অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিবনুৱা যুৱক-যুৱতীৰ স্বাৱলম্বন কাঠফুলা খেতি

নিবনুৱা যুৱক-যুৱতীৰ স্বাৱলম্বন কাঠফুলা খেতি

অসমত খাদ্য হিচাপে কাঠফুলাৰ পৰিচয় একেবাৰে নতুন। ৰাজ্যখনৰ কোনো কোনো জনজাতিৰ মাজত খাদ্য হিচাপে কাঠফুলা পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছিল যদিও প্ৰণালীবদ্ধভাৱে ইয়াৰ খেতি কৰা হোৱা নাছিল। বৰ্তমান কাঠফুলাৰ ব্যৱসায় এটি লাভজনক ব্যৱসায়। অতি কম মূলধন খৰচ কৰি অতি কম ঠাইত আৰু অতি কম সময়ত কাঠফুলাৰ খেতি কৰিব পৰা যায়। সম্প্ৰতি অসমত কাঠফুলাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ৰাজ্যখনৰ সৰু-ডাঙৰ ৰেস্তোঁৰা, পৰ্যটন কেন্দ্ৰ আদিত কাঠফুলাৰ যথেষ্ট চাহিদা থকা দেখা যায়। কাঠফুলা অতি সুস্বাদু আৰু পুষ্টিকৰ খাদ্য। ইয়াৰ উৎপত্তিৰ ইতিহাস বহু বছৰ পুৰণি। য’তে-ত’তে ই আবিৰ্ভাৱ হৈ অতি কম সময়তেই অদৃশ্য হৈ যোৱাৰ বাবেই পুৰণিকালত মানুহে কাঠফুলাক একপ্ৰকাৰ ভগৱানৰ খাদ্য বুলিয়েই ভাবিছিল। সেইবাবেই পৃথিৱীৰ প্ৰায়বোৰ জাতি-জনগোষ্ঠীৰ মাজত কাঠফুলাৰ প্ৰতি আকৰ্ষণ প্ৰায় একেই আছিল। প্ৰাপ্ত তথ্য মতে, কাঠফুলাৰপৰাই ৰোমানসকলে ‘বলেটেৰিয়া’ নামৰ এবিধ অতি উৎকৃষ্ট আহাৰ প্ৰস্তুত কৰিছিল। ১৬৫০ চনত লুইৰ ৰাজত্বকালত ডি বনেফন নামৰ কৃষক এজনে কাঠফুলাৰ প্ৰণালীবদ্ধ খেতি কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বাণিজ্যিক ভেটি গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আকৌ ১৮৬৭ চনত পেৰিচৰ ওচৰত কাঠফুলাৰ খেতি কৰি এজন লোকে দিনে ২,৩০০ কি:গ্ৰা: কাঠফুলা উৎপাদন কৰি এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ১৯০০ চনত আমেৰিকাৰ অণুজীৱবিদসকলে কাঠফুলা খেতিত নতুন কৌশল অৱলম্বন কৰি বিশ্বত এই খেতি জনপ্ৰিয় কৰি তোলে। ইপিনে, ইংলেণ্ডত ১৯৩২ চনত কাঠফুলাৰ খেতি আৰম্ভ হৈ দেশখনত বৰ্তমান ই এক জনপ্ৰিয় খাদ্য হিচাপে স্বীকৃতি লাভ কৰিছে। অতি লাভজনক আৰু পুষ্টিদায়ক কাঠফুলাৰ খেতি ভাৰতত ১৯৬২ চনতহে আৰম্ভ হয়। সম্প্ৰতি আমাৰ দেশৰ প্ৰায় আটাইকেইখন ৰাজ্যতেই কাঠফুলাৰ খেতিয়ে বিস্তৃতি লাভ কৰিছে। প্ৰতিখন ৰাজ্যই জিলা পৰ্যায়ত নিবনুৱা যুৱক-যুৱতীসকলক ডি আৰ ডি এৰ জৰিয়তে ঋণ আগবঢ়াই কাঠফুলা খেতিৰ দ্বাৰা তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াই আহিছে। অসমত অতি কম দিনৰ ভিতৰতে কাঠফুলা খেতিৰ জনপ্ৰিয়তা লক্ষ্য কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি বহুবোৰ অনুষ্ঠানে কাঠফুলা খেতিৰ বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহিছে। ইতিমধ্যে অসমৰ খণ্ড উন্নয়ন কাৰ্যালয়সমূহৰ জৰিয়তেও প্ৰশিক্ষণ দি উৎপাদনৰ ক্ৰিয়া-কৌশল বুজাই দিয়াৰ উপৰি ব্যৱহাৰিক জ্ঞান আৰু ৰন্ধন প্ৰণালীৰ জ্ঞানো প্ৰদান কৰি তেওঁলোকক কৰ্মমুখী কৰি গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে। কাঠফুলাৰ খেতিৰ বৰ্তমান দেশীয় বজাৰো উৎসাহজনক বুলিয়েই ক’ব লাগিব। অসমত বা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ঠাইতেই এই কাঠফুলাৰ খেতি কৰা হয়। বিশ্বত বৰ্তমান উপলব্ধ প্ৰায় ৩৮ হাজাৰ কাঠফুলাৰ প্ৰজাতিৰ ভিতৰত ১০০০ বিধমান খোৱাৰ উপযোগী। শেহতীয়া সমীক্ষা অনুসৰি ভাৰতত এতিয়া মাত্ৰ চাৰিশ প্ৰকাৰৰ কাঠফুলাহে উৎপাদন হৈ আছে। বাকীবোৰ কাঠফুলা বিলুপ্তিৰ পথত বুলিয়ে ক’ব লাগিব। ইয়াৰ ভিতৰত অৱশ্যে বুটাম কাঠফুলাৰ দ্বাৰাহে কৃষকসকল উপকৃত হোৱা দেখা গৈছে। এইবিধ কাঠফুলা শীতকালতহে বেছিকৈ হয় বাবে শীতকালতহে ইয়াৰ খেতি বেছিকৈ কৰা হয়। আমাৰ দেশৰ কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ আদি ৰাজ্যত ইয়াৰ খেতি সমবায় ভিত্তিত কৰি অধিক লাভৱান হোৱা পৰিলক্ষিত হৈছে। অসমতো এইবিধ কাঠফুলা সমবায় ভিত্তিত কৰি নিবনুৱা যুৱক-যুৱতীসকলে লাভৱান হৈছে।

কাঠফুলাৰ চিনাক্তকৰণ

কাঠফুলা বিষাক্ত আৰু অবিষাক্ত দুই প্ৰজাতিৰেই আছে। অসমত পোৱা অবিষাক্ত আৰু বিষাক্ত প্ৰজাতিৰ কাঠফুলাসমূহ হৈছে-

অবিষাক্ত আৰু খোৱা কাঠফুলা

  • বগা বুটাম কাঠফুলা
  • ধতুৰা ফুলীয়া কাঠফুলা
  • পৰীৰ আঙঠি সদৃশ কাঠফুলা
  • দীঘল সাজৰ মঙহাল কাঠফুলা
  • বলেটাছ কাঠফুলা
  • গোবৰ কাঠফুলা
  • নবেল কাঠফুলা
  • মৌ কাঠফুলা
  • চিয়াঁহী জপৰা কাঠফুলা
  • ইন্দ্ৰনীল কাঠফুলা
  • পথৰুৱা কাঠফুলা
  • ছিণ্টেক কাঠফুলা
  • থোপোৰা চোৰাপ কাঠফুলা

বিষাক্ত আৰু খোৱাৰ অনুপযুক্ত কাঠফুলা-

  • মূৰ্খৰ কাঠফুলা
  • ফ্ৰাই এগোৰিক কাঠফুলা
  • ডেথ কেপ কাঠফুলা
  • কেজাৰ্ছ কাঠফুলা
  • ডেষ্ট্ৰয়িং কাঠফুলা

কাঠফুলা বিষয়ক প্ৰতিষ্ঠান

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত কাঠফুলা খেতিৰ সৈতে জড়িত বহুতো প্ৰতিষ্ঠান আছে। তেনে কেইটামান প্ৰতিষ্ঠান হৈছে- আব্দুলা ফুডছ লিমিটেড; ১৪৩ পাৰ্কলেন, লণ্ডন; ডুবাই ফ্ৰুইট এজেন্সী, ডাক বক্স নং ৪১২৫; মাক্সলুনেট এণ্ড কোব, ডাক বক্স নং ১০২৬৪৪; ৰডিমা কেনড্‌ ফুড লিমিটেড, টাউন হল চেম্বাৰছ ৩২/৩৪ বৰাগ হাইষ্ট্ৰীট, ইংলেণ্ড; নিকালি আৰু চিক’নেল প্ৰতিষ্ঠান, ২৭ পাৰ্ক এভিনিউ, নিউয়ৰ্ক(এই এছ এ)। আনহাতে ভাৰতত থকা কাঠফুলা খেতিৰ অগ্ৰণী প্ৰতিষ্ঠানকেইটা হ’ল- ইণদিয়ান ইউৰোনিয়াম অৱ্‌ হৰ্টিকালচাৰ ৰিছাৰ্চ চেণ্টাৰ, বাংগালুৰু; ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰেল ৰিছাৰ্চ কমপ্লেক্স, বৰাপানী, শ্বিলং; ইণ্ডিয়ান কাউন্সিল অব্‌ এগ্ৰিকালচাৰেল ৰিছাৰ্চ কেম্পাছ, নতুন দিল্লী; কাঠফুলা গৱেষণা আৰু প্ৰক্ষিক্ষণ কেন্দ্ৰ, বোলান, হিমাচল প্ৰদেশ; কেন্দ্ৰীয় খাদ্য আৰু প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠান, মহীশূৰ; মাছৰূম প্ৰজেক্ট এণ্ড প্ৰফেচনেল এছিছটেণ্ট ফৰ ডেভেলপমেণ্ট একচন, বেছলা, মধ্যপ্ৰদেশ আদি।

কাঠফুলাৰ উপকাৰিতা

কাঠফুলাৰ জনপ্ৰিয়তাৰ মূলতে হৈছে ইয়াৰ উপকাৰিতা।স্বাদ আৰু ব্যঞ্জন প্ৰকৰণৰ প্ৰস্তুতি সম্পৰ্কে জ্ঞাত হোৱাটো। মন কৰিবলগীয়া যে আমাৰ ব্যৱহাৰ্য খাদ্য দ্ৰব্যবোৰৰ ভিতৰত হয়তো কাঠফুলাই হ’ব একমাত্ৰ দ্ৰব্য যাক ব্যঞ্জন আৰু আচাৰ উভয় ৰূপতে খাব পাৰি, অথচ টেঙা, জ্বলা, কেঁহা বা তিতা আদি অনুভৱ নহয়। তদুপৰি ই এনে এবিধ দ্ৰব্য য’ত প্ৰ’টিন, চৰ্বি, খনিজ দ্ৰব্য, আঁহ, ভিটামিন আৰু শক্তি আদি পোৱা যায়। সেয়ে অসমৰ খেতিয়কসকলে বা সমবায়ভিত্তিত নিবনুৱা যুৱক-যুৱতীসকলে কাঠফুলাৰ খেতি কৰি দেশৰ অৰ্থনীতিত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

লিখক: অশ্বিনী কুমাৰ নাথ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate