অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাঁহ-ছাগলী পালন, অমিতাৰ খেতিৰে বছৰি ৫ লক্ষাধিক টকা আয়

হাঁহ-ছাগলী পালন, অমিতাৰ খেতিৰে বছৰি ৫ লক্ষাধিক টকা আয়

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী এখন গাঁও। নাম বেঙেনআটি। নগৰৰ প্ৰভাৱে গাঁওখনক স্পৰ্শ কৰিছে। কিন্তু গাঁওখনৰ যুৱ-প্ৰজন্মই নগৰীয়া ঘামখুমিয়াত উটি যোৱাৰ বিপৰীতে কৃষিকৰ্মৰে নিজকে স্বাৱলম্বী কৰাৰহে চেষ্টা কৰিছে। এই গাঁওখনৰে আনোৱাৰ হুছেইন নামৰ এজন শিক্ষিত যুৱকে হাঁহ-ছাগলী পালন, মৎস্য পালন, অমিতা আদিৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। আনোৱাৰ হুছেইনৰ ৬০-৭০ টা ছাগলী আছে। এই ছাগলীসমূহৰ পোৱালি তেওঁ ধিং-ৰূপহী বজাৰ আদিৰ পৰা ৫০০ টকাৰ পৰা ৬০০ দৰত ক্ৰয় কৰে। পিছত তেওঁ ডাঙৰ হ’লে ২৫০০ টকাৰ পৰা ৩০০০ টকা দৰত ছাগলী বিক্ৰী কৰে। জানিব পৰা মতে, শিক্ষিত যুৱকজনে ছাগলী কৃত্ৰিম প্ৰজননৰ দ্বাৰা অথবা উন্নত প্ৰজাতিৰ মতা ছাগলীৰ দ্বাৰা মাইকী ছাগলীৰ প্ৰজনন ঘটাই পোৱালি উৎপাদন কৰে। খাদ্য হিচাপে তেওঁ ছাগলীক খলিহৈ, গেলা মিঠৈ আদিৰে প্ৰস্তুত কৰা দানা, বুট, বন্ধাকবি, ফুলকবি, আলু আদিৰ বাকলি খুৱায়। ছাগলীৰ খাদ্যৰ বাবেই তেওঁ বিভিন্ন ধৰণৰ ঘাঁহৰ খেতিও কৰিছে। আনোৱাৰ হুছেইনে জনোৱা মতে, ছাগলী প্ৰতিপালনৰ বাবে উপযুক্ত খাদ্য, পৰিষ্কাৰ পানী খুওৱাৰ প্ৰয়োজন। তদুপৰি থকা ঠায়ো পৰিষ্কাৰ হ’ব লাগে। ছাগলী পালনৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাই, কিয়নো, ছাগলীয়ে সকলো ধৰণৰ সেউজীয়া উদ্ভিদকে খায়। আনোৱাৰ হুছেইনে জনোৱা মতে, প্ৰতিজনী ছাগলীয়েই নহয়, হাঁহ-পালনো কৰিছে। আনোৱাৰৰ তিনি-চাৰি কঠা পৰিসৰৰ এটা পুখুৰীও আছে। এই পুখুৰীটোৰ ওপৰত তেওঁ চাং সাজি দিছে। এই চাঙৰ ওপৰতে তেওঁ হাঁহ পালন কৰে। হাঁহৰ বিষ্ঠা পুখুৰীটোত থকা মাছৰ খাদ্য হয়। তেওঁ পুখুৰীটোত গলডেন কাৰ্প, ঢেকেৰা, শ’ল মাছ আদি দিছে। মাছৰ পোনাসমূহ তেওঁ নগাঁও জিলাৰ টুকটুকীৰ পৰা আনে। হুছেইনে পৃথকভাৱে ১০ ফুট দ’ ১৫ ফুট বহল এটা পুখুৰী খান্দি তাত শিঙি মাছৰ পোনা উৎপাদনৰ ব্যৱস্থাও কৰিছে। তেওঁ হাঁহ পালন কৰি হাঁহৰ কণী প্ৰতি হালিত ৩০-৪০ টকা দৰত বজাৰত বিক্ৰী কৰে। আনোৱাৰ হুছেইনে জনোৱা মতে, হাঁহৰ খাদ্য হিচাপে তেওঁ তুঁহগুৰা, চাউলৰ মল আদি ব্যৱহাৰ কৰে। ছাগলী পালনৰ প্ৰসংগত হুছেইনে কয়-ছাগলী পালনৰ বাবে কিছুমান কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে। ইয়াৰ ভিতৰত মতা আৰু মাইকী ছাগলী বাছনি কৰাটো অতি প্ৰয়োজনীয়। মতা ছাগলীৰ গাৰ গঠন উন্নত, বলী, ঠেংকেইখন মাটিত সমানে পৰিব পৰা হ’ব লাগে। কাৰণ, এই মতা ছাগলীৰে কেইবাজনীও মাইকী ছাগলীৰ প্ৰজনন ঘটোৱাই বহু সংখ্যক পোৱালি জন্ম দিব পাৰি। সেয়ে ছাগলীৰ জন্ম হোৱা পোৱালি উন্নত হোৱাৰ বাবে প্ৰজননত ব্যৱহাৰ হোৱা মতা ছাগলীটোও উন্নত হোৱা প্ৰয়োজন। একেদৰে মাইকী ছাগলীজনীও থলুৱা জাতৰ হ’ব লাগে। ছাগলীজনীৰ স্বাস্থ্য উন্নত হোৱা ভাল। সাধাৰণতে মাইকী ছাগলী ৬-১২ মাহৰ ভিতৰত প্ৰজননক্ষম হয়। ছাগলীজনী প্ৰজননমক্ষম হোৱাৰ সময়তে উপযুক্ত মতা ছাগলীৰে প্ৰজনন কৰাব লাগে। প্ৰজনন কৰাৰ সময়ত মাইকী ছাগলীক কেঁচা ঘাঁহ, গছৰ পাত, দানা-পানী আদি উপযুক্তভাৱে খাবলৈ দিব লাগে। ইপিনে, গাভিনী অৱস্থাত ছাগলীৰ খাদ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। গাভিনী অৱস্থাত যুঁজ কৰা, জাক পাতি থকা, ঠেলা-হেঁচা কৰা আদিত বাধা দিব লাগে। পোৱালি জন্ম হোৱাৰ পূৰ্বে সহজে হজম হোৱা খাদ্য খুৱাব লাগে। পোৱালি জন্ম পোৱাৰ পিছত বীজানুনাশক আৰু পোৱালিয়ে কষ্ট নোপোৱা স্থানত পোৱালি ৰাখিব লাগে।

আনহাতে, এখন অমিতাৰ বাগিচাও গঢ়ি তুলিছে আনোৱাৰ হুছেইনে। তেওঁ প্ৰায় ১ বিঘা মাটিত অমিতাৰ খেতি কৰিছে। তেওঁৰ অমিতাৰ বাগিচাত ১০০ জোপাৰো অধিক অমিতা গছ আছে। অমিতাৰ পুলি উৎপাদনৰ বাবে প্ৰথমে গুটি তিয়াই লয়। পিছত পলিথিনৰ পেকেটত জৈৱিক সাৰ মিহলি মাটি ভৰাই সেই মাটিত গুটি পচায়। গুটিৰ পৰা পুলি উৎপন্ন হ’ল চহ কৰা মাটিডৰাত ১০-১২ ফুট ব্যৱধানত পুলিসমূহ ৰোৱে। অমিতাৰ বাগিচাত হুছেইনে কেঁচুসাৰ, গোৱৰ সাৰ আদি জৈৱিক সাৰ প্ৰয়োগ কৰে। তেওঁৰ এখন কলৰ বাগিচাও আছে। বিভিন্ন কৃষিকৰ্মৰ জৰিয়তে তেওঁ বছৰি ৫ লাখৰো অধিক ধন আয় কৰে। নিজৰ পুত্ৰ সন্তানক এই আয়েৰে সম্ভ্ৰান্ত শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিছে।

লিখক: চন্দনজ্যোতি বৰা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate