অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাগুৰ মাছৰ পোনা উৎপাদন আৰু পালন

ভাৰতবৰ্ষৰ অৰ্থনৈতিক ভাবে গুৰুত্বপূৰ্ণ মাছ প্রজাতি সমূহৰ ভিতৰত মাগুৰ মাছ অন্যতম । বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য সমূহত সুস্বাদু আৰু অতি পুষ্টিকৰ মাছ হিচাপে মাগুৰ মাছ বহুলভাবে জনপ্রিয়। এই মাছৰ ঔষধি গুণ তথা ৰোগ নিৰাময়ৰ শক্তি থকা বুলিও জনবিশ্বাস আছে । বিবাহকে ধৰি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানত মাগুৰ মাছ শুভ প্রতীক হিচাপে ব্যৱহ্ত হয় । এই মাছৰ বিশেষ বায়ুশ্বাসী গুণৰ বাবে বজাৰত জীৱিত অৱস্থাতে বেচা-কিনা কৰিব পৰা যায় ।

মাগুৰ মাছৰ চাহিদা তথা বজাৰ দৰ অতি উচ্চ। অসমৰ বজাৰত মাগুৰৰ দাম বছৰৰ বিভিন্ন সময়ত ১৫০-৪০০ টকালৈকে হোৱা দেখা যায় । আনহাতে চাহিদা অনুপাতে মাগুৰৰ উত্পাদন যথেষ্ট নহয় । বিভিন্ন কাৰণত প্রাকৃতিক উত্স সমূহত মাগুৰৰ উত্পাদন পূৰ্বতকৈ কমি অহা পৰিলক্ষিত হৈছে ।উচ্চ চাহিদা আৰু সীমিত প্রাকৃতিক উত্পাদনৰ পৰিপ্রেক্ষিতত বৰ্তমানে নিয়ন্ত্রিত পৰিবেশত মাগুৰ মাছ পালন কৰি উত্পাদন বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে । অসমত মাগুৰ মাছৰ পালন তথা উত্পাদনক এক লাভজনক ব্যৱসায় হিচাপে গঢ়ি তোলাৰ প্রচুৰ সম্ভাৱনা আছে ।

বায়ুশ্বাসী গুনৰ বাবে মাগুৰ মাছে প্রতিকূল পৰিবেশতো জীয়াই থাকিব পাৰে। অপতৃণেৰে ঢাক খাই থকা ,কম,গভীৰতা,কম দ্রৱীভূত অম্লজান আৰু অধিক পৰিমাণে জৈৱিক পদার্থ থকা জলাহ,দলনি,পিতনি বা যিকোনো পৰিত্যক্ত জলাশয়তো বিধ মাছে সুন্দৰ ভাবে জীয়াই থাকিব পাৰে। অসমৰ বিভিন্ন জিলাত যথেষ্ট সংখ্যক এনেধৰণৰ জলাশয় দেখা যায়, যিবোৰৰ সৰহ ভাগেই অব্যৱহত আৰু পৰিত্যক্ত ।উচ্চ চাহিদা আৰু উপযুক্ত জলাশয়ৰ ব্যাপকতালৈ চাই অসমত মাগুৰ মাছৰ ব্যৱসায় ভিত্তিক পালনৰ সম্ভাৱনা অতি উজ্বল বুলিব পাৰি।

মাগুৰ মাছৰ প্রজনন, পোনা প্রতিপালন আৰু পৈণত মাছৰ পালনৰ কৌশল ইতিমধ্যে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে প্রস্তুত কৰিছে আৰু দেশৰ বিভিন্ন অংশত এই কৌশল অৱলম্বন কৰি মাগুৰ মাছৰ উত্পাদন কৰা হৈছে । অসমতো পৰীক্ষামূলক ভাবে সেই কৌশল সমূহৰ প্রয়োগ কৰি অসমৰ জলবায়বীয় পৰিবেশৰ উপযোগীকৈ সাজু কৰি উলিওৱা হৈছে । 
কৌশল কেইটা এনে ধৰণৰ:

মাগুৰৰ কৃত্রিম প্রজনন

মাগুৰৰ মতা আৰু মাইকী উভয় মাছেই এবছৰ বয়সৰ ভিতৰতে বংশবৃদ্ধিৰ বাবে দৈহিক ভাৱে সক্ষম হৈ উঠে । প্রজনন ঋতুত(বহাগ-জেঠৰ পৰা শাওন -ভাদলৈকে)প্রাকৃতিক ভাবে মাগুৰ মাছে উদ্ভিদ থকা বাম আৰু সৰু জলাশয়,যেনে-দলনী,পিতনী,বিলৰ কাষৰীয়া অংশ,বৰষুণৰ পানী ভৰা পথাৰ আদিত কণী পাৰে । কিন্তু বিভিন্ন কাৰণত প্রাকৃতিক পৰিবেশত মাগুৰৰ পোনাবোৰৰ মৃত্যুৰ হাৰ অধিক হয় । সেয়ে প্রাকৃতিক পৰিবেশৰ পৰা সংগ্রহ কৰি পালনৰ বাবে ব্যৱহাৰ কৰিবলৈ যথেষ্ট সংখ্যক পোনা পোৱা নাযায়। ব্যৱসায়িক ভিত্তিক মাগুৰ পালন কৰিবৰ বাবে,মাছবিধৰ কৃত্রিম প্রজনন কৰা নিয়ন্ত্রিত পৰবেশত পোনা উত্পাদন কৰাটো প্রয়োজন।

প্রজননৰ বাবে ব্যৱহাৰ কৰিব খোজা মাছখিনিক অন্ততঃ তিনি মাহৰ আগৰে পৰাই উপযুক্ত আহাৰ প্রয়োগ কৰি পালন কৰিব লাগে। এই আহাৰত অন্ততঃ ৩০% প্রোটিন থকাটো বাঞ্চনীয় । প্রজননৰ সময়ত পৈণত মতা আৰু মাইকী মাছ(১৫০-২০০গ্রাম ওজনৰ)পুখুৰীৰ পৰা ধৰি আনি বেলেগ বেলেগে ডাঙৰ প্লাষ্টিকৰ গামলাত ৰখা হয় । মাগুৰৰ মতা মাছৰ ক্ষেত্রত জোঙা,দীঘলীয়া আৰু মাইকী মাছৰ ক্ষেত্রত বুটাম সদৃশ ঘূৰণীয়া যৌনাংগ থাকে, যাৰ দ্বাৰা ইহঁতৰ লিংগ চিনাক্ত কৰিব পাৰি । তাৰোপৰি প্রজনন ঋতুত মাইকী মাছৰ পেট কণীৰে ওফন্দি থাকে।

মাগুৰ মাছৰ আৱিষ্ট প্রজননৰ বাবে কেৱল মাইকী মাছ জনীকহে বেজীৰ সহায়ত হৰম'নৰ প্রয়োগ কৰিব লাগে। মতা মাছক হৰম'নৰ প্রয়োগ নকৰিলেও হয় । কাৰ্পৰ দৰেই মাগুৰ মাছতো কাৰ্পৰ পিটুইটাৰী হৰম'ন বা ছিন্থেটিক হৰম'ন অভাপ্রিম বা অভাটাইড ০.৮-১.০ মিঃলিঃ প্রতি কিলোগ্রাম মাইকী মাছৰ বাবে প্রয়োগ কৰিব লাগে । হৰম'ন প্রয়োগৰ ১৪-১৮ ঘন্টাৰ পিছত মাইকী মাছৰ পেটত ওপৰ ফালৰ পৰা তললৈ সামান্য চাপ প্রয়োগ কৰি পেটৰ পৰা কণীখিনি এখন ট্রে বা থালত উলিওৱা হয়।

মতা মাছটোৰ পেটৰ তলফালে ফালি শুক্রাশয় দুটা উলিয়াই অনা হয়। এই প্রক্রিয়াত মাছটো মৰে। এই টিউবত ফিজিঅলজিকেল চেলাইন(০.৯% চডিয়াম ক্লৰাইড ডিছটলড্ পানীৰ সৈতে)লৈ তাত উলিয়াই লোৱা শুক্রাশয় কেইটা দি গুৰি কৰি সংমিশ্রণ তৈয়াৰ কৰি লোৱা হয়। এনেধৰণে প্রস্তুত কৰি লোৱা শুক্র ৰেফ্রীজাৰেটৰত ২৪ ঘন্টালৈকে সংৰক্ষণ কৰি ৰাখিব পাৰি।

প্রস্তুত কৰি লোৱা শুক্রৰ সংমিশ্রণ দ্রপাৰেৰে টোপটোপ কৈ দি ট্রেত উলিয়াই থোৱা কণীৰ সৈতে চৰাইৰ পাখী বা কোমল ব্রাছৰ সহায়ত মিহলোৱা হয় । ইয়াৰ পিছত এই সংমিশ্রণত সামান্য পৰিষ্কাৰ পানী মিহলাই শুক্রখিনি কাৰ্য্যক্ষম কৰি তোলা হয়। দুই মিনিটমান সময় এনেদৰে ৰাখিলে কণীখিনি পৰিষ্কাৰ প্রবাহিত পানীৰে ধোৱা হয় আৰু হেচ্ছিং টাবত জগিবৰ বাবে ৰখা হয়।

হেচ্ছিং টাব বিলাকত অনবৰত এটা পানীৰ প্রবাহ চলি থকাৰ ব্যৱস্হা ৰখা হয় ।এই পানীৰ প্রবাহে ভ্রণৰ বিকাশত আৰু কণীৰ পৰা পোনা জগাত সহায় কৰে । নিষেচিত কণীসমূহ পানীত ডুব গৈ থকা আৰু আঠাযুক্ত হয় । হেচ্ছিংটাবৰ তলীত এইবোৰ লাগি ধৰে। আনহাতে অনিষেচিত কণীসমূহ কিছুসময়ৰ ভিতৰতে অস্বচ্ছ হৈ পৰে আৰু পানীত ওপঙি উঠি প্রবাহিত হৈ থকা পানীৰ সোঁতত উটি যায়।

সাধাৰণতে ২৫-২৭ ঘন্টাৰ ভিতৰতে কণী ফুটি পোনা জাগে,কিন্ত্ত কেতিয়াবা এই সময় ৩০-৩৬ ঘন্টালৈকে বৃদ্ধি হ'ব পাৰে। সদ্য জন্মপ্রাপ্ত পোনা সমূহ ৪-৫ মিলিমিটাৰ দীঘল হয় আৰু ইহঁতৰ এটা ডাঙৰ গোলাকাৰ ৰঙচুৱা কুসুম মোনা থাকে। জন্মৰ ৪ৰ্থ দিনত এই কুসুম মোনাৰ পুষ্টিদ্রব্য শোষিত হৈ শেষ হয় । পোনাখিনিয়ে তেতিয়াৰ পৰা বাহিৰৰ আহাৰৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়।

মাগুৰৰ পোনাৰ প্রতিপালন


মাগুৰ পোনাৰ প্রতিপালনৰ বাবে বিশেষ আন্তঃ গাঁঠনি আৰু যত্নৰ আৱশ্যক । কণী ফুটি জগাব ৩-৪ দিনৰ পিছত পোনাখিনি হেচ্ছিংটাবৰ পৰা বা চিমেন্টৰ ৰিয়েৰিং টেংকলৈ নিয়া হয় । উপযুক্ত প্রতিপালনৰ বাবে ৰিয়েৰিং টেংক সমূহ ঘৰৰ ভিতৰতে ৰখা হয়। প্রতি বৰ্গ মিটাৰত ২০০০-৩০০০ টা হিচাপত ৰিয়েৰিং টেংকত ৩-৪ দিনীয়া পোনা মেলিব লাগে । পোনাখিনিক এই সময়ত প্ল'বক বা আৰ্টেমিয়া ন'প্লী আহাৰ হিচাপে দিয়া হয় ।

ৰিয়েৰিং টেংকৰ পানী এদিন/দুদিনৰ মূৰে মূৰে সলাই থাকিব লাগে,যাতে পানীৰ গুনাগুন অটুত ৰাখিব পৰা যায়। অন্যথাই পোনাৰ দৈহিক বিকাশত বাধাপ্রাপ্ত হৈ মৃত্যুও হ'ব পাৰে । পোনাখিনি এই ৰিয়েৰিং টেংকত ১০-১২ দিনলৈকে ৰখা হয়।

পোনা জগাৰ ১০-১২ দিনৰ ভিতৰত ইহঁতৰ বায়ুৰ পৰা অম্লজান আহৰণ কৰা অংগৰ বিকাশ ঘটে আৰু ইহঁতে তেতিয়াৰ পৰা কিছু সময়ৰ অন্তৰে অন্তৰে বায়ুৰ পৰা অম্লজান আহৰণ কৰিবলৈ আৰম্ভ কৰে । ১২-১৪ দিন এইদৰে ৰিয়েৰিং টেংকত প্রতিপালন কৰাৰ পিছত পোনাখিনি ১০-১২ মিলি মিটাৰ আকাৰৰ ফ্রাইলৈ ৰুপান্তৰিত হয় । ফ্রাইখিনিক এই সময়ত প্রতি পালনৰ বাবে মুকলিত থকা চিমেন্টৰ টেংকলৈ নিয়া হয় ।

চিমেন্টৰ টেংকৰ তলীত প্রায় ৬-৮ চেন্টিমিটাৰ গভীৰতাৰ এটা বোকা মাটিৰ তৰপ দি লোৱা হয় । এই টেংকত প্রায় ২৫-৩০ চেন্টিমিটাৰ গভীৰতাৰ পানী থকা উচিত । পোনা মেলাৰ আগতে টেংকৰ পানীত প্রয়োজন অনুযায়ী চূণ আৰু সাৰ প্রয়োগ কৰি লোৱা হয় । চিমেন্টৰ টেংকৰ সলনি ভালদৰে প্রস্ত্তত কৰি লোৱা হয় পুখুৰীতো মাগুৰৰ ফ্রাই প্রতিপালন কৰিব পাৰি।

প্রতি বর্গ মিটাৰত ২০০-৩০০ টা হিচাপত টেংকত মাগুৰ পোনাবোৰ মেলি দিয়া হয় । মাগুৰৰ পোনাখিনিক আশ্রয় বা ছাঁ দিবৰ বাবে যথেষ্ট পৰিমানে পানীত ওপঙি থকা উদ্ভিদ যেনে মেটেকা,পুনি আদি দিয়া হয়,যাতে টেংকৰ পানীৰ উপৰিভাগৰ অন্ততঃ কিছু অংশ এনে অপতৃণেৰে ঢাক খায় । পোনাবিলাকক প্রায় ৩৫% প্রটনিযুক্ত সুষম আহাৰ নিয়মীয়াকৈ খুৱাব লাগে । ইয়াৰ বাবে মিহিকৈ গুৰি কৰা শুকান মাছ আৰু চাউলৰ মল সম পৰিমাণত(১:১)মিহলাই মাছৰ মুঠ ওজনৰ ৫-১০%ৰ সমান আহাৰ দৈনিক খুৱাব লাগে । প্রায় ৩০ দিন প্রতিপালনৰ পাছত ফ্রাইখিনি ৩-৪ চেঃমিঃ দীঘল(০.৮-১গ্রাম ওজনৰ)ফিংগাৰলিং আকাৰলৈ ৰুপান্তৰিত হয়।

পৈনত মাগুৰ মাছৰ উত্পাদন

পৈনত বা খোৱৰ উপযোগী মাগুৰ মাছৰ উত্পাদন কৰিবলৈ ফিংগাৰলিং সমূহ পুখুৰীত মেলা হয় । মাগুৰ পালন কৰা পুখুৰীৰ চাৰিওকাষ শিলেৰে ঢাক খোৱা বা পকী হলে ভাল । যিহেতু পৈনত মাগুৰ মাছৰ বাৰিষা বৰষুণৰ পানী পালে পুখুৰীৰ পৰা বগাই ওলাই যোৱাৰ স্বভাৱ আছে,সেয়ে ইয়াক ৰোধিবৰ বাবে পুখুৰীৰ পাৰত চাৰিওফালে পকী দেৱাল,ঘনকৈ বোৱা বাঁহৰ জেওঁৰা বা বান দিব লাগে । এই দেৱাল বা জেওঁৰাৰ উচ্চতা মাটিৰ পৰা প্রায় ডেৰ ফুট হ'ব লাগে।

প্রতি বর্গ মিটাৰত ৫-৭ টা হিচাবত পুখুৰীত মাগুৰৰ ফিংগাৰলিং মেলিব লাগে। পোনা মেলাৰ আগতে পুখুৰীত চূণ আৰু সাৰ প্রয়োগ কৰি বিজ্ঞানসন্মতভাবে প্রস্তুত কৰি লোৱা হয়। মাগুৰৰ পোনাখিনিকি ৩০-৩৫% প্রোটিনযুক্ত আহাৰ দৈনিক মাছৰ মুঠ ওজনৰ ৩-৫% ৰ সম পৰিমাণত প্রয়োগ কৰিব লাগে। শুকান মাছৰ গুৰি,কচাই খানাৰ পেলনীয়া সামগ্রী শুকুৱাই গুৰি কৰি,চাউলৰ মল,বাদাম,খলিহৈ আদিৰ সৈতে মিহলাই খুৱাব পাৰি। আহাৰ পুখুৰীৰ বিভিন্ন অংশত ট্রে বা থালত প্রয়োগ কৰিব লাগে । মাগুৰৰ বাবে আবেলি সময়ত আহাৰ প্রয়োগ বেছি সুফলদায়ক।

মাগুৰ মাছে পুখুৰীৰ তলীত পৰি থকা যিকোনো বস্ত্ৰ তলত বা ভিতৰত লুকাই আশ্রয় লৈ ভাল পায় । সেয়ে মাগুৰ পালন কৰা পুখুৰীৰ তলীত ভঙা টেকেলী,পাইপৰ টুকুৰা,বাঁহৰ টুকুৰা,নাৰিকল গছৰ পাত আদি পেলাই থব লাগে,যাতে মাছ খিনিয়ে আশ্রয় লৈ থাকিব পাৰে।

উপযুক্ত প্রতিপালনৰ ফলত মাগুৰৰ ফিংগাৰলিং সমূহ ৭-৮ মাহৰ ভিতৰতে বিপননৰ যোগ্য বা খোৱাৰ যোগ্য(১০০-১২০গ্রাম/প্রতি মাছত)হয়গৈ । এইবোৰ মাছ সাধাৰণতে পুখুৰীৰ পানী সিঁচি ধৰা হয় । উপৰোক্ত পদ্ধতি অনুযায়ী পালন কৰিলে মাগুৰ মাছৰ উত্পাদন গঢ়ে প্রতি হেক্টৰত প্রায় ৩০০০-৪০০০ কিলোগ্রাম ৭-৮ মাহৰ ভিতৰতে পোৱা যায়।

উপসংহাৰ

উত্তৰ-পূবাঞ্চলৰ ৰাজ্যসমূহত মাগুৰৰ চাহিদালৈ চাই,এই মাছৰ পোনা উত্পাদন আৰু পালনৰ প্রসাৰ কৰাটো অতি গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে। এই ৰাজ্য সমূহত থকা জলাহ অঞ্চল বা অন্য মাছৰ পালনৰ অনুপযোগী,পৰিত্যক্ত জলাশয়ত প্রয়োজনীয় ব্যৱস্থা কৰি লৈ মাগুৰ মাছৰ পালনৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

এই অঞ্চলৰ ৰাইজৰ মাগুৰ মাছৰ প্রতি থকা দুর্বলতাৰ সুবিধা লৈ বর্তমান কিছুমান লোকে থাইলেণ্ড মাগুৰৰ পোনাকে থলূৱা মাগুৰ পোনা বুলি বিক্রী কৰি থকা দেখা গৈছে। এইটো উল্লেখ কৰা ভাল হ'ব যে বর্তমান আমাৰ দেশত থাইলেণ্ড মাগুৰ পালনৰ ওপৰত চৰকাৰী নিষেধাজ্ঞা আছে। গতিকে মীনপালক সকলে তেনে বেপাৰীৰ কথাত ভোল নগৈ নির্ভৰযোগ্য প্রতিষ্ঠানৰ পৰাহে থলুৱা মাগুৰৰ পোনা পালনৰ বাবে সংগ্রহ কৰিব লাগে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্রত(যোৰহাটত অৱস্হিত)২০০৭ চনৰ পৰা মাগুৰ মাছৰ পোনা উত্পাদন আৰু বিক্রী কৰি থকা হৈছে। আগ্রহী মীন পালকে কেন্দ্রটিৰ লগত আগতীয়াকৈ যোগাযোগ কৰি পোনা সংগ্রহ কৰিব পাৰে।

মাগুৰ পালনৰ অর্থনৈতিক বিশ্লেষণ :(০.০৫ হেক্টৰ,৬ মাহৰ বাবে)

সঞ্চালন ব্যয়:

১) মাগুৰ পোনা(২৫০০ টা) ৬,২৫০.০০

(প্রতি পোনা ২.৫০ টকা দৰত)

২) সাৰ,চূণ ইত্যাদি ৩০০.০০

৩) খাদ্য ৩০০ কেজি ৪,৫০০.০০

(প্রতি কেজি ১৫ টকা দৰত)

৪) মাছ ধৰাৰ বাবদ ৫০০.০০

৫) অন্যান্য ৫০০.০০

মুঠ ১২,০৫০.০০

বছৰি ১৫% হাৰত ৩ মাহৰ সুতৰ পৰিমাণ ৪৫২.০০

মুঠ খৰচ ১২,৫০২.০০

মুঠ আয়ৰ পৰিমাণ

মাগুৰ বিক্রীৰ পৰা পোৱা ধন ২২,৫০০.০০ (প্রতি কেজিত ১৮০ টকা দৰত ১২৫ কেজিৰ বাবদ)

মুঠ লাভ ৯,৯৯৮.০০

লাভৰ শতাংশ ৭৯.৯৭%

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 7/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate