অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঐক্যবদ্ধ ধান – মাছ পাম

ঐক্যবদ্ধ ধান-মাছ পালনে পৰিয়ালৰ আয় বঢ়াব পাৰে, খাদ্য আৰু পুষ্টিৰ নিৰাপত্তা দানত অৰিহনা যোগাব পাৰে আৰু উন্নতধৰনৰ ধান উৎপাদনৰ স্থায়ীত্ব অনাত অৰিহনা যোগাব পাৰে। সাধাৰণতে ধান খেতিত মাছ পালনৰ বাবে দুটা পদ্ধতিৰ কথা অনুমোদন কৰা হয়। সেই বিলাক হ’ল সমসাময়িক বা লগে-ভাগে কৰা পদ্ধতি আৰু পয্যায় ক্ৰম বা ঘূৰ্ণন পদ্ধতি।

ধানৰ পথাৰৰ বাচনি পদ্ধতি

  • পথাৰখনে কেবামাহ জুৰি অব্যাহতভাবে পানী ধৰি ৰাখিব পাৰিব লাগে। অন্ততঃ ৩০ চে.মি গভীৰতালৈ পথাৰখনে পানী ধৰি ৰাখিব পাৰিব লাগে।
  • মাটি ডৰা সম্পূণৰূপে সমান হব লাগে।
  • পথাৰখনৰ পৰা যাতে পানী উপচি নপৰে বা অধিক বানপানী নহয়।
  • পথাৰ খনৰ মাটিয়ে যাতে অধিক পৰিমানে পানী ধৰি ৰাখিব পৰে। বোকা মাটি এইক্ষেত্ৰত অধিক ভাল আৰু মাটিৰ pH প্ৰায় ৬.৫-৭.৫ হব লাগে।
  • ধান চপোৱাৰ পিচতো বাবে যথেষ্ট পানী থকা পথাৰ মাছ পোহাৰ বাবে উপযুক্ত।
  • ধান খেতি সুৰক্ষাৰ বাবে প্ৰয়োগ কৰা কীটানুনাশকে মাছৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ মাছ পুহিব পাৰি।
  • হেলনীয়া মাটিত, পথাৰৰ এফালে বান্ধ বা ওখ ঠাইৰ সাধাৰণতে প্ৰয়োজন নহয়। পথাৰৰ আকৃতিটো চৰিয়াটোৰ দৰে হলে পথাৰখনত মাছ পালনটো অব্যাহত ৰাখিব পাৰি। পথাৰৰ মাজ অংশ অতিকৈ গভীৰ আৰু বান্ধ দিবৰ বাবে কম কষ্টৰ প্ৰয়োজন হয় গতিকে এনেকুৱা আকাৰৰ পথাৰে সময় ৰাহি কৰে।
  • ধান খেতিৰ বান্ধবিলাক মজবুত হব লাগে যাতে পানী নিগৰি নাযায় আৰু বাঞ্চিত গভীৰতা বা পয্যায়লৈ পানী ধৰি ৰাখিব পাৰে।
  • পথাৰখন কৃষকৰ থকা ঠাইৰ ওচৰত হব লাগে যাতে উপযুক্ত চোৱা-চিতা কৰিব পৰা যায়

মাছৰ প্ৰজাতিৰ বাচনি

  • মাছৰ প্ৰজাতিটোৱে অতি কম পানীত বৰ্ত্তি থাকিব পাৰিব লাগে।
  • উচ্চ তাপ মান (৪০ ডিগ্ৰী চেণ্টিগ্ৰেড)  আৰু তাপ মানৰ উঠা-নমা সহন কৰিব পৰা ক্ষমতা থাকিব লাগিব।
  • কম অক্সিজেন আৰু অতিশয় ঘোলা পানী সহ্য কৰিব পৰা মাছৰ প্ৰজাতি।
  • ক্ষীপ্ৰ গতিত বৃদ্ধি পাব পৰা আৰু ধান চপোৱাৰ সম-সাময়িক সময়ত বিক্ৰী যোগ্য আকাৰ পোৱা মাছৰ প্ৰজাতি।

ধানৰ প্ৰকাৰৰ বাচনি

  • উচ্চ উৎপাদনশীল ধানৰ প্ৰজাতি।
  • প্ৰজাতিটো বেমাৰৰ প্ৰতি অধিক প্ৰতিৰোধী আৰু অপতৃণৰ আক্ৰমন প্ৰতিৰোধী হব লাগে।
  • পৰি নোযাৱা মধ্যমীয়াৰ পৰা দীৰ্ঘদিনীয়া খলুৱা ধানৰ প্ৰজাতি এনে পদ্ধতিৰ বাবে উপযুক্ত।

পখাৰৰ প্ৰস্তুতি আৰু আন আন বিযয়ৰ বিবেচনা

১) বান্ধ নিৰ্মাণ

আলিবিলাকৰ উচ্চতা ৪০-৫০ চে.মি হ’ব লাগে। যিহেতু ধানৰ বাবে পানীৰ মাত্ৰা ২০ চে.মিটাৰতকৈ ওপৰত নাযায়, গতিকে এনে আলিৰ বাবে ইতিমধ্যে ২০-৩০ চে.মি স্থান থাকিব। মাছ জাপ মাৰি পাৰ হৈ যোৱাটো প্ৰতিৰোধ কৰিবলৈ ইমানখিনিয়েই যথেষ্ট।

২) বেৰ আৰু খণ্ডৰ সুবিধা

মাছ বাহিৰলৈ ওলাই যোৱা আৰু স্থান ডোখৰলৈ চিকাৰি মাছ সুমুৱা বাধা দিবলৈ তিনি ধৰনৰ বেৰ ব্যাৱহাৰ কৰিব পাৰি, যেনে বাহৰ ফলি, পাচি আৰু মাছ ধৰিবলৈ ব্যৱহাৰ কৰা জাল বা আনকি ফুটা থকা ধাতুৰ চলা।

৩) যথাযথ ড্ৰেইনৰ সুবিধা

সাধাৰনতে পানী সুমুওৱা বা উলাই যাবলৈ দিয়াৰ উদ্দেশ্যেৰে বান্ধটো সাময়িক ভাবে মাজত ভাঙি দিয়া হয় আৰু উদ্দেশ্যটো পূৰণ হোৱাৰ পিচত ইয়াক আকৌ মেৰামতি কৰি লোৱা হয়। বাহৰ চূঙা, ফুটা কৰি লোৱা কাঠ, ধাতুৰ চূঙা আদিও ব্যৱহাৰ কৰা হয়।
মাটিৰ এডলীয়াৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি মাছ-ধান পালনৰ বাবে তিনিধৰনৰ প্ল’ট সজাৰ পৰামৰ্শ দিয়া হয়:

  • পেৰিমিটাৰ ট্ৰেঞ্চ মডেল
  • চেন্ট্ৰেল পণ্ড মডেল,
  • লেটাৰেল ট্ৰে়্ঞ্চ মডেল,

i. পেৰিমিটাৰ ট্ৰেঞ্চ মডেল:
এইটো পদ্ধতিত ধান খেতিৰ কাষে কাষে দীঘলীয়াকৈ ড্ৰেইন খন্দা হয় আৰু ঠিক মাজভাগত ক্ৰমান্বয় ওখ অৱস্থানত ধানখেতি থাকে। এক হেক্টৰ মাটিৰ মধ্য স্থানত ধান খেতিৰ আকাৰ হ’ল প্ৰায় ০.৬৭ হেক্টৰ। কাষে কাষে থকা ড্ৰেইন বিলাকে ০.২ হেক্টৰ আৰু বান্ধবোৰে অতিৰিক্ত ০.১২ হেক্টৰ মাটি কালি আবৰি থাকিব পাৰে। ট্ৰেঞ্চ বিলাকৰ সজা হ’ল ওপৰত ৬ মিটাৰ, ভেটিত ৩.৫ মিটাৰ আৰু গভীৰতা ১.২ মিটাৰ। কাষবিলাক ওপৰত ১ মিটাৰ বহল আৰু ভেটিৰ ফালে ৩ মিটাৰ বহল হব পাৰে।
ii. চেন্ট্ৰেল পণ্ড মডেল:
এইটো পদ্ধতিত মাছবিলাক খেতি ডৰাৰ মাজত থাকে আৰু ধান খেতিটো পুখুৰিটোৰ  চাৰিওফালে থাকে। এক হেক্টৰ মাটিৰ পৰা, ধান খেতিৰ বাবে ঠাই প্ৰায় ০.৬৫ হেক্টৰ আৰু মাছৰ পুখুৰিৰ বাবে ঠাই .৩৫ হেক্টৰ, চাৰিও কাষৰ বান্ধৰ বাবে ঠাই ০.০০২ হেক্টৰ। চাৰিওকাষৰ বান্ধৰ জোখ ২০ চে.মি. বহল, ভেটি ৫০ চে.মি বহল আৰু উচ্চতা ৩০ চে.মি.।
iii. লেটাৰেল ট্ৰে়্ঞ্চমডেল:
ধান খেতিৰ কাষে কাষে ওপৰত ১৮ মিটাৰ বহল, ভেটিত ১৫ মিটাৰ বহল আৰু ১.৫ মিটাৰ গভীৰতাৰ ট্টেপেজ’ইড আকাৰত গাত খন্দা হয়। আগৰ নিচিনা ইয়াতো বাহিৰৰ ফালে আলি থাকে। এক হেক্টৰৰ মাটিত ধান খেতিৰ বাবে ঠাই প্ৰায় ০.৬১ হেক্টৰ, মাছৰ পুখুৰিৰ বাবে স্থান ০.২৭ হেক্টৰ আৰু চাৰিওকাষৰ আলিৰ বাবে ঠাই ০.১২ হেক্টৰ।

পানীৰ ব্যৱস্থাপনা

ধানৰ উৎপাদনত প্ৰভাৱ নপৰাকৈ ধান খেতিয়ে সহ্য কৰিব পৰাকৈ সৰ্ব্বোচ্চ মাত্ৰাৰ পানী অব্যহত ভাবে বৈ থাকিব লাগে, আৰু সাধাৰনতে ইয়াৰ পৰিমান ১৫-২০ চে.মি হব লাগে বুলি পৰামৰ্শ দিয়া হয়। এইটো গভীৰতাত নিৰাপদ আশ্ৰয়ত থকা মাছ বিলাকৰ বাবে ৬৫-৭৫ চে.মি. পানী উপলব্ধ হয়। ধান খেতিত থকা কম গভীৰতাৰ পানী অধিকতম ৪০ ডিগ্ৰী চে.গ্ৰেত শুকাই গলেও এইখিনি পানীয়ে মাছ বিলাকক ঠাণ্ডা পৰিবেশ দিয়াৰ বাবে যথেষ্ট। অধিকতম গভীৰতা মানে মাছ আৰু ধানৰ বাবে অধিক পৰিমানৰ পানী।

সাৰ প্ৰয়োগ

সাৰ প্ৰয়োগে পানীত পুষ্টিৰ পৰিমান বৃদ্ধি কৰে যিটোৱে মাছে খাই ভাল পোৱা ফাইট’প্লেঙ্কট’ন বৃদ্ধিত সহায় কৰে বা ই জুপ্লেঙ্কট’ন বৃদ্ধিত উত্তম ভাবে সহায় কৰে। হেক্টৰ প্ৰতি ৩০ টন হিচাপত গভীৰ পানীত থকা প্ৰজাতিৰ বাবে কম্পষ্ট সাৰ প্ৰয়োগ কৰিব পাৰি। গভীৰ পানীত থকা প্ৰজাতিৰ বাবে ৰাসায়নিক সাৰ নাইট্ৰজেন হেক্টৰ প্ৰতি ১২০ কি.গ্ৰাম, পি২০৫ হেক্টৰ প্ৰতি ৬০ কি. গ্ৰাম আৰু কে২০ হেক্টৰ প্ৰতি ৬০ কি.গ্ৰাম প্ৰয়োগ কৰিব পাৰি।

পালন কৰাৰ প্ৰকাৰ

ধান- মাছৰ ঐক্যবদ্ধ পালনটো মাছৰ পোনা অলপ ডাঙৰ কৰাৰ বাবে (নাৰ্ছাৰী) বা আঙুলিয়া আকাৰৰ মাছ বিক্ৰীযোগ্য আকাৰলৈ ডাঙৰ কৰাৰ বাবে (মাছ বৰ্ধন কৰা ক্ৰিয়া) হব পাৰে। ধান-মাছৰ ঐক্যবদ্ধ পালনটো হয়তো একে প্ৰজাতিৰ মাছ পালন (মন কালচাৰ) বা দুই বা তাতোধিক মাছৰ প্ৰজাতি একে লগে পালন(পলি কালচাৰ) ও হব পাৰে। সাধাৰনতে মাছ ৰখাৰ ঘনত্ব ইয়াৰ আকাৰ, প্ৰজাতি, আৰু মাটিৰ উৰ্ব্বৰতাৰ ওপৰত নিভৰশীল। মাছ এৰাৰ আগতে ধানখিনি ভালকৈ খোপনি পোতালৈ বাট চোৱাটো ভাল। সাধাৰনতে ভূঁই ৰোৱাৰ ১-৩ সপ্তাহ পিচত বা গুটি সিঁচাৰ ৪-৬ সপ্তাহ পিচত ধানৰ দুটা বা তিনিটা গাঠি দেখা দিয়াৰ পিচতহে মাছ এৰাটো ভাল।

আহাৰ

মাছৰ ভাল বৃদ্ধিৰ বাবে তুহগুড়ি আৰু মিঠা তেলৰ খলিহৈ ৭০:৩০ অনুপাতত মাছৰ মুঠ ওজনৰ ২-৩ শতাংশ হাৰত প্ৰয়োগ কৰিব পাৰি।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate