অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টিকৰ খাদ্য হিচাপে মাছ

পুষ্টিকৰ খাদ্য হিচাপে মাছ

কম খৰচী আৰু উচ্চ প্ৰ’টিনযুক্ত পুষ্টিকৰ খাদ্যৰূপে মাছ বিশ্বৰ প্ৰায়বোৰ উন্নয়নশীল দেশৰ আৰ্থসামাজিকভাৱে পাছপৰা জনসাধাৰণৰ জীৱন নিৰ্বাহৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগ। বিশ্ব স্বাস্থ্য সংস্থাই ক্ৰমবৰ্ধমান জনসংখ্যা বিস্ফোৰণৰ সময়ত মাছক প্ৰ’টিন কেলৰিৰ বাবে উদ্ভৱ হোৱা অপুষ্টি নিৰ্মূলৰ মূল উৎস হিচাপে চিনাক্ত কৰিছে। দুখীয়া তৃতীয় বিশ্বৰ জনসাধাৰণৰ বাবে যেনেকৈ মাছ সৰ্বোত্তম প্ৰ’টিনযুক্ত খাদ্য ঠিক তেনেকৈ ধনী দেশৰ বাবে মাছ হৈছে হাৰ্ট ফুড যিহেতুকে মাছ খোৱাৰ বাবে বিপদযুক্ত বেমাৰ যেনে হৃদৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। সমগ্ৰ বিশ্বৰ মুঠ উৎপাদিত মাছৰ ৭৫ শতাংশ মানুহৰ খাদ্য হিচাপে ব্যৱহৃত হয় আৰু বাকী ৰৈ যায় ২৫ শতাংশ শুকান মাছৰ গুড়ি আৰু তৈল্য পদাৰ্থ হিচাপে থাকে যাক মুখ্যত জন্তুৰ খাদ্য উৎপাদন হিচাপে ব্যৱহৃত হয়।


সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় খাদ্য সম্ভাৰৰ ওপৰত সজাগতা বৃদ্ধি পোৱাৰ লগে লগে পুষ্টিকৰ খাদ্য সম্ভাৰৰ বিষয়ে বেছিকৈ চৰ্চা হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ অৰ্থনৈতিকভাৱে আগবঢ়া সমাজত, য’ত মানুহে দামযুক্ত খাদ্য বিচাৰি খাবলৈ সক্ষম। খাদ্য আৰু স্বাস্থ্যৰ ওপৰত বছৰ বছৰ ধৰি চলি থকা গৱেষণাৰ ফলস্বৰূপে পোৱা গৈছে যে বহুতো দুৰাৰোগ্য বেমাৰৰ মূল উৎস অসন্তুলিত খাদ্যৰ কথা চিন্তা কৰা হয় মাছৰ লগতে মাহজাতীয় খাদ্যক আগস্থান দিয়া হয়। এই লেখাৰ মূল বিষয় মাছ হৈছে এবিধ অত্যন্ত পুষ্টিকৰ দ্ৰব্য য’ত প্ৰ’টিনৰ লগতে ভিটামিন, খনিজ লৱণ, সংপৃক্ত চৰ্বি, দৰকাৰী এমিন’ এছিড ইত্যাদিৰ সমাহাৰ হয়। সাধাৰণতে দেখা যায় যে প্ৰায়বোৰ পুষ্টিকৰ দ্ৰব্য সোৱাদযুক্ত নহয় কিন্তু মাছ তাৰ ব্যতিক্ৰম। উল্লেখযোগ্য যে মাছ সহজে হজম হোৱাৰ উপৰি ই আন মাংস হজম হোৱাতো অৰিহণা যোগায়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দৈনিক ০.৭৫ গ্ৰাম প্ৰ’টিন প্ৰতি কেজি দৈহিক ওজন সাপেক্ষে খাব লাগে। তেওঁলোকে বছৰি ১১ কিলোগ্ৰাম মাছ খাদ্য হিচাপে প্ৰত্যেক ব্যক্তিৰ বাবে অপৰিহাৰ্য বুলিও উল্লেখ কৰিছে। খাদ্যত থকা প্ৰ’টিনে দেহক অপৰিহাৰ্য এমিন’ এচিড যোগান ধৰে। অপৰিহাৰ্য এমিন’ এচিড  বুলিলে যিবোৰ এমিন’ এচিড খাদ্যৰ পৰা উপলব্ধ সেইবোৰকে সূচায়। আন আন এমিন’ এচিডৰ দৰে এইবোৰ দেহৰ পৰা সংশ্লেষণ কৰিব পৰা নাযায়। হৰমন, এনজাইম আৰু গঠনমূলক প্ৰ’টিনৰ জৈৱিক সংশ্লেষণৰ বাবে এই অপৰিহাৰ্য এমিন’ এচিডৰ দৰকাৰ। মাছত সকলো

ধৰণৰ অপৰিহাৰ্য এমিন’ এচিডৰ সমাহাৰ হয় বাবে ইয়াক সৰ্বোত্তম প্ৰ’টিন বোলা হয়। মানৱ দেহে সংশ্লেষণ কৰিব নোৱাৰা অথচ দেহৰ বাবে অপৰিহাৰ্য ফেটি এচিড মাছৰ মঙহত সন্নিৱিষ্ট থাকে। ওমেগা ৩, ওমেগা ৬ আৰু ওমেগা ৯ হৈছে এনে ধৰণৰ ফেটি এচিড। মাছ আৰু সামুদ্ৰিক খাদ্যত সততে উপলব্ধ ওমেগা ৩ ফেটি এচিডৰ নাম ইকচাপেন্টা ইনয়িক এচিড বা টিমনডনিক এচিড। ইয়াৰ পিছত ডকচা হেক্সাইনয়িক  পোৱা যায়। গৱেষণাৰ পৰা পোৱা হৈছে যে এই দুবিধ অসংপৃক্ত ফেটি এচিডে বিষ যন্ত্ৰণা কমাৰ লগতে ই ৰিউমাটইড আৰথ্ৰিটিছ বা আলচাৰটিভ কলিটিছ নামৰ বেমাৰত ভোগা ৰোগীক যথেষ্ট সকাহ দিয়ে। সকলোতকৈ উত্তম কথা হ’ল যে এইবোৰে তেজৰ কলেষ্টেৰল কমোৱাত সহায় কৰে। নিয়মিতভাৱে মাছ খালে ব্যক্তিৰ তৎক্ষণাত হোৱা হৃদক্ৰিয়া বন্ধৰ প্ৰৱণতা কমে। মহিলা স্তন কেন্সাৰৰ দৰে ৰোগো নিয়মিতভাৱে মাছ খালে কম হয় বুলি গৱেষণাৰ পৰা কোৱা হৈছে। মানৱ মগজুৱে সকলোতকৈ বেছি উল্লিখিত DHA নামৰ ফেটি এচিড ব্যৱহাৰ কৰে। বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে বিষণ্ণতাত ভোগা মানুহৰ মগজুত DHA ৰ পৰিমাণ কম থাকে। এতেকে এনে ব্যাধি সাধাৰণ মাছ নিয়মিতভাৱে ব্যৱহাৰ হৈ আহিছে। মাছত যথেষ্ট পৰিমাণৰ ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। অৱশ্যে মাছৰ প্ৰকাৰ, প্ৰজাতি, বয়স আৰু ঋতুভেদে এইবোৰৰ পৰিমাণ কম বেছি হয়। সৰ্বসাধাৰণতে মাছ ভিটামিন বি, এ আৰু ডি পোৱা যায়। চৰ্বিযুক্ত মাছত বেছি এ আৰু ডি ভিটামিন থাকে। সততে পালন কৰা কাৰ্প প্ৰজাতিৰ মাছত থায়ামিন নামৰ ভিটামিন বেছিকৈ থাকে। মাছৰ যকৃত, কণী শক্ৰু আৰু ছাল হৈছে ভিটামিন B1 ৰিবফ্লেবিন, ফ’লিক এচিড, বায়টিন আৰু ছায়ান’কবালমিনৰ মুখ্য উৎস। সাগৰীয় মাছত অন্তৰ্দেশীয় মাছৰ তুলনাত বেছি খনিজ লৱণ পোৱা যায়। কেলচিয়াম আৰু ফচফৰাচৰ দৰে খনিজ লৱণৰ বাবে সাগৰীয় মাছ খাব লাগে। যিহেতু দেখা গৈছে যে মৎস্য জীৱিকাই পৃথিৱীৰ মুঠ এক শতাংশ অৰ্থনৈতিক উৎপাদনত অৰিহণা যোগায় আৰু কোনো দেশত মানুহৰ জীৱন-নিৰ্বাহৰ বাবে মূল উৎস এতেকে মাছে উল্লেখিত পুষ্টিকৰ দ্ৰব্যৰ যোগান ধৰাই নহয় আৰু বহু প্ৰকাৰে সমাজ ব্যৱস্থাত প্ৰভাৱ পেলাই আহিছে। পৃথিৱী ব্যাপী থকা দুই—তৃতীয়াংশ পানীৰ সৎব্যৱহাৰৰ দ্বাৰা বিশ্বব্যাপী হোৱা জনসংখ্যাৰ বিস্ফোৰণৰ মোকামিলা কৰিব পৰা হ’ব।

লিখক: সোনমইনা ভূঞা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate