অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগানৰ সময়

যোগানৰ সময়ৰ বিষয়ত বিভিন্ন প্ৰশ্ন উত্তৰ উল্লেখ কৰা হৈছে।

যোগানৰ সময় কি ?

উত্তৰঃ যোগানৰ সময়ে সেই বিন্দুটো নির্দিষ্ট কৰে যেতিয়া জি এছ টি আৰোপ  কৰাৰ দায়বদ্ধতাৰ উদ্ভৱ হয়। একোটা যোগান কেতিয়া সম্পন্ন হ’ল সেই কথাও ই সূচায়। সামগ্ৰী আৰু সেৱাৰ বাবে চি জি এছ টি/এছ জি এছ টি আইনে পৃথক যোগানৰ সময় নিদ্ধাৰণ কৰিছে।

সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত জি এছ টি আৰোপ কৰাৰ দায়বদ্ধতা কেতিয়া উদ্ভৱ হয় ?

উত্তৰ : চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ১২ আৰু ১৩ত সামগ্ৰীৰ যোগানৰ সময় দিয়া হৈছে। নিম্নোল্লিখিতবিলাকৰ ক্ষেত্ৰত সামগ্ৰীৰ যোগানৰ সময় তাৎক্ষণিক হ’ব, সেইবিলাক হৈছে -

(১) যোগনীয়াৰে চালান (invoice) জাৰি কৰাৰ তাৰিখ বা অনুচ্ছেদ ৩১ৰ অধীনত যোগানৰ ক্ষেত্ৰত তেওঁ চালান দিবলগা অন্তিম তাৰিখ;

(২) যি তাৰিখত যোগানৰ বিনিময়ত যোগনীয়াৰে পৰিশোধ লাভ কৰে।

প্রশ্ন ৩। সামগ্ৰী আৰু সেৱাৰ বিনিময়ত ভাডচাৰ” যোগানৰ ক্ষেত্ৰত যোগানৰ সময় कि ?

উত্তৰ : সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত ভাউচাৰ” যোগানৰ সময় হৈছে :

ক) ভাউচাৰ’ দিয়াৰ তাৰিখ, যদি সেই নির্দিষ্ট সময়ত যোগান চিনাক্ত কৰিব পৰা হয়; বা

খ) আন সকলো ক্ষেত্ৰত “ভাউচাৰ’ খালাচ কৰাৰ তাৰিখ ।

চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ১৩ৰ উপ-অনুচ্ছেদ ২, ৩, ৪ অনুসৰি, য’ত যোগানৰ সময় নির্ণয় কৰাটো সম্ভৱ নহয়, তেনে ক্ষেত্ৰত যোগানৰ সময় কেনেদৰে নিৰ্ণয় কৰা হ’ব ?

উত্তৰঃ অনুচ্ছেদ ১২(৫)ৰ লগতে ১৩(৫)ত এক অৱশিষ্ট অন্তৰ্ভুক্তিৰ বিধান আছে, য’ত কোৱা হৈছে যে যদি সময়ভিত্তিক মুনাফা (periodical return) দাখিল কৰিবলগীয়া হয় তেতিয়া দাখিলৰ তাৰিখ হ’ব যোগানৰ সময়। অন্য ক্ষেত্ৰবোৰত যেতিয়া চি জি এছ টি/এছ জি এছ টি/আইজি এছ টি পৰিশোধ কৰা হয় সেয়াই হ’ব যোগানৰ তাৰিখ ।

পৰিশোধ গ্ৰহনৰ তাৰিখ মানে কি' (date of receipt of payment)  ?

উত্তৰ : ই হৈছে যোগনীয়াৰৰ হিচাপ-নিকাচৰ বহীত পৰিশোধ অন্তৰ্ভুক্ত হোৱাৰ সবাতোকৈ আগতীয়া তাৰিখ বা তেওঁৰ বেংক একাউণ্টত পৰিশোধ জমা হোৱাৰ তাৰিখটো।

ধৰা হ’ল আংশিক আগতীয়া পৰিশোধ কৰা হ’ল বা আংশিক পৰিশোধৰ বাবে চালান জাৰি কৰা হ’ল, যোগানৰ সময়ে সম্পূর্ণ যোগান সামৰি ল’বনে ?

উত্তৰঃ নহ’ব, চালনাৰ বা আংশিক পৰিশোধৰ দ্বাৰা সামৰি লোৱা পৰৱতী সময়লৈকে যোগান সম্পন্ন কৰা হ’ব বুলি ধৰি লোৱা হ’ব।

বিপৰীত মাচুল (reverse charge)ৰ অধীনত কৰ পৰিশোধযোগ্য হ’লে সামগ্ৰীৰ যোগানৰ সময় কি ? উত্তৰ : নিম্নোল্লিখিত তাৰিখবিলাকৰ সবাতোকৈ আগতীয়াকৈ যোগানৰ সময় হ’বঃ

(ক) সামগ্ৰীৰ প্ৰাপ্তিৰ তাৰিখ, বা

(খ) পৰিশোধ কৰাৰ তাৰিখ, বা

(গ) যোগনীয়াৰৰ দ্বাৰা চালান জাৰি কৰাৰ তাৰিখৰ পৰা ঠিক পিছৰ ৩০টা দিন ।

বিপৰীত মাচুল (reverse charge)ৰ অধীনত কৰ পৰিশোধযোগ্য হ’লে সেৱাৰ যোগানৰ সময় কি ?

উত্তৰ : নিম্নোল্লিখিত তাৰিখবিলাকৰ সবাতোকৈ আগতীয়াটাে যোগানৰ সময় হ’বঃ

(ক) পৰিশোধ কৰাৰ তাৰিখ, বা

(খ) যোগনীয়াৰৰ দ্বাৰা ইনভাইচ’ জাৰি কৰাৰ তাৰিখৰ পৰা ঠিক পিছৰ ৬০টা দিন।

বিবেচনাতকৈ যিকোনো ধৰণৰ বিলম্বিত পৰিশোধ বা সুত, বিলম্বিত মাচুল বা অর্থদণ্ডৰ ক্ষেত্ৰত মূল্যৰ সৈতে অতিৰিক্তভাৱে প্রযোজ্য হ’বলগা যোগানৰ সময় কি ?

উত্তৰ : বিবেচনাতকৈ যিকোনো ধৰণৰ বিলম্বিত পৰিশোধ বা সুত, বিলম্বিত মাচুল

বা অর্থদণ্ডৰ ক্ষেত্ৰত মূল্যৰ সৈতে অতিৰিক্তভাৱে প্রযোজ্য হ’বলগা যোগানৰ সময় হৈছে উক্ত তাৰিখ, যি তাৰিখত যোগনীয়াৰে এনে অতিৰিক্ত বিবেচনা লাভ কৰে।

কৰৰ নিৰিখ সলনি হোৱাৰ পিছত সম্পূর্ণ কৰা যোগানৰ ক্ষেত্ৰত যোগানৰ সময়ৰ কিবা পৰিৱর্তন হয় নে ?

উত্তৰ : হয়। এই ক্ষেত্ৰত অনুচ্ছেদ ১৪ৰ ব্যৱস্থাৱলী প্রযোজ্য হ’ব।

কৰৰ নিৰিখ সলনি  হোৱাৰ আগতে সম্পূৰ্ণ কৰা যোগানৰ পিছত যোগানৰ সময় কি ?

উত্তৰ : এনে ক্ষেত্ৰত যোগানৰ সময় হ’বঃ

(১) যেতিয়া এনে ক্ষেত্ৰত চালান ইতিমধ্যে জাৰি কৰা হয় আৰু পৰিশোধ কৰৰ নিৰিখ সলনি হোৱাৰ পিছত লাভ কৰা হয়, তেতিয়া যোগানৰ সময় হ'ব পৰিশোধ লাভ কৰাৰ তাৰিখটো বা চালান জাৰি কৰাৰ তাৰিখটো, যিটোৱেই আগতীয়াকৈ হয়; বা

(২) যেতিয়া কৰাৰ নিৰিখ পৰিৱর্তন হোৱাৰ আগতেই চালান জাৰি কৰা হয় কিন্তু পৰিশোধ কৰাৰ নিৰিখ সলনি হোৱাৰ পিছত লাভ কৰা হয়, তেতিয়া যোগানৰ

সময় হ’ব চালান জাৰি কৰা তাৰিখটো; বা কৰাৰ নিৰিখ সলনি হোৱাৰ আগতেই পৰিশোধ লাভ কৰিলে, কিন্তু চালান কৰাৰ নিৰিখ সলনি হোৱাৰ পিছতহে জাৰি কৰিছে, তেতিয়া যোগানৰ সময় হ’ব পৰিশোধ লাভ কৰাৰ তাৰিখটো।

যেতিয়া কৰাৰ নিৰিখ সলনি হােৱাৰ পিছত যোগান সম্পূর্ণ কৰা হয়, তেতিয়া যোগানৰ সময় কি?

উত্তৰ : এনেক্ষেত্ৰত যোগানৰ সময় হ’ব

(১) কৰাৰ নিৰিখ সলনি হোৱাৰ পিছত যেতিয়া পৰিশোধ লাভ কৰা হয়, কিন্তু চালান কৰাৰ নিৰিখ সলনি হোৱাৰ আগতেই জাৰি কৰা হৈছিল, তেনে ক্ষেত্ৰত যোগানৰ সময় হ’ব পৰিশোধ লাভ কৰাৰ তাৰিখটো; বা

(২) যেতিয়া কৰাৰ নিৰিখ সলনি  হোৱাৰ আগতেই চালান জাৰি কৰা হয়। আৰু পৰিশোধ লাভ কৰা হয়, তেতিয়া যোগানৰ সময় হ’ব পৰিশোধ লাভ কৰা তাৰিখটো বা ‘ইনভইচ’ জাৰি কৰা তাৰিখটো, যিটোৱেই আগতীয়াকৈ হয়; বা

(৩) যেতিয়া কৰৰ নিৰিখ সলনি হোৱাৰ পিছত চালান জাৰি কৰা হয়, বিক্ৰি কৰৰ নিৰিখ সলনি হোৱাৰ পূর্বেই পৰিশোধ লাভ কৰা হয়, তেতিয়া যোগান হ’ব চালান জাৰি কৰাৰ তাৰিখটো।

আমি ক’ব পাৰো যে ১-৬-২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰৰ নিৰিখ ১৮ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি পাব। ২০১৭ৰ এপ্রিলত নিৰিখ বৃদ্ধি পোৱাৰ আগতে যদি সেৱা প্ৰদান কৰা হয় আৰু চালান জাৰি কৰা হয়, কিন্তু নিৰিখৰ পৰিৱর্তন হোৱাৰ পিছত ২০১৭ৰ জুনত ধনাদায় গ্ৰহণ কৰিলে কি কৰৰ নিৰিখ প্ৰযোজ্য ?

উত্তৰ ঃ যিহেতু সেৱা ১-৬-২০১৭ৰ আগতে প্ৰদান কৰা হৈছিল। সেয়ে পুৰণা ১৮ শতাংশ নিৰিখ প্রযোজ্য।

আমি ক’ব পাৰো যে ১-৬-২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰৰ নিৰিখ ১৮ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি পালে। ২০১৭ৰ এপ্ৰিলত নিৰিখ বৃদ্ধি পোৱাৰ আগতে যদি সামগ্ৰী প্ৰদান কৰা হয় আৰু চালান জাৰি কৰা হয়, কিন্তু নিৰিখৰ পৰিৱর্তন হোৱাৰ পিছত ২০১৭ৰ জুনত ধনাদায় গ্রহণ কৰা হ’ল, কিন্তু ২০১৭ৰ এপ্রিলতে আগতীয়া পৰিশোধ ইতিমধ্যে গ্ৰহণ কৰা হ’লে কি কৰৰ নিৰিখ প্রযোজ্য ?

উত্তৰ : যিহেতু ১-৬-২০১৭ৰ আগতে চালান প্রদান কৰা হৈছিল আৰু সামগ্ৰী যোগান ধৰা হৈছিল, সেয়ে পুৰণা ২০ শতাংশ নিৰিখ প্রযোজ্য।

সামগ্ৰী যোগানৰ বাবে চালান জাৰি কৰা সময় সীমা কি ?

উত্তৰ : চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ৩১ অনুসৰি একোজন পঞ্জীভুক্ত কৰযোগ্য লোকে বিৱৰণ, সামগ্ৰীৰ পৰিমাণ আৰু মূল্য, তাৰ ওপৰত পৰিৱর্তিত কৰ আৰু অন্য নির্ধাৰিত তথ্য প্রদর্শন কৰি একোখন কৰাৰ চালান এই সময়ত বা তাৰ পূর্বে জাৰি কৰিব ?

(ক) গ্রহণ কৰোতাক যোগান ধৰা সামগ্ৰী আঁতৰাই নিয়া, য’ত যোগানত সামগ্ৰীৰ স্থানান্তৰণ জড়িত হৈ থাকে, বা

(খ) অন্য ক্ষেত্ৰবিলাকত সামগ্ৰী আদায় দিওতে বা গ্রহণ কৰোতাৰ উপলব্ধ কৰোতে ।

সেৱা যোগানৰ বাবে চালান জাৰি কৰা সময় সীমা কি ?

উত্তৰ : চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ৩১ অনুসৰি একোজন পঞ্জীভুক্ত কৰযোগ্য লোকে সেৱাৰ ব্যৱস্থা কৰাৰ আগত বা পিছত, কিন্তু এই ক্ষেত্ৰত নির্ধাৰিত সময় সীমাৰ ভিতৰত বিৱৰণ, সামগ্ৰীৰ পৰিমাণ আৰু মূল্য, তাৰ ওপৰত পৰিৱর্তিত কৰ আৰু অন্য নির্ধাৰিত তথ্য প্রদর্শন কৰি একোখন কৰি চালান জাৰি কৰিব |

সামগ্ৰীৰ ধাৰাবাহিক যোগানৰ ক্ষেত্ৰত চালান জাৰি কৰিবলগীয়া সময়

সীমা কি ?

উত্তৰ : সামগ্ৰীৰ ধাৰাবাহিক যোগানৰ ক্ষেত্ৰত যত হিচাপ-নিকাচৰ পৰৱৰ্তী বিৱৰন বা পৰৱৰ্তী পৰিশোধ সন্নিৱিষ্ট হৈ থাকে তেনে ক্ষেত্ৰত এনেদৰে জাৰি কৰা প্ৰতিটো বিৱৰনৰ সময়ত বা তাৰ পূৰ্বে চালান জাৰি কৰিব লাগিব বা প্ৰয়োজন সাপেক্ষে এনেদৰে প্ৰতিটো পৰিশোধ গ্ৰহন কৰাৰ সময়ত চালান জাৰি কৰিব।

সেৱাৰ ধাৰাবাহিক যোগানৰ ক্ষেত্ৰত চালান জাৰি কৰিবলগীয়া সময় সীমা কি ?

উত্তৰ: সেৱাৰ ধাৰাবাহিক যোগানৰ ক্ষেত্ৰত,

(ক) যত চুক্তিৰ পৰা পৰিশোধৰ নিৰ্ধাৰিত তাৰিখ স্পষ্ট কৰিব পৰা যায়,তেতিয়া গ্ৰহন কৰোতাই পৰিশোধ কৰে তাৰ আগত বা পিছত চালান জাৰি কৰিব লাগে কিন্ত এই ক্ষেত্ৰত উল্লেখিত সময় সীমাৰ ভিতৰত কৰিব লাগে,উক্ত সেৱাৰ বাবে যোগনীয়াৰে কোনোধৰনৰ পৰিশোধ লাভ কৰক বা নকৰক।

(খ) যেতিয়া চুক্তিৰ পৰা পৰিশোধৰ তাৰিখ স্পষ্ট কৰিব পৰা নাযায় তেতিয়া সেৱাৰ যোগনীয়াৰে পৰিশোধ লাভ কৰা প্ৰতিবাৰতে তাৰ আগত বা পিছত চালান জাৰি কৰিব লাগিব।

(গ) যত একোটা কাৰ্য সম্পূৰ্ন হোৱাৰ সৈতে পৰিশোধ জড়িত হৈ থাকে তেতিয়া উক্ত কাৰ্য সম্পূৰ্ন হোৱাৰ আগত বা পিছত চালান জাৰি কৰিব লাগিব কিন্ত এই ক্ষেত্ৰত নিৰ্ধাৰিত সময় সীমাৰ  ভিতৰত তেনে কৰিব লাগিব।

 

বিক্ৰিৰ বাবে অনুমোদনৰ ভিত্তিত সামগ্ৰী প্ৰদান কৰিবলগা হলে বা প্ৰেৰন কৰি থকা হলে চালান জাৰি কৰাৰ সময় সীমা কি ?

উত্তৰ: বিক্ৰি অথবা প্ৰতিদানৰ অনুমোদনৰ ভিত্তিত সামগ্ৰী প্ৰেৰন অথবা গ্ৰহন কৰা হলে চালান যোগান সম্পন্ন হোৱাৰ সময়ত বা অনুমোদনৰ তাৰিখৰ পৰ ছমাহৰ ভিতৰত জাৰি কৰিব লাগিব যিটোৱেই আগতীয়াকৈ হয়।

অনুমোদনৰ ভিত্তিত প্ৰেৰণ কৰা পণ্য-সামগ্ৰীৰ যোগানৰ সময় কি?

উত্তৰ : অনুমোদনৰ ভিত্তিত যোগান সম্পন্ন হ’লে, যোগানৰ সময় হ’ব এটা যোগান সম্পন্ন হ’ব বুলি অৱগত হোৱাৰ সময়খিনি বা যোগান সম্পন্ন হোৱাৰ পৰা ছমাহ, যিটোৱেই  আগতীয়া হয়।

 

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

3.02777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top