অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ কৃষি আৰু কৃষি- জৈৱ বৈচিত্ৰ্যতা

অসমৰ কৃষি আৰু কৃষি- জৈৱ বৈচিত্ৰ্যতা

আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য । বিভিন্ন কৃষি উপযোগী ভূমিৰে পৰিপূৰ্ণ এই অসম ৰাজ্যত ধান, চাহ, মাহ, সৰিয়হ আদি বিভিন্ন কৃষি উৎপন্ন হয় । খ্ৰীষ্টপূৰ্ব প্ৰায় তিনি হাজাৰ বছৰৰ আগতেই অসমত ধানখেতিৰ আৰম্ভ কৰা হৈছিল । সেয়ে ভাত আমাৰ প্ৰধান আহাৰ হিচাপে পৰিগনিত হয় । কিন্তু, বৰ্তমান সময় বাঢ়ি অহাৰ লগে লগে অসমৰ থলুৱা সমাজতো কৃষিৰ আদৰ কমিব লাগিছে। মানৱকৃত আৰু প্ৰাকৃতিক বিভিন্ন দূৰ্যোগ আদিয়েও এনে হোৱাত অৰিহণা যোগাইছে। ইয়াৰ লগতে তুলনামূলক ভাৱে কৃষিৰ কম উপাৰ্জিত ধনেৰে সাম্প্ৰতিক সময়ৰ লগত খাপ খাব নোৱাৰাতোও এক প্ৰধান সমস্যা হিচাপে ঠিয় দিছে আমাৰ কৃষক সমাজৰ মাজত। বিজ্ঞান সন্মত ভাৱে, উন্নত কৃষিৰ বাবে পৰ্যাপ্ত মূলধনৰ অভাৱো এনে পৰিস্থিতিৰ এক উল্লেখযোগ্য সমস্যা। যিয়ে অসমৰ নৱপ্ৰজন্মক ঢাৱমাণিত কৰিছে ব্যক্তিগত প্ৰতিষ্ঠানৰ দিশে। তথাপিও প্ৰত্যেকজন অসমৰ নাগৰিকেই নিজৰ নিজৰ আন্তৰিক প্ৰচেষ্টাৰে এই বিভিন্ন সমস্যাবোৰৰ অন্ত পেলাই হ’লেও কৃষিৰ আদৰ বঢ়োৱাৰ সময় আহি পৰিছে । নহ’লে হয়তো আমি বা আমাৰ অনুজসকলে এসাঁজ ভাতৰ বাবেও আনৰ ওপৰত ভৰসা কৰিব লগা সময় আহি পৰিব । যি এতিয়া প্ৰায় শিপা মেলিছেই । লগতে কৃষিৰ খৰতকীয়া আদৰৰ অবিহনে ৰাজনৈতিক কোম্পানীবোৰৰ মূখ্য কাৰ্যবাহী বিষয়া আৰু সৰুমটৰীয়াৰ ‘নিয়মিত বাসিন্দা’ গৰাকীৰ দুটকীয়া চাউলৰ ৰাজনৈতিক অৰ্থনীতিৰ পাণ্ডিত্যই বৰ্তমান পৰিবৰ্তিত সময়ত থলুৱা সমাজৰ সৰ্বস্বান্ত কৰিব ।

সি যি কি নহওঁক, পূৰ্বতে অসমত বনৰীয়া ধানৰ হাজাৰ ক্ৰমবিৱৰ্তন আৰু সংমিশ্ৰণৰ লগতে কৃষিৰ পৰম্পৰাগত জাত নিৰ্বাচন প্ৰক্ৰিয়াই ধানৰ জৈৱ-বৈচিত্ৰ্যতাৰ ভঁৰাল চহকী কৰিছিল । এই জৈৱ-বৈচিত্ৰ্যতা বুলি ক’লে আমি প্ৰাণ অথবা জীৱৰ বৈচিত্ৰ্যতা বা ভিন্নতাকেই বুজো । বিভিন্ন প্ৰজাতিৰ প্ৰাণী, গছ-গছনী, অণুজীৱ প্ৰকৃতিত দেখা যায় । আকৌ একোটা প্ৰজাতিৰ মাজতো বিভিন্ন উপ-প্ৰজাতি বা জাত থাকে । মানুহ এটা প্ৰজাতি, কিন্তু পৃথিৱীৰ সকলো মানুহ একে নহয় । আন জীৱ-জন্তুৰ ক্ষেত্ৰতো তেনে বিভিন্ন জাত দেখা যায় । একেদৰে উদ্ভিদৰ মাজতো বিভিন্ন প্ৰজাতি দেখা পোৱা যায় আৰু প্ৰতিটো প্ৰজাতিৰ অগণন প্ৰকাৰ আছে । বনৰীয়া উদ্ভিদৰ দৰে আমি খেতি কৰা প্ৰতিবিধ শস্য তথা ফল-ফুলৰ বিভিন্ন জাত দেখা যায় । খেতি কৰা মাটি, বতৰ, অঞ্চল আদিৰ ভিন্নতাৰ বাবে অজস্ৰ জাত বিদ্যমান । এয়াই কৃষিৰ জৈৱ-বৈচিত্ৰ্যতা । আমাৰ অসমতে অকল ধানৰেই বহু হাজাৰ প্ৰকাৰৰ জাত আছে ।

অসমৰ জৈৱ-বৈচিত্ৰ্যতাক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰি ৰাজ্যখনত প্ৰাণৰ ভাণ্ডাৰ বিকশিত কৰিবলৈ হ’লে সাধাৰণ ৰাইজৰ মাজত জৈৱ-বৈচিত্ৰ্যতাৰ সম্পৰ্কে স্বচ্চ ধাৰণা এটা গঢ়ি উঠিব লাগিব । সজাগতা আৰু সচেতনতা ইয়াৰ মূল আধাৰ । অসমৰ দৰে ৰাজ্য এখনৰ কৃষিজীৱি ৰাইজৰ জীৱন নিৰ্বাহৰ মূলভেটি হিচাপে পৰিগনিত হৈ আহিছে অপৰ্যাপ্ত থলুৱা ধান, মাহ, শাক-পাছলি আদিৰ অমূল্য ভিন্নতা । এনে বৈচিত্ৰ্যতাৰ বিলুপ্তি মানেই সমাজখনেই নিশকতীয়া হোৱা । ক্ৰমবিৱৰ্তনৰ ফলত ৰাজ্যখনৰ পৰিবেশৰ সৈতে খাপ খাই উঠা থলুৱা জাতবোৰৰ ৰোগ-কীট আদিৰ আক্ৰমণ প্ৰতিৰোধৰ ক্ষমতা, ভিন্ন স্বাদ, ঔষধি গুণ ইত্যাদি অপাৰ । অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ৰীতি-নীতি, সামাজিক-সাংস্কৃতিক পৰম্পৰাই পৰোক্ষভাৱে অৰিহনা যোগাই আহিছে থলুৱা কৃষি জৈৱ-বৈচিত্ৰ্যতা সংৰক্ষণ প্ৰক্ৰিয়াত । কিন্তু জনসংখ্যা বৃদ্ধি, বানপানী, গৰাখহনীয়া আদিবোৰৰ বাবে ক্ৰমান্বয়ে কমি অহা খেতিৰ মাটি, সৰু হৈ অহা বাৰীবোৰ, সলনি হ’ব ধৰা খাদ্য ৰুচিৰ লগতে সচেতনতাৰ অভাৱৰ বাবে বহুতো থলুৱা শস্যৰো জাত বিলুপ্ত হোৱাৰ উপক্ৰম পৰিলক্ষিত হৈছে । আধুনিক অধিক উৎপাদনক্ষম জাতবোৰৰ উদ্ভাৱনৰ মূল আধাৰ হ’ল থলুৱা শস্যবোৰত থকা ভাল গুণবোৰ । এনেবোৰ কাৰণত আমি সকলোৱে আমাৰ চিনাকি-অচিনাকি থলুৱা শস্যৰ জাতবোৰৰ সংৰক্ষণত গুৰুত্ব প্ৰদাণ কৰাটো অতি প্ৰয়োজন হৈ আহিল ।

ইয়াৰ ওপৰিও আমি অসমৰ থলুৱা ফলবুলি ক’ব পৰা লেতেকু, পনিয়ল, কুজি, ঠেকেৰা, ৰূপহী ঠেকেৰা, ঠেৰেজু, মিৰিকা টেঙা, বঁহ ইত্যাদিৰ খাদ্য আৰু ঔষধি গুণ অতি বেছি । লেতেকু, পনিয়ল, শিলিখা আদিত অইৰণ অনেক বেছি পোৱা যায় । ভিটামিন ‘ছি’ৰ পৰিমান বেছি থাকিলে আইৰণ শোষনত সুবিধা হয় । শিলিখা আদিত এইবিধ খাদ্যপ্ৰাণ অধিক থাকে বাবে এনেবোৰ ফল বৰ লাগতীয়াল । যি বৰ্তমান আমাৰ সকলোৰে প্ৰায় জ্ঞাত । কোনো বিশেষ যত্ন নোলোৱাকৈয়ে এনেবোৰ ফলৰ পৰাও অনেক পোষক দ্ৰব্য, এমিন’এছিড আৰু ভিটামিন আদি পাব পাৰি । অসমৰ খাদ্য বিশেষজ্ঞ সকলে এনেবোৰ ফলৰ চাহিদা থকা উচ্চমানদণ্ডৰ আচাৰ, জেলি আদিৰ প্ৰস্তুত প্ৰণালীৰ ওপৰত চিন্তা-চৰ্চ্চা কৰিলে এনেবোৰ ফলৰ খেতি কৰিবলৈ কৃষক নিশ্চয় আগবাঢ়ি আহিব । সম্প্ৰতি অৱশ্যে বহুতো বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে এনে ধৰণৰ কাম হাতত লোৱাও দেখা গৈছে । মুঠতে উপাৰ্জন ভাল হ’লে যিকোনো খেতিকে কৰিবলৈ কৃষকসকল আগ্ৰহী হ’ব । ইয়াৰ লগতে, একেটা কৃষিতে অধিক উন্নতি দেখি, প্ৰত্যেকে সেই একে কৃষি বা কাম হাতত লোৱাৰ অসমীয়া মানুহৰ যি মানসিকতা তাৰো উন্নতি হোৱা প্ৰয়োজন ।

সুনয়ন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate