অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰৰ দেনা আৰু ৰেহাই

কৰৰ দেনা আৰু ৰেহাইৰ ওপৰত বিভিন্ন প্ৰশ্ন-উত্তৰ উল্লেখ কৰা হৈছে।

 

সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ দেনা আদায়ৰ বাবে ক’ৰ পৰা ক্ষমতা উদ্ভৱ হৈছে?

উত্তৰ: সংবিধান (১০১সংখ্যক সংশোধনী) আইন, ২০১৬ত প্ৰৱৰ্তিত, সংবিধানৰ অনুচ্ছেদ ২৪৬এ অনুসৰি জি এছ টিৰ ক্ষেত্ৰত অর্থাৎ কেন্দ্রীয় কৰ (চি জি এছ টি) আৰু ৰাজ্যিক কৰ (এছ জি এছ টি) অথবা কেন্দ্রীয় শাসিত অঞ্চলৰ কৰ (ইউ টি জি এছ টি)ৰ ক্ষেত্ৰত আইন প্রস্তুত কৰিবলৈ সংসদ আৰু ৰাজ্যিক বিধানসভাসমূহ উভয়কে একেলগে ক্ষমতা প্রদান কৰা হৈছে। অৱশ্যে, অনুচ্ছেদ ২৪৬এ দফা ২ লগতে অনুচ্ছেদ ২৬৯এ ত আন্তঃৰাজ্যিক ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত অর্থাৎ সমন্বিত কৰ (আই জি এছ টি)ৰ ক্ষেত্ৰত বিধি-বিধান প্রস্তুত কৰিবলৈ সংসদক অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হৈছে।

জি এছ টিৰ অধীনত কি কৰযোগ্য ?

উত্তৰ: জি এছ টিৰ অধীনত কৰযোগ্য কার্য হৈছে সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে যোগান। ৰাজ্যৰ আভ্যন্তৰীণ যোগানৰ ক্ষেত্ৰত চি জি এছ টি আৰু এছ জি এছ টি/ইউ টি জি এছ টি প্রযোজ্য হ’ব। আন্তঃৰাজ্যিক যোগানৰ ক্ষেত্ৰত আইজি এছ টি প্রযোজ্য হ’ব।

বিবেচনাধীন নোহোৱাকৈ কৰা যোগানো জি এছ টিৰ অধীনৰ যোগানৰ পৰিসৰলৈ আহিবনে ?

উত্তৰ: হয়, চি জি এছ টি/এছ জি এছ টি আইনৰ অনুসূচী-১ত নির্ধাৰিত কাম-কাজবিলাকহে ইয়াৰ আওতাত পৰিব। উল্লিখিত বিধি আই জি এছ টি আইনৰ দৰেই ইউ টি জি এছ টি আইনতো গ্রহণ কৰা হৈছে।

একোটা দাতব্য সংস্থাই প্রদান কৰা আৱশ্যকীয় পণ্যক কৰযোগ্য হিচাপে বিবেচনা কৰা হ’বনে?

উত্তৰ: জি এছ টিৰ অধীনত কৰযোগ্য যোগান হিচাপে গণ্য হ’বলৈ হ’লে, উক্ত লেনদেন কোনো ব্যৱসায়ৰ প্ৰক্ৰিয়াৰ অংশ হ’ব লাগিব। দাতব্য সংস্থাৰ ক্ষেত্ৰত হোৱা যোগানত যিহেতু এনে কোনো ব্যৱসায়িক প্রক্রিয়া (quid pro quo) জড়িত হৈ নাথাকে, গতিকে ই জি এছ টিৰ অধীনত যোগান হিচাপে গণ্য নহয়।

সামগ্ৰী অথবা সেৱাৰ যোগান হিচাপে একোটা লেনদেনক কোনে জাননী জাৰি কৰিব পাৰে?

উত্তৰ: জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্রীয় বা ৰাজ্য চৰকাৰে একোটা লেনদেনক সামগ্ৰী অথবা সেৱাৰ যোগান হিচাপে জাননী জাৰি কৰিব পাৰে।

সংলগ্ন আৰু মিশ্ৰিত যোগান কি? এই দুবিধ ইটোৰ পৰা সিটো কেনেদৰে পৃথক?

উত্তৰ: সংলগ্ন যোগান হৈছে দুবিধ বা ততোধিক কৰযোগ্য সামগ্ৰী অথবা সেৱা অথবা দুয়োবিধ অথবা সিবিলাকৰ যিকোনো সংমিশ্রণ, যিবিলাক প্রাকৃতিকভাৱে সংলগ্ন কৰি ব্যৱসায়ৰ সাধাৰণ পৰিক্ৰমাত ইটো-সিটোক লগ লগাই যোগান ধৰা হয় আৰু যাৰ এটা হৈছে প্রধান যোগান। উদাহৰণস্বৰূপে যেতিয়া এজন উপভোক্তাই এটা টেলিভিশ্বন ছোট ক্রয় কৰে আৰু তেওঁ সেই টিভিৰ ‘ৱাৰেণ্টি’ আৰু মেৰামতিৰ চুক্তি

লাভ কৰে, তেতিয়া এই যোগান হৈছে সংলগ্ন (composite) যোগান। এই উদাহৰণত, টি ভিৰ যোগান হৈছে প্রধান যোগান, ‘ৱাৰেণ্টি’ আৰু মেৰামতি সেৱা হৈছে তাৰ আনুষংগিক।

মিশ্রিত (mixed) যোগান হৈছে এটা একক দামৰ বাবে সামগ্রী অথবা সেৱা অথবা উভয়ৰে যিকোনো সংমিশ্রণ পাৰস্পৰিকভাৱে একাধিক ব্যক্তিগত যোগানৰ সংমিশ্রণ, যাক সাধাৰণতে পৃথকভাৱে যোগান ধৰিব পাৰি। উদাহৰণস্বৰূপে, এজন দোকানীয়ে

ৰেফ্রিজাৰেটৰৰ লগতে সংৰক্ষিত পানীৰ বটল বিক্ৰী কৰা কার্য। বটল আৰু ৰেফ্রিজাৰেটৰ সহজেই পৃথকে দৰদাম কৰিব আৰু বিক্ৰী কৰিব পাৰি।

জি এছ টিৰ অধীনত সংলগ্ন যোগান আৰু মিশ্রিত যোগানৰ ব্যৱস্থা কি ?

উত্তৰ: সংলগ্ন যোগানক প্রধান যোগান হিচাপে গণ্য কৰা হ’ব। মিশ্রিত যোগানক সেই নির্দিষ্ট সামগ্ৰী অথবা সেৱাৰ যোগান হিচাপে গণ্য কৰা হ’ব, যাক কৰৰ নিৰিখ সর্বাধিক।

জি এছ টিৰ অধীনত সকলো সামগ্ৰী আৰু সেৱা কৰযোগ্যনে ?

উত্তৰ: মানুহৰ উপভোগৰ বাবে নিচা জাতীয় পণীয়া সামগ্ৰীৰ বাহিৰে আন সকলো সামগ্ৰী আৰু সেৱাৰ আৰু সেৱাৰ যোগান কৰযোগ্য। ভৱিষ্যতৰ এটা তাৰিখৰ পৰা পেট্ৰ'লজাত অপৰিশোধিত সামগ্ৰী, হাইস্পীড ডিজেল, মটৰ স্পিৰিট (সাধাৰণতে পেট্ৰ’ল হিচাপে পৰিচিত), প্রাকৃতিক গেছ আৰু এভিয়েচন টাৰ্বাইন ফুৱেল কৰযোগ্য হ’ব। জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে এই তাৰিখৰ জাননী দিব।

বিপৰীত মাচুল(reverse charge)মানে কি?

উত্তৰ: ইয়াৰ অৰ্থ হৈছে যোগানৰ কেতবোৰ জাননীকৃত শাখাৰ ক্ষেত্ৰত কোনো সামগ্ৰী অথবা সেৱাৰ যোগনীয়াৰৰ পৰিৱর্তে তেনে সামগ্ৰী আৰু সেৱা পৰিশোধ গ্ৰহণ কৰোতাই পৰিশোধ কৰিবলগীয়া কৰ।

কেৱল সেৱাৰ ক্ষেত্ৰতহে বিপৰীত মাচুল (reverse charge) পদ্ধতি প্রযোজ্য নেকি ?

উত্তৰঃ নহয়, সামগ্ৰী আৰু সেৱা উভয়ৰে যোগানৰ ক্ষেত্ৰত বিপৰীত মাচুল প্রযোজ্য, জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে জাননী দিয়া অনুসৰি হ’ব।

পঞ্জীকৃত নোহোৱা ব্যৱসায়ীৰ পৰা সামগ্ৰী ক্রয় কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ?

উত্তৰঃ কোনো অকর্তৃত্বশীল লোকৰ পৰা যোগান গ্রহণ কৰিলে, সামগ্ৰী অথবা সেৱা

গ্রহণ কৰা পঞ্জীভুক্ত লোকজনে বিপৰীত মাচুল ব্যৱস্থাৰ অধীনত কৰ পৰিশোধ কৰিব লাগিব।

জি এছ টিৰ অধীনত যোগনীয়াৰ বা গ্ৰহণ কৰোতাৰ বাহিৰে আন কোনো লোকে কৰ পৰিশোধ কৰিবলৈ বাধ্য নে ?

উত্তৰ: হয়, ইলেক্ট্রনিক কমার্চ অপাৰেটৰে যাৰ ওপৰত কৰ পৰিশোধ কৰিব লাগি তেনে সেৱাৰ শাখাসমূহ কেন্দ্রীয়/ ৰাজ্যিক চৰকাৰে নির্দিষ্ট কৰি দিব পাৰে, যদি এনে সেৱা ইয়াৰ জৰিয়তে আৰু আইনখনৰ ব্যৱস্থাৱলীৰ জৰিয়তে যোগান ধৰা হয় তেতিয় এনে ইলেক্ট্রনিক কমার্চ অপাৰেটৰৰ ক্ষেত্ৰত প্রযোজ্য হ’ব আৰু এনে সেৱাৰ যোগান সম্পৰ্কীয় পৰিশোধ কৰিবলগীয়া কৰ তেওঁ দিব লাগিব।

সংযোগ আঁচনিৰ অধীনত কৰ দিব খুজিলে অন্তিম সীমা কি ?

উত্তৰ: সংযোগ আঁচনিৰ অন্তিম সীমা হৈছে বিত্তীয় বৰ্ষত সৰ্বমুঠ উপার্জন ৫০ লাখ টকা। সংযোগ আঁচনিৰ মুনাফা চলিত বিত্তীয় বৰ্ষত ৫০ লাখ টকাৰ বার্ষিক উপার্জনলৈকে প্রযোজ্য হ’ব পাৰে।

সংযোগ আঁচনিৰ বাবে কৰাৰ নিৰিখ কি ?

উত্তৰ: বেলেগ বেলেগ খণ্ডৰ বাবে বেলেগ বেলেগ নিৰিখ আছে। সামগ্ৰীৰ যোগনীয়াৰৰ (অর্থাৎ ট্ৰেডাৰ্ছ) সাধাৰণ অৱস্থাত, একোখন ৰাজ্য বা কেন্দ্রীয়শাসিত অঞ্চলত সংযোগ নিৰিখ হৈছে বার্ষিক উপাৰ্জনৰ ০.৫ শতাংশ। সংযোগ আঁচনি বিচৰা লোকজন যদি প্রস্তুতকর্তা হয়, তেতিয়া এই নিৰিখ হৈছে একোখন ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলত বার্ষিক উপাৰ্জনৰ ১ শতাংশ। ৰেষ্টোৰী সেৱাৰ ক্ষেত্ৰত, একোখন ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলত ই হৈছে বার্ষিক উপাৰ্জনৰ ২.৫ শতাংশ। এই নিৰিখ বিলাক এখন আইনৰ অধীনস্থ, আৰু একেই নিৰিখ অন্য আইনতো প্রযোজ্য হ’ব। সেয়ে, কার্য ক্ষেত্ৰত, সংযোগ নিৰিখ (চি জি এছ টি আৰু এছ জি এছ টি/ ইউ টি জি এছ টিৰ অধীনত সংলগ্ন নিৰিখ) হৈছে সাধাৰণ যোগনীয়াৰ, প্রস্তুতকর্তা আৰু

ৰেষ্টোৰাঁ সেৱাৰ বাবে ক্ৰমে ১ শতাংশ, ২ শতাংশ আৰু ৫ শতাংশ।

একোটা বিত্তীয় বৰ্ষত সংযোগ আঁচনি লাভ কৰা কোনো লোকে বার্ষিক উপার্জন বছৰটোত ৫০ লাখ টকা অতিক্ৰম কৰিলে, ধৰা হ’ল তেওঁ ডিচেম্বৰ মাহত ৫০ লাখ টকাৰ বার্ষিক উপার্জন অতিক্ৰম কৰিলে। তেনে ক্ষেত্ৰত বছৰটোৰ বাকী থকা সময়খিনিৰ বাবে অর্থাৎ ৩১ মার্চ পর্যন্ত তেওঁক সংযোগ আঁচনিৰ অধীনত কৰ পৰিশোধ কৰিবলৈ অনুমতি দিয়া হ’বনে?

উত্তৰঃ নহয়, বিভীয় বৰ্ষৰ সময়ছোৱাত মুঠ বার্ষিক উপার্জন ৫০ লাখ টকা অতিক্রম কৰা দিনৰ পৰা তেওঁৰ এই বিকল্প কর্তন কৰা হ’ব।

একাধিক পঞ্জীয়ন থকা একোজন কৰযোগ্য লোক মাত্ৰ কেইটামান পঞ্জীয়নৰ বাবে সংযোগ আঁচনিৰ ক্ষেত্ৰত অৰ্হতাসম্পন্ন হ’বনে ?

উত্তৰ: একে স্থায়ী একাউণ্ট নম্বৰ (PAN) থকা সকলো পঞ্জীভুক্ত লোক সংযোগ আঁচনিৰ বাবে যোগ্য হ’ব। যদি একোজন পঞ্জীভুক্ত লোকে সাধাৰণ আঁচনি গ্রহণ কৰে, তেতিয়া আনসকল সংযোগ আঁচনিৰ বাবে অযোগ্য হ’ব।

একোজন প্রস্তুতকর্তা আৰু সেৱাৰ যোগনীয়াৰে সংযোগ আঁচনি গ্ৰহণ কৰিব পাৰেনে ?

উত্তৰ: হয়, সাধাৰণতে একোজন প্রস্তুতকর্তাই সংযোগ আঁচনি লাভ কৰিব পাৰে। অৱশ্যে, সামগ্ৰীৰ একোজন প্রস্তুতকর্তাই এই আঁচনি লাভ কৰিব নোৱাৰিব, যি কথা জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত জাননী দিয়া হ’ব। ৰেষ্টোৰাঁৰ বাহিৰে এই আঁচনি সেৱা খণ্ডত প্রযোজ্য নহ’ব।

সংযোগ আঁচনি লাভ কৰিবৰ বাবে কোন অৰ্হতাসম্পন্ন নহয় ?

উত্তৰ: বিস্তৃত অৰ্থত পঞ্জীভুক্ত লোকৰ পাঁচটা শাখা সংযোগ আঁচনিৰ বাবে অৰ্হতাসম্পন্ন নহয়। এইবিলাক হৈছে— (১) ৰেষ্টোৰাঁ সেৱাৰ বাহিৰে অন্য সেৱাৰ যোগনীয়াৰ,

২) জি এছ টি আইন/ এছ জি এছ চি টি আইন/ইউ টি জি এছ টি আইনৰ অধীনত কৰযোগ্য নোহোৱা সামগ্ৰীৰ যোগনীয়াৰ,

(৩) সামগ্ৰীৰ একোজন আন্তঃৰাজ্যিক যোগনীয়াৰ,

(৪) একোজন ইলেক্ট্রনিক কমার্চ অপাৰেটৰৰ জৰিয়তে সামগ্ৰীৰ যোগান ধৰা লোক,

(৫) নির্দিষ্ট জাননীকৃত সামগ্ৰীৰ প্ৰস্তুতকর্তা।

সংযোগ আঁচনিৰ অধীনত পঞ্জীভুক্ত লোকে ‘ইনপুট টেক্স ক্রেডিট’ দাবী কৰিব পাৰেনে ?

উত্তৰঃ নোৱাৰে, সংযোগ আঁচনিৰ অধীনত পঞ্জীভুক্ত লোকে ‘ইনপুট টেক্স ক্রেডিট’ দাবী কৰিব নোৱাৰে।

সংযোগ আঁচনিৰ অধীনত পঞ্জীভুক্ত একোজন লোকৰ পৰা ক্রয় কৰা গ্ৰাহকে ‘ইনপুট টেক্স ক্রেডিট’ হিচাপে সংযোগ কৰ দাবী কৰিব পাৰেনে ?

উত্তৰঃ নোৱাৰে, সংযোগ আঁচনিৰ অধীনত পঞ্জীভুক্ত লোকৰ পৰা সামগ্ৰী ক্রয় কৰা গ্রাহক সংযোগ ‘ইনপুট টেক্স ক্রেডিট’ৰ বাবে অৰ্হতাসম্পন্ন নহয়, কিয়নো একোজন সংযোগ আঁচনিৰ যোগনীয়াৰে একোখন ‘টেক্স ইনভইচ” দিব নোৱাৰে।

গ্ৰাহকৰ পৰা সংযোগ কৰ সংগ্ৰহ কৰিব পাৰেনে ?

উত্তৰঃ নোৱাৰে, সংযোগ আঁচনিৰ অধীনত পঞ্জীভুক্ত লোকক কৰ সংগ্ৰহৰ অনুমতি দিয়া নহয়। ইয়াৰ অর্থ এইটোৱেই যে একোজন সংযোগ আঁচনিৰ যোগনীয়াৰে একোখন ‘টেক্স ইনভইচ” দিব নোৱাৰে।

সংযোগ আঁচনিৰ বাবে অৰ্হতা নিৰূপণ কৰিবলৈ “মুঠ বার্ষিক উপার্জন” কিদৰে গণনা কৰা হ’ব?

উত্তৰঃ মুঠ বার্ষিক উপার্জন গণনা কৰাৰ পদ্ধতি অনুচ্ছেদ ২(৬)ত দিয়া হৈছে। সেই অনুসৰি “মুঠ বার্ষিক উপার্জন” মানে হৈছে একে PAN থকা একোজন লোকৰ সকলো বহিৰ্গমন হোৱা যোগানৰ মূল্য (কৰযোগ্য যোগান + কর্তন কৰা যোগান + ৰপ্তানি +

আন্ত:ৰাজ্যিক যোগান) আৰু কেন্দ্রীয় কৰ (চি জি এছ টি), ৰাজ্যিক কৰ (এছ জি এছ), কেন্দ্রীয় শাসিত অঞ্চলৰ কৰ (ইউ টি জি এছ টি), সমন্বিত কৰ (আই জি এছ টি)আৰু ৰেহাই উপ-কৰৰ অধীনত লেভি দিয়া কৰবিলাক ইয়াৰ পৰা বাদ পৰিব। লগতে অন্তৰ্গমন হোৱা যোগানৰ মূল্য, যাৰ ওপৰত বিপৰীত মাচুলৰ অধীনত কৰ পৰিশোধযোগ্য, সেয়া মুঠ বার্ষিক উপাৰ্জনৰ গণনাত সন্নিৱিষ্ট কৰা নহ’ব।

ব্যৱস্থাৱলী উলংঘা কৰি কোনো লোকে সংযোগ আঁচনি গ্ৰহণ কৰিলে শান্তিৰ বিধান কি ?

উত্তৰ : যদি একোজন কৰযোগ্য লোকে সংযোগ আঁচনিৰ অধীনত কৰ পৰিশোধ কৰে, যদিও তেওঁ এই আঁচনিৰ বাবে অৰ্হতাসম্পন্ন নহয়। তেনে ক্ষেত্ৰত লোকজনৰ ওপৰত অর্থদণ্ড বিহিব পাৰিব আৰু কৰ তথা অর্থদণ্ড নির্ণয়ৰ বাবে অনুচ্ছেদ ৭৩ বা ৭৪ প্রযোজ্য হ’ব।

জি এছ টিৰ লেভিৰ (Levy)ৰ পৰা যোগান কর্তন কৰিবলৈ জি এছ টি আইনে চৰকাৰক ক্ষমতা প্ৰদান কৰিছেনে ?

উত্তৰ: হয়, ৰাজহুৱা স্বাৰ্থত কেন্দ্রীয় বা ৰাজ্যিক চৰকাৰে জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত সম্পূৰ্ণৰূপে বা আংশিকভাৱে কর্তন কৰিব পাৰে, জি এছ টিৰ লেভিৰ পৰা সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে যোগান হয় সম্পূৰ্ণৰূপে বা চৰ্ত সাপেক্ষে কর্তন কৰিব পাৰে। তদুপৰি একোটা ব্যতিক্রম পৰিস্থিতি সাপেক্ষে বিশেষ নির্দেশনাৰ জৰিয়তে চৰকাৰে সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে ক্ষেত্রত কর্তন কৰিব পাৰে। এছ জি এছ টি আইন আৰু ইউ টি জি এছ টি আইনত এই কথাও কোৱা হৈছে যে চি জি এছ টি আইনৰ অধীনত অনুমোদিত যিকোনো ধৰণৰ কর্তন বা ৰেহাই উল্লিখিত আইনৰ অধীনত কর্তনৰ যোগ্য হ’ব।

যেতিয়া সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে ওপৰত সংগৃহীত সমস্ত কৰৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হয়, তেতিয়া কোনো লোকে কৰ পৰিশোধ কৰিব পাৰেনে ?

উত্তৰ: নোৱাৰে, কৰ কর্তন কৰা সামগ্ৰী অথবা সেৱা অথবা উভয়কে যোগান ধৰা লোকে প্রযোজ্য নিৰিখৰ অতিৰিক্তভাৱে কৰ সংগ্ৰহ কৰিব নোৱাৰিব।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

2.86111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top