অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমিতাৰ অপকাৰী কপাহী পোকৰ জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা

অমিতাৰ অপকাৰী কপাহী পোকৰ জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা

অমিতাৰ উৎপত্তিস্থল আমেৰিকা আৰু ইয়াক মেক্সিকোৰ কৃষকে প্ৰথম খেতি কৰিবলৈ আৰম্ভ কৰিছিল। বৰ্তমান সমগ্ৰ বিশ্বত আম আৰু আনাৰসৰ পাছত অমিতাই হ’ল তৃতীয় সৰ্বাধিক উৎপাদিত ফল। বিশ্বত প্ৰতি বছৰে প্ৰায় ১১.২২ নিযুত মেট্ৰিক টন অমিতা উৎপাদন হয়। ইয়াত ভাৰতবৰ্ষৰ বৰঙণি প্ৰায় ৩৮.৬১ শতাংশ। ভাৰতৰ কেইখনমান ৰাজ্য বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, পশ্চিমবংগ, কেৰালা, তামিলনাডু, মধ্যপ্ৰদেশ আৰু অসমত অমিতাৰ খেতি কৰা হয়। ভাৰতৰ ৭৩.৭ হেজাৰ হেক্টৰ মাটিকালিৰ পৰা প্ৰায় ৪.২ নিযুত মেট্ৰিক টন অমিতা খেতিৰ কৃষকক মিলিবাগ বা কপাহী পোকৰ আক্ৰমণে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে।

১৯৯২ চনৰ পৰাহে এই পতংগৰ আক্ৰমণৰ বিষয়ে জনা গৈছে। সেউজ হালধীয়া বৰণৰ এই পতংগৰ আক্ৰমণ প্ৰথমাৱস্থাত মেক্সিকো, বেলিজ, গোৱাটেমালা আদি অঞ্চলত পৰিলক্ষিত হৈছিল। পাছত পৰ্য্যায়ক্ৰমে আন আন দেশলৈ বিয়পি ভাৰততো প্ৰৱেশ ঘটে। অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যানশস্য বিশেষকৈ ভেণ্ডি, বেঙেনা, মধুৰি, আম, ডালিম, শিমলু, আলু, ৰঙালাও আদিক ক্ষতি কৰা এই পতংগ ২০০৮ চনৰ জুলাই মাহত তামিলনাডুৰ কইম্বাটুৰ নামৰ ঠাইত প্ৰথমবাৰলৈ চিনাক্ত কৰা হয়। এই অনিষ্টকাৰী পোকবিধ যাতায়াত তথা অন্যান্য কাৰকৰ দ্বাৰা সমগ্ৰ ভাৰততে বিয়পি পৰিছে। এতিয়া কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ত্ৰিপুৰাৰ লগতে ২০১১ চনৰ শেষ ভাগত অসমতো এই পতংগৰ অপকাৰী প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত বাংগালুৰস্থিত ‘নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলি ইম্পৰ্টেন্ট ইনচেক্ট’ নামৰ প্ৰতিষ্ঠানৰ নেতৃত্বত এই পতংগৰ সমস্যা বহু পৰিমাণে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। বিভিন্ন মাধ্যমেৰে এই পতংগ বৰ্তমান অসমতো প্ৰৱেশ কৰিছে। কপাহী পোক আক্ৰমণৰ ফলত অমিতা গছৰ পাতবোৰ শোটোৰা-শোটোৰ হৈ পৰে। প্ৰথমাৱস্থাত এই পোকে অমিতাৰ পাতৰ তলফালে একগোট হৈ থাকি সময়ৰ ব্যৱধানত অমিতাৰ ফলক আক্ৰমণ কৰে। ইয়াৰ ফলত অমিতাৰ ফলত ক’লা বৰণীয়া দাগ পৰি খাদ্যৰ অনুপযোগী কৰি তোলে। মিলিবাগে আক্ৰান্ত কৰাৰ বাবে ৬০ ৰ পৰা ১০০ শতাংশ পৰ্য্যন্ত অমিতা গছ অনিষ্ট হোৱা পৰিলক্ষিত হয়। পূৰঠ নোহোৱা অমিতা গছত মিলিবাগৰ প্ৰাদুৰ্ভাৱ অধিক হয় আৰু এই পতংগই ক্ষৰণ কৰা বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত গছবিলাক মৰি যায়। তদুপৰি এই পোকে নি:সৰণ কৰা মধুকনা বা ‘হনী দিউ’ ৰ বাবে অমিতাৰ পাত, গা-গছ আৰু ফুলবোৰক ক’লা ভেঁকুৰৰ আচ্ছাদন বা ‘চুটি ম’লড’ এ ঢাকি ধৰে। আক্ৰমণ বাঢ়ি যোৱাৰ লগে লগে পাতৰ সালোক সংশ্লেষণ বাধাপ্ৰাপ্ত হয় আৰু উদ্ভিদজোপা মৰহি যাবলৈ ধৰে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত গছৰ তলত থিয় হ’লে মধুকনা সৰি পৰা পৰিলক্ষিত হয়।

কপাহী পোকৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন্ন ভিন্ন হয়। অধিক উষ্ণতাত ইহঁতৰ বংশবৃদ্ধি দ্ৰুত হয়। এই পতংগই পৰুৱাৰ জৰিয়তে চলাচল কৰা দেখা যায়। ‘নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট’ নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষা মতে মিলিবাগৰ আক্ৰমণৰ ফলত ভাৰতীয় হিচাপত প্ৰতি বছৰে প্ৰায় ১৫০০ কোটি টকাৰ অপচয় হয়। উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰণৰ বাবে ‘এচাৰ’ফেগাচ পাপায়ি’ নামৰ এক সূক্ষ্ম পৰজীৱি মেক্সিকোৰ পৰা আমদানি কৰি ভাৰতত মেলি দিয়ে। এই কাৰ্য্যসূচী কিছু পৰিমাণে সফল হৈছে যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনেই নামমাত্ৰ সফলতাহে পোৱা গৈছে। কিয়নো ৰাসায়নিক কীটনাশকে মিলিবাগ পতংগৰ প্ৰাকৃতিক শক্ৰবোৰক নষ্ট কৰাৰ ফলত দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণ অসম্ভৱ হৈ পৰে। যাতাযত ব্যৱস্থাই এই পতংগ এঠাইৰ পৰা আন ঠাইলৈ বিয়পি যোৱাত সহায় কৰে। নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত। ৰোগাক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত এই পোকে বাহ লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায়। সাময়িক কাহৰ বাবে ‘প্ৰফেন’ফছ’ নামৰ ৰাসায়নিক কীটনাশক প্ৰতি লিটাৰ পানীত দুই মিলিলিটাৰকৈ মিহলাই ছটিয়াব লাগে। অৱশ্যে খুব জোৰেৰে দৰৱ নিমিহলোৱাকৈ পানী ছটিয়ালেও সুফল পাব পাৰি।

‘এচাৰ’ফেগাৰ পাপায়ি’ৰ উপৰি ‘ছিউড’লেপ্টমেষ্টিক্স মেক্সিকানা আৰু ‘এনাগাইৰাছ লকি’ নামৰ আন দুবিধ সূক্ষ্ম পৰজীৱিয়েও মিলিবাগ পতংগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। ইয়াৰ উপৰি পখিলাজাতীয় পৰভোজী পতংগ, স্পেলজিছ এপিয়াছৰ পলুৱে কপাহী পোকক ভক্ষণ কৰে। ‘নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট’ নামৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠানটিয়ে কৃষকৰ মাজত বিনামূল্যে এই উপকাৰী পৰজীৱি পতংগ প্ৰজাতিক যোগান ধৰে। এনে ৫০০ পৰজীৱিক এবাৰত মুকলি কৰিলে অমিতা পৰিৱেশতন্ত্ৰত খাপ খাই পৰে বাবে পুন: পুন: প্ৰয়োগ বা মুকলি কৰাৰ প্ৰয়োজন নহয়। বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ বিভাগৰ জৈৱিক গৱেষণাগাৰত এনে পৰজীৱি পতংগক কৃত্ৰিমভাৱে উৎপাদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

লিখক: ড০ দিলীপ কুমাৰ শইকীয়া,

ৰুদ্ৰ নাৰায়ণ বৰকাকতি, অসমীয়া খবৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate