অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গো-পালনেৰে আদৰ্শ দেখুৱাইছে নলবাৰীৰ দ্বীজেন্দ্ৰ নাথ গোস্বামীয়ে

গো-পালনেৰে আদৰ্শ দেখুৱাইছে নলবাৰীৰ দ্বীজেন্দ্ৰ নাথ গোস্বামীয়ে

নলবাৰী জিলাত গাখীৰৰ চাহিদা যথেষ্ট আছে যদিও চাহিদা অনুপাতে উৎপাদন সম্ভৱ হৈ নুঠাত সাধাৰণ লোকসকলে এটুপি গাখীৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। জিলাখনত ব্যৱসায়ত ভিত্তিত গো-পালন কৰি গাখীৰ উৎপাদন কৰিবলৈ আগবাঢ়ি নহাত সৰহভাগ লোকে পেকেট গাখীৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলিব লগা হৈছে। প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও জিলাখনৰ যুৱক-যুৱতীসকল গো-পালনৰ প্ৰতি আগ্ৰহী নোহোৱাও জিলাখনত গাখীৰ উৎপাদন হ্ৰাস পাই আহিছে। অকল সেয়াই নহয়, জিলাখনত গো-পালন এতিয়াও পৰম্পৰাগত ব্যৱস্থাৰে চলি থকাত জিলাখনত গাখীৰৰ উৎপাদন বৃদ্ধি হোৱা নাই। এনে পৰিস্থিতিৰ মাজতো নলবাৰী চহৰৰ সমীপৰ মাজমজিয়াৰ দ্বীজেন্দ্ৰ নাথ গোস্বামী নামৰ লোকজনে গো-পালনেৰে দুগ্ধ উৎপাদন কৰি নিবনুৱা যুৱক-যুৱতীসকলক এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। গোস্বামীয়ে নিজৰ ঘৰতে এখন বৰ্ণসংকৰ জাতৰ গো-পাম স্থাপন কৰি অঞ্চলটোত এক আদৰ্শ স্থাপন কৰাৰ লগতে বহু পৰিয়ালৰ গাখীৰৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে। গোস্বামীয়ে তেওঁৰ পামখনত বৰ্তমান ১৮ জনী গাইগৰু পালন কৰাৰ লগতে দৈনিক গড়ে ৫০ লিটাৰতকৈ অধিক গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। তেওঁ জানিবলৈ দিয়া মতে, ১৯৮৮ চনতে এই পামখন স্থাপন কৰিছিল। মাত্ৰ কেইজনীমান গাইগৰুৰে পামখন আৰম্ভ কৰি পৰৱৰ্তী সময়ত গাইগৰুৰ সংখ্যা বৃদ্ধিক কৰিবলৈ সক্ষম হয়। প্ৰতি দুবছৰৰ মূৰত তেওঁ গৰুৰ পোৱালিবোৰ বিক্ৰী কৰি দিয়ে। তেওঁ জানিবলৈ দিয়া মতে, বৰ্তমান তেওঁ উৎপাদন কৰা গাখীৰ চহৰৰ বিভিন্ন পৰিয়ালে ঘৰৰ পৰা আহি লৈ যায়। বৰ্তমান তেওঁ এৱা গাখীৰ প্ৰতি লিটাৰত ৪০ টকা, দৈ প্ৰতি লিটাৰত ৮০ টকা আৰু মিঠাইৰ বাবে প্ৰয়োজনীয় চানা প্ৰতি কিলোগ্ৰামত ২২৫ টকা দৰত বিক্ৰী কৰে। কঠালবাৰীৰ যুৱক নিৰ্মল বৰ্মণে যোৱা কেইবা বছৰ ধৰি পাম খন পৰিচালনাৰ দ্বায়িত্ব বহন কৰি আহিছে। গোস্বামীয়ে পামখনৰ গৰুৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ উৎপাদনৰ বাবে তিনিবিঘা মাটিত ‘মাকৈ’ৰ খেতি কৰি সেয়া ঘাঁহ হিচাপে ব্যৱহাৰ কৰে। মুঠতে নলবাৰী চহৰৰ নিচেই ওচৰৰ গো-পামখনে অঞ্চলটোত এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে।

লিখক: ৰমেন কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate