অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুনৰ পৰিশোধ বা ওৱাপোচ(Refund)

পুনৰ পৰিশোধ বা ওৱাপোচৰ বিষয়ে লিখা হৈছে

পুনৰ পৰিশোধ বা ওৱাপোচ (Refund) কি ?

উত্তৰঃ এম জি এলৰ অনুচ্ছেদ ৩৮ত পুনৰ পৰিশোধ বা ওৱাপোচ (ৰিফাণ্ড)ৰ বিষয়ে আলোচনা কৰা হৈছে। অনুচ্ছেদ ৩৮(২)ৰ অধীনত ‘ৰিফাণ্ড'ত অন্তর্ভুক্ত থাকে ভাৰতৰ বাহিৰলৈ ৰপ্তানি কৰা পণ্য-সামগ্ৰী আৰু/অথবা সেৱাৰ ওপৰত কৰাৰ ৰিফাণ্ড বা ভাৰতৰ বাহিৰলৈ ৰপ্তানি কৰা পণ্য-সামগ্ৰী আৰু/অথবা সেৱাৰ ক্ষেত্ৰত ব্যৱহৃত ‘ইনপুট ছাৰ্ভিচেজ’, বা ৰপ্তানি হিচাপে পৰিগণিত পণ্য-সামগ্ৰীৰ যোগানৰ ওপৰত কৰাৰ ৰিফাণ্ড, বা অব্যৱহৃত ‘ইনপুট টেক্স ক্রেডিট’ৰ ৰিফাণ্ড ।

অব্যৱহৃত ‘ইনপুট টেক্স ক্রেডিট’ক ‘ৰিফাণ্ড’ হিচাপে ধৰিব পাৰিনে ?

উত্তৰঃ হয়। অনুচ্ছেদ ৩৮ৰ উপ-অনুচ্ছেদ (২)ত উল্লিখিত নিম্নোল্লিখিত ঘটনাবোৰৰ ক্ষেত্ৰতহে:

(১) পণ্য-সামগ্ৰীৰ ৰপ্তানি যিবিলাকৰ ওপৰত ৰপ্তানি শুল্ক পৰিশোধ কৰিব নালাগে;

(২) সেৱাৰ ৰপ্তানি;

(৩) য’ত ‘আউটপুট’ৰ ওপৰত আৰোপিত কৰাৰ নিৰীখতকৈ ‘ইনপুট’ৰ ওপৰত আৰোপিত কৰাৰ নিৰীখ অধিক হিচাপে ‘ক্রেডিট’ সংগ্ৰহ কৰা হয়।

ভাৰতৰ বাহিৰলৈ ৰপ্তানি কৰা পণ্য-সামগ্ৰীৰ ক্ষেত্ৰত নির্ধাৰিত অব্যৱহৃত আই টি চিৰ ওপৰত ৰপ্তানি শুল্ক প্রযোজ্যনে ?

 

উত্তৰ: নহয় (এম জি এলৰ অনুচ্ছেদ ৩৮ (২)ৰ দ্বিতীয় ব্যৱস্থা অনুসৰি)।

বিত্তীয় বৰ্ষৰ শেষত (জি এছ টি বলৱৎ হোৱাৰ পিছত) জমা থকা পণ্য সামগ্ৰীৰ আই টি চি ওভতাই পাবনে?

উত্তৰ: নাপায়। ইয়াক ধাৰাবাহিকভাৱে আগুৱাই নিয়া হ’ব।

ধৰি লোৱা হ’ল এজন কৰযোগ্য লোকে এজন আন্তঃৰাজ্যিক/ৰাজ্যৰ ভিতৰুৱা যোগনীয়াৰ বুলি ভুলক্রমে আই জি এছ টি/চি জি এছ টি/এছ জি এছ টি পৰিশোধ কৰিলে, কিন্তু যাৰ প্ৰকৃতি পৰৱৰ্তী সময়ত স্পষ্ট কৰা হয়। ভুলবশতঃ পৰিশোধ কৰা আই জি এছ টিৰ বিপৰীতে চি জি এছ টি/এছ জি এছ টি মিলাই ল’ব। পাৰিনে ?

উত্তৰ: নোৱাৰি। তেওঁ সঠিক কৰ পৰিশোধ কৰিব লাগিব আৰু ভুলবশতঃ পৰিশোধ কৰা কৰাৰ ৰিফাণ্ড দাবী কৰিব লাগিব (আই জি এছ টিৰ অনুচ্ছেদ ৩০ আৰু জি এছ

টিৰ অনুচ্ছেদ ৫৩)।

দূতাৱাসবিলাকে বা ৰাষ্ট্ৰসংঘই কৰা ক্ৰয় কৰযোগ্য নে কর্তনযোগ্য?

উত্তৰ: ইয়াৰ ওপৰত কৰ আৰোপিত হ’ব, যাক পিছত তেওঁলোকে ৰিফাণ্ড হিচাপে দাবী কৰিব পাৰিব।

[(ইউনাইটেড নেচন্স অৰ্গেনাইজেচন আৰু কনছুলেট বা দূতাৱাসবিলাকে একোটা একক পৰিচয় নম্বৰ(Unique ldentity Number) ল’ব লাগে আৰু তেওঁলোকে কৰা ক্রয় যোগনীয়াৰৰ বাহিৰা যোগানৰ হিচাপৰ বিৱৰণত তেওঁলোকৰ নম্বৰৰ বিপৰীতে প্রতিফলিত হ’ব আৰু কৰাৰ ৰিফাণ্ড মঞ্জুৰ কৰিব পাৰিব। নিয়মাৱলীত এটা পৃথক প্রক্রিয়া অৱগত কৰা হ’ব। জি এছ টি অনুচ্ছেদ ১৯ (৬)]

ৰিফাণ্ড লোৱাৰ সময়সীমা কি ?

উত্তৰঃ এম.জি এলৰ অনুচ্ছেদ ৩৮ত দিয়া ব্যাখ্যা অনুসৰি সংশ্লিষ্ট লোকজনে প্রাসংগিক তাৰিখৰ পৰা দুবছৰ শেষ হোৱাৰ আগতে আবেদন দাখিল কৰিব লাগিব।

ৰিফাণ্ডৰ ক্ষেত্ৰত নিমিলা আহৰণ (unjust enrichment)ৰ নীতি প্ৰযোজ্যনে ?

উত্তৰ : হয়। অনুচ্ছেদ ৩৮ৰ উপ-অনুচ্ছেদ (২)ত উল্লেখ থকা মতে (ওপৰৰ ২ নং প্রশ্নতো উল্লেখ কৰা হৈছে) ৰপ্তানি আৰু অব্যৱহৃত আই টি চিৰ ৰিফাণ্ডৰ বাহিৰে অন্য ক্ষেত্ৰসমূহত।

উপভোক্তালৈ কৰ ঠেলি দিয়াৰ ক্ষেত্ৰত ৰিফাণ্ড অনুমোদিত হ’বনে ?

উত্তৰঃ হয়। অৱশ্যে এনেদৰে নির্ধাৰিত ধনৰাশি ‘কনজিউমাৰ ওৱেলফেয়াৰ ফাণ্ড’লৈ যাব।

ৰিফাণ্ড অনুমোদিত কৰাৰ কিবা সময়সীমা আছেনে?

উত্তৰ: হয়। সকলো ক্ষেত্ৰতে এই সময় হৈছে ৯০ দিন, কেৱল অনুচ্ছেদ ৩৮ৰ উপ-অনুচ্ছেদ (৪এ)ত উল্লিখিত কিছুমান বিশেষ শ্রেণীৰ ৰপ্তানিকাৰীক ওভতাই দিবলগীয়া দাবীকৃত সর্বমুঠ ধনৰ ৮০ শতাংশৰ অধিক ৰিফাণ্ড হোৱাৰ বাহিৰে। যদি ৩০ মাহৰ ভিতৰত ৰিফাণ্ড অনুমোদিত নহয়, বিভাগে সুত পৰিশোধ কৰিব লাগিব।

বিভাগে ৰিফাণ্ড আবদ্ধ কৰি ৰাখিব পাৰেনে ?

উত্তৰ : হয়। নিম্নোল্লিখিত পৰিস্থিতিত ৰিফাণ্ড আবদ্ধ কৰি ৰাখিব পাৰে:

  • পঞ্জীভুক্ত ব্যৱসায়ীজনে (dealer) হিচাপৰ বিৱৰণ দাখিল নকৰালৈকে;
  • আবেদন লোৱা কর্তৃপক্ষ/ন্যায়াধীকৰণ/আদালতৰ দ্বাৰা বন্ধ নকৰা যিকোনো ধৰণৰ কৰ, সুত বা অর্থদণ্ড যদি পঞ্জীভুক্ত কৰযোগ্য লোকজনে পৰিশোধ কৰিব লাগে, এনে কৰ, সুত বা অর্থদণ্ড পৰিশোধ নকৰালৈকে;

(যিকোনো ব্যৱসায়ীৰ পুনৰ পৰিশোধ কৰিবলগীয়া ধনৰাশিৰ পৰা ন্যায্য বিষয়াজনে পৰিশোধ নকৰাকৈ থকা কৰ কর্তনো কৰিব পাৰিব।)

  • এম জি এলৰ অনুচ্ছেদ ৩৮ (৯) অনুসৰি আয়ুক্ত/বোর্ডে ৰিফাণ্ড বা ওৱাপোচ আবদ্ধ কৰি ৰাখিব পাৰে, যদিহে ওৱাপোচৰ নির্দেশনা (order of refund) আবেদনৰ অধীনত থাকে আৰু তেওঁ বিবেচনা কৰে যে এনেধৰণৰ ওৱাপোচৰ মঞ্জুৰীয়ে ৰাজহত বিৰূপ প্ৰভাৱ পেলাব।

ওপৰৰ ১১ (গ)ত আলোচনা কৰাৰ দৰে যদি ‘ৰিফাণ্ড’৩৮ (৯)ৰ অধীনত আবদ্ধ কৰি ৰখা হয়, তেতিয়া কৰযোগ্য লোকজনক সুত দিয়া হ’বনে ?

উত্তৰঃ আবেদন নাইবা পৰৱতী পদক্ষেপৰ পৰিণাম স্বৰূপে যদিহে কৰযোগ্য লোকজন ‘ৰিফাণ্ড’ৰ যোগ্য হয় তেতিয়া তেওঁ সুত লাভৰো যোগ্য হ’ব।

‘ৰিফাণ্ড’ৰ বাবে কিবা ন্যূনতম অন্তিম সীমা আছেনে?

উত্তৰ: যদিহে ধনৰ পৰিমাণ ১০০০/-  টকাতকৈ কম হয় তেতিয়া ‘ৰিফাণ্ড’ মঞ্জুৰ কৰা নহয়। (এম জি এলৰ অনুচ্ছেদ ৩৮ (১১)

পূৰ্বৰ আইনৰ পৰা উদ্ভৱ হোৱা ‘ৰিফাণ্ড’ কেনেকৈ পৰিশোধ কৰা হ’ব ?

উত্তৰ: পূৰ্বৰ আইনৰ পৰা উদ্ভৱ হোৱা ‘ৰিফাণ্ড’ পূৰ্বৰ আইন অনুসৰিয়েই পৰিশোধ কৰা হ’ব আৰু (চিজিএছটিৰ অধীনত) বা পূৰ্বৰ আইনৰ ব্যৱস্থা অনুসৰি (এছজিএছটিৰ অধীনত) নগদ পৰিশোধ কৰা হ’ব আৰু আইটিচি হিচাপে উপলব্ধ নহ'ব (এমজিএলৰ অধীনত ১৫৬,১৫৭ আৰু ১৫৮)।

নথি-পত্ৰ পৰীক্ষা কৰাৰ পূর্বে ‘ৰিফাণ্ড’ পৰিশোধ কৰিব পাৰিনে ?

উত্তৰ: ব্যৱসায়ী (dealer)ৰ জাননীকৃত শাখাৰ ৰপ্তানি ‘ৰিফাণ্ড’ৰ বাবে অনুচ্ছেদ

৩৮ (৪এ)ত উল্লেখ কৰা মতে এই সম্পৰ্কীয় ব্যৱস্থাৱলী আৰু নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কৰাৰ পূর্বে ৮০% ‘ৰিফাণ্ড’ মঞ্জুৰ কৰিব পাৰি।

ৰপ্তানিৰ অধীনত ‘ৰিফাণ্ড’ৰ ক্ষেত্ৰত ‘ৰিফাণ্ড’ মঞ্জুৰ কৰিবৰ বাবে বিআৰচি আৱশ্যকীয়নে?

উত্তৰ : যিহেতু ৰপ্তানি কৰাৰ তাৰিখৰ পৰা ৰপ্তানি সম্পৰ্কীয় অগ্রগতি সম্পন্ন কৰিবৰ বাবে ৰপ্তানিকাৰীয়ে এবছৰ সময় লাভ কৰে, সেয়ে ‘ৰিফাণ্ড’ আবেদনৰ সময়ত বিআৰচি পর্যাপ্ত নহ’বও পাৰে। কিন্তু যদি ৰপ্তানিৰ অগ্রগতিবিলাক আগতীয়াকৈ গ্রহণ কৰা হয়, তেতিয়া বিআৰচি পর্যাপ্ত হ’ব পাৰে। এনেদৰে সৰ্বাধিক এবছৰ সময়ৰ ভিতৰত বা আৰবিআয়ে নির্দেশনা যোগে প্ৰসাৰিত কৰা সময়ৰ ভিতৰত বিআৰচিৰ সবিশেষ দাখিল কৰাৰ ওপৰত ‘ৰিফাণ্ড’ নিৰ্ভৰ কৰিব। জিএছটি-মডিউলৰ সৈতে ডিজিএফটিৰ ই-বিআৰচি মডিউল সমন্বিত কৰা হ’ব।অৱশ্যে সেৱাৰ ৰপ্তানিৰ বাবে ‘ৰিফাণ্ড’ অনুমোদনৰ পূর্বে বিআৰচিৰ আৱশ্যক হ’ব।

নিমিলা আহৰণ(unjust enrichment)ৰ নীতি ৰপ্তানিৰ ক্ষেত্ৰত নে ধৰি লোৱা (deemed) যোগানৰ ক্ষেত্ৰত প্রযোজ্য হ’ব?

উত্তৰ: নিমিলা আহৰণৰ নীতি পণ্য-সামগ্ৰী অথবা সেৱাৰ প্ৰকৃত ৰপ্তানিৰ ক্ষেত্ৰত প্রযোজ্য নহয়, যিহেতু গ্রহণ কৰোতাজন কৰযোগ্য অঞ্চলৰ বাহিৰত থাকে। অৱশ্যে ধৰি লোৱা যোগান (deemed supply)ৰ ক্ষেত্ৰত ই প্রযোজ্য হ’ব।

লোকজনে কেনেকৈ প্রমাণ কৰিব যে নিমিলা আহৰণৰ নীতি তেওঁৰ ক্ষেত্ৰত প্রযোজ্য নহয়?

উত্তৰ: সংশ্লিষ্ট লোকজনে তেওঁৰ আবেদনৰ সৈতে একেলগে এনে নথি-পত্র বা সাক্ষ্য-প্রমাণ দাখিল কৰিব লাগিব যাৰ জৰিয়তে এই কথা প্রতিপন্ন হয় যে কৰ আৰু

সুতৰ পৰিমাণ, যিয়েই নহওক, এনে কৰাৰ ওপৰত পৰিশোধ কৰা বা আন যিকোনো পৰিমাণৰ ওপৰত পৰিশোধ কৰা, যাৰ সৈতে সংগতি ৰাখি এনেধৰণৰ ‘ৰিফাণ্ড’’ দাবী কৰা হৈছে, সেয়া আন যিকোনো লোকলৈ তেওঁ ঠেলি দিয়া নাই। (অনুচ্ছেদ ৩৮ (৩)(বি)তদুপৰি, কৰদাতাক সকাহ দিবৰ বাবে ওপৰত উল্লিখিত উপ-অনুচ্ছেদত লগতে কোৱা হৈছে যে যদি দাবী কৰা ‘ৰিফাণ্ড’ৰ পৰিমাণ ৫ লাখ টকাতকৈ কম হয়, তেতিয়া এটা স্ব-ঘোষণা(self-declearation) হে কেৱল আৱশ্যকীয়।

বর্তমান ভিএটি/চিএছটিৰ অধীনত জলপথৰ ৰপ্তানিকাৰীয়ে (merchant exporter) এখন ঘোষণা প্ৰ-পত্ৰ দাখিল কৰিকৰ পৰিশোধ নকৰাকৈ পণ্য-সামগ্ৰী ক্রয় কৰিব পাৰে। জিএছটিত এই ব্যৱস্থা থাকিবনে ?

উত্তৰ: নাথাকে। জিএছটিত এনে ব্যৱস্থা নাথাকিব। তেওঁলোকে কৰ পৰিশোধৰ ওপৰত পণ্য-সামগ্ৰী ক্রয় কৰিব লাগিব আৰু অনুচ্ছেদ ৩৮(২)ত আলোচনা কৰাৰ দৰে সংগৃহীত আইটিচিৰ ‘ৰিফাণ্ড’ দাবী কৰিব পাৰিব।

বর্তমান কেন্দ্রীয় আইনৰ অধীনত ৰপ্তানিকাৰীসকলক শুল্ক পৰিশোধ কৰা ‘ইনপুট’ আহৰণ কৰিবৰ বাবে, ইয়াৰ ওপৰত আইটিচি লাভ কৰিবৰ বাবে আৰু শুষ্ক পৰিশোধৰ ওপৰত পণ্য-সামগ্ৰী ৰপ্তানি কৰিবলৈ (আইটিচি ব্যৱহাৰ কৰাৰ পিছত)অনুমতি প্ৰদান কৰা হৈছে আৰু তাৰপিছত ৰপ্তানিৰ ওপৰত পৰিশোধ কৰা শুষ্কৰ ‘ৰিফাণ্ড' দাবী কৰিবলৈ অনুমতি দিয়া হৈছে। এই ব্যৱস্থা জিএছটিত অব্যাহত থাকিবনে ?

উত্তৰ: জিএছটি আমোলত ৰপ্তানি শূণ্য-নিৰীখৰ (zero rated) হ’ব। যাৰ অৰ্থ হৈছে এইটোৱেই যে ৰপ্তানি কৰা পণ্য-সামগ্ৰীৰ ওপৰত কোনোধৰণৰ প্রকৃত কৰাৰ দাযবদ্ধতা আৰোপিত নহ’ব। যদিও এনে ৰপ্তানিৰ ‘ইনপুট’ বিলাকৰ বাবে কৰ পৰিশোধকৰা হ’ব। জি.এছটিৰ অধীনত আমদানিকৃত চূড়ান্ত পণ্য-সামগ্ৰী (finished goods)ৰ দৰে সংগৃহীত ‘ইনপুট’ৰ ওপৰত ‘ৰিফাণ্ড’ অনুমতিযোগ্য হ’ব।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

3.07317073171
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top