অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যক্তিৰ পৰা অনুষ্ঠানলৈ

ব্যক্তিৰ পৰা অনুষ্ঠানলৈ

শোনিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগত অৱস্থিত পাভৈ।এগৰাকী উদ্যমী যুৱকৰ নিৰবিচ্চন্ন প্ৰ্চেষ্ঠাত এই পাভৈতেই গঢ় লৈ উঠিছে এখন কৃষিপাম-নাম “লক্ষ্মী কৃষি বহুমুখী প্ৰ্কল্প”।৯০ বিঘা মাটিকালিৰ এই পামখনৰ ব্যাপ্তিয়ে আজি সেইগৰাকী উদ্যমী যুবকক পৰিনত কৰিছে ব্যক্তিৰ পৰা অনুষ্ঠানলৈ।

সেই যুৱকজনৰ নাম নীলম দত্ত।

আশীৰ দশকতে “লশ্মী কৃষি বহুমুখী প্ৰ্কল্প”স্থাপন কৰিছিল নীলম দত্তৰ চিকিৎসক পিতৃ ড:হেমেন দত্তই।২০০১ চনত পিতৃৰ অকাল বিয়োগত তেখেতৰ কনিষ্ঠ পুত্ৰ নীলমে এই পামৰ দায়িত্ব বহন কৰে।তেতিয়া নীলমৰ বয়স মাত্ৰ ১৭ বছৰ।

আৰম্ভনিতে এই পামখনৰ অকল ধানখেতি আৰু মীন পালনতহে গুৰুত্ব দিয়া হৈছিল।কিন্ত জৈৱিক পদ্ধতিত আৰু আধুনিক প্ৰযুক্তিৰ ওপৰত বিশ্বাস ৰখা নীলমৰ তত্বাৱধানত পামখনত ধান আৰু মীন পালনৰ লগতে অন্যান্য খেতিও বিজ্ঞানসন্মত্ব পদ্ধতিৰে কৰিবলৈ লোৱা হয়।২০০৩ চনৰে পৰা নীলমে পামখনৰ ৪৫ বিঘা মাটিত সম্পূৰ্ন জৈৱিক পদ্ধতিৰে ধান খেতি কৰি বছৰি ২২,৫ টনকৈ ধান উৎপাদন কৰি আহিছে।জৈৱিকভাবে ধান খেতি কৰাৰ লগতে তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ লুপ্তপ্ৰায় হবলৈ ধৰা ধানৰ থলুবা জাতবোৰো স্ংৰক্ষন কৰাৰ কামত ব্ৰতী হৈ আছে।২০০৯ চনৰে পৰা বৰ্তমান সময়লৈকে তেওঁ ৭৬টা ধানৰ জাত স্ংৰক্ষন কৰি ৰাখিছে।ঠিক সেইদৰে বিজ্ঞানসন্মতভাবে মীনপালন কৰাৰ লগতে নীলমে মীন প্ৰ্জননৰ কামতো ব্ৰতী হৈ আহিছে।বৰ্তমান তেওঁৰ পামত প্ৰায় ১২ বিধ থলুবা মাছৰ প্ৰ্তিপালন তথা প্ৰজননৰ কাম নিয়মিতভাবে চলি আছে।থলুবা মাছৰ লগতে তেওঁৰ পামখনত আলংকাৰিক মাছৰ প্ৰ্তিপালনো কৰি থকা হৈছে।

কৃষক তথা উদ্যোগীসকলে যাতে উন্নত কৃষি প্ৰযুক্তিৰ বিষয়ে জ্ঞান লাভ কৰে তাৰ বাবে নীলমে অসম কৃষি বিশ্ববিদ্যালয় তথা অন্যান্য অনুষ্ঠানৰ সহযোগত তেওঁৰ কৃষি পামত নিয়মীয়াকৈ প্ৰ্শিক্ষনৰ ৱ্যৱস্থা কৰি আহিছে।২০০৫ চনত তেওঁৰ পামখনত পাঁচজন শ্ৰমিকেহে কাম কৰিছিল যদিও বৰ্তমান তেওঁৰ প্ৰায় ৩০ জন শ্ৰমিক ইয়াত কৰ্মৰত হৈ আছে।আনহাতে সেই সময়ত এই পামখনৰ বছৰি উৰ্পাজন আছিল ২ লাখ টকা।কিন্ত নীলম দত্তৰ একাগ্ৰতা আৰু দূৰদৰ্শী পৰিকল্পনাৰ ফলত বৰ্তমান এই পামখনে বচৰি ২৫ লক্ষাধিক টকা উৰ্পাজন দিবলৈ সক্ষম হৈছে।

জৈৱিক কৃষিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নীলমে ২০০১ চনতে তেওঁৰ পামত কেচুঁসাৰ উৎপাদনৰ কাম আৰম্ভ কৰিছিল।বৰ্তমান তেওঁৰ পামত বছৰি ৩০০ টনৰো অধিক কেচুঁসাৰ উৎপাদন হৈ আছে।কেচুঁসাৰৰ সমান্তৰালকৈ তেওঁৰ পামত বৃহৎ পৰিমানৰ ভাৰ্মিৱাছ অৰ্থাৎ কেচুঁৰসো উৎপাদন হৈ আছে।জৈৱিক কৃষিত দেখুওৱা উল্লেখনীয় সফলতাৰ বাবে ২০১৩ চনত “বালিপাৰা ফাউণ্ডেশ্যন”নীলম দত্তক ভৱিষ্যতৰ খাদ্য বটাঁ প্ৰ্দান কৰে।আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও স্ংগঠনে তথা প্ৰ্তিষ্ঠানে নীলমক জৈৱিক কৃষিৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে।এনে প্ৰ্তিষ্ঠানসমূহৰ ভিতৰত আৰন্যক,মেকলয়ড-ৰাছেল,অসম-টি কোম্পানী,লক্ষ্মী টি,অসম ব্ৰুক আদি উল্লেখযোগ্য।

সম্প্ৰ্তি নীলমে তেওঁৰ পামত হাহঁপালন,গোপালন আৰু নাৰ্চাৰী আদিও ব্যৱসায়িক ভিত্তিত কৰিবলৈ লৈছে।নতুনত্বৰ ওপৰত বিশ্বাসী নীলমে ব্ৰাচেলচ ষ্প্ৰাউট,লেটুচ,ৰঙীন কেপচিকাম আদিৰ দৰে অসমত তুলনামূলকভাবে নতুন পাচলিসমূহ এখন ঘৰুবা বজাৰ সৃষ্টি কৰাৰ বাবে প্ৰ্চেষ্ঠা চলাই আছে।ইয়াৰ লগতে কাৱৈ,মাগুৰ আদি মাছৰ প্ৰজনন কৰা ট্ৰাকডাৰমা,চিউডমনাচ,পি এছ বি,আদি উপকাৰী জীবানুবোৰ স্ংযোজন কৰি কেঁচুসাৰৰ মূল্যবান বৃদ্ধি কৰা,মাটিহীন মাধ্যমত ফুলৰ পুলি উৎপাদন কৰা আদি ন-ন কামতো তেওঁ ব্ৰতী হৈ আছে।

এনেদৰেই নিজৰ কৰ্মক্ষেত্ৰখনত জৰিয়তে বিকশিত হৈছে নীলম দত্ত—ব্যক্তিৰ পৰা অনুষ্ঠানলৈ।।

লিখক: নীলম দত্ত, এগ্ৰি-হৰ্টি প্ৰ্দৰ্শনী ২০১৫

 

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate