অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ খেতিৰ কাটিং পদ্ধতি

চাহ খেতিৰ কাটিং পদ্ধতি

অসম চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ প্ৰায় এটা শতিকাৰ (১৮৩৯-১৯৪৭ চন) পাছত ক্ল’ন বা কাটিং পদ্ধতিৰ প্ৰচলন হয়। ক্ল’ন বা কাটিং পদ্ধতি অৰ্থাৎ অংগজ প্ৰজননৰ জৰিয়তে চাহখেতিৰ উন্নয়নত এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ লগতে সামগ্ৰিকভাৱে অসমৰ চাহ উদ্যোগত এক নতুন অধ্যায়ৰ সূচনা হয়। কাটিং পদ্ধতিটোৰ উদ্ভাৱনৰ গুৰিতেই আছিল কাছাৰৰ পাথিনি বোলা চাহ বাগানখনৰ গৰাকী এইচ ক্লাৰ্ক নামৰ এজন উদ্যোগী-অনুসন্ধিৎসু ইংৰাজ চাহ খেতিয়ক। টোকোলাই চাহ গৱেষণা সংস্থানৰ আশাসুধীয়া প্ৰচেষ্টাৰ উদ্ভাৱন ৩১ বিধ প্ৰসিদ্ধ ক্ল’নৰ বাদেও বৰ্তমান চাহ বাগানবোৰৰ আঞ্চলিক মাটি আৰু জলবায়ুৰ বৈশিষ্টতাৰ সৈতে খাপ খোৱাকৈ ভালেমান বাগানে নিজাববীয়াকৈ বাছি লোৱা – শিলিখা ২৩১৪, গটঙা ২০,৩০, বিহৰা ৮, ৬, তিঙালিবাম ৩/৩৮, হালোৱাটিং ১২ আদি উৎকৃষ্ট গুণসম্পন্ন ক্ল’নৰ বহুল প্ৰচলন হৈছে।

চাহখেতিৰ কাটিং পদ্ধতি

(১)মাটি নিৰ্বাচন আৰু কাটিং তলী প্ৰস্তুতিঃ পূৰ্বে খেতি নকৰা পাতল বা মধ্যমীয়া স্তৰৰ বালিচহীয়া মাটি কাটিং লোৱাৰ বাবে উৎকৃষ্ট। কাটিং লোৱাৰ তিনি মাহৰ আগতে মাটি প্ৰস্তুতি আৰু প্ৰায় ডেৰমাহৰ আগতে কাটিং তলীখন প্ৰস্তুত কৰিব লাগে। তলীখন উত্তৰা-দক্ষিণাকৈ যিকোনো দৈৰ্ঘ্যৰ, ১২০ ছে. মি. প্ৰস্থৰ, মাটিৰ পৰা ২০ ছে. মি. উচ্চতাৰ আৰু দুখন তলীৰ মাজত ৬০ ছে.মি. ব্যৱধান থকা উচিত। কাটিং লগোৱাৰ অন্ততঃ চাৰি সপ্তাহৰ আগৰে পৰাই তলীখন বাঁহেৰে বোৱা ঢাকনিৰে ঢাকি ৰাখিব লাগে। তলীখন কঠিন হোৱাটো মুঠেও সমীচিন নহয়।

(২)কাটিং লোৱাৰ নিয়মঃ এটা পাতৰ বা আন্তঃগাঁথনিৰ কাটিঙেই সৰ্বোত্তম ৰূপে অনুমোদিত। সংখ্যাৰ গণনা ভিত্তিত সুপ্ত বৰ্ধমান দুয়োবিধ কাণ্ডৰ পৰা কাটিং সংগ্ৰহ কৰিব পাৰি। দুৰ্বল, খীন আৰু লিংলিঙীয়া গঢ়ৰ কাণ্ড কাটিঙৰ কাৰণে অনুপযোগী। একোটা কাণ্ডৰ তলৰ ফালৰ ৩-৪ টা বুঢ়াপাত আৰু ওপৰৰ ২-৩টা পাত কুমলীয়া পাতো কাটিঙৰ বাবে ব্যৱহাৰ কৰা নহয়। কাটিং কৰিব লগা কাণ্ডটোৰ পাৰ্শ্বমূকুলৰে সৈতে উপযোগী পাতটোৰ ঠিক ওপৰেদি হেলনীয়াকৈ কটা হয়। সেইদৰে পাতটোৰ ঠিক তলত থকা গাঁঠিটোৰ অন্তৱৰ্তীভাৱে আৰু আগৰ কটা দাগটোৰ সমান্তৰালকৈ কাণ্ডটো পুনৰ কটা হয়। এনেদৰে কাণ্ডটোৰ পৰা বিচ্ছিন্ন হোৱা অংশটোৱেই এটা পাতৰ আন্তঃগাঁঠিৰ কাটিং। একোটা কাটিঙৰ অনুমোদিত দৈৰ্ঘ্য তিনি ছে. মি.। এটা পাতৰ কাটিঙতকৈ এটা গাঁঠিৰ সৈতে এটা পাতৰ কাটিঙৰ সফলতা বেছি যদিও পিছৰবিধৰ দ্বাৰা কাণ্ডৰ যথেষ্ট অপচয় হোৱাৰ বাবে অনুমোদিত নহয়। কাটিং বছৰৰ যিকোনো সময়তেই কৰিব পাৰি যদিও সফলতাৰ ভিত্তিত এপ্ৰিল-মে’ মাহত পোৱা কাটিঙৰ সংখ্যা ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ তুলনাত এক চতুৰ্থাংশহে হয়।

(৩)কাটিং ৰোৱাৰ পদ্ধতিঃ কাটিং ৰুবৰ বাবে ২৫ ছে. মি. X ৯০ ছে.মি. জোখৰ আৰু ৭.৫ ছে. মি.ৰ ব্যৱধানত ফুটা থকা একোখন ব’ৰ্ড বা ৭.৫ ছে. মি. ব্যৱধানত খাজ কটা এডাল বাঁহৰ কামি ব্যৱহাৰ কৰা হয়। তিনি মি. মি. বাঁহৰ এডাল নাল থকা শলাৰে নিৰ্ধাৰিত গভীৰতালৈকে মাটিত বিন্ধা কৰি কাটিংবোৰ ৰোৱা হয়। কাটিংবোৰ উত্তৰ-দক্ষিণ দিশত আৰু পাতৰ আগটো উত্তৰমুৱাকৈ ৰুব লাগে। কাটিং একোটা ৰোৱাৰ পাছত ইয়াৰ পাতটো মাটিৰ সামান্য ওপৰত আৰু কটা আগটো পাৰ্শ্বমুকুলৰে সৈতে মাটিৰ প্ৰায় সম উচ্চতাত থাকিব লাগে। ৰোৱা কাটিংবোৰ মাটিত সোলোক-ঢোলোক হোৱাটো ক্ষতিকাৰক। সূৰ্যোদয়ৰ আগত বা পাছত কৃত্ৰিম পোহৰত কাটিং লগাব পাৰিলে বেছি ফলদায়ক হয়। ৰ’দঘাই বতৰত মাতৃ চাহজোপা আধা ঘণ্টামানৰ আগতে জোখ মতে পানী ছটিয়াব লাগে। এপ্ৰিল-মে’ মাহত ৰোৱা কাটিঙৰ বাবে বৰষুণৰ ঋতু আৰম্ভণি পৰ্যন্ত আৰু ছেপ্টেম্বৰ-অক্টোবৰ মাহত ৰোৱা কাটিঙৰ ক্ষেত্ৰত ১৫ দিনৰ অন্তৰে-অন্তৰে অবিৰতভাৱে পানী ছটিয়াব লাগে। কাটিংবোৰ বাঁহেৰে বোৱা ঢাকনিৰে প্ৰথমে ৮-১২ সপ্তাহলৈকে ঢাকি শিপা আৰু পাৰ্শ্বমুকুল বিকাশ হোৱাৰ সময়ত ঢাকনিবোৰ পূবমুৱাকৈ ৬০-৯০ ছে. মি. উচ্চতালৈ হেলনীয়াভাৱে দাঙিব পাৰি। তাৰ এমাহৰ পাছতে ঢাকনিবোৰ একেবাৰেই উঠাই দিব পাৰি আৰু এই অৱস্থাত কাটিং পুলিবোৰো বাগানত ৰোপণৰ বাবে উপযুক্ত হয়।

জিতেন্দ্ৰ কুমাৰ লাহন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate