অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলা খেতিৰ প্ৰসাৰ আৰু ইয়াৰ ব্যৱসায়

কাঠফুলা খেতিৰ প্ৰসাৰ আৰু ইয়াৰ ব্যৱসায়

বৰ্তমান অতি কম ধন বিনিয়োগ কৰি অধিক উৎপাদ্ন পাব পৰা আৰু মাটি নোহোৱাকৈ কৰিবৱ পৰা খেতিবিধ হৈছে কাঠফুলাৰ খেতি অধিক জনপ্ৰিয় হৈ পৰা দেখা গৈছে। শেহতীয়াভাবে নলবাৰীজিলাতো কাঠফুলাৰ খেতিয়ে কৃষকসকলক আকৃষ্ট কৰাৰ লগতে বজাৰ দখল কৰিবলৈও সক্ষম হৈছে। জিলাখনৰ পূব নলবাৰী অঞ্চলৰ কেন্দুকুছিত নতুনকৈ গঢ়ি উঠা ‘কেন্দুকুছি  মাশ্বৰুম কৃষক গোষ্ঠী’ নামৰ স্ংগঠনটোৰ উদ্যোগত অঞ্চলটোত কাঠফুলা খেতিৰ প্ৰসাৰ আৰু ইয়াৰ ব্যৱসায়ৰ ক্ষেত্ৰত কাম চলাই থকা হৈওছে। এই স্ংগঠনটোৱে কাঠফুলা খেতিৰ প্ৰতি আগ্ৰহী কৃসকসকলক উপযুক্ত প্ৰশিক্ষণ দি থকাৰ লগতে কাঠফুলাৰ ‘ৰেডি পেকেট’ বিক্ৰি কৰি গ্ৰাহকসকলক সকাহ দি আহিছে। কেন্দুকুছি মাশ্বৰুম কৃষক গোষ্ঠীৰ সমন্বয়ক তপন দত্ত বৰুৱাৰ প্ৰচেষ্টাত অঞ্চলটোত প্ৰথম বৈজ্ঞানিক ভিত্তিত কাঠফুলাৰ খেতি আৰম্ভ কৰা হয়। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ দিহা-পৰামৰ্শমতে বৰুৱাই কাঠফুলাৰ খেতিৰে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হয়। এইগৰাকী উদ্যমী যুৱককে আদৰ্শ হিচাপে লৈ বৰ্তমান কেন্দুকুছি গাওঁৰ ২০-২৫ টা পৰিয়ালে ঘৰে ঘৰে কাঠফুলাৰ খেতি আৰম্ভ্ব কৰিছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰই কেন্দুকুছিক কাঠফুলা খেতিৰ গাওঁ হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশ হিচাপেই গাওখনৰ খেতিয়কসকলক বিভিন্ন প্ৰশিক্ষণৰ লগতে ব্যৱসআয়িক সম্পৰ্ক স্থাপনত সহায় কৰি দি আহিছে। আনকি কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যসূচী অমন্বয়ক ড০ মৃদুল ডেকাৰ ততপৰতাত জিলা উপায়ুক্ত ডা: ওম প্ৰকাশে গাওঁখন পৰিদৰ্শন কৰি কাঠফুলাৰ খেতিয়কসকলক উতসাহিত কৰি আহিছে।

উল্লেখ্য যে কাঠফুলা সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি আৰু কৃষিজাত পেলনীয়া সামগ্ৰী, ধানখেৰ, নৰা আদি ব্যৱহাৰ কৰি কৰিব পাৰি। খাদ্য হিচাপে কাঠফুলা, মধুমেহ, হৃদৰোগ, ব্লাড প্ৰেছাৰ আদিত যথেষ্ট উপকাৰী। আনহাতে, কাঠফুলা কলেষ্টৰেলমুক্ত হোৱাৰ লগতে ইয়াত থকা আৰ্গষ্টেৰলে ইতিমধ্যে মানৱ দেহত থকা কলেষ্টৰেলক খাদ্যপ্ৰাণ ‘ডি’লৈ ৰুপান্তৰ কৰে আৰু ই মেদবহুলতাৰ সমস্যা সমাধান কৰে। এইবোৰ কাৰণতে সম্প্ৰতি খাদ্য সামগ্ৰী হিচাপে কাঠফুলাৰ খেতিৰ প্ৰতি আগ্ৰহ বাঢ়িছে আৰু সেইমৰ্মে বজাৰতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে।

ৰমেন কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate