গাৰো জন-জাতিসকলৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু উল্লেখযোগ্য অনুষ্ঠান হ’ল ওৱাংগালা। ওৱাংগালা মূলত: কৃষি ভিত্তিক অনুষ্ঠান হ’লেও কৃষিৰ লগত ইয়াৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই। আহিন-কাতি মাহত খেতি চপোৱাৰ সময়ত গাৰো বিশ্বাসৰ শস্যৰ দেৱতা মিছিচালজং বা চালজং (সূৰ্যদেৱতা) দেৱতালৈ কৃতজ্ঞতাৰ চিন স্বৰূপে মদ-মাংসৰে উপাচাৰ আগবঢ়োৱা হয় আনুষ্ঠানিক ভাৱে খামাল বা পুৰোহিতৰদ্বাৰা চালজং দেৱতালৈ প্ৰাৰ্থনা জনোৱা হয়। ওৱাংগালা অনুষ্ঠানৰ প্ৰস্তুতি অৱশ্যে তেওঁলোকৰ খেতিৰ আৰম্ভণিৰ সময়ৰ পৰাই চলে। ইয়াৰ বাবে নিৰ্দ্দিষ্ট কোনো দিন-বাৰ থকাৰ কথা জনা নাযায়। খেতি চপোৱাৰ পিছত সমজুৱাভাৱে মিলি দিন স্থিৰ কৰি লোৱা হয়। উৎসৱৰ নিৰ্দ্দিষ্ট দিনত প্ৰথমে গাঁৱৰ মুখিয়াল নকমা(গাওঁবুঢ়া) জনৰ ঘৰতে শস্য দেৱতাৰ নামত পূজা পতা হয়। মদ, মাংস আৰু ঘৰতে প্ৰস্তুত কৰা চু(লাওপানী) দেৱতালৈ আগবঢ়োৱা হয়। ইয়াৰ পিছত গোটেই গাঁও বাসীয়ে নকমাৰ ঘৰতে এসাজ খায়। খোৱা-বোৱাৰ অন্তত প্ৰথমে বয়সিয়াল লোকসকলে আৰু পিছত ডেকা-গাভৰুহঁতে নাচ-গান কৰে। পিছদিনা ৰাতিপুৱা গাঁওবাসী পুনৰ মুখিয়ালজনৰ ঘৰলৈ আহে আৰু তাতে চাচাত নামৰ ওৱাংগালাৰে আন এটি পৰ্ব পালন কৰে। চাচাতৰ বাবে ঢোল, খোল, নাগাৰা আৰু কাঁহৰ চৰিয়া আকৃতিৰ বাদ্য বজোৱা হয়। বয়সিয়াল লোকসকলে গাৰোসকলৰ নিজা মিল্লাম(ঢাল-তৰোৱাল) লৈ গ্ৰিকা নামৰ এবিধ নাচ নাচে। ডেকাসকলে চৰাই খেদাৰ নিচিনাকৈ মুখেৰে মাত-শব্দ কৰে। কোনো কোনো আঢ্যবন্ত মুখিয়ালৰ ঘৰত চাচাতৰ সময়ত ধুনী জ্বলোৱা ৰীতি প্ৰচলিত আছে। ইয়াৰ পিছত পানী মিহলি চাউলৰ গুৰিৰে ঘৰৰ বেৰত প্ৰলেপ দিয়া হয় আৰু উপস্থিত মানুহখিনিৰ গাতো ঘঁহি দিয়া দেখা যায়। ইয়াক এক পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ পিছতহে গাইগুটীয়া ভাৱে নিজৰ ঘৰত চাচাত পালন কৰা হয়। প্ৰত্যেক ঘৰ মানুহে ‘চু’ প্ৰস্তুত কৰে। ঘৰে ঘৰে বনোৱা ‘চু’ শেষ হ’লেহে ওৱাংগালা উছৱৰ অন্ত পৰে। ওৱাংগালা অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ’ল ঢোল আৰু নাচৰ প্ৰতিযোগিতা। গাওঁ বিলাকৰ মাজত এই প্ৰতিযোগিতা চলে। ইয়াৰ বাবে এশ এটা ডাঙৰ-দীঘল আকৃতিৰ ঢোল যোগাৰ কৰা হয়। ল’ৰা, ডেকা, বুঢ়া মানুহ, তিৰোতা সকলোৱে ইয়াত ভাগ ল’ব পাৰে। নিজৰ জাতীয় পোচাক পৰিধান কৰি, মূৰত চৰাইৰ পাখি আৰু গছৰ পাত আদি গুজি, নক্মাই হাতত এখন দা আৰু বয়সিয়ালসকলে মিল্লাম লৈ নাচে। তাৰ মাজৰপৰাই এটি শ্ৰেষ্ঠ দল বাচি উলিওৱা হয়। মুকলি পথাৰত বিৰাট জন সমুদ্ৰৰ মাজত এই ওৱাংগালা নৃত্য অনুষ্ঠিত হয়। ৰঙালী বিহুৰ ৰাঙলী পৰিবেশত অসমীয়া ডেকা-গাভৰুৱে চা-চিনাকি হোৱাৰ দৰে ওৱাংগালা উৎসৱতো গাৰো ডেকা-গাভৰুৰ হিয়া দিয়া-নিয়াৰ সোণালী সুযোগ উপস্থিত হয়।
লেখিকা: ড° প্ৰণতি শৰ্মা গোস্বামী, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
অসমীয়া সাহিত্যৰ বুৰঞ্জী
ব্যক্তিৰ পৰা অনুষ্ঠানলৈ
কৰম পৰৱ
চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান