অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নলবাৰীত ডলফিন মাগুৰৰ পোনা উৎপাদন

নলবাৰীত ডলফিন মাগুৰৰ পোনা উৎপাদন

দুই ভাতৃৰ স্বাৱলম্বিতাৰ নিদৰ্শন

মাগুৰ মাছ সম্পৰ্কে অসমীক লোকক নতুনকৈ চিনাকি কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। স্বাদ, পুষ্টি, চাহিদা, বজাৰ দৰ সকলো দিশৰ পৰাই মাগুৰ মাছ অতুলনীয়। ৰাজ্যখনৰ প্ৰাকৃতিক জলাশয়ত মাগুৰ মাছ উপলব্ধ যদিও পোনা উৎপাদন বৰ সহজলভ্য নোহোৱাৰ বাবে ৰাজ্যৰ সকলো প্ৰান্ততে মাগুৰ পোনা উপলব্ধ নহয়। শেহতীয়াকৈ অৱশ্যে কেইবাজনো পোনা উৎপাদকে মাগুৰ পোনা সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম হৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি। এইসকলৰ ভিতৰত নলবাৰী চহৰৰ সমীপৱৰ্তী বৰআজাৰাৰ ডলফিন মাগুৰ পোনা উৎপাদন আৰু পালন পাম অন্যতম। কেৱল মাগুৰ মাছৰ পোনা উৎপাদন আৰু পালনক ভিত্তি কৰি গঢ়ি উঠা এই পামখন অতিকৈ শৃংখলাবদ্ধ, সুপৰিচালিত আৰু ষোল্লাঅনাই বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বাৰ্তাবাহক। পৰমা দাস (৪৭) আৰু ৰাতুল দাস (৩৯) মীনপালক ভাতৃদ্বয়ে গঢ়ি তোলা এই পামখনে যে ৰাজ্যৰ মীন খণ্ডক বাৰুকৈয়ে সমৃদ্ধ কৰিব সেইটো খাটাং। সৰুৰে পৰা যৌথভাৱে মীনপালন কৰা ভাতৃদ্বয়ে মনতে পুহি ৰাখিছিল ভৱিষ্যতে মাগুৰ পোনা উৎপাদন আৰু পালন পাম এখন গঢ়ি তোলাৰ। মাগুৰ পোনাৰ অভাৱৰ সমস্যাটো কিছু হ’লেও জোৰা মাৰি মাগুৰ পালন প্ৰশস্ত কৰিবলৈ দুয়ো পণ ল’লে। পৰীক্ষামূলকভাৱে কাম কৰাৰ ইচ্ছাৰে হাজিৰ হ’লগৈ ৰাজ্যৰ আন এজন অগ্ৰণী মীনপালক শুক্লেশ্বৰ ব্ৰক্ষ্মৰ পামত। শুক্লেশ্বৰ ব্ৰক্ষ্ম আৰু পৰমা দাসে মাগুৰ পোনা উৎপাদনত লাভ কৰে আশাতীত সফলতা। দুয়োৰে প্ৰচেষ্টাত তেওঁলোকৰ পটভূমিত সৰলীকৃত আৰু মানকৃত হয় মাগুৰ পোনা উৎপাদন কৌশল। উল্লেখ্যযোগ্য যে মাগুৰৰ পোনা উৎপাদনৰ ক্ষেত্ৰত মতা মাছটোৰ পেট কাটি সংগ্ৰহ কৰা শুক্ৰাণুখিনিৰ প্ৰৰস প্ৰস্তুত কৰি পেট চেপা পদ্ধতিৰে মাইকী মাছৰ পৰা সংগ্ৰহ কৰা কণীখিনিক নিষেচিত কৰা হয়। আগৰ পাঁচ বিঘা ভূমি আৰু নতুনকৈ ক্ৰয় কৰা ছবিঘাসহ মুঠ এঘাৰ বিঘা ভূমিত সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে গঢ়ি উঠিল ‘ডলফিন মাগুৰ’ পোনা উৎপাদন কেন্দ্ৰ আৰু পালন পাম’। অতি শৃংখলাবদ্ধভাৱে প্ৰজনন কক্ষ বা পোনা উৎপাদন গোটটোৰ শাখাসমূহ নিৰ্মাণ কৰাৰ লগতে পোনা প্ৰতিপালন পুখুৰী, গাভিনী মাছপালন পুখুৰী আদিও চালে চকু ৰোৱাকৈ স্থাপন কৰে ভাতৃদ্বয়ে। প্ৰজননৰ বাবে বিভিন্ন প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা ১০০-১৫০ গ্ৰামৰ স্বাস্থ্যৱান মাছখিনি বিশেষভাৱে পৰিচৰ্য্যা কৰা হয়। সকলোখিনিক সাৰোগত কৰি বিগত ঋতুত (চলিত বৰ্ষত) আৰম্ভ কৰে পোনা উৎপাদন। অৱশ্যে দাস ভাতৃদ্বয়ে জনোৱামতে এই ক্ষেত্ৰত তেওঁলোকক সহযোগিতা আগবঢ়াই কাৰিকৰীভাৱে উদ্বুদ্ধ কৰিছে নলবাৰী জিলা মীন বিভাগে। তেওঁলোকৰ বাবে ডলফিন পামৰ সফলতা এক মৰ্য্যাদাৰ প্ৰশ্ন। সংশ্লিষ্ট মীন সম্প্ৰসাৰণ বিষয়া আনন্দ কলিতাই জানিবলৈ দিয়া মতে পৰমা-ৰাতুলৰ প্ৰতিটো কামতে আছে উদ্ভাৱনী চিন্তাৰ উন্মেষ। বিশেষকৈ মাগুৰৰ পোনাসমূহ ভ্ৰূণ পৰ্য্যায়ৰ পৰা আঙুলি জোখৰ পোনালৈ পৰ্যবসন কৰিবৰ বাবে তেওঁলোকে প্ৰয়োগ কৰে বিভিন্ন কৌশল। খাদ্য প্ৰয়োগ আৰু ঔষধ প্ৰয়োগো সম্পূৰ্ণ ব্যৱহাৰিক অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা। মাগুৰ উৎপাদনৰ কাৰিকৰী দিশটোৰ লগত জড়িত হৈ তেওঁ অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষত প্ৰায় ৮-১০ লাখ বিক্ৰীযোগ্য পোনা উৎপাদন কৰিছে পামখনে। নগাঁও, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় প্ৰমুখ্যে ৰাজ্যৰ বিভিন্ন ঠাইৰ মীনপালকে এই পামখনৰ পোনা নি উপকৃত হৈছে।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate