অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্যান শস্য ‘অমিতা’

উদ্যান শস্য ‘অমিতা’

উদ্যান শস্যৰ বাৰেকুৰি পাচলিৰ ভিতৰত অমিতা ব অমৃতা এক উপকাৰী পাচলি। পকা অমিতাক ফল আৰু কেচাঁ অমিতাক পাচলি হিচাবে অতীজৰে পৰা ব্যৱহাৰ কৰা হৈ আহিছে। পকা বা কেচাঁ যেনেকৈ খোৱা নহওক অমিতাই মানৱ শৰীৰত যথেষ্ট উপকাৰ সাধন কৰে। খালে সহজে হজম হোৱা অমিতা পকিলে ফল হিচাপে এবিধ সুস্বাদু ৰসাল ফল হোৱাৰ উপৰিও ই দেহলৈ শীতলতা আনে, লগতে মন আনন্দিত কৰাৰ উপৰিও কেচাঁ-পকা দুয়োবিধ অমিতা শৰীৰৰ বহুতবিধ ৰোগ প্ৰতিৰোধৰ কাৰণ হৈ পৰে। কোষ্ঠকাঠিন্য হ’লে নিয়মীয়াকৈ পকা বা কেচাঁ অমিতাৰ আঞ্জা, সিজাই বা দাইলত দি খালে সুফল পোৱা যায়। গেষ্ট্ৰিক ৰোগৰ মহৌষধ বুলি ক’ব পৰা অমিতা বদহজম, যকৃত, পেটত ঘাঁ লগা, জণ্ডিচ, হাইজা, কলেৰা আদি ৰোগৰ বাবেও বৰ উপকাৰী। কেচাঁ অমিতা নিয়মিতৰূপে খালে কেন্সাৰ ৰোগৰ পৰা ৰক্ষা পোৱা যায় আৰু অমিতাই পেটত থকা অদৰকাৰী বীজাণু ধ্বংস কৰি খাদ্যনলীত লাগি থকা বেয়া পদাৰ্থবোৰ পাকস্থলীৰ পৰা বাহিৰ ওলোৱাত সহায় কৰে। তাৰ বাহিৰেও অমিতাই মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ সমস্যা দূৰ কৰে তথা মাতৃ স্তনৰ দুগ্ধ বৃদ্ধি কৰে।অমিতাৰ নিয়মীয়া ব্যৱহাৰে গলব্লাডাৰ ষ্ট’নো দূৰ কৰে। বাৰিষাকালি অমিতাৰ মিঠা গুণ কমি যায়। খৰালিকালি ইয়াৰ স্বাদ বাঢ়ে। অসমৰ জলবায়ুত অমিতা খেতি সহজে হয়। পানী জমা নোহোৱা ওখ বালিচহীয়া মাটি অমিতা খেতিৰ বাবে উপযোগী। বছৰৰ সকলো সময়তে অমিতা উত্‌পন্ন হয়। অমিতাত ভিটামিন এ, চি, প্ৰোটিন, চৰ্বি, আইৰণ, কেলচিয়াম, ফছফৰাছ আৰু পেপেইন থাকে। অমিতাৰ পুলি ৰোৱাৰ উপযুক্ত সময় হ’ল এপ্ৰিলৰ পৰা জুনলৈ। পুলি ৰুবৰ বাবে খন্দা গাঁতটোত প্ৰথমে পচন সাৰ, বি এইচ চি ২৫ গ্ৰাম আৰু দৰব মিহলাই মাটিৰ লগত ভালদৰে সানি গাঁতটোত ভৰাই কেইদিনমান ৰাখি পুলি ৰুব লাগে। পুলি ৰোৱাৰ দুমাহৰ পিছত সাৰ প্ৰয়োগ কৰিব লাগে। মাজে মাজে ঘাঁহ-বনবোৰ চিকুণাই গছৰ গুৰিত চপাই দিব লাগে। পকা অমিতাৰ পৰা খাবলৈ সোৱাদ লগা বিভিন্ন জাম-জেলি, শীতল পানীয়, আইচক্ৰীম বনোৱাৰ উপৰিও সুগন্ধিকৰণতো অমিতাক ব্যৱহাৰ কৰা হয়। পকা অমিতা সৌন্দৰ্য্য চৰ্চাতো ব্যৱহাৰ কৰা হয়। ই মুখৰ বিভিন্ন দাগ নিৰ্মূল কৰাৰ উপৰিও ছাল নিমজ তথা উজ্জ্বল কৰি তোলে। কেচাঁ অমিতাৰ পৰা ওলোৱা বগা আঠাজাতীয় পদাৰ্থবিধত থকা পেপেইন নামৰ ৰাসায়নিক দ্ৰব্যৰ পাচকক্ৰিয়াৰ গুণৰ বাবে বহুতো উদ্যোগত ব্যৱহাৰ কৰা হয়। তাৰে কেইটামান উল্লেখ কৰা হ’ল।

  • ৰবৰ, কাগজ, প্লাষ্টিক, আঠা আদি তৈয়াৰ কৰা উদ্যোগত পেপেইন ব্যৱহাৰ কৰা হয়।
  • মদ প্ৰস্তুত কৰা উদ্যোগত বিয়েৰ নিৰ্মলীকৰণত পেপেইন ব্যৱহাৰ কৰা হয়।
  • কাপোৰ উদ্যোগত কৃত্ৰিম সূতাবোৰ প্ৰাকৃতিক সূতাৰ লগত মিলাই কাপোৰ তৈয়াৰ কৰিবলৈ, প্ৰাকৃতিক সূতা ভাগ ভাগ কৰিবলৈ পেপেইন ব্যৱহাৰ কৰা হয়।
  • মাংস কোমল কৰাত ব্যৱহাৰ কৰা হয়।
  • পাউৰুটি উদ্যোগত পাউৰুটি কোমল কৰিবলৈ পেপেইন ব্যৱহাৰ কৰা হয়।
  • চীজ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  • চামৰাৰ উদ্যোগত জন্তুৰ ছাল কোমল কৰিবলৈ পেপেইন ব্যৱহাৰ কৰে।
  • মণ্ডজাতীয় খাদ্য প্ৰস্তুত কৰা উদ্যোগত পেপেইনৰ প্ৰয়োজন হয়।
  • প্ৰসাধনত অমিতাৰ সুগন্ধি দিবলৈ আৰু শৰীৰ দাগ গুচোৱা ক্ৰীম প্ৰস্তুত কৰোঁতে পেপেইন ব্যৱহাৰ কৰা হয়।

ভাৰতবৰ্ষৰ প্ৰায়বিলাক ৰাজ্যত অমিতাৰ খেতি কৰা হয়; কিন্তু বেছিভাগ ৰাজ্যতে পকা অমিতা ফল হিচাপেহে ব্যৱহাৰ কৰা হয়। অমিতাৰ ৰস আৰু আঠাই আকস্মিকভাৱে হোৱা কিছুমান বিসংগতি দূৰ কৰাত সহায়ক হয়।

  • বিছাই ডাকিলে ৪/৫ টোপাল অমিতাৰ ৰস লগাব লাগে।
  • খৰ-খজুৱতি হ’লে অমিতাৰ আঠা, তুলসীৰ ৰস, মৌ আৰু নিমখৰ মিশ্ৰণ লগাব লাগে।
  • অমিতাৰ ৰস পনীয়া কৰি কুলকুলি কৰিলে মুখৰ ঘা ভাল হোৱাৰ লগতে টনছিলৰ আকৃতি সৰু হয়।
  • গলধন বা ডিঙিৰ বিষত অমিতাৰ আঠা লগাব লাগে।

বহুত গুণৰ অধিকাৰী মধুফল বুলি জনাজাত অমিতাৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি। অসমীয়া ৰন্ধন প্ৰণালীত অমিতাই এক বিশেষ স্থান দখল কৰি আছে। বিশেষকৈ অমিতা–মাটিমাহ দিয়া খাৰখনৰ কথা কোনো অসমীয়াই পাহৰিব নোৱাৰে। কেঁচকলি অমিতাই হওক বা পুৰঠ অমিতাই হওক, খাৰখনত অকণমান অমিতা পৰিলেই হ’ল, ই অধিক উপাদেয় হৈ পৰে। সেয়েহে ঘৰৰ দাঁতিত অকণমানকৈ থকা ঠাইডোখৰত অমিতাৰ পুলি এটা ৰুই যত্ন কৰক, এজোপা ভাল অমিতা গছ হোৱাকৈ। নিয়মীয়াকৈ নহ’লেও মাজে মাজে তাৰে দুই-এটাকৈ ছিঙি আনি দাইলত দি মুখৰ জুতি ল’ব পাৰিব।

লেখিকা : কানন খাউন্দ, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate