অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কল খেতিৰে স্বাৱলম্বনৰ প্ৰয়াস ডবকাৰ চাদউদ্দিনৰ

কল খেতিৰে স্বাৱলম্বনৰ প্ৰয়াস ডবকাৰ চাদউদ্দিনৰ

নগাওঁ জিলাৰ যমুনামুখ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাওঁ। নাম মেথিগাওঁ। বিগত দুটা দশক ধৰি উন্নয়নৰ মুখ দেখা নাই গাওঁবাসীয়ে। চৰকাৰী বিভিন্ন আঁচনিৰপৰাও বঞ্চিত গাঁওবাসী। জীৱন নিৰ্বাহৰ বাবে অশেষ কষ্ট কৰিব লাগে গাওঁখনৰ লোকে। সেয়ে কৰ্ম স্ংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ ঢাপলি মেলিছে গাওঁখনৰ বহু যুবক। অৱশ্যে ইয়াৰ মাজতো আছে ব্যতিক্ৰম। গাওঁখনৰে চাদউদ্দিন নামৰ এজন যুৱকে চৰকাৰী অথবা বেচৰকাৰী চাকৰিৰ বাবে হাবাথুৰি নাখাই কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য বান্ধি লৈছে। সেই উদ্দেশ্যেৰে যুৱকজনে আৰম্ভ কৰিছে কলখেতি। ২০০৫ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত চাদউদ্দিনে নিজৰ দহ বিঘা মাটিত কলপুলি ৰোপণ কৰে। ইয়াৰ পিছত দুবছৰৰ ভিতৰতে এখন পূৰ্ণাংগ বাগিচা গঢ় লৈ উঠে। সম্প্ৰতি বছৰি ৫ লাখ টকাৰ অধিক আয় হয় এই কল বাগিচাখনৰ পৰা। চাদউদ্দিনে কলবোৰ স্থানীয় হোজই, নীলবাগান আদিৰ লগতে নগাওঁ ,মৰিগাওঁ আদিৰ বজাৰলৈও প্ৰেৰণ কৰে। চাদউদ্দিনে ‘দৈনিক অসম’ক জনোৱা মতেঅ, কল বাগিচাত তেওঁ জৈৱিক সাৰহে প্ৰয়োগ কৰে। কোনোধৰণৰ কৃত্ৰিম সাৰ প্ৰয়োগ নকৰে। তেওঁৰ কল বাগিচাখনত মালভোগ, চেনিচম্পা, পুৰাকল, ভোগমনোহৰ আদি বিভিন্ন জাতৰ কল আছে। কলখেতিৰ লগতে চাদউদ্দিনে তিনিবিঘা মাটিত পুখুৰী খান্দি মাছৰ পোনাৰো ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে। কল আৰু মাছৰ ব্যৱসায়েৰে চাদউদ্দিনে তেওঁৰ পৰিয়ালৰ পোহপাল দিয়াৰ লগতে আন বহুকেইজনক স্ংস্থাপিত কৰিছে। উল্লেখ্য যে এই যুৱকজনে চৰকাৰৰ ঘৰৰ পৰা কোনোধৰণৰ সাহাৰ্য লাভ কৰা নাই। নিজাববীয়া প্ৰচেষ্টাৰেই তেওঁ এনেদৰে কলৰ খেতি কৰি গৈছে। তাৎপৰ্যপূৰ্ণ যে কল খেতি কৰিবৰ বাবে ৰ’দ পৰা ঠাইৰ প্ৰয়োজন। তদুপৰি কলত জৈৱিক সাৰৰ লগতে ঘৰুৱাভাৱে প্ৰস্তুত কৰা সাৰ প্ৰয়োগ কৰিব পাৰি। চাদউদ্দিনে অভিযোগ কৰা মতে, নগাওঁত কলৰ বাবে বিশেষ বজাৰ নথকাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত তেওঁলোক সমস্যাৰ সন্মুখীন হয়। একেদৰে কৃষি বিভাগে সহায় কৰা হ’লে উন্নত প্ৰযুক্তিৰে কল খেতি কৰিব পৰা হ’লহেঁতেন বুলিও কয়। আমৰ পিছতেই ফলৰ ভিতৰত কলক স্থান দিয়া হয়। যি সময়ত বিভিন্ন যুৱক যুৱতীয়ে কৰ্মস্ংস্থাপনৰ বাবে হাবাথুৰি খাই ফুৰিছে, তেনে সময়ত কল খেতিৰে স্বাবলম্বী হ’ব বিচৰা চাদউদ্দিনে এক ইতিবাচক বাৰ্তাকেই কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

চন্দনজ্যোতি বৰা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate