অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বগৰী খেতিৰে স্বাৱলম্বন

বগৰী খেতিৰে স্বাৱলম্বন

ব্যতিক্ৰমী কৃষিকাৰ্যৰেও যে বছৰেকত দহ লাখ টকা উপাৰ্জন কৰিব পাৰি তাকেই প্ৰমাণ কৰি দেখুৱালে কলগাছিয়াৰ এজন শিক্ষিত যুৱকে। প্ৰাপ্ততথ্যমতে, কলগাছিয়াৰ নিকটৱৰ্তী বলাইপাথাৰ গাঁৱৰ দাউদ আলীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ গুৱাহাটীত এটা কোম্পানীৰ চাকৰি কৰিবলৈ লয়। তেনে অৱস্থাতে যোৱা বৰ্ষত তেওঁ এখন নাৰ্চাৰিলৈ গৈ তাৰ মালিকৰ সৈতে আলোচনা কৰাত মানুহজনে দাউদক বঙালী বগৰীৰ খেতি কৰাৰ পৰামৰ্শ দিয়ে। নাৰ্চাৰী মালিকৰ পৰামৰ্শ মতে এবিঘা মাটিৰ কাৰণে ৯০ টা পুলি ক্ৰয় কৰি আনে। এটা পুলিৰ দাম তিনিশ টকাকৈ ধৰি দুই হাজাৰ সাতশ টকাত পুলিখিনি ক্ৰয় কৰি আনি তেওঁ পথাৰত ৰুই দিয়ে। যোৱা বৰ্ষতেই ৫ লাখ টকাৰ বগৰী বিক্ৰী কৰিবলৈ সক্ষম হয় আলীয়ে। দাউডে প্ৰকাশ কৰা মতে বিগত বৰ্ষতকৈ এইবেলি তিনিগুন পৰিমাণৰ বগৰী গছত লাগিছে। বৰ্তমান কিলো প্ৰতি ৬০-৭০ টকাকৈ বগৰী বিক্ৰি কৰি তেওঁ ৭ লাখ টকাৰ বগৰী বিক্ৰী কৰিব পাৰিব বুলি তেওঁ ধাৰণা কৰিছে। উল্লেখ্য যে চলিত বৰ্ষত সাৰ-পানী ব্যৱহাৰ কৰি তেওঁ এই খেতিডৰাৰ বাবে ৫ ৰপৰা ৭ হাজাৰ টকা ব্যয় কৰিছে। দাউড আলীয়ে জানিবলৈ দিয়ামতে, তেওঁৰ এই বগৰী বঙাইগাওঁ, গোৱালপাৰা আৰু ধুবুৰীলৈ ৰপ্তানি হয়। সমস্ত বগৰী বেপাৰীসকলে খেতিৰপৰাই ক্ৰয় কৰি লৈ যায়। দাউড আলীয়ে জানিবলৈ দিয়ামতে, তেওঁৰ বগৰী উত্পাদনৰ কথা শুনি কৃষি বিভাগৰ লোক তেওঁৰ খেতিত উপস্থিত হৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। চৰকাৰী চাকৰি নকৰিও বছৰেকত ১০লাখ টকা উপাৰ্জন কৰিব পাৰি সেয়া তেওঁ প্ৰমাণ কৰিছে। ইফালে, গাঁৱৰে বহুত শিক্ষিত নিবনুৱাই দাউডৰ আদৰ্শৰে বগৰী খেতি কৰাও পৰিলক্ষিত হৈছে।

আব্দুৰ ৰহমান, কলগাছিয়া, দৈনিক অসম

 

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate