অসমৰ মানুহে প্ৰাচীন কালৰে পৰা লাৰ ব্যৱহাৰ জানিছিল আৰু লগতে উৎপাদন পদ্ধতিও। ১৮০৭-১৮১৪ চনৰ ভিতৰত অসমৰ পৰা বছৰি ১০,০০০ মোন লা ৰপ্তানি কৰা হৈছিল আৰু অসমৰ ৰপ্তানি সামগ্ৰীৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছিল।
পেৰিছত প্ৰদৰ্শিত ষোড়শ শতিকাৰ শেষৰ পৰা ওঠৰ শতিকাৰ আৰম্ভণিৰ মাজৰ সময়ছোৱাৰ বুলি অনুমান কৰা ভগৱান বিষ্ণুৰ অৱতাৰৰ যি টুকুৰা কাপোৰ সংৰক্ষিত কৰি হৈছে সেই টুকুৰা কাপোৰৰ আধাৰ ৰং হ’ল ‘লা’ উৎকৃষ্ট মানৰ ৰঙা ৰঙৰ বাবে বিখ্যাত অসমৰ লা য’ৰ পৰা পাব পাৰি-ৰঙা, মেৰুণ, বেঙুনীয়া, কমলা আদি ৰং; ইয়াৰ স্থায়িত্ব শতাব্দীৰো বেছি।
লা এবিধ পৰজীৱি। ৰঙচুৱা ইটা বৰণৰ ধূনা জাতীয় আঠাৰে বিভিন্ন জোখত (আকাৰৰ) আৱাস গছৰ কোমল ডালত বনাই লয় আৰু অতি ঘনকৈ বাস কৰে। যদিও উত্তৰ-পূব ভাৰতত কেইবাটাও জাতৰ লা পোৱা যায়, তথাপি ব্যৱসায়িকভাৱে ৰঙ্গিনী আৰু সামান্য পৰিমাণে কুসুমী নামৰ জাত দুটা পালন কৰা দেখা যায়।
যিহেতু কুসুমী মাত্ৰ কুসুম গছতহে হয়, গতিকে উত্তৰ-পূব ভাৰতত আৰু অসমৰ দক্ষিণ কামৰূপ-গোৱালপাৰা আৰু মেঘালয়ৰ সীমামূৰীয়া অঞ্চলত ইয়াক দেখা নাযায়। কিন্তু ৰঙ্গিনী এই অঞ্চলত বিভিন্ন গছত দেখা যায়। বিশেষকৈ মাখিয়তী, বগৰী, লিচু, চাহপাত, ৰহৰ, পলাশ আদিৰ গাত গাৰো লোকসকলে বিভিন্ন গছত লা পালন কৰে। উদ্ভিদ বা গছসমূহৰ নাম তেওঁলোকৰ ভাষাত দিয়ে। (যেনেদৰে ৰহৰ গছক তেওঁলোকে লাণ্ডু বুলি কয়) নহ’লে আমাৰ পৰিচিত/অপৰিচিত বহু গছত এই লা পালন কৰা সম্ভৱ।
ৰঙ্গিনী আৰু কুসুমী-দুয়োবিধ লাৰ বছৰত দুটা জীৱন চক্ৰ থাকে। ৰঙ্গিনীৰ এই দুয়োটা জীৱন চক্ৰৰ নাম ক্ৰমে বহাগী-(অক্টোৱৰ-জুলাই) আৰু কতিয়া- (জুন-অক্টোৱৰ)। কুসুমীৰ জীৱন চক্ৰ দুটাৰ নাম ক্ৰমে আঘোণী- (জুন-ফেব্ৰুৱাৰী)আৰু জেঠুৱা- (জানুৱাৰী-জুলাই)। লাৰ জীৱন চক্ৰ সম্পূৰ্ণ কৰিবৰ বাবে তলৰ অৱস্থাখিনি অতি গুৰুত্বপূৰ্ণ।
প্ৰায় ৫ মি:মি: দীঘল, ঘূৰণীয়া বা নাচপতি আকাৰৰ আৰু সম্পূৰ্ণৰূপে ডাঠ ৰঙা জুলীয়া পদাৰ্থৰে গঠিত। ই সম্পূৰ্ণৰূপে ধূনা-জাতীয় আৱৰণৰ মাজত পথালিকৈ সোমাই থাকে আৰু ইয়াৰ মূৰৰ অংশ গা গছত (যি জোপাত ই পৰজীৱিৰূপে বাস কৰে) সংলগ্ন হৈ থাকে আৰু ই স্থিৰভাৱে থাকি গা-গছৰ ৰস শুহি লয়। ইয়াৰ গাত ভৰি, চকু আৰু পাখি নাথাকে, মাত্ৰ সামান্য শুংযোৰা দেখা যায়।
এইবোৰ অতি সৰু (১.৫ মি:মি: দীঘল) আৰু ইহঁতৰ এযোৰা দীঘল শুং আছে। ইয়াৰ দুয়োটা জীৱন চক্ৰত দৈহিক গঠনৰ যথেষ্ট প্ৰভেদ দেখা যায়। প্ৰাপ্তবয়স্ক মতা লা গৰমকালীন চক্ৰত অস্বচ্ছ, ডাঠ পাখিহীন হয়, কিন্তু ঠাণ্ডাকালীন চক্ৰত স্বচ্ছ, পাতল পাখিযুক্ত হয়, পাখিবোৰ গাতকৈ দীঘল হয়।
এই পৰজীৱিসমূহ সমূহীয়াভাৱে বাস কৰে আৰু ইয়াৰ ঘনত্ব ইহঁতৰ জাতৰ ওপৰত নিৰ্ভৰ কৰে। ইহঁতৰ আৱাস ধূনা জাতীয় ৰঙা ইটা বৰণীয়া পদাৰ্থৰ চামনিৰে একেৰাহে বনাই লয়। যদিও এই আৱাসৰ ভিতৰখন পৰজীৱি দেহৰ আকাৰত গঠিত হয়, কিন্তু বাহিৰ খণ্ড বিভিন্ন আকাৰৰ হ’ব পাৰে। লাই ধূনা জাতীয় পদাৰ্থৰ বাহিৰেও এক জাতীয় মম উৎপাদন কৰি বাহত ব্যৱহাৰ কৰে, যাতে বতাহ অহা-যোৱা কৰা ৰাস্তা বন্ধ হৈ নাযায় আৰু ইহঁত মৃত্যুৰ মুখত নপৰে। লাই ইয়াৰ উপৰি বহিদ্বাৰৰ দ্বাৰা চেনিযুক্ত মৌ নিষ্কাশন কৰে, এই মৌৱে বিভিন্ন জাতৰ পৰুৱাক আকৰ্ষণ কৰে।
মাইকী লাই কণী উৎপাদন কৰে, কণীবোৰ উজ্জ্বল ৰঙা ৰঙৰ আৰু ইয়াৰ পিছতেই লা জনীৰ মৃত্যু হয়। সিহঁতৰ দেহৰ ভিতৰত কণীৰ পৰা প্ৰথম পৰজীৱিৰ ৰঙা ৰঙা ক্ষুদ্ৰ পোক বাহিৰ হয় আৰু ই লাহে লাহে অন্য ঠানিলৈ বিয়পি পৰে আৰু সেই ঠানিবোৰত একে ঠাইতে স্থিৰ পৰে আৰু তাতেই সিহঁতে পুনৰ এটা জীৱন চক্ৰ সম্পূৰ্ণ কৰে। সিহঁতে সাধাৰণতে স্থিৰ হোৱাৰ আগতে উপযুক্ত ঠানি নিৰ্বাচন কৰে আৰু জাকপাতি স্থিৰ হৈ পৰে; এক ছে:মি: স্থানত প্ৰায় ২৩ টা পৰজীৱি থাকে।
লিখক: চন্দন কেশৱ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
অ-সম অসম
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
অসম নামৰ ব্যুৎপত্তি
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...