অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমন্বিত ধান মাছ পামৰ আৱেষ্টনী

সমন্বিত ধান মাছ পামৰ আৱেষ্টনী

এই পদ্ধতিত মাটিডৰাৰ চাৰিওফালে আৱেষ্টনী স্থাপন কৰি বাওঁ ধানৰ সমন্বয়ত মীন পালন কৰা হয় ৷

কাঠামো উন্নয়ন

১) এই পাম পদ্ধতিৰ বাবে অতি কমেও ০.১ হেক্টৰ (৪ কঠা) ধাননি পথাৰৰ মাটিৰ প্ৰয়োজন৷

২) মাটিডৰা দ আৰু লোমী বা বোকা লোমী বয়ন সম্পন্ন হ’ব লাগে ৷ ধান খেতিৰ সময়ত মাটি ডৰাত কমেও ১.২ মিটাৰ পানী থকা উচিত৷ বান আক্ৰান্ত অঞ্চলতো এই পদ্ধতিত অৱলম্বন কৰিব পাৰি যদিও ৪ – ৫ মিটাৰ পানী হোৱা মাটি উপযুক্ত নহয়৷

৩) মাটিডৰাৰ চাৰিওফালে বাহৰ বানৰ আৱেষ্টনী স্থাপন কৰিব লাগে ৷ তলৰ চিত্ৰত বাহৰ বান আৰু আৱেষ্টনী স্থাপন কৰাৰ পিচত পথাৰডৰাৰ সাম্ভাব্য ছৱি দেখুওৱা হৈছে ৷

ধান খেতি

বাও

১) ফেব্ৰুৱাৰী-মাৰ্চ মাহত  মাটিডৰা ৩-৪ বাৰ হাল বাই মৈ দি প্ৰস্তুত কৰি লব লাগে ৷

২) নিৰ্বাচিত ধানৰ শোধিত বীজ প্ৰতি হেক্টৰত ৭৫ কি: গ্ৰা: হাৰত ২০ ছে: মি: ব্যৱধানত সিঁচিব লাগে ৷

৩) বীজ সিঁচাৰ ৫-৭ দিন পিচত প্ৰতি হেক্টৰত ৩০ কি: গ্ৰা: হাৰত (প্ৰতি বিঘাত ৪ কি: গ্ৰা: )কাৰ্বফুৰাণ দৰৱ প্ৰয়োগ কৰিব লাগে ৷

৪) ধানে পোখা মেলাৰ সময়ত ৪% ইউৰীয়া টপ ড্ৰেছিং কৰিব লাগে ৷

৫) সময় মতে নিৰণি কৰা উচিত ৷

৬) জুন-জুলাই মাহত আহু ধান চপাব পাৰি ৷

মীন পালন

পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ

১)

উষ্ণতা: ২৬ – ৩২ চেলচিয়াচ
২) পিএইচ (pH): ৭.৫ – ৮.৫
৩) মুঠ ক্ষাৰকতা: ৭৫ – ১৫০ পিপিএম
৪) দ্ৰৱীভূত অম্লজান: ৫-১০ পিপিএম
৫) নাইট্ৰেট: ০০০
৬) ফচফেট: ০০০
৭) মুক্ত এঙাৰ: ০.১ – ১.০ পিপিএম
৮) আৱিলতা: ২০ পিপিএমতকৈ কম
৯) কঠিনতা: ২০ পিপিএমতকৈ বেছি

ধাননি পথাৰৰ পানীত সংমিশ্ৰিত পদ্ধতিৰে মীন পালন কৰা হয় ৷ পথাৰডৰাৰ মুঠ মাটি কালি বিবেচনা কৰি হেক্টৰে প্ৰতি সৰ্বমুঠ ৬০০০-৮০০০ পোণা মেলিব লাগে ৷ পোণা সংমিশ্ৰণৰ হাৰ তলৰ তালিকাত দিয়া হৈছে ৷

বৰ্ষ কালীন ধান-মাছ পাম পদ্ধতিত মাছ পোণা সংমিশ্ৰণৰ হাৰ

প্ৰজাতি

শতকৰা হাৰ

প্ৰতি হেক্টৰত

প্ৰতি বিঘাত

ৰৌ

২৫

২০০০

২৮০

বাহু

১০

৮০০

১১২

মিৰিকা

২০

১৬০০

২২৪

চিলভাৰ কাৰ্প

২০

১৬০০

২২৪

কমন কাৰ্প

২৫

২০০০

২৮০

মুঠ

১০০

৮০০০

১১২০

পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম:

১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয়৷

২) মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয়৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷

৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে

পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম

অন্যান্য পদ্ধতিৰ লগত একে ৷

খাদ্য যোগান : পোণা মেলাৰ তৃতীয় দিনাৰ পৰা মাছক বাবে খাদ্য যোগান ধৰিব লাগে ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰ, যোৰহাটতত প্ৰস্তুত কৰা মাছৰ সুষম খাদ্য ‘সুষমা’ যোগানৰ নিৰিখ তলৰ তালিকাত দিয়া হৈছে ৷ খাদ্য বস্তাত ভৰাই ধাননিৰ মাজত খুটি পুতি ওলোমাই দিব লাগে৷

মাছক সুষম খাদ্য যোগানৰ নিৰিখ

মাহ

খাদ্যৰ পৰিমাণ (কি: গ্ৰা: /দিন)

বিঘা হিচাপত

হেক্টৰ হিচাপত

মাৰ্চ -এপ্ৰিল (১ম মাহ)

০.২৮

২.০০

এপ্ৰিল – মে (২য় মাহ)

০.৩৫

২.৫০

মে – জুন (৩য় মাহ)

০.৪০

৩.০০

জুন – জুলাই (৪ৰ্থ মাহ)

০.৫৬

৮.০০

জুলাই - আগষ্ট (৫ম মাহ)

০.৯০

৫.০০

আগষ্ট- চেপ্তেম্বৰ (৬ষ্ঠ মাহ)

০.৭২

৬.০০

চেপ্তেম্বৰ-অক্টোবৰ (৭ম মাহ)

০.৯৮

৭.০০

অক্টোবৰ-নভেম্বৰ (৮ম মাহ)

১.১২

৮.০০

নভেম্বৰ- ডিচেম্বৰ (৯ম মাহ)

১.১২

৮.০০

ডিচেম্বৰ-জানুৱাৰী (১০ মাহ)

১.১২

৮.০০

জানুৱাৰী-ফেব্ৰুৱাৰী (১১শ মাহ)

১.১২

৮.০০

পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ :

১)চূণ প্ৰয়োগ কাৰ্যকৰী নহয় ৷

২)পানীৰ ৰং গাঢ় সেউজীয়া অথবা পানীৰ ওপৰত চামনিৰ আবিৰ্ভাৱ হলে সাৰ আৰু খাদ্য প্ৰয়োগ সাময়িক ভাবে বন্ধ ৰাখিব লাগে৷

মাছ প্ৰগ্ৰহন

১)নবেম্বৰ-ডিচেম্বৰ মাহত ধান কটাৰ পিচত সকলো মাছ ধৰি পেলাব লাগে ৷

সঞ্চালন ব্যয় আৰু আয়

আৱেষ্টনী পদ্ধতিত সমন্বিত ধান-মাছ পালন কৰি প্ৰতি হেক্টৰত বছৰি ৩৫০০ কি: গ্ৰা: ধান, ২৫০০ কি: গ্ৰা: খেৰ আৰু ৮০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate