হাঁহ পালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাৰ পুণৰ ব্যৱহাৰ কৰি অতি কম খৰছত মাছ উৎপাদনৰ লগতে হাঁহ কণী উৎপাদন কৰাই এই পদ্ধতিৰ মূল উদ্দেশ্য ৷ হাঁহৰ মলত ০.৯১ শতাংশ নাইট্ৰ’জেন আৰু ০.৩৮ ফচফৰাচ থাকে ৷ সঠিক হাৰত হাঁহৰ মল প্ৰয়োগ কৰিলে পুখুৰীত সাৰ আৰু মাছৰ খাদ্য প্ৰয়োগৰ প্ৰয়োজন নেথাকে ৷ তাৰোপৰি, হাঁহে ৫০% খাদ্য পুখুৰীৰ পৰা সংগ্ৰহ কৰে ৷ আনহাতে এই আৱৰ্জনাসমূহে মাছৰ প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধি কৰাৰ উপৰিও হাঁহক যোগান ধৰা খাদ্যৰ অৱশিষ্ট আৰু হাঁহৰ মল মাছে খাদ্য হিচাবে গ্ৰহন কৰে ৷ হাঁহে সাতোঁৰাৰ ফলত পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পায় ৷ ই মাছৰ শাৰীৰিক বৃদ্ধিত সহায় কৰে ৷
উপযোগী হাঁহৰ জাত:
অসমৰ জলবায়বীয় পৰিস্হিতিত মতা খাকী কেম্পবেল আৰু মাইকী পাতি হাঁহৰ সংকৰণ কৰি উৎপাদন কৰা হাঁহেই সমন্বিত মাছ আৰু হাঁহ পালনৰ বাবে উপযোগী হাঁহ ৷ নগেশ্বৰী আৰু ছিলেটমেটি হাঁহ অসমত পোৱা নেযায় ৷ অত্যধিক আৰ্দ্ৰতাৰ বাবে খাকী কেম্পবেল হাঁহ পুখুৰীৰ ওপৰত ৰখাৰ উপযোগী নহয়৷
হাঁহৰ সংখ্যা
প্ৰতি হেক্টৰ পানী কালিৰ বাবে ৩০০ টা হাঁহৰ প্ৰয়োজন ৷ হাঁহৰ জাকটোত ১ : ৫ হাৰত মতা আৰু মাইকী হাঁহ ৰাখিব লাগে ৷ অৰ্থাৎ ৩০০ হাঁহৰ জাকটোত ৫০ টা মতা আৰু ২৫০ জনী মাইকী হাঁহ থাকিব লাগে ৷
পুখুৰী নিৰ্মাণ
১) নিম্নতম: ২ কঠা
২) উচ্চতম: ২ বিঘা
হাঁহৰ গঁৰাল
১) পুখুৰীৰ যি কোনো এটা চুকত গঁৰালটো নিৰ্মাণ কৰিব লাগে ৷
২) খেৰ, বাঁহেৰে অস্থায়ী ভাবে অথবা পকী খুটা, কাঠ, লো, এচবেষ্টচ আদিৰে স্হায়ী ভাবে গঁৰালটো নিৰ্মাণ কৰিব পাৰি ৷
৩) স্থায়ী আৰু অস্থায়ী উভয় ক্ষেত্ৰতেই মজিয়াখন ছিদ্ৰযুক্ত হোৱা উচিত ৷ অস্থায়ী গঁৰালৰ ক্ষেত্ৰত মজিয়া খন বাঁহৰ চিলিঙি আৰু স্থায়ী গঁৰালৰ ক্ষেত্ৰত লোৰ তাঁৰৰ চিলিঙি বা ছিদ্ৰযুক্ত লোহাৰ পাটেৰে সাজিব পাৰি ৷ মজিয়াৰ ছিদ্ৰসমূহ ৪.০০ – ৬.০০ বৰ্গ ছে: মি: আকাৰৰ হ’ব লাগে ৷
৪) প্ৰত্যেক হাঁহৰ বাবে ১.৫ বৰ্গ ফুট হিচাবত মজিয়াখন আহল-বহল হব লাগে ৷
৫) মজিয়া খন পানীৰ পৰা ১.০ মিটাৰ উচ্ছতাত থাকিব লাগে ৷ গঁৰালৰ উচ্চতা মজিয়াৰ পৰা মুধচলৈ ৩.৬ মিটাৰ আৰু চটিলৈকে ২.৭২ মিটাৰ হব লাগে ৷
৬) গঁৰালটোত উপযুক্ত দুৱাৰৰ ব্যৱস্থা থাকিব লাগে ৷
৭) বেৰসমূহৰ তলফালে দুইতৃতীয়াংশ বতাহ সোমাব নোৱাৰা আৰু ওপৰৰ একতৃতীয়াংশ বতাহ চলাচল কৰিব পৰাকৈ চিলিঙি যুক্ত হ’ব লাগে ৷
৮) পুখুৰীলৈ হাঁহ অহা যোৱা কৰিব পৰাকৈ দলংৰ ব্যৱস্থা কৰিব লাগে ৷
৯) পুখুৰীৰ চাৰিওফালে হাঁহ ওলাই যাব নোৱাৰাকৈ জেওঁৰা আৰু লগতে উপযুক্ত জপনাৰ ব্যৱস্থা কৰিব লাগে ৷
উষ্ণতা | ২৬০ – ৩২০ চেলচিয়াচ |
পিএইচ (pH) | ৭.৫ – ৮.৫ |
মুঠ ক্ষাৰকতা | ৭৫ – ১৫০ পিপিএম |
দ্ৰৱীভূত অম্লজান | ৫-১০ পিপিএম |
নাইট্ৰেট | ০০০ |
ফচফেট | ০০০ |
মুক্ত এঙাৰ | ০.১ – ১.০ পিপিএম |
আৱিলতা | ২০ পিপিএমতকৈ কম |
কঠিনতা | ২০ পিপিএমতকৈ বেছি |
পুখুৰীৰ প্ৰস্তুতি
১)জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷
২)তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷
৩)তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰীৰ তলিত চতিয়াই দিব লাগে ৷
৪)পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷
৫)গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷
৬)ইউৰীয়া প্ৰয়োগৰ দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷
৭) ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুতহৈ উঠে ৷
১) আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷
২) চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷
৩) পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয় ৷
মাছ পোণাৰ সংমিশ্ৰণ:
এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৫০০০-৫৫০০ পোণা মেলিব লাগে ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি ৷
১) তিনি প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
ৰৌ |
৪০ |
বাহু |
৩০ |
মিৰিকা |
৩০ |
মুঠ |
১০০ |
২) চাৰি প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
ৰৌ |
৩৫ |
বাহু |
২৫ |
মিৰিকা |
২০ |
কমন কাৰ্প |
২০ |
মুঠ |
১০০ |
৩) ছয় প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
চিলভাৰ কাৰ্প |
২০ |
বাহু |
১৫ |
ৰৌ |
১৫ |
গ্ৰাছ কাৰ্প |
১০ |
মিৰিকা |
২০ |
কমন কাৰ্প |
২০ |
মুঠ |
১০০ |
৪) সাত প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
চিলভাৰ কাৰ্প |
১৮ |
বাহু |
১৪ |
ৰৌ |
১৪ |
গ্ৰাছ কাৰ্প |
৯ |
জাভা পুঠি |
৯ |
মিৰিকা |
১৮ |
কমন কাৰ্প |
১৮ |
মুঠ |
১০০ |
১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয় ৷
২) মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয় ৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত ৷
৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ‶তা আৰু পুখুৰীৰ পানীৰ উষ‶তা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে ৷
হাঁহৰ প্ৰতিপালন
নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে গঁৰাললৈ হাঁহ আনিব পাৰি ৷ মাছ পোণা মেলাৰ ৩০ দিন আগতে গাহৰি আনিব পাৰিলে পুখুৰীত সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই ৷
হাঁহে পুখুৰীৰ পৰাই ৫০% খাদ্য সংগ্ৰহকৰে ৷ বাকী ৫০% ৰ বাবে বাহিৰৰ পৰা সুষম খাদ্য যোগান ধৰিব লাগে ৷ বজাৰৰ কণী পৰা কুকুৰাৰ খাদ্যৰ লগত চাউলৰ মল ১ : ২ অনুপাতত মিহলাই হাঁহৰ বাবে সুষম খাদ্য তৈয়াৰ কৰি লব পাৰি ৷ প্ৰতিটো হাঁহক দৈনিক গড়ে ১০০ গ্ৰা: হাৰত সুষম খাদ্য খুৱাব লাগে ৷
এদিনৰ বাবে প্ৰয়োজনীয় খাদ্য ৰাতিপুৱা আৰু গধূলি দুবাৰ যোগানৰ ধৰিব লাগে ৷ হাঁহৰ খাদ্য সদায় গঁৰালৰ ভিতৰত যোগান ধৰিব লাগে ৷ প্ৰতি কি: গ্ৰা: খাদ্যৰ লগত ১০ মি: গ্ৰা: মেঙ্গানিজ ছালফেট মিহলাই দিব লাগে ৷ খাদ্য দিয়াৰ সময়ত এটা পাত্ৰত পানীও যোগান ধৰিব লাগে যাতে হাঁহে ঠোট তিয়াব পাৰে ৷ পানীৰ লগত খাদ্যপ্ৰাণ ‘ক’ যুক্ত দৰৱ (এলভিটন নাইবা ভিমাৰেল) মিহলাই দিব লাগে ৷
প্ৰতি দিনে ৰাতিপুৱা ৮:৩০ – ৯:০০ মান বজাত হাঁহৰ জাকটো পুখুৰীত চৰিবলৈ গঁৰালৰ পৰা উলিয়াই দিব লাগে ৷ খাদ্য যোগানৰ পিচত হাঁহৰ জাকটো পুখুৰীত চৰিবলৈ পুণৰ গঁৰালৰ পৰা উলিয়াই দিব লাগে ৷
হাঁহৰ ৰোগ প্ৰতিষেধক ব্যৱস্থা :
ডাক ক’লেৰা ৰোগৰ বাবে প্ৰতি দুমাহৰ মূৰে মূৰে প্ৰতিষেধক ছিটা দিব লাগে ৷
৬-৮ সপ্তাহ বয়সত ডাকপ্লেগৰ ছিটা দিলে তিনি বছৰ বয়সলৈকে হাঁহ এই ৰোগৰ পৰা ৰক্ষা পৰে ৷
ডাক ভাইৰাচ আৰু হেপাটাইটিচৰ প্ৰতিষেধক হিচাবে গঁৰালটো পৰিষ্কাৰ পৰিছন্ন কৰি ৰাখিব লাগে ৷
যি কোনো ৰোগৰ লক্ষণ দেখিলে হাত পশু চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱস্হা গ্ৰহন কৰিব লাগে ৷
হাঁহৰ কণী সংগ্ৰহৰ ব্যৱস্থা :
হাঁহে কণী পাৰিবলৈ আৰম্ভ কৰাৰ লগে লগে গঁৰালৰ এটা চুকত খৰাহিৰ ব্যৱস্হা কৰিব লাগে ৷ খৰাহিটোত খেৰ পাৰি দিব লাগে ৷ ৰাতিপুৱা ৯:০০ বজালৈকে হাঁহে কণী পাৰে ৷ গতিকে ৯:০০ বজাত হাঁহৰ জাকটো উলিয়াই দিয়াৰ পিচত কণী সংগ্ৰহ কৰিব লাগে ৷
গঁৰালৰ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ:
১) প্ৰতি দিনে ৰাতিপুৱা গঁৰালৰ মজিয়াখন সাৰি সকলো আৱৰ্জনা পুখুৰীত পৰিব দিব লাগে ৷
২) মাজে সময়ে পুখুৰীত জমা হোৱা আৱৰ্জনাৰ দ’মটো ঘোন্দালি ভাঙি দিব লাগে ৷
৩) পুখুৰীত উদ্ভিদ প্লৱকৰ অতিচাৰ বৃদ্ধি পৰিলক্ষিত হ’লে হাঁহক সাময়িকভাবে পুখুৰীৰ পাৰত খাদ্য যোগানৰ ব্যৱস্থা কৰিব লাগে৷
পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ:
১) এই পদ্ধতিত পানীৰ pHৰ উত্থান-পতন অতি সঘনে হব পাৰে ৷ সেয়েহে, পানীৰ pH নিয়ন্ত্ৰণ কৰাটো নিতান্তই জৰুৰী ৷
২) পানীৰ pH নিয়ন্ত্ৰণ কৰিবলৈ পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে ৷
সঞ্চালন ব্যয় আৰু আয়:
প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল ৷ তালিকৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ০০০.০০ টকাৰ প্ৰয়োজন ৷ এবছৰ পালনৰ পিচত ০০০.০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ০০০০.০০ টকা পাব পাৰি ৷ অৰ্থাৎ, ০০০.০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ০০০% ৷
সঞ্চালন ব্যয় |
|||
খৰছৰ শিতান |
পৰিমাণ/সংখ্যা |
হাৰ |
খৰছ (টকা) |
চূণ |
২০০০ কি: গ্ৰা: |
৫.০০/কি: গ্ৰা: |
১০০০০.০০ |
কেঁচা গোৱৰ |
২০০০ কি: গ্ৰা: |
০.৫০/কি: গ্ৰা: |
১০০০.০০ |
পোণা |
৫০০০ টা |
৫.০০/ পোণা |
২৫০০০.০০ |
|
|
|
|
বনুৱা |
১ জন |
২০০০.০০/ মাহ |
২৪০০০.০০ |
মাছ ধৰা খৰছ |
- |
- |
১০০০.০০ |
অন্যান্য খৰছ |
- |
- |
১০০০.০০ |
সৰ্বমুঠ খৰছ |
|
|
৮২০০০.০০ |
আয় |
|||
আয়ৰ শিতান |
পৰিমাণ/সংখ্যা |
বিক্ৰীৰ হাৰ |
আয় (টকা) |
মাছ |
৪০০ কি: গ্ৰা: |
৫০.০০/ কি: গ্ৰা: |
২০০০০০.০০ |
সৰ্বমুঠ আয় |
|
|
২০০০০০.০০ |
শেহতীয়া উন্নীতকৰণ: : 4/16/2020
সংমিশ্ৰিত মীন পালন