অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কৃষিৰ জয়যাত্ৰা

জৈৱিক কৃষিৰ জয়যাত্ৰা

ৰেচেল লুই কাৰ্চনৰ ‘ছাইলেণ্ট স্প্ৰিং’ হ’ল কীটনাশকৰ নিৰ্বিচাৰ ব্যৱহাৰে জীৱ-বৈচিত্ৰ্য আৰু প্ৰকৃতিৰ ওপৰত অনা বিৰূপ প্ৰভাৱৰ এক হাঁওৰণি। ১৯৬২ চনৰ ২৭ ছেপ্তেম্বৰত পাশ্চাত্যৰ বিদ্বত্ মহলত ই আছিল এক খলকনি। কাৰ্চনে কথাবোৰ সঠিক ব্যৱস্থাত যোৱা নাই বুলি ৰাসায়নিক কৰ্কটকাৰক আৰু ইহঁতৰ দেহ সঞ্চয়নৰ বিষয়ে সবিস্তাৰে কৈছিল। এই বিষয়ক যোগাত্মক পদক্ষেপৰ পৰৱৰ্ত্তী পৰ্য্যায়ত পাৰিপাৰ্শ্ব হানিকাৰক কাৰ্বন-ডাই-অক্সাইড সমকক্ষৰ মাপেৰে জীৱ-বৈচিত্ৰ্যৰ পদাংক আলোচিত হ’ল। অনিন্দিতা মিশ্ৰই এইটোকে ‘কাৰ্বন পদাংক’ (কাৰ্বন ফুট প্ৰিণ্ট) নামেৰে এক সঠিক সংজ্ঞা দাঙি ধৰে। মূলতঃ বিষয়টো একেই, উদ্ভিদ আৰু প্ৰাণীজগত নিৰ্বিঘ্নে থাকিব লাগিব। ফুল ফুলিব লাগিব, ফল ফলিব লাগিব, কুলিয়ে মাতিব লাগিব। নিৰামুহী মানুহে আন প্ৰাণীৰ সৈতে, প্ৰকৃতিৰ সৈতে উমলিব লাগিব।

জৈৱিক কৃষিৰ অৱধাৰণা

১৯৬০ চনতেই ইয়াৰ ধাৰণা এটা আহে যদিও ফিডেল কাষ্ট্ৰোৰ দেশ কিউবাই এই বিষয়ত আগৰণুৱা। ধনী ৰাষ্ট্ৰবোৰে আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাবলৈকে জৈৱিক কৃষি পদ্ধতিক কৃষিকাৰ্য্যৰ ভিত্তি কৰি কিউবাই জগতক বিস্মিত কৰিলে। জৈৱিক কৃষিৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰকাশিত দি ৱৰ্ল্ড অৱ অৰ্গেনিক এগ্ৰিকালচাৰঃ ষ্টেটিষ্টিকছ্ এণ্ড ইমাৰ্জীং ট্ৰেণ্ড ২০১৪’  ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অৱ অৰ্গেনিক এগ্ৰিকালচাৰঃ মুভমেণ্টছ্-ৰ মতে বিশ্বৰ জৈৱিক কৃষিক্ষেত্ৰ ১৯৯৯ চনৰ ১১ মিলিয়ন হেক্টৰৰ পৰা ২০১২ চনত ৩৭.৫ মিলিয়ন হেক্টৰলৈ বৰ্দ্ধিত হৈ উৎপাদন মূল্যও যথাক্ৰমে ১৫ বিলিয়ন ডলাৰৰ পৰা ৬৪ বিলিয়ন ডলাৰলৈ উঠিছে।

কৃষিক্ষেত্ৰৰ বিভাজন

(ক) কৰ্ষণীয় ভূমিঃ ২০১২ চনৰ হিচাপত মুঠ কৃষিক্ষেত্ৰৰ ৫৪% শস্যভূমি। ইয়াক শ্যামলা কৰে ধান, ঘেঁহু আদি ঋতুকালীন শস্য, ফল-মূলৰ দীৰ্ঘকালীন খেতি, ঘাঁহনি আৰু আন কৃষি কৰ্মই।

(খ) অকৰ্ষণীয় ভূমিঃ বনজ সংগ্ৰহ, মৌ-পালন, বনভূমি, মত্স্য পালন, চৰণীয়া পথাৰ আৰু কৃষিৰ অনুপযুক্ত ভূমিৰ পৰিমাণ ৪৬%।

মহাদেশবোৰত জৈৱিক কৃষিক্ষেত্ৰ বনাম অকৰ্ষণীয় ক্ষেত্ৰ (মিলিয়ন হেক্টৰত, ২০১২)

জৈৱিক

অকৰ্ষণীয় ভূমি

(ক) উত্তৰ আমেৰিকা ৩.০

(খ) লেটিন আমেৰিকা ৬.৮

(গ) ইউৰোপ ১১.২

(ঘ) এছিয়া ৩.২

(ঙ) আফ্ৰিকা ১.১

(চ) অচোনিয়া ১২.২

০.০৫

২.৯

১০.৭

৬.৯

৯.৬

০.০

জৈৱিক কৃষিৰ উৎপাদন ক্ষমতা

পৰম্পৰাগত কৃষি পদ্ধতিতকৈ ই নিম্ন। কিন্তু জৈৱিক উত্পাদনে বজাৰত অধিক চাহিদা দাবী কৰি আধা মুনাফা আদায় কৰে। ক্ষুদ্ৰ কৃষকে তাকৰীয়া শস্যৰে জোৰা মাৰিব নোৱৰাটো ইয়াৰ এক অন্তৰায়।

জৈৱিক কৃষিত অগ্ৰণী দেশবোৰ

২০১২ চনত বিশ্বৰ মুঠ জৈৱিক ক্ষেত্ৰ কৃষিভূমিৰ ০.৯% মাথোঁ। FiBL আৰু IFOAM-ৰ বাৰ্ষিক জৰীপত অচোনিয়াত সৰ্বোচ্চ ২.৯%, ইউৰোপত ২.২%, লেটিন আমেৰিকাৰ ১.১%। দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষতেই সৰ্বাধিক ৫ লাখ হেক্টৰ জৈৱিক কৃষিভূমিৰে ৬ লাখ জৈৱিক কৃষক। পিছে দেশখনৰ সৰ্ব্বমুঠ কৃষিভূমিৰ ই হ’ল মাত্ৰ ০.৩% হে।

২০১২ চনত জৈৱিক কৃষিক্ষেত্ৰৰ দহখন দেশ (মিলিয়ন হেক্টৰ)

(ক) অষ্ট্ৰেলিয়া (২০০৯): ১২.০,

(খ) আৰ্জেণ্টিনাঃ ৩.৬,

(গ) যুক্তৰাষ্ট্ৰ (২০১১): ২.২,

(ঘ) চীনঃ ১.৯,

(ঙ) স্পেইনঃ ১.৬,

(চ) ইটালীঃ ১.২,

(ছ) জাৰ্মানীঃ ১.০,

(জ) ফ্ৰাণ্সঃ ১.০,

(ঝ) উৰুগুৱেঃ ০.৯,

(ঞ) কানাডাঃ ০.৮।

জৈৱিক শস্যৰ খুচুৰা বিক্ৰীৰ বজাৰখন (% হাৰত)

(ক) যুক্তৰাষ্ট্ৰ (ইউ.এছ): ৪৪,

(খ) জাৰ্মানীঃ ১৪,

(গ) ফ্ৰাণ্সঃ ৮,

(ঘ) যুক্তৰাষ্ট্ৰ (ইউ.কে.): ৪,

(ঙ) ইটালীঃ ৪,

(চ) ছুইজাৰলেণ্ডঃ ৩,

(ছ) অন্যান্যঃ ১৯।

জৈৱিক কৃষকৰ ১০ (দহ)-খন দেশ

(ক) ভাৰতঃ ৬,০০,০০০,

(খ) উগাণ্ডাঃ ১,৮৯,৬১০,

(গ) মেক্সিকোঃ ১,৬৯,৭০৭,

(ঘ) তাঞ্জানিয়াঃ ১,৪৮,৬১০,

(ঙ) ইথিওপিয়াঃ ১,৩৪,৬২৬,

(চ) টুৰ্কীঃ ৫৭,২৫৯,

(ছ) পেৰুঃ ৪৭,২১১,

(জ) ইটালীঃ ৩৯,৮৫২,

(ঝ) স্পেইনঃ ৩০,৪৬২,

(ঞ) পোলেণ্ডঃ ২৫,৯৪৪।

জৈৱিক খাদ্যসমৃদ্ধ বজাৰৰ দহখন দেশ

(মিলিয়ন ইউৰোত খুচুৰা বিক্ৰী, ২০১২)

(ক) যুক্তৰাষ্ট্ৰঃ ২২,৫৯০,

(খ) জাৰ্মানীঃ ৭,০৪০,

(গ) ফ্ৰাণ্সঃ ৪,০০৪,

(ঘ) কানাডাঃ ২,১৩৬,

(ঙ) যুক্তৰাজ্যঃ ১,৯৫০,

(চ) ইটালীঃ ১,৮৮৫,

(ছ) ছুইজাৰলেণ্ডঃ ১,৫২০,

(জ) অষ্ট্ৰিয়াঃ ১,০৬৫,

(ঝ) জাপানঃ ১,০০০,

(ঞ) স্পেইনঃ ৯৯৮।

বিলত ডাঙৰ মাছৰ টিঘিল্-ঘিলনি

বৃহৎ কৰ্পৰেট গোষ্ঠী আৰু ছুপাৰ মাৰ্কেটলানিয়ে অৰ্গেনিক বজাৰখনত প্ৰৱেশ কৰি সংগ্ৰহ, নিৰ্গমণ আৰু বিপণন ব্যৱস্থাৰ পৰিবৰ্ধন আৰু উৎকৰ্ষ সাধন কৰিছে। যুক্তৰাষ্ট্ৰৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্ততো কোকাকোলা, পেপচিকো, জেনেৰেল মিল্ছ আৰু কেল’গছ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।

নীৰৱ বসন্ত

পূৰ্ব্বে উল্লেখ কৰা চাইলেণ্ট স্প্ৰিং-ৰ যোগেদি ৰেচেল লুই কাৰ্চনৰ উদ্গনি আছিল এক পাৰিৱেশিক আন্দোলন গঢ়ি তোলা, যিটোৱে কৰ্পৰেট গোষ্ঠীৰ বিষাক্ত হাতোৰাৰ পৰা উৎপাদন আৰু উপভোক্তাক সুস্থ জৈৱিক পদ্ধতিলৈ ঘূৰাই অনা। কোনো ৰাসায়নিক প্ৰয়োগৰ অবিহনে, স্থানীয়ভাৱে উত্পন্ন কৰি স্থানীয় উপভোক্তাৰ বাবে স্থানীয় বজাৰত উপলব্ধ কৰাহে ইয়াৰ মূলমন্ত্ৰ আছিল। পিছে দেখা গ’ল জৈৱিক উৎপাদন  ঠিক পৰম্পৰাগত উৎপাদনৰ দৰেই সমগ্ৰ বিশ্বৰ বজৰুৱা সামগ্ৰী হৈ পৰিছে। ২০১২ চনৰ FiBL-IFOAM-ৰ প্ৰতিবেদনে দেখুওৱা উৎপাদন আৰু উপভোগৰ পৰিসংখ্যাত দেখা গৈছে প্ৰায় ৩০ বিলিয়ন ডলাৰৰ বিক্ৰীৰে বৃহত্তম বজাৰখন হ’ল যুক্তৰাষ্ট্ৰৰ, ইয়াৰ পিছতে ৯ বিলিয়ন ডলাৰেৰে জাৰ্মানী আৰু ৫ বিলিয়ন ডলাৰেৰে ফ্ৰাণ্স। হয়, আপুনি অনুমান কৰাৰ দৰেই কানাডা, যুক্তৰাজ্য, ইটালী, ছুইজাৰলেণ্ড, অষ্ট্ৰিয়া, জাপান আৰু স্পেইন হ’ল আন দহখন দেশৰ বজাৰ।

কাৰ্বন পদাংক

জৈৱিক কৃষিকৰ্মৰ বৃহত্ কালিৰ দেশ দহখন উল্লেখ কৰা হ’ল। উত্পাদক দেশে আন দেশৰ ছুপাৰ মাৰ্কেটলৈ উৎপাদিত দ্ৰব্য চালান দিয়ে আৰু তাৰ পৰাই তৃতীয় দেশে লৈ গৈ খায়গৈ। অষ্ট্ৰেলিয়াত উৎপন্ন এবিধ ফল যুক্তৰাজ্যৰ ছুপাৰ মাৰ্কেটলৈ হাজাৰ মাইল উৰা জাহাজেৰে যায়। তাৰ পৰা আকৌ বেলজিয়ামলৈ। পূৰ্ব্বোল্লিখিত কাৰ্বন পদাংকৰ কথাটো ইয়াতে খাটে। পৰম্পৰাগত ফল এটাতকৈ দেখোন জৈৱিক ফলটোত কাৰ্বন পদাংক অধিকহে হ’ব।

জৈৱিক কৃষি নিঃসন্দেহে সভ্যতাৰ আলিয়েদি এক কুশল যাত্ৰা। পিছে জৈৱিক কৃষিত বেপাৰী দেশৰ অপ্ৰতিৰোধ্য অভিযান, উৎপাদনত দৈত্যাকায় কৰ্পৰেটৰ সৰ্বগ্ৰাসী হাতোৰা, ব্যৱসায়ত কাৰ্বনৰ পদাংক আৰু অনুন্নত দেশৰ উপান্ত কৃষকৰ অৰ্থনৈতিক সমাধান আদি কাৰণত জৈৱিক কৃষিয়ে কি ৰূপ লয়, সেইটো নিৰ্ভৰ কৰিব ৰাষ্ট্ৰসংঘৰ দুটামান এজেণ্সী আৰু বিশ্ব বাণিজ্য সংস্থাৰ সদিচ্ছাৰ ওপৰত।

লেখকঃ নিত্যানন্দ শইকীয়া, আমাৰ অসম।

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate