অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টকা বিনিয়োগ ক'ত কৰিব

সদায় টকা বিনিয়োগ কৰিব আপোনাৰ আশা-আকাংক্ষা পৰিপূৰ্ণ কৰিবৰ বাবে। মোৰ বন্ধুৱে শ্বেয়াৰ্ কিনিছে বুলি শ্বেয়াৰ নিকিনিব। মোৰ লগৰ সকলোৱে মিউচুৱেল ফাণ্ডত থৈছে বুলি কেৱল মিউচুৱেল ফাণ্ডত থৈছে বুলি কেৱল মিউচুৱেল ফাণ্ডতো নথ’ব। কিছু টকা বেংকত থোৱা উচিত। কিছু টকা ‘লিকুইড ফাণ্ড’তো থোৱা উচিত।

আজি আমি নতুনকৈ বিয়া হোৱা ল’ৰা-ছোৱালী এহালৰ কথা ভাবি আলোচনা কৰিম।– ক’ত কেনেকৈ টকা খটুৱাব লাগে। ল’ৰা-ছোৱালীৰ বয়স ২৪ বছৰৰ পৰা ২৮ বছৰ। দুয়ো কাম কৰে। এজনী ছোৱালী জন্ম হোৱাৰ তিনি মাহ হ’ল। এনেধৰণৰ এহাল ল’ৰা-ছোৱালীয়ে কেনেধৰণে টকা খটুৱাব লাগিব তেওঁলোকৰ আশা-আকাংক্ষালৈ মনত পেলায়।

  • প্ৰথমে সাচক, জৰুৰীকালীন প্ৰয়োজনৰ বাবে।
  • ঘৰ কিনিবলৈ ২৫% টকা নিজৰ পৰা লাগে। সেই টকা যোগাৰ কৰিবলৈ গৃহ নিৰ্মাণ সঞ্চয়।
  • ল’ৰা-ছোৱালীৰ বাবে পঢ়াশুনা, উচ্চ শিক্ষা আৰু বিবাহৰ বাবে।
  • পেন্সনৰ বাবে ক’ত সাঁচিব।
  • ভ্ৰ্মণ-জীৱনৰ প্ৰয়োজনীয় লাইফ ষ্টাইলৰ বাবে।

এইবোৰ মানুহৰ আশা-আকাংক্ষাৰ কথা। ইয়াত আমি বীমাৰ কথা আলোচনা কৰা নাই। জীৱন বীমা, স্বাস্থ্য বীমা আৰু দুৰ্ঘটনা বীমা অতি প্ৰয়োজনীয়। আনকি ঘৰ নিৰ্মাণৰ পিচত গৃহবীমা কৰাও উচিত। আজি এতিয়া আমি আলোচনা কৰিম- বিনিয়োগৰ কথা, সঞ্চয়ৰ কথাহে। পিচলৈ বীমাৰ বিষয়ে বেলেগকৈহে আলোচনা কৰিম। বীমা অতি লাগতিয়াল। জীৱনৰ সুৰক্ষা ইয়াৰেহে পাব পাৰি। কিন্তু আজিৰ আমাৰ বিষয় বিনিয়োগ আৰু সঞ্চয়হে।

জৰুৰীকালীন পুঁজি

প্ৰতিজন যুৱক-যুৱতীয়ে বিয়াৰ আগতে বেছ খৰচ কৰে। সঞ্চয় কৰিলেও বিয়াৰ সময়ত বিভিন্ন বস্তু কিনোতে, জীৱনটো সজাই তুলিবৰ বাবে, মধুচন্দ্ৰিকা যাপনৰ বাবে খৰচ কৰোতে হাতত থকা টকা খৰচ হৈ যায়। গতিকে প্ৰথম প্ৰয়োজন ঘৰখন নিয়াৰিকৈ চলিবৰ বাবে লাগে এটা পুঁজি। যাৰ নাম জৰুৰীকালীন পুঁজি। যাৰ নাম জৰুৰীকালীন পুঁজি। প্ৰত্যেক নৱ দম্পতীৰ হাতত কিছু টকা থকা উচিত। এই জৰুৰীকালীন পুঁজি সাধাৰণতে ছমাহৰ দৰমহাৰ সমান হোৱা উচিত। কিন্তু ঠিক বিয়াৰ পিচত অলপ অলপকৈ সাঁচি থ’ব লাগে এই পুঁজিৰ বাবে।

এই পুঁজি কিয় দৰকাৰ?

হঠাৎ কাৰোবাৰ অসুখ হ’লে হাস্পতাললৈ লৈ যাবৰ বাবে, দূৰত থাকিলে- মাক- দেউতাকৰ ওচৰলৈ যাবলৈ ৰে’ল, বাছ বা প্লেনৰ খৰছৰ বাবে আৰু হঠাৎ বন্ধু-বান্ধৱ-ভাই ভনীৰ বিয়া ঠিক হ’লে উপহাৰ দিবৰ বাবে। এই পুঁজি খৰচ হোৱাৰ পিচত লাহে লাহে আকৌ পূৰ্ণ কৰি যাব লাগে- যাতে প্ৰয়োজনত এই পুঁজি পোৱা যায়।

এই পুঁজি ক’ত থ’ব লাগে?

সহজতে য’ৰপৰা উলিয়াব পাৰি। বেংকত বা লিকুইড ফাণ্ডত। এই টকা কেতিয়াও ইকুইটি ফাণ্ডত থোৱা উচিত নহয়। এই পুঁজি গোট খাবৰ বাবে বেংকৰ ৰেকাৰিং ডিপোজিটৰ সহায় ল’ব পৰা যায়। এবছৰৰ মূৰত ভাল টকা জমিলে ফিক্সড ডিপোজিট বা লিকুইড ফাণ্ডত থ’ব পৰা যায়। এইচ ডি এফ চি কেছ মেনেজমেণ্ট ফাণ্ড- ছেভিং প্লেন এটা ভাল ফাণ্ড। গতিকে জৰুৰীকালীন টকা থ’ব পাৰে-

  • বেংকত
  • মিউছুৱেল ফাণ্ডৰ লিকুইড ফাণ্ডত আৰু
  • কিছু পুঁজি ঘৰত আছুতীয়াকৈ থ’ব পাৰে

ঘৰ কিনাৰ বাবে প্ৰথম কিস্তিৰ যোগাৰ

ঘৰৰ প্ৰথম কিস্তি ২৫%। অৰ্থাৎ ঘৰ কিনিবলৈ যদি ১০ লাখ টকা লাগে তেনেহ’লে আপুনি দিব লাগিব ২ লাখ ৫০ হেজাৰ টকা বেংকে দিব ৭ লাখ ৫০ হেজাৰ। সাধাৰণতে তিনিটা বেডৰুমৰ ঘৰৰ বাবে প্ৰয়োজন ৫০ লাখ টকা। বেংকে ঋণ দিব ৩৫ লাখ, আপুনি গোটাব লাগিব ১৫ লাখ টকা। যদি তিনি বছৰত আপোনাৰ টকাৰ প্ৰয়োজন তেনেহ’লে টকা সাঁচিব লাগে- ডেব্‌ট ফাণ্ডত। যদি ৫ বছৰৰ লগে লগে ঘৰ কিনাৰ ইচ্ছা টকা জমাব লাগে বেলেন্সড ফাণ্ডত। আপুনি সেয়েহে প্ৰথম ঠিক কৰক আপুনি কিমান টকা দিব লাগিব বিল্‌ডাৰক। আৰম্ভ কৰক ‘ছিপ’ পদ্ধতিত ডেব্‌ট বা বেলেন্স ফাণ্ডত টকা জমা থ’বলৈ। এবছৰ আগতে ফাণ্ডখিনি মিউচুৱেল ফাণ্ডৰ পৰা আঁতৰাই লিকুইড ফাণ্ড বা বেংকৰ ছেভিং ফাণ্ডত জমা থ’ব পাৰি। ঘৰ কিনাৰ প্ৰথম কিস্তিৰ বাবে- আপুনি টকা থ’ব পাৰে-এইচ ডি এফ চি প্ৰুডেন্স, ৰিলায়েন্স এম আই পি, বিৰলা ছান লাইফ ৯৫ নাইবা ছান লাইফ ডায়নেমিক ফাণ্ড।

ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ বাবে

এইটো হ’ব দীৰ্ঘম্যাদী বিনিয়োগ। দীৰ্ঘম্যাদত ইকুইটি ভাল। গতিকে ল’ৰা-ছোৱালীৰ বাবে যেতিয়া সঞ্চয় কৰে তেতিয়া ১৫ বছৰ, ১৮ বছৰ আৰু ২১ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে।

প্ৰথম কথা ইনডেক্স ফাণ্ডত বিনিয়োগ কৰক। যেতিয়াকম হৈ থাকে তেতিয়া বিনিয়োগ কৰিলে ১৬ বছৰৰ মূৰত ভাল ৰিটাৰ্ন পাব। ইনডেক্স ফাণ্ডৰ উপৰি লাৰ্জকেপ ফাণ্ডত বিনিয়োগ কৰিব পাৰে। এটা মিডকেপ ভাল ফাণ্ডত বিনিয়োগ কৰিব পাৰে। এটা মিডকেপ ভাল ফাণ্ডত বিনিয়োগ কৰা উচিত। অৰ্থাৎ চাৰিটা ফাণ্ডত ‘ছিপ’ পদ্ধতিত বিনিয়োগ কৰক- ছোৱালীৰ শিক্ষাৰ সময়ত, বিয়াৰ সময়ত আৰু উচ্চ শিক্ষাৰ সময়ত ভাল টকা পাব।

ফেক্সলিন ইণ্ডিয়া ইনডেক্স নিফ্‌টি, ফ্ৰেংকলিন ব্ৰু-ছিপ আৰু আই চি আই চি আই ফোবাচড ব্ৰু- ছিপ আৰু আই চি আই চি আই ফোবাচড ব্ৰুছিপ ফাণ্ডত বিনিয়োগ কৰিব পাৰি।

অৱসৰৰ বাবে চিন্তা

কেৱল বৰ্তমানৰ বাবে ভাবিলেই নহ’ব। ভাৱক আপোনাৰ বয়সৰ কথা। ফ্ৰেংকলিন ইঅণ্ডিয়াৰ পেন্সন ফাণ্ড আছে। এল আই চিৰো আছে। কিন্তু লাৰ্জকেপ ফাণ্ডত বিনিয়োগ কৰক- যেনে- আই ডি এফ চি প্ৰিমিয়াৰ ইকুউটি ফাণ্ড, ইউটিআই অপৰটুনেটি ফাণ্ড আৰু এইচ ডি এফ চি টপ ফাণ্ডতো বিনিয়োগ কৰি যাব পাৰে।

মনত ৰাখিব- সদায় সকলো ফাণ্ডে সমানে ৰিটাৰ্ণ দিব নোৱাৰে। গতিকে মাজে মাজে ফাণ্ডৰ ৰিটাৰ্ণলৈ লক্ষ্য ৰাখি সলনি কৰিব লাগিব পাৰে।

এটা মোক্ষম কথা কওঁ সদায় পি পি এফত বিনিয়োগ কৰা উচিত। আয়কৰ ৰেহাই পোৱা যায়। প্ৰয়োজনত টকা উলিয়াব পাৰি। একেদৰে সোণৰ ফাণ্ডতো বিনিয়োগ কৰা যায়। কিন্তু ইকুইটিৰ ৰিটাৰ্ণ সদায় বেছি।

লিখকঃ গৌতম কুমাৰ বৰুৱা, অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate