অসমৰ গাঁও অঞ্চলত ফুলৰ খেতি সাধাৰণতে নগণ্য। এই খেতিৰ ব্যাপক সম্ভাৱনা থকা স্বত্ত্বেও ই অৱহেলিত। ফুলৰ চাহিদা অসমৰ বাহিৰত ব্যাপক। বৰ্তমান ছিংগাপুৰ, মালয়েছিয়া আদি দেশলৈ ফুল ৰপ্তানী হয়। ফুলৰ পৰা তেল আৰু সুগন্ধি (ফ্ল’ৰেল অইল) পোৱা যায়। পাৰফিউমড্ শিল্পত এই ফ্ল’ৰেল অইল ব্যৱহাৰ কৰা হয়। উন্নত দেশত বিভিন্ন দ্ৰব্যত প্ৰাকৃতিক ৰং হিচাপে ফ্ল’ৰেল অইলৰ ব্যৱহাৰ হয়। শুকান ফুল, ফুলৰ গছ, পাত, ডাল, শিপা আদিও বাহিৰৰ দেশলৈ ৰপ্তানী হৈ আছে। ই এটা ফৰচুন ইণ্ডাষ্ট্ৰী হিচাপে প্ৰখ্যাত। ইয়াৰ ভৱিষ্যত্ উজ্জ্বল। ফুলৰ খেতি আন আন কৃষিকৰ্মতকৈ অতি লাভজনক। ঠিক তেনেদৰে অৰ্কিডৰ আন্তৰ্জাতিক বজাৰত যথেষ্ট চাহিদা আছে। অসমত কম বিনিয়োগত অধিক ফুলৰ উৎপাদন কৰিব পৰা যায়। বাহিৰৰ বজাৰত অধিক চাহিদা থকা ফুলবোৰৰ ভিতৰত গ্লেডিঅ’লাছ ৰজনীগন্ধা আৰু নাৰ্জী ফুল বিশেষভাৱে উল্লেখযোগ্য। বৰ্তমান ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় ফুলৰ চাহিদা পূৰণৰ বাবে আন ৰাজ্যৰ পৰা ফুল আমদানি কৰা হয়। এক অধ্যয়নত প্ৰকাশ হাৰিয়ানাৰ প্ৰতি হেক্টৰ মাটিত মেৰিগোল্ডৰ পৰা মুঠ আয় হয় ৪৫,০০০ টকা। আনহাতে কৃষিকৰ্মৰ ধানৰ পৰা ২৭,০০০ টকা, অৰহৰ দালিৰ পৰা ১২,০০০ টকা, গ্লেডিঅ’লাছৰ পৰা প্ৰতি হেক্টৰ মাটিৰ পৰা ৩.৬০ লাখ টকা, আনহাতে গম খেতিৰ পৰা ১৭,৮০০ টকা, সৰিয়হৰ পৰা ১৪,৩০০ টকা। অধ্যয়নত ফুলৰ খেতিৰ পৰা অধিক লাভ হয় বুলি প্ৰকাশ। উদ্যোগী যুৱক-যুৱতীয়ে গ্ৰহণ কৰিব পৰা আন এক অৰ্থনৈতিক আঁচনি হ’ল নাৰ্ছাৰী বা পুলিবাৰী। পুলিবাৰী স্থাপনৰ জৰিয়তে নিজৰ খেতিডৰাৰ লগতে আন আন কৃষককো উন্নত ৰোপণ সামগ্ৰী যোগান ধৰিব পাৰে। ইয়াৰ দ্বাৰা নিজৰ আয় বৃদ্ধি কৰাৰ উপৰি আনৰো কৃষি উৎপাদনত সহায় কৰিব পাৰে।
পাঠফুলা এবিধ অতি উচ্চ প্ৰ’টিনযুক্ত ঔষধি গুণেৰে ভৰপূৰ নিৰামিষ আহাৰ। কাঠফুলাত নিহিত থকা খাদ্যগুণ, সুগ্ধি আৰু সোৱাদৰ বাবে আজি ই দেশে-বিদেশে পাচলি হিচাপে সমদৃত হ’ব ধৰিছে। কাঠপুলা খেতি বছৰটোৰ বাৰ মাহে কৰিব পৰা যায় যদিও ইয়াৰ উৎপাদন ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ বেছি ভাল হয়।
কৃষিকালঃ ছেপ্তেম্বৰ-এপ্ৰিল, মুঠ ৮ মাহ = ২৪০ দিন।
প্ৰতিদিনে ৩ টা বেগ বনালে মুঠ বেগ হ’ব ৩ × ২৪০ = ৭২০ টা বেগ। ৭২০ টা বেগৰ পৰা আনুমানিক ৯৩০ কেজি সামগ্ৰী পোৱা যায়। প্ৰতি কেজি ৪০ টকাকৈ বিক্ৰী কৰিলে মুঠ আয় হ’ব ৩৭,২০০ টকা। আনুমানিক খৰচ ১৫,৬৪৮ টকা। মুঠ লাভ ২১,৫৫২ টকা। বছৰত ২১,৫৫২ টকা লাভ হ’লে মাহে থাকিব ২,৬৯৪ টকা। যিহেতু বছৰটোৰ ৯ মাহমান কাঠফুলা খেতি কৰিব পৰা যায়, সেয়েহে বাকী তিনি মাহ বিকল্প কৃষি পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজন।
অসম নদ-নদী, বিল, জলাশয়ৰে ভৰপূৰ। মীনপালনৰ উপযুক্ত পৰিৱেশ থকা স্বত্ত্বেও ৰাজ্যখনৰ আভ্যন্তৰীণ মান উত্পাদনে ৰাজ্যখনৰ এক চতুৰ্থাংশ চাহিদা পূৰণ কৰিব নোৱাৰে। ফলত এক বুজন পৰিমাণৰ মাছ অসমৰ বাহিৰৰ পৰা আনিবলগা হয়। অসমৰ জলাশয়বোৰৰ উন্নতি সাধন কৰা নিতান্তই প্ৰয়োজন হৈ পৰিছে।
ব্যৱহৃত পুখুৰী সংমিশ্ৰিত মীনপালনৰ অৰ্থনীতিঃ পানীকালি ০.১৪ হেক্টৰ (এক বিঘা)।
মুঠ মাছ উৎপাদন ৪০০ কেজি, প্ৰতি কেজিত ৪০ টকা হিচাপে ১৬,০০০ টকা।
মুঠ খৰচ ৭,৩৭৫ টকা।
মুঠ আৰ্থিক লাভ ৮,৬২৫ টকা।
কৃষি উৎপাদন বৃদ্ধিত মৌ পালনে এক উল্লেকযোগ্য ভূমিকা পালন কৰিব পাৰে। পৰ পৰাযোগী উদ্ভিদবোৰৰ পৰাগ সংযোগৰ বাবে কীট-পতংগৰ ওপৰতে বহুগুণে নিৰ্ভৰশীল। এইক্ষেত্ৰত মৌমাখিয়ে এক উত্কৃষ্ট পৰাগ সংযোগী হিচাপে স্বীকৃত। আধুনিক কৃষি বিজ্ঞানত শস্য উৎপাদনৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী যেনে- সাৰ, উন্নত বীজ আদিৰ লগতে মৌমাখিক এক আহিলা হিচাপে গণ্য কৰা হয়। উন্নত দেশত কৃষিক্ষেত্ৰৰ লগত মৌ পালন এক অপৰিহাৰ্য্য আহিলা হিচাপে পৰিগণিত। বহু পৰীক্ষা-নীৰিক্ষাৰ পৰা এইটো প্ৰমাণ হৈছে যে কৃষিক্ষেত্ৰত মৌমাখিৰ সংযোগে তৈল জাতীয় শস্যৰ উৎপাদন প্ৰায় দুগুণ আৰু ফলমূল উৎপাদন ১৫০-২০০ শতাংশ বৃদ্ধি কৰে। ঠিক তেনেদৰে আন আন শস্যৰ উত্পাদনো বৃদ্ধি কৰে। উন্নত দেশত মৌ খাদ্য হিচাপে যথেষ্ট গুৰুত্ব পাইছে। অসমত বছৰত প্ৰায় ৯ মাহ মৌৰ উৎপাদন পাব পৰা যায়। প্ৰতিটো স্থানীয় জাতৰ মৌৰ পৰা প্ৰতিটো বাকচ অনুযায়ী বছৰত ১০ কেজিৰ পৰা ১৫ কেজিলৈ মৌৰ উৎপাদন কৰিব পৰা যায়। আনহাতে, বিদেশী জাতৰ পৰা প্ৰতিটো বাকচ অনুযায়ী বছৰত ৪০ কেজিৰ পৰা ৫০ কেজিলৈ উৎপাদন কৰিব পৰা যায়। যিকোনো খেতি পথাৰত উদ্যান ক্ষেত্ৰত মৌৰ বাকচ ২০ বৰ্গফুট ব্যৱধানত দিব পৰা যায়। প্ৰতিবছৰে মাৰ্চ-এপ্ৰিল মাহত ৰাণী মৌ মাখি ধৰিব পৰা যায়। তৈলজাতীয় বা আন আন শস্যৰ ২ বিঘা বা ২৮,৮০০ বৰ্গফুট মাটিৰ মৌৰ উৎপাদনৰ পৰা আয়ৰ এক হিচাপ তলত উল্লেখ কৰা হ’ল-
মৌৰ বাকচ- ৭২ টা।
স্থানীয় মৌৰ উৎপাদন- ১২ কেজি।
বিক্ৰী- ২০০.০০ প্ৰতি কেজি।
খৰচ- ১,১৭,০০০.০০ টকা।
আয়- ৫৫,৪০০ টকা।
এইবোৰৰ উপৰি যৌথভাৱে বা আত্মসহায়ক গোটৰ দ্বাৰা গাইগৰু পালন, ছাগলী পালন, হাঁহ-কুকুৰা পালন কৃষিক্ষেত্ৰৰ ওচৰত কৰিব পৰা হ’লে কৃষিৰ বাবে প্ৰয়োজনীয় সাৰ সহজে পোৱা যাব। আৰু এই ব্যৱস্থাই অসমত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ পৰা গৰু-ছাগলী আদিক সুৰক্ষা দিব পৰা যাব। অসমৰ গাঁও অঞ্চলত এৰী, মুগা, পাট আৰু কপাহৰ কাপোৰ উৎপাদন আৰু বিক্ৰী ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে। নিয়োগ সৃষ্টিত এই শিল্পৰ গুৰুত্ব অধিক। অকল এৰী বা মুগাৰ পৰাই বিভিন্ন স্তৰত নিয়োগ সৃষ্টি হ’ব পাৰে। প্ৰথম স্তৰত খেতি, দ্বিতীয় স্তৰত সূতা কটা, তৃতীয় স্তৰত বোৱা-কটা, চতুৰ্থ স্তৰত ডিজাইন, পঞ্চম স্তৰত বিক্ৰী। এৰী-মুগাৰ সূতা কটা আৰু বোৱাৰ বাবদ বিনিয়োগ সামান্য। আনহাতে নিয়োগৰ মাত্ৰা অধিক। ইয়াৰ বজাৰ অসমতে নহয়, বজাৰতো চাহিদা যথেষ্ট। অসমৰ গাঁও অঞ্চলত জীৱন ধাৰণ, বিভিন্ন জনগোষ্ঠীৰ শিল্পকৰ্ম, হস্তচালিত বোৱন শিল্পৰ উত্পাদিত কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী, সংস্কৃতি, পৰম্পৰা আৰু আন আন দিশত পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গ্ৰাম্য পৰ্যটনৰ বিশেষ গুৰুত্ব আছে। গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ সংযোগ কৰাত সুবিধা অনুযায়ী পথ পৰিবহণ আৰু জল পৰিবহণৰ ব্যৱস্থা কৰিব পৰা যায়। জল পৰিবহণৰ বাবে ঠাইভেদে আৰু সুবিধা অনুযায়ী নদ-নদী, বিল, জলাশয় আৰু বিভিন্ন অঞ্চলত অৱস্থিত জলসিঞ্চনৰ প্ৰকল্প বহুমুখী জলসিঞ্চন প্ৰকল্পলৈ ৰূপান্তৰিত কৰি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ পৰ্যটকৰ বাবে অধিক আকৰ্ষণৰ স্থল হিচাপে উন্নীত কৰিব পৰা যায়। অসমত বিবিধ ধৰণৰ সম্পদ আছে, তাক চিনাক্ত আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিলে অসমৰ উন্নতি আশা কৰিব পৰা যায়।
চীন দেশৰ ক্ষুদ্ৰ আৰু গ্ৰাম্য উদ্যোগবোৰে দেশৰ ২৫ কোটি মানুহৰ নিয়োগ সৃষ্টি কৰিছে বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ। এই সংখ্যা প্ৰতিবছৰে বৃদ্ধি হৈ আছে। চীন দেশ বৰ্তমান বিশ্বৰ ভিতৰত আগশাৰীৰ দেশ বুলি পৰিগণিত হৈছে। অসমৰ মানুহে নিজৰ অঞ্চলৰ সম্পদ ব্যৱহাৰ কৰি কম মূলধনেৰে কৃষিকে ধৰি ক্ষুদ্ৰ উদ্যোগ আৰু গ্ৰাম্য উদ্যোগ গঢ়ি তুলিব পাৰে। এইক্ষেত্ৰত বিশ্বৰ আন আন দেশৰ বিভিন্ন সমবায় যেনে চীন দেশৰ পিপলছ কমাইন, জাপানৰ ৰুৰেল কো-অপাৰেটিভ, ইজৰাইলৰ কিব্বাজ, টাঞ্জানিয়াৰ উজাম্মা। অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি অসমৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ বাবে পদক্ষেপ ল’ব পৰা যায়।
লেখক: ড০ পুলিন বিহাৰী নাথ, নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
অপৰাজিতা ফুলৰ ঔষধি গুণ
পশ্চিম নলবাৰীত সৰিয়হৰ হালধীয়া ফুলৰ হাঁহি
দোৰোণ ফুলৰ উপকাৰিতা
অৰ্কিডৰ বিষয়ে কিছু কথা