অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মিউচুৱেল ফাণ্ড সম্পৰ্কে কিছু কথা-৪ :

 

খাদ্য আমিষ নে নিৰামিষ সেয়া যেনেকৈ তৈয়াৰ কৰা উপাদানৰ ওপৰত নিৰ্ভৰশীল, মিউচুৱেল ফাণ্ডৰ আঁচনি এখনৰ চৰিত্ৰ কেনেকুৱা হ’ব, সেয়া প্ৰকৃততে নিৰ্ভৰ কৰে সেই আঁচনিখনে ক’ত বিনিয়োগ কৰে তাৰ ওপৰত। বিত্তীয় সম্পদৰ শ্ৰেণী বিভাজনত দুটা প্ৰধান ভাগ হৈছে –

১) ইকুইটি বা শ্বেয়াৰ আৰু

(২) ডেট বা অসমীয়াত ঋণসম্পদ।

ব্যৱসায়ৰ মালিকীস্বত্ব ল’বলৈ টকা খটুৱালে সেয়া ইকুইটিত বিনিয়োগ আৰু টকা ধাৰলৈ দি সুতৰ আশা কৰিলে সেয়া ঋণ সম্পদত বিনিয়োগ। মিউচুৱেল ফাণ্ডেও এই দুয়োবিধ সম্পদ শ্ৰেণীতে বিনিয়োগ কৰাৰ সুযোগ দিয়ে।সাধাৰণতে মিউচুৱেল ফাণ্ড সম্পৰ্কীয় আমাৰ কথা-বতৰাত ইকুইটিয়ে প্ৰাধান্য পায়।আজি ঋণ সম্পদত বিনিয়োগ কৰা মিউচুৱেল ফাণ্ড অৰ্থাৎ ডেট  মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু কথা আলোচনা কৰিম।

আপুনি যদি কাৰোবাক টকা ধাৰলৈ দিয়ে বা বেংকত টকা ফিক্সড ডিপ’জিট কৰে তেন্তে  বিনিয়োগৰ পূৰ্বে মানুহজনে বা বেংকে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সেই সুত বাহাল থাকে।কিন্তু ঋণৰ বজাৰত ঘটা সুতৰ হ্ৰাস-বৃদ্ধিৰ লগত সংগতি থকা প্ৰভাৱ ডেট মিউচুৱেল ফাণ্ডৰ আঁচনিত পৰে।কিয়? সেইটোৱেই ডেট মিউচুৱেল ফাণ্ডৰ বিষয়ে বুজিবলগা প্ৰথম কথা।ধৰক, এখন বজাৰ, য’ত বেংক ফিক্সড ডিপ’জিট কিনা-বেচা হয়।অৰ্থাৎ মানুহক কোনো বেংকৰ ফিক্সড ডিপ’জিট মেচিঅ’ৰ হোৱাৰ আগতে সেই টকাৰ প্ৰয়োজন হ’লে বেংকত গৈ ভঙোৱাৰ পৰিবৰ্তে এই বজাৰত আন এজন গ্ৰাহকক বিক্ৰী কৰি দিব পাৰে।আকৌ ধৰা হওক যে  আপুনি যিদিনা এক লাখ টকা বেংকত ৫ বছৰলৈ ফিক্সড ডিপ’জিট কৰিবলৈ গৈছিল, সেইবদিনা বেংকে আপোনাক প্ৰদান কৰা সুত আছিল চক্ৰবৃদ্ধি হাৰত বাৰ্ষিক ৮ শতাংশ।ভৱিষ্যতে বেংকৰ সুত বাঢ়ক বা কমক, আপোনাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আপুনি পাঁচ বছৰলৈ সুত পাব ৮ শতাংশ হাৰত। আপুনি বিনিয়োগ কৰাৰ ঠিক পাচদিনাখনেই যেনিবা বেংকে ৫ বছৰীয়া ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ ৯ শতাংশলৈ  বঢ়ালে। এতিয়া আপোনাৰ ৮ শতাংশ হাৰৰ সুত থকা ৫ বছৰীয়া ফিক্সড ডিপ’জিটটো আগদিনাৰ সমান আকৰ্ষণীয় হৈ ৰ’বনে? ফিক্সড ডিপ’জিটৰ বজাৰত বেচিবলৈ গ’লেও আপুনি আগদিনা বিনিয়োগ কৰা এক লাখ টকা ঘূৰাই পাবনে ? উত্তৰ ঋণাত্মক। কাৰণ মানুহে আপোনাৰ পৰা এক লাখ টকা দি ৮ শতাংশ সুত থকা ফিক্সড ডিপ’জিট কিনাতকৈ পোনে পোনে বেংকৰ পৰা ৯ শতাংশ সুত থকা ফিক্সড ডিপ’জিট কিনিব।মানুহক আপোনাৰ ফিক্সড ডিপ’জিটৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অন্ততঃ ইমান দাম জৰুৰ কমাব লাগিব যাতে বিনিয়োগকাৰীজনৰ বাবে সুতৰ হাৰ পাঁচ বছৰৰ বাবে ৯ শতাংশ হয়।এদিনৰ আগ –পিচৰ হিচাপ এৰিলে অংকই কয় প্ৰায় ৯৫,৫০০ টকাত কিনিব পাৰিলেহে সেই ৮ শতাংশ সুতৰ পাঁচ বছৰীয়া ফিক্সড ডিপ’জিটটো পিচৰ দিনা বেংকে ঘোষণা কৰা ৯ শতাংশ বাৰ্ষিক সুত থকা ৫ বছৰীয়া ফিক্সড ডিপ’জিটটোৰ সমান হ’ব।অৰ্থাৎ আপুনি বজাৰত ৯৫,৫০০ টকাতকৈ বেছি পোৱাৰ সম্ভাৱনা নাই।বজাৰৰ লগত বিনিয়োগৰ এই সম্পৰ্কটোকে ‘মাৰ্ক টু মাৰ্কেট’ বুলি কোৱা হয়।এতিয়া উদাহৰণৰ পৰা ফিক্সড ডিপ’জিট আঁতৰাই ডেট মিউচুৱেল ফাণ্ডৰ আঁচনি এখন লওক।একে কাৰণত যেতিয়া সুত বাঢ়ে ডেট মিউচুৱেল ফাণ্ডৰ আঁচনি এখনৰ মূল্য হ্ৰাস পায়। আকৌ যেতিয়া সুত কমে ফাণ্ডৰ মূল্য বৃদ্ধি পায়।অৰ্থাৎ সুত আৰু ফাণ্ডৰ মূল্যৰ সম্পৰ্ক অসমানুপাতিক।

সকলো ডেট মিউচুৱেল ফাণ্ডত একেই সমান প্ৰভাৱ পৰে নেকি ? নপৰে।কাৰণ ইয়াৰ লগত ফাণ্ডটোত বিনিয়োগ হৈ থকা ঋণ সম্পদসমূহৰ গড় মেচিঅ’ৰিটি পিৰিয়ডৰ বা পূৰঠ হোৱা কালৰ ওপৰত নিৰ্ভৰ কৰিব।  আকৌ এবাৰ ফিক্সড ডিপ’জিটৰ উদাহৰণৰ গইনা লৈ কথাটো পৰীক্ষা কৰো আহক। ধৰক, ওপৰৰ উদাহৰণটোত পাঁচ বছৰীয়া ফিক্সড ডিপ’জিট নহৈ যদি এবছৰীয়া ফিক্সড ডিপ’জিট হোৱা হ’লে প্ৰভাৱ কেনে হ’লহেঁতেন ? অংকই কয় এক লাখ টকীয়া ফিক্সড ডিপ’জিটখনৰ বজাৰ মূল্য প্ৰায় ৯৯,১০০ টকা হ’লহেঁতেন। এই উদাহৰণটোৰ পৰা এটা কথা স্পষ্ট যে ফাণ্ডৰ সম্পদসমূহৰ গড় মেচিঅ’ৰিটি যিমানে দীঘল হ’ব ইণ্টাৰেষ্ট ৰেট বা সুতৰ হাৰৰ পৰিবৰ্তনৰ বাবে পৰিবলগীয়া প্ৰভাৱ সিমানে বেছি হ’ব।কিন্তু একে সময়তে সাধাৰণ অৱস্থাত যেনেকৈ কম দিনৰ ফিক্সড ডিপ’জিটৰ তুলনাত দীৰ্ঘসময়ৰ ফিক্সড ডিপ’জিটত সুতৰ হাৰ বেছি হয়, গড় মেচিঅ’ৰিটি কম থকা ডেট মিউচুৱেল ফাণ্ডৰ তুলনাত গড় মেচিঅ’ৰিটি বেছি থকা ডেট ফাণ্ডৰ ৰিটাৰ্নৰ সম্ভাৱনা বেছি। ৰিস্ক বাঢ়িলে ৰিটাৰ্নৰ সম্ভাৱনাও বাঢ়ে। এক কথাত ডেট ফাণ্ডতো ৰিস্ক আৰু ৰিটাৰ্নৰ সম্পৰ্ক সমানুপাতিক।কেতিয়া কেনেধৰনৰ ডেট ফাণ্ড উপযোগী সেই কথা পিচলৈ থ’লো।

ছেভিংছ একাউণ্টত টকা থ’লে ভাল নে বেংকত ফিক্সড ডিপ’জিট কৰিলে ভাল? নাইবা এবছৰীয়া ফিক্সড ডিপ’জিট ভাল নে ৫ বছৰীয়া ফিক্সড ডিপ’জিট ভাল? এনে প্ৰশ্নৰ যি দৰে এশৰীয়া উত্তৰ সম্ভৱ নহয়, মিউচুৱেল ফাণ্ডৰ ডেট ফাণ্ডৰ ক্ষেত্ৰতো একেই কথা খাটে।যিদৰে সঞ্চয় বা বিনিয়োগৰ উদ্দেশ্য, কালদৈৰ্ঘ্য, সুতৰ হাৰ আদি বিভিন্ন কথাৰ ওপৰত ভিত্তি কৰি আমাৰ টকা ছেভিংছ একাউণ্টত থকিব নে ফিক্সড ডিপ’জিট কৰা হ’ব সেয়া ঠিক কৰো, ঠিক একেকেইটা কথাৰ ওপৰত ভিত্তি কৰি কেনেকুৱাধৰণৰ ডেট ফাণ্ডত আমি বিনিয়োগ কৰিম সেয়া নিৰ্ধাৰণ কৰা উচিত।ওপৰঞ্চি আৰু যিটো কাৰকৰ প্ৰতি আপুনি সজাগ হ’ব লাগিব, সেয়া হৈছে ডেট ফাণ্ডত নিহিত হৈ থকা ৰিস্ক।প্ৰাথমিক শ্ৰেণী বিভাজন অনুসৰি আমি আগবাঢ়ো আহক–

লিকুইড বা তৰল ফাণ্ড -

বেংকৰ কাৰেণ্ট বা ছেভিংছ একাউণ্টৰ বিকল্প বুলি ক’ব পাৰে ডেট ফাণ্ডৰ এই উপ-বিভাগটোক। আপোনাৰ হাতত টকা আছে। কিন্তু আপুনি নাজানে সেই টকা কেতিয়া প্ৰয়োজন হ’ব বা খুব কম সময় যেনে ১০-১২ দিনলৈ সেই টকা আপোনাৰ প্ৰয়োজন নাই। এনে অৱস্থাত বিশেষকৈ কাৰেণ্ট একাউণ্টত সুত অবিহনে নিষ্ক্ৰিয় হৈ পৰি থকা টকাৰ বাবে উত্তম স্থান হ’ল এই লিকুইড বা তৰল ফাণ্ড।ৰিস্কৰ ফালৰ পৰা মিউচুৱেল ফাণ্ডৰ একেবাৰে তলৰ ভাগটোৱেই হৈছে এই লিকুইড ফাণ্ড। লিকুইড ফাণ্ডক সঁচা অৰ্থত লিকুইড বা তৰল কৰি ৰাখিবলৈ বা বজাৰৰ উত্থান-পতনৰ পৰা সৰ্বনিম্ন ক্ষতিগ্ৰস্ত হ’বৰ বাবে মিউচুৱেল ফাণ্ডৰ নিয়ন্ত্ৰকৰ নীতি-নিৰ্দেশনাও স্পষ্ট। লিকুইড ফাণ্ডত জমা হোৱা টকাৰে এনে কোনো বিত্তীয় দ্ৰব্য কিনিব নোৱাৰিব যাৰ অৱশিষ্ট কালদৈৰ্ঘ্য বা মেচিঅ’ৰিটি ৯১ দিনতকৈ বেছি হ’ব।ফলত সেই প’ৰ্টফলিঅ’ত থকা  দ্ৰব্যসমূহৰ গড় মেচিঅ’ৰিটি সকলো সময়তে ৯১ দিনতকৈ কম হ’বলৈ বাধ্য। সেয়ে সুতকে ধৰি বজাৰকেন্দ্ৰিক উত্থান-পতনৰ আন কাৰকবোৰৰো প্ৰভাৱ লিকুইড ফাণ্ডত সৰ্বনিম্ন। ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ লিকুইড ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ৭.২, ৭.২, ৭.৮, ৮.৬ আৰু ৮.৭ শতাংশ। তথ্যই কয় যে কাৰেণ্ট একাউণ্টতো বাদেই, ছেভিংছ একাউণ্টৰ সুততকৈও লাভজনক মিউচুৱেল ফাণ্ডৰ এই লিকুইড ফাণ্ড। উল্লেখযোগ্য যে ডাঙৰ ডাঙৰ কোম্পানীবোৰেও তেওঁলোকৰ হাতত কমদিনলৈ অহা টকাও নিষ্ক্ৰিয় হৈ পৰি থাকিবলৈ নিদিয়ে। আজিকালি জনাবুজা বহু ব্যক্তিয়েও বিনিয়োগৰ এই সুবিধা গ্ৰহণ কৰে।

আল্ট্ৰা চৰ্ট টাৰ্ম ডেট ফাণ্ড -

ৰিস্ক আৰু ৰিটাৰ্নৰ দিশৰ পৰা লিকুইড ফাণ্ডৰ ঠিক ওপৰৰ উপ-বিভাগটো। এনে ফাণ্ডে ইচ্ছা কৰিলে ৯১ দিনতকৈ বেছি অৱশিষ্ট কালদৈঘ্যৰ বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিব পাৰে। অৱশ্যে সেয়া নিৰ্ভৰ কৰিব ফাণ্ড মেনেজাৰে সেই সময়ত তেনে সিদ্ধান্ত উচিত বুলি ভাবিব নে নাভাবে।ধৰক, সুতৰ হাৰ কমাৰ সম্ভাৱনা প্ৰবল।তেনে অৱস্থাত যিবিলাক প’ৰ্টফ’লিঅ’ৰ গড় মেচিঅ’ৰিটি বেছি সেইবিলাকে সুত কমিলে আটাইতকৈ বেছি উপকৃত হ’ব।এনে পৰিস্থিতিত ফাণ্ড মেনেজাৰে নীতি-নিৰ্দেশনাৰ এই শিথিলতাৰ সুযোগ ল’ব পাৰে। ইফালে বিপৰীত পৰিস্থিতিত এই শিথিলতা থাকিলেও ফাণ্ড মেনেজাৰে তেনে সিদ্ধান্ত কেতিয়াও নল’ব।ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ আল্ট্ৰা চৰ্ট টাৰ্ম ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ৮.৪, ৯.২, ৮.৫, ৯.২ আৰু ৯ শতাংশ।দুটা কথা লক্ষ্য কৰক- প্ৰথম, লিকুইড ফাণ্ডৰ তুলনাত এই শ্ৰেণীত ৰিটাৰ্ন বেছি।দ্বিতীয়, একেটা শ্ৰেণীতে সময় দীঘলীয়া হ’ল বুলিয়েই ৰিটাৰ্নো যে বেছি হ’ব তেনে কথা নাই।বিভিন্ন সময়ত বিনিয়োগৰ পৰা পোৱা সুতৰ পাৰ্থক্যই ইয়াৰ কাৰণ।

ছৰ্ট টাৰ্ম ডেট ফাণ্ড -

ৰিস্ক আৰু ৰিটাৰ্নৰ দিশৰ পৰা আল্ট্ৰা ছৰ্ট ডেট ফাণ্ডৰ ওপৰৰ শ্ৰেণী।ইয়াত সাধাৰণতে ফাণ্ড মেনেজাৰ এজনে বিনিয়োগৰ পৰিবেশলৈ লক্ষ্য ৰাখি ফাণ্ডত থকা বিনিয়োগ দ্ৰব্যৰ এভাৰেজ মেচিঅ’ৰিটি একৰ পৰা চাৰি বছৰমানৰ ভিতৰত ৰাখে ।সাধাৰণতে ৬ মাহমানলৈ টকাৰ আৱশ্যক নহ’লে এনে ফাণ্ড বিনিয়োগকাৰীৰ বাবে উপযোগী।ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ ছৰ্ট টাৰ্ম ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ১০.৮, ৯.২, ৯.১, ৯.৮ আৰু ৯ শতাংশ।

ইনকাম ফাণ্ড -

মধ্যম বা দীঘলীয়া সময়ৰ বাবে এই শ্ৰেণীটো উপযোগী।ফাণ্ড মেনেজাৰে প্ৰয়োজন অনুসাৰে দীঘলীয়া ঋণ জাতীয় বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিবলৈ স্বাধীনতা পায়। ছৰ্ট টাৰ্ম ফাণ্ডতকৈ ইয়াত ৰিস্ক আৰু ৰিটাৰ্নৰ সম্ভাৱনা বেছি।সাধাৰণ অৱস্থাত এবছৰতকৈ কম সময়ৰ বাবে এনে ফাণ্ড উপযোগী নহয়। ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ ইনকাম ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ১৩.২, ১৬.৪, ১০.৪, ১০.৬ আৰু ৯.১ শতাংশ।

মিডিয়াম আৰু লং টাৰ্ম গিল্ট ফাণ্ড -

এইবিলাক ফাণ্ডে মধ্যম আৰু দীৰ্ঘ দূৰত্বৰ চৰকাৰী ঋণ সম্পদতহে বিনিয়োগ কৰে।যিহেতু চৰকাৰী দীৰ্ঘম্যাদী ঋণ সম্পদসমূহৰ কালদৈৰ্ঘ্য ১০ ৰ পৰা ৩০ বছৰপৰ্যন্ত হ’ব পাৰে সেয়ে সুতৰ উত্থান-পতনৰ দিশৰ পৰা এই ফাণ্ড সমূহ অতি সংবেদনশীল।ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ মিডিয়াম আৰু লং টাৰ্ম গিল্ট ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ১৮, ২৪, ১২.৯, ১১.৯ আৰু ৯.৯ শতাংশ।

ইয়াৰ ওপৰিও চৰ্ট টাৰ্ম গিল্ট ফাণ্ড, ক্ৰেডিট অপৰ্চুনিটি ফাণ্ড, ডাইনেমিক বণ্ড ফাণ্ড আদি উপ-বিভাগো ভাৰতীয় মিউচুৱেল ফাণ্ডত আছে।প্ৰয়োজন আৰু ল’ব পৰা ৰিস্ক অনুযায়ী এইবোৰ ফাণ্ড বিনিয়োগকাৰীয়ে গ্ৰহণ কৰিব পাৰে।

লিখক: ভাস্কৰজ্যোতি বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate