বৈজ্ঞানিক প্রযুক্তি কৌশলে উদ্ভাৱন কৰা অধিক উত্পাদন ক্ষন বীজ ,ৰাসায়নিক সাৰ ,কীটনাশক ঔষধ ইত্যাদিৰ সহযোগত আজি আমাৰ দেশে অতিক্রম কৰি অতীতৰ পৰা সন্মূখীন হোৱা খাদ্য সমস্যা বহুদূৰ আতঁৰ কৰিছে। কিন্ত্ত আমি সকলোৱোই এই ক্ষেত্রত অত্যন্ত সজাগ হোৱা উচিত যে বর্তমানৰ প্রপতিয়ে যাতে ভৱিষ্যতৰ প্রয়োজন তথা স্বার্থত বিঘিনি নজন্মায় । বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰৰ অনুষম প্রয়োগে মাটিত সৃষ্টি কৰা আসোৱাহ সমূহ আতঁৰাই লগতে উদ্ভিদৰ খাদ্য নাটনি দূৰ কৰিবলৈ বর্তমান জৈৱিক কৃষি বা জৈৱিক উত্সৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । জৈৱিক কৃষি পদ্ধতিৰ জৰিয়তে কেৱল মাটিৰ পৰিৱেশ নষ্ট নকৰাকৈ স্থায়ী ভাৱে অধিক উত্পাদন পাব পৰাই নহয় বৰঞ্চ এই উত্পাদনৰ বজাৰতো ভাল চাহিদা পাব পাৰি । পুষ্টিৰ বাবে বিভিন্ন খাদ্যৰ উত্স সমূহক সঠিক ব্যৱহাৰ কৰাৰ উপৰিও নির্দিষ্ট মাত্রাত খাদ্যৰ উপাদান সমূহৰ যোগান ধৰি মাটিৰ উত্পাদিকা শক্তি অটুট ৰখা আৰু মাটিৰ ক্ষয়কৰণৰ পৰা হাত সৰাতো অতিকৈ প্রয়োজন হৈ পৰিছে। বিভিন্ন জৈৱিক সাৰৰ ভিতৰত পচন সাৰ , কেঁচুমতাসাৰ ,সেউজীয়া সাৰ , এজেলা আদিয়েই প্রধান। জীৱাণুসাৰৰ ভিতৰত ৰাইজবিয়াম ,এজেটবেক্তাৰ ,এজস্পাইৰিলাম , ফছফবেক্টেৰিয়া ইত্যাদিয়েই প্রধান। ওপৰত উল্লেখ কৰা সকলোবোৰ জৈৱ উত্স আৰু এইবোৰে মাটিৰ পৰা খাদ্য আহৰণ কৰি মাটিত আকৌ খাদ্যৰ সঞ্চাৰ ঘটায় সেই কাৰণে এইবোৰক পুনঃজীৱিত খাদ্য উত্স বুলি কোৱা হয়।
পচন সাৰ বুলিলে সাধাৰণতে উদ্ভিদ আৰু প্রানীজগতৰ বিভিন্ন উপাদানেৰে তৈয়াৰী হোৱা সাৰকে বুজায় । পচন সাৰত ব্যৱহত হোৱা উপাদানৰ ভিতৰত দৈনন্দিন জীৱনত অনায়াসে পাই থকা ঘৰচীয়া জীৱ জন্ত্তৰ মল মূত্র ,গোহালীৰ জাবৰ-জোথৰ বা খেৰ , বাৰীখনত থকা বন-বাত ,সহজে পচন ঘটা বিভিন্ন গছৰ পাত ,শাক-পাচলি বা ফল-মূলৰ অলাগতীয়াল অংশ ,মেটেকা ইত্যাদি ।
পচনসাৰ পাতৰ বাবে গোহালিৰ কাষত পানী জমা নোহোৱা ওখ ঠাই নির্ব্বাচন কৰিব লাগে । পচন সাৰ প্রস্তুত কৰিবলৈ ১০ ফুট দীঘল ,৫ফুট বহল আৰু ৩ ফুট দ' গাঁত খান্দিব লাগে । পচাব লগীয়া সামগ্রীবোৰ প্রথমতে কাটি সৰু সৰু টুকুৰা কৰি লব লাগে ।
ইয়াৰ পিচত এই জাবৰবোৰৰ লগত ফছফবেক্টেৰিয়া জীৱানুসাৰ ২৫০ গ্রাম প্রতি ১০০ কেজি জাবৰ হিচাপত পানীৰ লগত মিহলাব লাগে। তাৰ পিচত ১০ কেজি মান সাৰুৱা মাটিৰ লগত ২০ কেজি ৰক ফছফেট আৰু ৪-৫ কেজি ইউৰিয়া সাৰ পচাব লগীয়া সামগ্রীৰ লগত ভালকৈ মিহলাব লাগে । লক্ষ্য ৰাখিব লাগে যাতে পচন সাৰৰ পাতত জলীয় বাষ্পৰ পৰিমাণ শতকৰা ৬০-৭০ ভাপ হয় । জাবৰবোৰ ১৫ দিনৰ অন্তৰে অন্তৰে লৰাই দিব লাগে । ২য় বাৰ লৰোৱাৰ সময়ত এজটবেক্টাৰ জীৱাণুসাৰ ১০ কেজি দুই বাল্টিমান পানীৰ লগত মিহলি কৰি গাতত ভালকৈ চটিয়াই দিব লাগে । এনেকুৱা উন্নত মানৰ পচন সাৰ ৩-৪ মাহতে প্রস্তুত কৰিব পাৰি ।
জৈৱিক সাৰৰ ভিতৰত কেচুঁমতা সাৰৰ স্থান অন্যতম । এইবিধ সাৰ কেঁচুৰ বিস্ঠা মাথো । সাধাৰণ মাটিতকৈ কেচুঁমতা সাৰত ৫ গুণ বেছি নাইট্রজেন ,৭ গুণ বেছি ফছফৰাছ ,১১ গুণ বেছি পটাচৰ উপৰিও ২ গুণ বেছি মেগনেছিয়াম আৰু কেলচিয়াম থাকে । ইয়াত মূল্যৱান ভিটামিন ,এনজাইম আৰু হৰমন থাকে ।
কেঁচু উত্পাদনৰ কাৰণে উত্তম প্রজাতিৰ কেঁচুৰ ভিতৰত আইছানিয় ফটিদা ,ইউদ্রীলাছ ইউঘিনি ইত্যাদি সহজলভ্য । কেঁচুমতাসাৰ প্রস্তুত কৰাৰ কাৰণে ১০ ফুট দীঘল ,৫-৬ ফুট বহল আৰু ২.৫-৩ ফুট দৰ টেংক বনাব লাগে । টেংকৰ তলীত অতিৰিক্ত পানী ওলাই যাবপৰাকৈ কেইটামান সৰু (২ ইঞ্চিমান ব্যসৰ ) বিন্ধা কৰিব লাগে । টেংকৰ তলীত ১-২ ইঞ্চিৰ বালি নাইবা মাটিৰ প্রলেপ দিব লাগে । ইয়াৰ পিচত টেংকত আধাপচা গোবৰ আৰু পচনৰ উত্স (অলাগতীয়াল কৃষিজাত বস্তু) ২-৩ অনুপাতৰ মিশ্রণ কৰি ২ ফুট ডাঠকৈ প্রয়োগ কৰিব লাগে । আৰু তাৰপিচত প্রতি বর্গফুটত ১০০ টা কেঁচু প্রয়োগ কৰিব লাগে । কৃষিজাত সামগ্রীবোৰ টেংকত প্রয়োগ কৰাৰ আগতে সৰু সৰুকৈ টুকুৰা কৰি দুসপ্তাহৰ বাবে পচাব লাগে । টেংকত দিনত ২-৩ বাৰকৈ পানী প্রয়োগ কৰিব লাগে যাতে টেংকত জলীয় বাষ্পৰ পৰিমাণ শতকৰা ৫০ ভাগ সকলো সময়তে থাকে । লগতে টেংকত বৰষুণ নপৰিবলৈ ওপৰত খেৰৰ চালৰ ব্যৱস্থা কৰিব লাগে । পচন ক্রিয়া সম্পূর্ণ হওতে প্রায় ৫-৮ সপ্তাহ মান লাগে ।
পথাৰত ব্যৱহাৰ কৰা বিভিন্ন জৈৱিক সাৰৰ ভিতৰত আন এক অন্যতম সাৰ হৈছে সেউজীয়াসাৰ । কৃষকে থিতাতেই অতি সহজতে এই সাৰ প্রস্তুত কৰিব পাৰে । কিছুমান গছ-গছনি বিশেষকৈ ছেই বা মাহ জাতীয় উদ্ভিদৰ শিপা বা গা-গছত কিছুমান টেমুনা থাকে যত খালি চকুৰে নেদেখা অতি সূক্ষ্ম জীৱাণুৱে (বেক্টেৰিয়া ) বাহ লৈ বতাহৰ পৰা নাইট্রজেন আৱদ্ধ কৰি গছে আহৰণ কৰাত সহায় কৰে । ইয়াৰ উপৰিও যথেষ্ট পৰিমাণৰ জৈৱিক পদার্থ মাটিত মিহলি হৈ মাটিৰ সু-স্বাস্থ্য দীর্ঘদিনলৈ অটুট ৰাখে । সেউজীয়া সাৰৰ বাবে নির্দিষ্ট শ্রেণীৰ গছ-গছনিৰ বীজ পথাৰত চটিয়াব লাগে আৰু গছবোৰ এটা নির্দিষ্ট কোমল বয়সতে সৰু সৰুকৈ কাটি হালবাই মাটিত মিহলাব লাগে ।
সেউজীয়া সাৰ হিচাপে ব্যৱহাৰ কৰা উদ্ভিদৰ গুণবোৰ তলত উল্লেখ কৰা হল :
১) অতি কম সময়ত বাঢ়ি অহা গছ হব লাগে ।
২) শিপাৰ টেমুনাত বাস কৰা বেক্টেৰিয়াৰ সহায়েৰে মাটিত নাইট্রজেনৰ সংযোগ ঘটাব পৰা হব লাগে ।
৩) বিভিন্ন মাটিৰ পৰিস্থিতিত স্বাভাৱিক ভাৱে বাঢ়িব পৰা গছ হব লাগে ।
৪) মাটিত মিহলি কৰাৰ পিচত অতিসোনকালে পচিব পৰা গছ হব লাগে ।
এই সকলোবোৰ গুণ থকা যি কোনো গছকে সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ।
জীৱাণুসাৰ কিছুমান সূক্ষ্ম অনুজীৱ যিবিলাক বীজ ,শিপা আৰু মাটিত ব্যৱহাৰ কৰিলে স্বাভাৱিক উপায়েৰে বা বায়ুৰ পৰা জৈৱিক প্রক্রিয়াৰে উদ্ভিদক পুষ্টি যোগান ধৰে ।
জীৱানুসাৰ প্রয়োগৰ উপকাৰিতা
১) শস্যৰ উত্পাদন শতকৰা ২০-৩০ ভাগ বৃদ্ধি হয় ।
২) মাটিত শতকৰা ২৫ ভাগ নাইট্রজেন আৰু ১৫-৩০ ভাগ ফছফৰাছ সঞ্চিত কৰে ।
৩) মাটিৰ জৈৱিক অৱমনতাৰ পৰা ৰক্ষা কৰি উর্বৰতা শক্তি বৃদ্ধি কৰে ।
নাইট্রজেনৰ বাবে ব্যৱহাৰ হোৱা জীৱাণুসাৰে বতাহৰ নাইট্রজেন আৱদ্ধ কৰি গছে আহৰণ কৰাত সহায় কৰে অৱশ্যে শস্য বিশেষে ইয়াৰ প্রজাতিবোৰ বেলেগ বেলেগ হয় ।
১) মাহ বা ছেঁই জাতীয় শস্যৰ বাবে ৰাইজৰীয়াম প্রজাতি
২) অন্য খাদ্য শস্যৰ বাবে
ক)দ' পানী জমা থকা পৰিবেশত এজস্পাইৰীলাম
খ) মধ্যমীয়া পৰিবেশত এজটবেক্টাৰ
গ) শাক-পাচলি ইত্যাদিত এজটবেক্টাৰ
ঘ) ফছফৰাছৰ বাবে
মাটিত আৱদ্ধ হৈ থকা ফছফৰাছক অদ্রৱণীয় অৱস্থাৰ পৰা দ্রৱণীয় অৱস্থালৈ ৰুপান্তৰ কৰি গছৰ বাবে সহজলভ্য কৰি তোলে এইবিধ জীৱাণুসাৰে । এনে জীৱাণুসাৰৰ ভিতৰত আছে ফছফবেক্টেৰিয়া আৰু ভেম নামৰ এবিধ মাইকৰাইজা কিন্ত্ত ইয়াৰ ভিতৰত ফছফবেক্টেৰিয়া সহজতে বজাৰত পাব পাৰি ।
১) বীজ শোষণৰে প্রয়োজনীয় জীৱাণুসাৰ পানীৰ লগত মিহলি কৰি এটা মিশ্রণ তৈয়াৰ কৰি তাত বীজবোৰ ভালকৈ মিহলি কৰি ছাঁত শুকুৱাই সোনকালে সিঁচিব লাগে।
২) পুলি বা কঠীয়া শোষণৰে ওপৰত উল্লেখ কৰাৰ দৰে মিশ্রণ তৈয়াৰ কৰি তাত পুলিৰ শিপা বোৰ কমেও ৮-১০ ঘন্টামান তিয়াই ৰাখিব লাগে। অৱশ্যে এই পদ্ধতি ধানৰ ক্ষেত্রত পথাৰৰ কোণাতে কৰি লব পাৰি।
৩) মাটি শোধনৰে প্রয়োজনীয় জীৱাণুসাৰ পর্য্যাপ্ত পৰিমাণৰ পচন বা গোবৰ সাৰৰ লগত মিহলি কৰিব লাগে।
১) জীৱাণুসাৰ ঠান্দা আৰু শুকান দব্ধ নপৰা ঠাইত ৰাখিব লাগে ।
২) পেকেটত লিখা অন্তিম তাৰিখৰ আগতে ব্যৱহাৰ কৰিব লাগে ।
৩) জীৱাণুসাৰ কেতিয়াও ৰাসায়নিক সাৰ বা দৰবৰ লগত মিহলাব নালাগে । জীৱাণুসাৰ ৰাসায়নিক সাৰৰ বিষয় নহয় মাথো পৰিপূৰকহে
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 3/8/2020
জৈৱিক কৃষিৰ আখৰা, জৈৱিক কৃষিত সঁচ নিৰ্বাচনৰ বিষয়ে ...
শস্যৰ উৎপাদনত জৈৱ সাৰৰ ব্যৱহাৰ কেনেদৰে কৰা হয় সেই ...
কৃষি
জৈৱিক কৃষি বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষ...