৰাটোৱে বি এ পাছ কৰি চাকৰি নাপাই ঘৰতে বহি আছে। ছোৱালী জনীয়ে যোৱা বছৰ হায়াৰ ছেকেণ্ডাৰী বেয়া কৰিলে’। ‘আনটো ল’ৰাই কি কৰে’? মই সুধিলোঁ। ‘তাৰ কথা নক’ব চাৰ। সি ক্লাছ নাইনতে পঢ়া শুনা বাদ দিলে। সি ক’ত কি কৰি ঘুৰি ফুৰে মই একো নাজানো। সি ছোৱালী এজনীও আনি ঘৰ সুমুৱাইছেহি’। মানুহজনে তলমুৰ কৰিলে।
মই বুজিলোঁ, ঘৰুৱা সমস্যাৰে মানুহজন ভাৰাক্ৰান্ত। মই একো নকৈ তেওঁৰ মুখলৈ চাই ৰ’লোঁ। ‘মাজে মাজে মাথা নষ্ট হৈ যায় চাৰ। তেতিয়াই মনৰ শান্তি বিচাৰি পানী টুপি খাই দিওঁ’। মই তেওঁৰ কান্ধত হাত এখন থৈ ক’লোঁ, ‘আপোনাৰ কথা মই সকলো বুজিছোঁ, পিচে কাইলৈ যদি আপোনাৰ কিবা এটা হয়, আপোনাৰ পৰিবাৰ আৰু ল’ৰা ছোৱালী কেইটাৰ কি অৱস্থা হ’ব? এই বয়সত এইদৰে নিচা কৰি থাকিলে আপুনি কিমান দিন জীয়াই থাকিব? এনেকুৱা ঘটনা পুনৰ হ’বলৈ হ’লে আপোনাৰ চাকৰিটো ৰখাও মস্কিল হৈ পৰিব’।
মানুহজনে হঠাতে উচুপি উঠিল। হাত জোৰ কৰি তেওঁ ক’বলৈ ধৰিলে, ‘মোৰ লগত এনেদৰে আজিলৈ কোনেও কথা পতা নাই চাৰ। মোৰ চাকৰিটো গ’লে মোৰ পৰিয়ালটো নিগমে মৰিব। আপুনিয়ে কওক চাৰ, মই এতিয়া কি কৰোঁ’।
‘চাওক। সকলো মানুহৰে জীৱনত বহুতো দুখ কষ্ট থাকে। নিচা কৰিলেই আপোনাৰ দুখ কষ্টবোৰ নাইকীয়া হৈ যাব নেকি? বৰং আপুনি সুস্থিৰে থাকিলেহে সমস্যা সমুহৰ সমাধান হোৱাৰ বাট ওলাব। যোৱাকালিৰ ঘটনাটোৰ কাৰণে আপোনাৰ ওপৰত মোক বিহিত ব্যৱস্থা লবলৈ কৈছে। পিচে মই আপোনাক এটা সুযোগ দিবলৈ বিচাৰিছোঁ। আজি মই আপোনাক এটা অনুৰোধ কৰিছোঁ। আপুনি সেইটো ৰাখিব লাগিব। আজিৰ পৰা আৰু অন্তত: ছমাহলৈ আপুনি কোনো নিচা নকৰিব’। মানুহজনৰ চকুলৈ পোনকৈ চাই ক’লোঁ।
মানুহজনে আকৌ তলমুৰ কৰি কিবা ভাবিলে। মই ক’লোঁ, ‘ছমাহৰ ভিতৰত আপুনি যদি আকৌ নিচা কৰা গম পাওঁ,তেনেহ’লে আপোনাৰ ওপৰত ব্যৱস্থা লবলৈ মই বাধ্য হ’ম’। তেওঁ থোকা থুকি মাতেৰে ক’লে, ‘মই চেষ্টা কৰিম চাৰ’।
তাৰ পিচত তেওঁ কেইদিনমানৰ ছুটী ল’লে। মই খবৰ কৰি গম পালোঁ, নিচা এৰাৰ ফলত তেওঁৰ কিছুমান শাৰীৰিক সমস্যা হৈছে। মই ঘৰলৈ গৈ তেওঁৰ খবৰ কৰিলোঁ। নিচাশক্তিৰ চিকিত্সা কৰাবলৈ তেওঁক চিকিত্সালয়তো ভৰ্তি কৰোৱালোঁ। এটা কথা জানিব পাৰি ভাল লাগিল যে নিচাৰ পৰা মুক্তি পাবলৈ তেওঁ নিজৰ পৰাও যথেষ্ট চেষ্টা কৰিছে। তেওঁৰ পৰিয়ালৰ মানুহৰ লগত কথা পাতি মানুহজনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ।
এমাহ পাৰ হোৱাৰ পিচত মোৰ কোঠালৈ আহি তেওঁ সগৰ্বে ঘোষণা কৰিলে যে তেওঁ চিৰদিনৰ কাৰণে নিচা এৰি দিলে। এটা উজ্জ্বল হাঁহিৰে তেওঁ মোৰ হাত দুখনত কৃতজ্ঞতাৰে খামোচ মাৰি ধৰিলে। সেই ঘটনাটোৰ পৰা বহুদিন পাৰ হৈ গ’ল। মাজে মাজে তেওঁৰ খবৰ লওঁ। এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে নিচা জনিত একো অভিযোগ শুনা নাই। তেওঁৰ ল’ৰা দুজনেও কৰ্ম সংস্থাপন পোৱা বাবে এতিয়া তেওঁৰ কোনো চিন্তাও নাই।
মই বাস কৰা সৰু চহৰ খনত নিচাসক্তি বা সুৰাসক্তি এটা ডাঙৰ সমস্যা হৈ পৰিছে। প্ৰতি বছৰে সুৰাপান জনিত ৰোগ আৰু দুৰ্ঘটনাত এই চহৰ খনত বহুতো লোক মৃত্যু মুখত পৰে। সুৰাপান জনিত ৰোগত বহুতো মানুহ চিকিত্সাধীন হৈ আছে। কোনো কোনো ব্যক্তিৰ অত্যাধিক সুৰাপানৰ ফলত তেওঁলোকৰ পৰিয়ালত অশান্তি, কাজিয়া পেচাল, মাৰ পিতৰ ঘটনা সঘনাই সংঘটিত হৈ থাকে।
প্ৰতিজন মানুহে জীয়াই থাকিবলৈ এটা শান্তিপূৰ্ণ পৰিৱেশ আৰু সুখানুভূতি বিচাৰে। সুৰাপান কৰা সকলে বিশ্বাস কৰে যে বাহ্যিক জগত খনৰ অশান্তি, উদ্বিগ্নতা, মানসিক চাপ আদিৰ পৰা সাময়িক ভাৱে আতৰি আহিবলৈ সুৰাই সহায় কৰে। আচলতে সুৰাপানে সাময়িক ভাবে মানুহৰ স্নায়ু সমুহ অৱশ কৰি পেলায়, অলপ সময়ৰ বাবে মানুহৰ চিন্তাৰ গতি লেহেমীয়া কৰি মানুহক সাময়িক অৱকাশ দিয়ে। কিন্তু এই সাময়িক অৱকাশে বাস্তৱ জীৱনৰ সমস্যা সমুহ সমাধান কৰাত তিলমাত্ৰও সহায় নকৰে। বৰং সুৰাপান বাস্তৱ সমস্যা সমুহৰ পৰা পলায়ন কৰাৰ এক সহজ উপায় হিচাপে প্ৰতিপন্ন হয় আৰু এই সাময়িক সুখানুভূতিয়ে লাহে লাহে এজন মানুহক নিচাশক্ত কৰি তোলে। নিচাসক্ত হৈ পৰাৰ পিছত ইতিমধ্যে থকা সমস্যা সমুহৰ উপৰিও নিচাসক্তি এটা প্ৰধান সমস্যা হৈ পৰে। পৰিসংখ্যা মতে সুৰাপান কৰা মানুহৰ ১০০ জনৰ ভিতৰত ১০-১৫ জনেই নিচাশক্ত হৈ পৰে। এবাৰ নিচাসক্ত হোৱাৰ পিছত মানুহৰ শৰীৰ সুৰাৰ লগত অভ্যস্ত হৈ পৰে আৰু শৰীৰে নিয়মীয়া ভাৱে এক নিৰ্দিষ্ট পৰিমানৰ সুৰা দাবী কৰিবলৈ আৰম্ভ কৰে। তেনে লোকৰ এক নিৰ্দিষ্ট পৰিমানৰ সুৰাপান কৰিবলৈ নাপালে শৰীৰৰ অংগ প্ৰত্যঙ্গয়ো বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰি দিয়ে।
সুৰাত মিহলি হৈ থকা এলকহল প্ৰকৃততে মানৱ শৰীৰৰ বাবে এক বিষাক্ত দ্ৰব্য। এলকহল হজম কৰিবলৈ লিভাৰৰ ওপৰত যথেষ্ট চাপ পৰে। নিয়মিত ভাৱে মাত্ৰাধিক সুৰাপানে লিভাৰৰ কাৰ্য্যক্ষমতা ক্ৰমান্বয়ে হ্ৰাস কৰি একেবাৰে নাইকীয়া কৰি পেলাব পাৰে আৰু লিভাৰে কাম কৰা বন্ধ হৈ মানুহ এজনে মৃত্যুক সাৱটি ল’ব লগীয়া হয়। সেইদৰে এলকহলে শৰীৰৰ পাকস্থলী আৰু পাচন তন্ত্ৰৰো ক্ষতিসাধন কৰে। তদুপৰি এলকহলে মানুহৰ মগজুৰ ক্ষতিসাধন কৰে, স্মৃতিশক্তি আৰু মনোযোগ ব্যাহত কৰে, বিষন্নতাবোধৰ সৃষ্টি কৰে। হৃদপিণ্ডৰ বাবেও এলকহল অতি ক্ষতিকাৰক। অত্যাধিক এলকহলে হৃদপিণ্ড দুৰ্বল কৰে, হৃদপিণ্ডৰ ষ্পন্দনৰ গতি বৃদ্ধি কৰে, তেজৰ ধমনী সমুহৰ ক্ষতিসাধন কৰে। অত্যাধিক নিচাশক্তিৰ ফলত মানুহ এজনৰ কৰ্ম ষ্পৃহা আৰু যৌন শক্তি হ্ৰাস পায়, শৰীৰৰ অংগ প্ৰত্যঙ্গ সমুহ পুষ্টিৰ অভাৱত ক্ষয় হ’বলৈ ধৰে, হাত ভৰিত কঁপনিৰ সৃষ্টি হয়। মুঠতে অত্যাধিক নিচাশক্তিয়ে মানুহৰ শৰীৰ এপদ এপদকৈ ধ্বংস কৰি মানুহ এজনক জীৱন্তে মৃতপ্ৰায় কৰি তোলে।
আমাৰ সমাজত নিতৌ বৃদ্ধি পাই থকা হিংসা, ধৰ্ষণ, ডকাইতি, নিৰ্যাতন আদিৰ লগত সুৰাপানৰ এক প্ৰত্যক্ষ সম্পৰ্ক আছে। এটা সমীক্ষা মতে পৰিয়ালত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ৮৫% ঘটনাতে মুল কাৰন হ’ল পুৰুষৰ নিচাসক্তি। এটা সমীক্ষাৰ পৰা জানিব পৰা হৈছে যে আত্মহত্যাৰ চেষ্টা কৰা প্ৰায় ৩৪% মানুহৰ নিচাসক্তিৰ সমস্যা থাকে। সেইদৰে প্ৰায় ১৮% মানসিক ৰোগৰ কাৰণ নিচাসক্তি। চিকিত্সালয় সমুহত প্ৰায় ৩৮% আঘাটৰ ঘটনা নিচাসক্তিৰ কাৰণে হয়। পৰিয়ালত হোৱা অশান্তি আৰু হিংসাৰ এটা মুখ্য কাৰণ হ’ল সুৰাপান। সুৰাপায়ী সকলৰ সন্তানৰ মানসিকতাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। নিচাসক্তিৰ কবলত পৰি মানুহে ঘৰ দুৱাৰ, সম্পত্তি বিক্ৰী কৰি বাটৰ ভিক্ষাৰী হোৱাৰো উদাহৰণ আছে। তথ্যৰ পৰা জনা যায় যে দেশৰ যিবোৰ ৰাজ্যত সুৰাৰ বিক্ৰী নিষিদ্ধ, সেইবোৰ ৰাজ্যত অপৰাধৰ সংখ্যা তুলনামুলক ভাৱে কম। অসমত সুৰা অতি সহজলভ্য হোৱাৰ বাবে আৰু সুৰাপানৰ ওপৰত বিশেষ কোনো চৰকাৰী নিয়ন্ত্ৰণ নথকা বাবে সমাজত সুৰাপানৰ প্ৰকোপ যে দিনে দিনে বাঢ়ি আহিছে সেয়া সহজেই লক্ষ্য কৰিব পাৰি। আধুনিক সমাজত সুৰাপান সামাজিক ভাৱে গ্ৰহণযোগ্য ব্যৱহাৰ হৈ পৰাৰ ফলত সুৰাপানৰ প্ৰতি থকা স্বাভাৱিক সংকোচ ভাৱো বহু পৰিমাণে নাইকীয়া হৈছে। সেয়ে সুৰাপানৰ ব্যাপকতাই সমাজত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
নিচাসক্তিৰ পৰা মুক্তি পাবলৈ চিকিত্সা বিজ্ঞানত চিকিত্সাৰ বিধান আছে। এই চিকিত্সা পদ্ধতিত প্ৰথম অৱস্থাত নিচাসক্ত এজনৰ শৰীৰ মাদক দ্ৰব্যৰ প্ৰভাৱৰ পৰা মুক্ত কৰা হয়। নিয়মিত ভাৱে নিচাগ্ৰস্থ হৈ থকা লোক এজনে হঠাতে মাদক দ্ৰব্য গ্ৰহণ কৰিবলৈ এৰি দিলে তেওঁৰ শৰীৰত নানান বিৰূপ প্ৰতিক্ৰিয়া হয়। তেনে অৱস্থাত সেই ব্যক্তি জনৰ হাত ভৰি কঁপিবলৈ ধৰে, তেওঁৰ মুৰ ঘুৰায়, বিষাদগ্ৰস্থতাই আগুৰি ধৰে, ভ্ৰম বকিবলৈ ধৰে, আনকি মৃত্যু পৰ্য্যন্ত হ’ব পাৰে। সেয়ে শৰীৰক মাদক দ্ৰব্যৰ প্ৰভাৱৰ পৰা মুক্ত কৰা সময়ত দৰৱৰ সহায় ল’ব লগীয়া হয়। এনে দৰৱৰ সেৱনে ব্যক্তি এজনক মাদক দ্ৰব্যৰ প্ৰতি থকা আসক্তি আৰু মাদক দ্ৰব্যৰ অভাৱত হোৱা শাৰীৰিক বিসংগতি সমুহ নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে। অৱশ্যে দীৰ্ঘ দিন ধৰি এনে দৰৱৰ সেৱন কৰিলে শৰীৰত কিছুমান বিৰূপ পাৰ্শ্ব ক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে।
চিকিত্সাৰ সহায়ত শৰীৰ মাদক দ্ৰব্যৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ পিছতো বেছিভাগ মানুহৰ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি ৰৈ যায়। এই সময়ত মনোবৈজ্ঞানিকৰ পৰামৰ্শ আৰু চিকিত্সাৰ প্ৰয়োজন হয়। এয়া এক দীঘলীয়া প্ৰক্ৰিয়া। ব্যক্তি জনৰ মাদক দ্ৰব্যৰ প্ৰতি থকা আসক্তি সম্পূৰ্ণ নিৰ্মুল নোহোৱালৈকে এনে চিকিত্সা চলাই থকাৰ প্ৰয়োজন হয়। পিছে এনে দৰৱৰ দীৰ্ঘ কালিন ব্যৱহাৰেও স্নায়বিক দুৰ্বলতাৰ দৰে আন সমস্যাৰ সৃষ্টি কৰিব পাৰে।
মাদক দ্ৰব্যৰ আসক্তিৰ পৰা সম্পূৰ্ণ মুক্ত হোৱাৰ পিছত আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল সেই ব্যক্তিজনে নিজৰ মনোবল আৰু দৃঢ়তাৰে যিকোনো প্ৰকাৰৰ মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থকাটো। এনে দৃঢ়তাৰ অভাৱত নিচাসক্তিৰ পৰা সম্পূৰ্ণ মুক্তি পোৱাৰ বহুদিন পিছতো এজন ব্যক্তি পুনৰ নিচাসক্ত হৈ পৰিব পাৰে। তেনে অৱস্থাত নিচাসক্তি প্ৰথম বাৰতকৈও অধিক প্ৰবল হোৱাৰ সম্ভাৱনা থাকে। যি সকল ব্যক্তিৰ মানসিক দৃঢ়তা কম, যিসকলে মাদক দ্ৰব্যৰ পৰা মুক্ত হ’বলৈ প্ৰবল ভাৱে অনুপ্ৰাণিত নহয়, সেই সকল ব্যক্তিয়ে সামান্য চেলু পালেই পুনৰ মাদক দ্ৰব্য সেৱনলৈ উভতি যায়। সেয়ে আসক্তি মুক্ত হোৱাৰ পিছত মানুহজন যাতে পুনৰ নিচাৰ প্ৰতি আকৰ্ষিত নহয়, তাৰ বাবে পৰিয়ালৰ সকলোৱে তেওঁক উত্সাহিত কৰাৰ লগতে তেওঁৰ মনোবল বৃদ্ধিত সহায় সহযোগ কৰিব লাগে।
নিচাসক্তিৰ পৰা চিৰকাললৈ মুক্তি পাবলৈ হ’লে নিচাসক্ত ব্যক্তি এজনে নিজেই গভীৰ ভাৱে নিচাসক্তিৰ কু পৰিনাম সমুহ উপলব্ধি কৰি নিচাসক্তিৰ পৰা চিৰকাললৈ মুক্তি পাবলৈ উত্সাহিত হ’ব লাগিব। স্ব - প্ৰয়াস আৰু আত্মবিশ্বাসেৰেহে সোনকালে এইবিধ ব্যাধিৰ পৰা নিবৃত্তি পাবলৈ সক্ষম হ’ব পাৰি। যিবোৰ পৰিৱেশ বা ব্যক্তিৰ সান্নিধ্যই মাদক দ্ৰব্য গ্ৰহণৰ আসক্তি জগাই তুলিব পাৰে সেইবোৰৰ পৰা সমুলি আঁতৰি থকা উচিত। সামাজিক উত্সৱ, পাৰ্টী আদিত সুৰাপানৰ বাবে প্ৰৰোচিত নহ’বলৈ নিজকে সংযত কৰা দৰকাৰ। যোগাসন আৰু ধ্যানৰ দ্বাৰা মনোবল বৃদ্ধি কৰিব পাৰিলে সুৰাপানৰ প্ৰৱণতাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হয়। নিচাসক্তিৰ পৰা মুক্ত হোৱা লোক সকলে নিজৰ মাজতে কথা পাতি এজনে আনজনৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰেৰণা ল’ব পাৰে।
পৰিয়ালৰ লোক সকলৰ সহমৰ্মিতা আৰু সহযোগিতা এই ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয়। নিচাসক্ত এজনক তাচ্ছিল্য নকৰি বা নিচাসক্তিৰ বাবে ককৰ্থনা নকৰি তেওঁৰ মনৰ কথাবোৰ বুজি পাবলৈ চেষ্টা কৰা উচিত। এনে আসক্তিৰ বাবে আসক্ত জনক দোষাৰোপ নকৰি এনে আসক্তিৰ পৰা মুক্ত হোৱাৰ বাবে তেওঁক অনুপ্ৰাণিত কৰিব লাগে। এবাৰ সুৰাসক্তিৰ পৰা মুক্তি পোৱাৰ পিছতো পুনৰ সুৰাপানৰ প্ৰৱণতা হোৱাটো স্বাভাৱিক কথা বুলি গ্ৰহণ কৰি এনে প্ৰবৃত্তিৰ পৰা মুক্ত কৰি ৰাখিবলৈ পৰিয়ালৰ লোক সকল সচেষ্ট হ’ব লাগে। সুৰাপানৰ প্ৰৱণতা প্ৰসমিত কৰিবলৈ তেনে ব্যক্তি সকলক নিসংগতাৰ পৰা যথাসম্ভৱ আঁতৰাই ৰাখি যিকোনো সৃষ্টিশীল কামত নিয়োজিত কৰিবলৈ চেষ্টা কৰিব লাগে। নিচাসক্ত ব্যক্তি সকল খুব অনুভূতিপ্ৰৱণ হোৱা দেখা যায়। অনুভূতিপ্ৰৱণতাৰ কাৰণে সৰু সৰু সমস্যাৰ সন্মুখীন হ’লেও সাময়িক মানসিক সকাহ বিচাৰি মাদক দ্ৰব্যৰ আশ্ৰয় লবলৈ তেওঁলোকৰ হাবিয়াস হয়। সেয়ে তেওঁলোকৰ অনুভূতিত আঘাট নকৰাকৈ তেওঁলোকক নিচাসক্তিৰ কবলৰ পৰা ওলাই আহিবলৈ তেওঁলোকক উত্সাহিত কৰাটো অতি প্ৰয়োজনীয়।
ভাৰতত সুৰাপান এক ক্ৰমবৰ্ধমান সামাজিক ব্যাধি হিচাপে পৰিচিত হৈ আহিছে যদিও সুৰাপান নিয়ন্ত্ৰিত কৰিবলৈ কাৰ্য্যদক্ষ ব্যৱস্থাৰ অভাৱ দেখা য়ায়। সুৰা বিক্ৰীৰ পৰা সংগ্ৰহ হোৱা কৰ প্ৰায়বোৰ ৰাজ্য চৰকাৰৰ ৰাজহৰ এক মুখ্য আধাৰ হোৱাৰ বাবে সুৰা নিয়ন্ত্ৰণ কৰাৰ সলনি অধিক সুৰাৰ বিপনি খুলি অধিক জনতাক সুৰাপানৰ প্ৰতি আগ্ৰহী কৰিবলৈ প্ৰয়াস কৰাহে দেখা যায়। ইয়াৰ বিপৰীতে গুজৰাট মাদক দ্ৰব্য নিষিদ্ধ ৰাজ্য হোৱা স্বত্বেও ব্যৱসায় বাণিজ্যৰ জৰিয়তে দেশৰ এখন আগশাৰীৰ উন্নত আৰু সুৰক্ষিত ৰাজ্য হিচাপে পৰিস্থিত হৈছে। অসমৰ দাঁতি কাষৰীয়া নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামো মাদক দ্ৰব্য নিষিদ্ধ ৰাজ্য। অসমতো চৰকাৰী ভাৱে সুৰাপান নিয়ন্ত্ৰণ কৰিবলৈ শক্তিশালী পদক্ষেপ লোৱাৰ সময় আহি পৰিছে। কেৱল সুৰাপানৰ প্ৰকোপ হ্ৰাস কৰিব পাৰিলেই অসমৰ অপৰাধৰ সংখ্যা লেখত লব লগীয়াকৈ কমি যাব আৰু অসমৰ সামাজিক পৰিৱেশ যথেষ্ট উন্নত হ’ব বুলি আশা কৰিব পাৰি।
দিপাংকৰ বৰুৱা
শেহতীয়া উন্নীতকৰণ: : 6/5/2020