অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অৰ্কিডৰ বিষয়ে কিছু কথা

পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে সিচঁৰতি হৈ থকা অৰ্কিড এবিধ চিত্তাকৰ্ষক মনোৰম ফুল। অৰ্কিডৰ ৰং আৰু গঠনৰ ভিন্নতা আন কোনো ফুলতে দেখিবলৈ পোৱা নাযায়। সেয়েহে আৰ্ন্তজাতিক ফুলৰ বজাৰত অৰ্কিডৰ ব্যৱসায়িক চাহিদা অত্যন্ত বেছি। ফুলৰ বাহিৰেও অৰ্কিডৰ আন কেতবোৰ অতি গুৰুত্ব পূৰ্ণ ব্যৱহাৰিক চাহিদা আছে।

বিশ্বত বৰ্তমান অৰ্কিডৰ ১৪০০ বৰ্গ, ৩০,০০০ হাজাৰৰো অধিক প্ৰজাতি আৰু ১.২ লাখৰো অধিক বৰ্ণসংকৰ জাত আছে। ইয়াৰে ১৮৪ টা বৰ্গৰ  প্ৰায় ১৩০০ প্ৰজাতি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পোৱা যায়। এক সমীক্ষা অনুযায়ী পূৰ্বোত্তৰ হিমালয়ৰ পাদদেশ আৰু উত্তৰ পূৱ ভাৰতৰ ভূখণ্ডৰ অৰণ্য ভূমি অৰ্কিডৰ অৱস্থিতিৰ বাবে অতি অনুকূল। এই অঞ্চল সমূহৰ জলবায়ু, সমুদ্ৰ পৃষ্ঠৰ পৰা ইয়াৰ ভৌগোলিক অৱস্থানে ইয়াৰ অৰণ্য সমূহক অৰ্কিডৰ অৱস্থিতিৰ বাবে অতি প্ৰাণৱন্ত কৰি তুলিছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাই কেইখন ৰাজ্যৰ ভিতৰত অৰুণাচলতে আটাইতকৈ বেছি অৰ্কিড পোৱা যায় আৰু সেয়েহে ইয়াক অৰ্কিডৰ ভূ স্বৰ্গ বুলিও জনা যায়।

অৰ্কিডৰ প্ৰতি ভাবুকি

সম্প্ৰতি ভাৰতবৰ্ষত পোৱা বিভিন্ন অৰ্কিডৰ প্ৰজাতি সমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। কেৱল উত্তৰ-পূৰ্বাঞ্চলত পোৱা ৮০০ বিধ প্ৰজাতিৰ প্ৰায় ৭০ বিধ অৰ্কিডেই বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। বহুবোৰ কাৰকে অৰ্কিডৰ এই বিলুপ্তিৰ ক্ষেত্ৰত ইন্ধন যোগাইছে। ইয়াৰ ভিতৰত বীজৰ পৰিবৰ্দ্ধনৰ দৰে জটিল সময়ত প্ৰকৃতিত থকা মাইক’ৰাইজা নামৰ ভেঁকুৰৰ সংস্পৰ্শলৈ নহা, অৰ্কিড হোৱা বনাঞ্চল সমূহৰ ধ্বংস কাৰ্য আৰু জলবায়ু পৰিৱৰ্তনেই অৰ্কিড বিলুপ্তিৰ অন্যতম কাৰণ বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ উপৰিও বিস্তৃত হাৰত অৰ্কিডৰ চোৰাং বেহাইও অৰ্কিডৰ বিলুপ্তিত ইন্ধন যোগাইছে।

সংৰক্ষণ

অৰ্কিডৰ বিভিন্ন প্ৰজাতিৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে পৰ্যায় ক্ৰমে কিছুমান পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। বিলুপ্তপ্ৰায়, দুষ্প্ৰাপ্য অৰ্কিডৰ প্ৰজাতি সমূহ সংগ্ৰহ কৰি কলা কৰ্ষণৰ মাধ্যমেৰে এই প্ৰজাতি সমূহৰ পৰিবৰ্দ্ধন ঘটাই অনুকূল প্ৰাকৃতিক পৰিবেশত সংস্থাপনৰ লগতে উপযুক্ত প্ৰতিপালন আৰু নিৰীক্ষণৰ ব্যৱস্থাই অৰ্কিডৰ বৃদ্ধিত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ইয়াৰ সমান্তৰাল ভাৱে অৰ্কিডৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ উপযুক্ত আৰু সংশোধিত বন আইনাৰ কঠোৰ প্ৰয়োগো জৰুৰী বুলি বিবেচিত হৈছে। ইয়াৰ উপৰি অৰ্কিডৰ প্ৰাকৃতিক বাসভূমি সমূহ সংৰক্ষন কৰি এই অঞ্চল সমূহত অৰ্কিডৰ বৃদ্ধিৰ বাবে উপযোগী গছ-গছনি ৰুই, বনাঞ্চল সম্প্ৰসাৰণ কৰাৰো প্ৰয়োজন আহি পৰিছে। অৰ্কিড সংৰক্ষণৰ বাবে বিভিন্ন শিক্ষানুষ্ঠান, সংগঠন আদিক উৎসাহিত কৰাৰ লগতে ক্ৰায়ো’প্ৰিজাৰভেশ্যনৰ জৰিয়তে অস্তিত্বৰ সংকটৰ মুখামুখি হোৱা অৰ্কিডৰ প্ৰজাতি সমূহক সংৰক্ষণ কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

অৱস্থান

প্ৰজাতি

স্বাভাৱিক অৱস্থান

ন্বিলুপ্তিৰ পৰ্যত অগ্ৰসৰ হোৱা প্ৰ্জাতি

ভাবুকিৰ সন্মুখীন হোৱ প্ৰজাতি

উত্তৰ-পূব ভাৰত

৬৭৫

৭৬

১৮

৩৪

পূৰ্বোত্তৰ হিমালয়

৭৩০

৮৮

১৮

১০৫

পশ্চিম হিমালয় দক্ষিণ-পশ্চিম ভাৰত

২৫৫

১০

-

৪৪

পূৱ ভাৰত দ

২৬৭

১৩

০৫

২৫

আন্দামান নিকোবৰ

১৩০

-

০৫

দ্বীপ সমূহ

১৭৭

১৫

০২

০২

হ্মধ্য ভাৰত আৰু তৰাই অঞ্চল

৬০

-

-

-

অৰ্কিডৰ গৱেষণা আৰু সংৰক্ষণ

ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সৰ্ব ভাৰতীয় পুষ্প গৱেষণা পৰিযোজনাৰ অন্তৰ্গত ৯ টা কেন্দ্ৰত অৰ্কিডৰ গৱেষণাৰ কাম চলি আছে। সেইদৰে চিকিমৰ পাকিয়াংত থকা ৰাষ্ট্ৰীয় অৰ্কিড গৱেষণা কেন্দ্ৰতো বিস্তাৰিত পৰিসৰত ন-ন পৰিকল্পনাৰে ভালেমান কাম চলি আছে। এই কেন্দ্ৰ বোৰত মূলত” ভাবুকিৰ সন্মুখীন হোৱা বা বিলুপ্তি হ’ব খোজা অৰ্কিডৰ অনুবংশিক সংৰক্ষণ আৰু পৰিবএদ্ধন, বৰ্ণসংকৰ জাতৰ উদ্ভাৱন, কলাকৰ্ষণৰ মাধ্যমেৰে ন-ন প্ৰজাতিৰ ক্ষীপ্ৰ তথা প্ৰচুৰ হাৰত পৰিবৰ্দ্ধনৰ বাবে প্ৰয়োজন হোৱা প্ৰট’কলৰ উদ্ভাৱন, ব্যৱসায়িক ভিত্তিত কৰিব পৰা অৰ্কিড সমূহৰ কৃষি প্ৰযুক্তিৰ সবলী কৰণ, বিপণনৰ লগত জড়িত পেকেজিং তথা সংৰক্ষণৰ প্ৰযুক্তি তদ্ভাৱন আদিত গৱেষণা চলি আছে।

উত্তৰ-পূৰ্বাঞ্চলতো বিভিন্ন পৰ্য্যায়ত অৰ্কিডৰ গৱেষণাই বিশেষ গুৰুত্ব লভিছে। এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টিপিত থকা অৰ্কিড গৱেষণা আৰু প্ৰসাৰ কেন্দ্ৰটো অৰ্কিড গৱেষণাৰ বাটকটীয়া বুলিব পাৰি। এই গৱেষণা কেন্দ্ৰত ৫০০ ত কৈ অধিক অৰ্কিড প্ৰজাতি সংৰক্ষণ কৰা হৈছে। এই গৱেষণা কেন্দ্ৰই ব্যৱসায়িক চাহিদা থকা কেইবাটাও জাত উদ্ভাৱন কৰিছে। টিপিৰ বাহিৰেও পশ্চিম কামেং জিলাৰ ছেচা আৰু দিৰাঙত দুখন অৰ্কিড আৰণ্য স্থাপন কৰা হৈছে। ইয়াত চিল’গাইনী, চিমবিডিয়াম, ডেনড্ৰবিয়াম, পেফিঅ’পিডিলাম বংশৰ ভালেমান দুষ্প্ৰাপ্য প্ৰজাতি সংৰক্ষণ কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলত অৰ্কিডৰ প্ৰাচুৰ্যলৈ লক্ষ্য কৰি ২০১০ চনত মণিপুৰৰ সেনাপতি জিলাৰ হেংবাঙত ভাৰতবৰ্ষৰ প্ৰথমটো অৰ্কিডৰ জিন বেংক স্থাপন কৰা হয়। এই কেন্দ্ৰৰ বিজ্ঞানী সকলে বৰ্তমান লৈকে, ২৬ টা নতুন প্ৰজাতি চিনাক্ত কৰিছে। ঠিক সেইদৰে মেঘালয়ৰ বৰাপানীত থকা ব’টানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ অৰ্কিড গৃহতো প্ৰায় ৩০,০০০ জাতৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে।

অসমতো অৰ্কিডৰ গৱেষণা কম-বেছি পৰিমাণে ৰাজ্যৰ আটাইকেই খন বিশ্ব বিদ্যালয়ত চলি আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটত থকা উদ্যান শস্য বিভাগ আৰু কাঁহিকুছিত থকা উদ্যান শস্য গৱেষণা কেন্দ্ৰতো অৰ্কিড প্ৰযুক্তি উদ্ভাৱনৰ বিভিন্ন কাম চলি আছে।

অৰ্কিডৰ অন্যান্য ব্যৱহাৰিক দিশ

অৰ্কিডৰ ফুল সাধাৰণতে সাধাৰণতে সৌন্দৰ্যবৰ্দ্ধক হিচাবে বা বাগিছা শুৱনি কৰিবলৈকে ব্যৱহাৰ হয় বুলি আমি সকলোৱে জানো যদিও অৰ্কিডৰ অন্যান্য ব্যৱহাৰিক চাহিদাও যথেষ্ট আছে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ, কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোধ কৰিবলৈ, চকুৰ দৃষ্টি শক্তি বঢ়াবলৈ বা যৌন সম্ভোগৰ পাছতেই পুণ: সক্ৰিয়তা বঢ়াবলৈ চীন দেশত অৰ্কিডৰ চাহ ব্যৱহাৰ কৰি আহিছে। ভেষজ হিচাবে ব্যৱহৃত এই ব্যৱহৃত প্ৰচুৰ পৰিমানে উপক্ষাৰ, ফ্লে’ ভনয়ড, আৰু ফাইট’কেমিকেল থাকে। ভাৰতবৰ্ষত উপলব্ধ ৪১ টা বংশৰ ৭৯ টা প্ৰজাতিৰ অৰ্কিডৰ ভেষজ গুণ আছে আৰু এই প্ৰজাতি সমূহ ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় লোক সকলে গাঁঠিৰ বিষ, বাতবিষ, ক্ষমা, হাড় জোৰা, চকুৰ ৰোগ, পেটৰ অসুখ, মূৰৰ বিষ, তেজ পৰিশোধন বা স্নায়ুৰ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰে।

ব্যৱসায়িক ভিত্তিত অৰ্কিডৰ উৎপাদন

ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অৰ্কিডৰ ব্যৱসায়িক ভিত্তিক খেতিৰ কৰা বাবে অসমৰ জলবায়ু অতি উৎকৃষ্ট। অসমত এণ্ঠুৰিয়ামৰ লগতে অৰ্কিডেই একেমাত্ৰ ফুল যাক আৰ্ন্তজাতিক পৰ্যায়লৈ উলিয়াই নিব পাৰি। কিন্ত পাহাৰ-ভৈয়ামৰ অৰণ্য সমূহত থকা বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ ব্যৱসায়িক চাহিদা যথেষ্ট কম। অৱশ্যে ন-ন জাত উদ্ভাৱন কৰিবলৈ সম্ভাৱনা পূৰ্ণ প্ৰজাতিক ‘পেৰেণ্ট মেটেৰিয়েল’ হিচাপে ব্যৱহাৰ কৰিব পৰ যায়। অসমৰ বাণিজ্যিক চাহিদা থকা অৰ্কিডৰ বৰ্গ সমূহ হৈছে- ডেনড্ৰ’বিয়াম, এৰেণ্ঠা, এৰেণ্ডা, ম’কৰা, অনছিডিয়াম, ভেণ্ডা আৰু ফেল’নপছিছ। তলত বিভিন্ন বৰ্গৰ বাণিজ্যিক চাহিদা থকা অৰ্কিডৰ বৰ্ণ সংকৰ জাত সমূহ উল্লেখ কৰা হ’ল :

পুলি উৎপাদনৰ জৰিয়তে বজাৰ দখল

বৰ্তমান সময়ত অসমত খেতিৰ বাবে প্ৰয়োজন হোৱা, অৰ্কিড বাহিৰৰ পৰা আমদানি কৰা হয় আৰু কিছু পৰিমাণে থলুৱা ভাৱে পৰম্পৰাগত ভাবে কৰা পৰিবৰ্দ্ধনৰ জৰিয়তে এই চাহিদা পূৰণ কৰা হয়। যিহেতু এনেকৈ প্ৰস্ত্তত কৰা পুলিৰ গুণগত মান কম, সেয়েহে অত্যাধিক মূল্যত ক্ৰয় কৰা আমদানীকৃত পুলিৰ ওপৰতেই খেতিয়ক সকল নিৰ্ভৰশীল হ’ব লগা হয়। কলা কৰ্ষণৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ পুলি উৎপাদনৰ প্ৰট’ক’ল যদিও তৈয়াৰ কৰা হৈছে উপযুক্ত আন্তঃগাঁঠনিৰ অভাৱত ব্যৱসায়িক ভিত্তিত অৰ্কিডৰ পুলি উৎপাদন এতিয়াও সম্ভৱপৰ হৈ উঠা নাই।

সামৰণি

অৰ্কিডৰ বাণিজ্যিক খেতিৰ বাবে অসমৰ উপযোগী জলবায়ুৰ কথা বিবেচনা কৰি এই দিশত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অধিক সম্প্ৰসাৰিত ৰুপত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। পৰম্পৰাগত ভাবে কৰা পৰিবৰ্দ্ধন পদ্ধতিৰ জৰিয়তে অসমত অৰ্কিডৰ পুলি উৎপাদন কৰি অহা হৈছে। এনেবোৰ পুলিৰ গুণগত মান যথেষ্ট কম। আনহাতে, কলা কৰ্ষণৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ পুলি উৎপাদনৰ প্ৰ’টকল তৈয়াৰ কৰা হৈছে যদিও এই ক্ষেত্ৰত উপযুক্ত আন্তঃগাঁঠনিৰ অভাৱত অৰ্কিডৰ ব্যৱসায়িক ভিত্তিত পুলি উৎপাদন প্ৰক্ৰিয়াই বিশেষ গতি লাভ কৰা নাই। ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহক প্ৰয়োজনীয় আৰ্থিক অনুদানেৰে সহায় কৰি এই ব্যৱস্থা ক্ষীপ্ৰ কৰি তুলিব পাৰি। আনহাতে, অৰ্কিড উৎপাদনৰ আন এক প্ৰধান আহিলা হৈছে অৰ্কিড গৃহ। ইয়াৰ বাবে ৪০, ৫০ বা ৬০ শতাংশ তীব্ৰতাৰ পোহৰ পৰা এগ্ৰ’ছেডনেট হাউছৰ প্ৰয়োজন। ইয়াৰ বাবেও চৰকাৰে উপযুক্ত ৰাজসাহাৰ্য্য আগবঢ়াই কৃষকক বাণিজ্যিক ভিত্তিত অৰ্কিডৰ পুলি উৎপাদন কৰাৰ বাবে উৎসাহিত কৰিব পৰাৰ থল আছে।

লেখক: ড° সুনীল কুমাৰ বৰা, কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰ প্ৰধান বিজ্ঞানী

উৎস: এগ্ৰি হৰ্টি প্ৰদৰ্শনী, ২০১৫

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate